জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ ‘সংগীত সুধাকৰ’ উপাধি

এই অনুষ্ঠানৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শৈল্পিক উত্তৰাধিকাৰক উদযাপন কৰি সংগীত, নৃত্য আৰু নাট্য প্ৰদৰ্শনীৰে এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব

অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ঐতিহাসিক ক্ষণ । অসমৰ সংগীত, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপে কিংবদন্তী সংগীতশিল্পী, “ভয়েচ অব্ আছাম” জুবিন গাৰ্গক মৰণোত্তৰভাৱে মৰ্যাদাপূৰ্ণ ‘সংগীত সুধাকৰ’ উপাধি প্ৰদান কৰিব অসম সাহিত্য সভাই । দেওবাৰে, ১২ জুলাইত সাহিত্য সভাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয় ।

গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ড° মহেন্দ্ৰ নাথ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদ মেলত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে । তেওঁ জনায় যে সংগঠনটোৰ কাৰ্যনিৰ্বাহক সমিতি আৰু পৰিচালনা সংস্থাই ইয়াৰ পঞ্চৰত্ন-গুৱাহাটী অধিবেশনত গ্ৰহণ কৰা এক বিশেষ প্ৰস্তাব মৰ্মে এই সিদ্ধান্তত অনুমোদন জনাইছে ।

৩০ জুলাইত প্ৰদান কৰা হ’ব সন্মান

অহা ৩০ জুলাইত গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’বলগীয়া এক ভব্য অনুষ্ঠানত এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব । অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে জুবিন গাৰ্গক এই উপাধিৰে বিভূষিত কৰিব ।

কি কি বিশেষ কাৰ্যসূচী ৰখা হৈছে?

এই অনুষ্ঠানৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শৈল্পিক উত্তৰাধিকাৰক উদযাপন কৰি সংগীত, নৃত্য আৰু নাট্য প্ৰদৰ্শনীৰে এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব । লগতে জুবিন গাৰ্গৰ জীৱন আৰু কৃতিৰ ওপৰত সভাই এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰিব, য’ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট পণ্ডিতসকলে গৱেষণা পত্ৰ পাঠ কৰিব।  এই আলোচনা চক্ৰৰ কাৰ্যবিৱৰণীসমূহ পৰৱৰ্তী সময়ত এখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ’ব ।

আনহাতে গাৰ্গৰ অমূল্য সৃষ্টিৰাজিক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁৰ নিৰ্বাচিত কিছু গীত ইংৰাজী, হিন্দী আৰু বাঙালী ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত লৈছে সাহিত্য সভাই, যাতে অসমৰ বাহিৰৰ শ্ৰোতাৰ মাজতো তেওঁৰ সৃষ্টিৰাজি প্ৰসাৰিত হয় ।

লগতে পঢ়ক : ন-ৰূপত উজ্জীৱিত হ’ব ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ; চৰকাৰৰ বিশেষ পৰিকল্পনা

‘চৰ-চাপৰি মানুহেহে অসমীয়া ভাষা-সংস্কৃতি জীয়াই ৰাখিছে’; বসন্ত কুমাৰ গোস্বামীৰ বিস্ফোৰক মন্তব্য

মুছলমান মানেই বিদেশী নহয়। শিৱসাগৰতকৈ চৰৰ ল’ৰা-ছোৱালী অসমীয়া ভাষাত চোকা। চৰ-চাপৰিৰ মানুহেহে জীয়াই ৰাখিছে অসমীয়া ভাষা-সংস্কৃতি। চৰ-চাপৰিৰ লোক সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ ডাঙৰ মন্তব্য কৰিছে।

বৰপেটাৰ কয়াকুছিৰ এক অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে বিস্ফোৰক মন্তব্য কৰিছে।সভাপতি গৰাকীয়ে কয় যে,  মুছলমান মাত্ৰেই বিদেশী নহয়।চৰ-চাপৰিৰ লোকক লুইতপৰীয়া অসমীয়া হিচাপে আকোৱালি ল’ব লাগিব।চৰ-চাপৰি মানুহেহে অসমীয়া ভাষা-সংস্কৃতি জীয়াই ৰাখিছে। চৰাঞ্চলত অসমীয়া বিষয়ত ফেল কৰা ছাত্ৰ-ছাত্ৰী এজনো নাই।তেওঁলোকে অসমীয়াত ১০০ ৰ ভিতৰত ১০০ নম্বৰো পায়।তাৰ পৰিৱৰ্তে যোৰহাট-শিৱসাগৰতহে অসমীয়া বিষয়ত ফেল কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক।

তেওঁ আৰু কয় যে,আগন্তুক লোকপিয়লত চৰবাসীয়ে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো নিশ্চিত। চৰবাসীয়ে অসমীয়া পৰিচয় নিদিয়া হ’লে অসমীয়া ১৯৩১ বা ১৯৫১ চনতেই সংখ্যালঘু হ’লহেতেন।চৰবাসীৰ এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে ডাঙৰ ইতিবাচক দিশ।বড়ো-মিছিঙে নিজকে অসমীয়া বুলি নকয়, কিন্তু চৰ-চাপৰিৰ লোকেহে নিজক সদায় অসমীয়া বুলি পৰিচয় দিয়ে।সাংস্কৃতিক বন্ধনেৰে নিজক অসমীয়া বুলি পৰিচয় দিছে চৰ-চাপৰিবাসীয়ে।সেয়ে চৰবাসী লুইতপৰীয়া অসমীয়াৰ সৈতে সমন্বয়ৰ চেষ্টা চলাইছে অসম সাহিত্য সভাই।

লগতে পঢ়ক: কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত: অসমত শীঘ্ৰেই বলৱৎ হ’ব UCC ! ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য 

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদত নিৰ্বাচিত ড০ বসন্ত কুমাৰ গোস্বামী

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাবে নিৰ্বাচিত হৈছে সাহিত্যিক, গৱেষক ড০ বসন্ত কুমাৰ গোস্বামী । মুঠ ৪০৪ টা ভোট লাভ কৰি এই পদৰ বাবে নিৰ্বাচিত হয় তেওঁ । অসম সাহিত্য সভাৰ আগন্তুক পাঠশালা অধিৱেশনত সভাপতিত্ব কৰিব ড০ গোস্বামীয়ে । ইফালে সভাপতি পদৰ আন এগৰাকী প্ৰাৰ্থী ড০ উপেন ৰাভা হাকাচামে লাভ কৰে ৩০৯ টা ভোট । তদুপৰি উপ-সভাপতি পদত জয়লাভ কৰিছে পদুম ৰাজখোৱাই । মুঠ ৩৮৫ টা ভোট লাভ কৰে তেওঁ । পূৰ্বে প্ৰধান সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ৰাজখোৱাই । আনহাতে প্ৰধান সম্পাদক পদত জয়লাভ কৰিছে দেৱজিত বৰাই ।

উল্লেখ্য যে, দেওবাৰে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে ভোটগণনা অনুষ্ঠিত হৈছিল । সভাৰ সভাপতি, উপ-সভাপতি প্ৰধান সম্পাদক পদৰ বাবে মুঠ ৮গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ড০ বসন্ত কুমাৰ গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচামে । উপ-সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল পদুম ৰাজখোৱা, চহিৰ ভূঞা আৰু ডাঃ বিপিন চন্দ্ৰ কলিতাই । প্ৰধান সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল দেৱজিত বৰা, সঞ্জীৱ কুমাৰ শৰ্মা আৰু অজিত প্ৰসাদ শৰ্মাই ।

ৰণক্ষেত্ৰত পৰিণত সাহিত্য সভাৰ ভোটগণনা কেন্দ্ৰ ; ভোটগণনাত মাৰপিট

সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফলৰ দিনা এক অথন্তৰ সৃষ্টি হৈছে।সাহিত্য সভাৰ ভোট গণনাৰ মাজতে তীব্ৰ মাৰপিট। দৰাচলতে দদৰাত চলি আছিল সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা।

ভোটগণনাৰ মাজতে সুশীল ডেকা নামৰ এজন সদস্যক প্ৰহাৰৰ অভিযোগ। প্ৰধান সম্পাদক উপেন্দ্ৰজিত শৰ্মাৰ আৰু অজিত শৰ্মাৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ।সুশীল ডেকা এগৰাকী কাৰ্যনিৰ্বাহক সদস্য বুলি জানিব পৰা গৈছে।