মুছলমান মানেই বিদেশী নহয়। শিৱসাগৰতকৈ চৰৰ ল’ৰা-ছোৱালী অসমীয়া ভাষাত চোকা। চৰ-চাপৰিৰ মানুহেহে জীয়াই ৰাখিছে অসমীয়া ভাষা-সংস্কৃতি। চৰ-চাপৰিৰ লোক সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ ডাঙৰ মন্তব্য কৰিছে।
বৰপেটাৰ কয়াকুছিৰ এক অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে বিস্ফোৰক মন্তব্য কৰিছে।সভাপতি গৰাকীয়ে কয় যে, মুছলমান মাত্ৰেই বিদেশী নহয়।চৰ-চাপৰিৰ লোকক লুইতপৰীয়া অসমীয়া হিচাপে আকোৱালি ল’ব লাগিব।চৰ-চাপৰি মানুহেহে অসমীয়া ভাষা-সংস্কৃতি জীয়াই ৰাখিছে। চৰাঞ্চলত অসমীয়া বিষয়ত ফেল কৰা ছাত্ৰ-ছাত্ৰী এজনো নাই।তেওঁলোকে অসমীয়াত ১০০ ৰ ভিতৰত ১০০ নম্বৰো পায়।তাৰ পৰিৱৰ্তে যোৰহাট-শিৱসাগৰতহে অসমীয়া বিষয়ত ফেল কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক।
তেওঁ আৰু কয় যে,আগন্তুক লোকপিয়লত চৰবাসীয়ে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো নিশ্চিত। চৰবাসীয়ে অসমীয়া পৰিচয় নিদিয়া হ’লে অসমীয়া ১৯৩১ বা ১৯৫১ চনতেই সংখ্যালঘু হ’লহেতেন।চৰবাসীৰ এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে ডাঙৰ ইতিবাচক দিশ।বড়ো-মিছিঙে নিজকে অসমীয়া বুলি নকয়, কিন্তু চৰ-চাপৰিৰ লোকেহে নিজক সদায় অসমীয়া বুলি পৰিচয় দিয়ে।সাংস্কৃতিক বন্ধনেৰে নিজক অসমীয়া বুলি পৰিচয় দিছে চৰ-চাপৰিবাসীয়ে।সেয়ে চৰবাসী লুইতপৰীয়া অসমীয়াৰ সৈতে সমন্বয়ৰ চেষ্টা চলাইছে অসম সাহিত্য সভাই।
লগতে পঢ়ক: কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত: অসমত শীঘ্ৰেই বলৱৎ হ’ব UCC ! ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য









