কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত: অসমত শীঘ্ৰেই বলৱৎ হ'ব UCC ! ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য

কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত: অসমত শীঘ্ৰেই বলৱৎ হ’ব UCC ! ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য

আজি অনুষ্ঠিত হোৱা নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ৰাজ্যৰ ভৱিষ্যতৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অনুষ্ঠিত হোৱা নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ৰাজ্যৰ ভৱিষ্যতৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বৈঠকত

আজি অনুষ্ঠিত হোৱা নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ৰাজ্যৰ ভৱিষ্যতৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অনুষ্ঠিত হোৱা নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ৰাজ্যৰ ভৱিষ্যতৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বৈঠকত নিৰ্বাচনী ইস্তাহাৰক শাসনৰ ‘মূল আৰ্হি’ হিচাপে গ্ৰহণ কৰি বিশেষকৈ আইনী সংস্কাৰ আৰু নিয়োগৰ ক্ষেত্ৰত দুটা বৃহৎ পদক্ষেপৰ কথা ঘোষণা কৰা হয় ।

অসমত আহিব অভিন্ন দেৱানী বিধি (UCC)

কেবিনেটে আগন্তুক বিধানসভা অধিবেশনৰ অন্তিম দিনটোত অভিন্ন দেৱানী বিধি (Uniform Civil Code) বিধেয়ক উত্থাপন কৰাৰ বাবে অনুমোদন জনাইছে। এই প্ৰস্তাৱিত আইনখনৰ মূল লক্ষ্যসমূহ হ’ল :

বিবাহৰ বয়সৰ সমতা: ল’ৰা আৰু ছোৱালীৰ বিবাহৰ বাবে এক নিৰ্দিষ্ট আৰু অভিন্ন বয়সৰ সীমা নিৰ্ধাৰণ কৰা ।

বহুবিবাহ প্ৰথাৰ বিলোপ: ৰাজ্যত বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা ।

সম্পত্তিৰ অধিকাৰ: মহিলাৰ বাবে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তিৰ সমান অধিকাৰ নিশ্চিত কৰা ।

লিভ-ইন সম্পৰ্ক: লিভ-ইন সম্পৰ্কসমূহৰ বাবে আইনী স্বীকৃতি আৰু বাধ্যতামূলক পঞ্জীয়নৰ ব্যৱস্থা কৰা ।

ব্যতিক্ৰম : চৰকাৰে স্পষ্ট কৰি দিছে যে জনজাতীয় সম্প্ৰদায়সমূহ আৰু পাহাৰীয়া জিলাৰ বাসিন্দাসকলক এই আইনৰ পৰিধিৰ বাহিৰত ৰখা হ’ব । লগতে, সুৰক্ষিত সম্প্ৰদায়সমূহৰ কোনো পৰম্পৰাগত ৰীতি-নীতি বা ধৰ্মীয় বিশ্বাসত এই আইনে হস্তক্ষেপ নকৰে ।

নিযুক্তিৰ নতুন ৰূপৰেখা : ২ লাখ চৰকাৰী চাকৰি

নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে কেবিনেটে আগন্তুক পাঁচ বছৰত ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ পৰিকল্পনা হাতত লৈছে ।

টাস্ক ফ’ৰ্চ গঠন: এই নিযুক্তি প্ৰক্ৰিয়াৰ এক সঠিক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ চৰকাৰে এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰিছে ।

৩ মাহৰ সময়সীমা: টাস্ক ফ’ৰ্চক অহা তিনি মাহৰ ভিতৰত বিভাগীয় খালী পদৰ তালিকা, নিযুক্তিৰ কৌশল আৰু পৰিকল্পনা সম্বলিত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

শাসনৰ মূল মন্ত্ৰ: নিৰ্বাচনী ইস্তাহাৰ-

বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁলোকৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰা হ’ব । শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু কৰ্মসংস্থাপন সৃষ্টিয়েই হ’ব এই চৰকাৰৰ মূল লক্ষ্য ।

ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ পাছতে এতিয়া সমগ্ৰ অসমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ হোৱা দেখা গৈছে ।

লগতে পঢ়ক : ভাষণৰ সময় উকলিল, এতিয়া কেৱল কাম হ’ব: অসমৰ সুৰক্ষা আৰু উন্নয়নৰ সংকল্পৰে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ