ভাষণৰ সময় উকলিল, এতিয়া কেৱল কাম হ’ব: অসমৰ সুৰক্ষা আৰু উন্নয়নৰ সংকল্পৰে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ

ভাষণৰ সময় উকলিল, এতিয়া কেৱল কাম হ’ব: অসমৰ সুৰক্ষা আৰু উন্নয়নৰ সংকল্পৰে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ

দ্বিতীয়টো কাৰ্যকালৰ বাবে আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সুৰক্ষা আৰু সৰ্বাংগীণ উন্নয়নক মূল লক্ষ্য হিচাপে লৈ দ্বিতীয়টো কাৰ্যকালৰ বাবে আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে পুৱা তেওঁ চাৰিজন কেবিনেট সতীৰ্থৰ সৈতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ‘লোকপ্ৰিয়’

দ্বিতীয়টো কাৰ্যকালৰ বাবে আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ সুৰক্ষা আৰু সৰ্বাংগীণ উন্নয়নক মূল লক্ষ্য হিচাপে লৈ দ্বিতীয়টো কাৰ্যকালৰ বাবে আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে পুৱা তেওঁ চাৰিজন কেবিনেট সতীৰ্থৰ সৈতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ‘লোকপ্ৰিয়’ গোপীনাথ বৰদলৈৰ সমাধিস্থলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।

বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব-

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত কৰা প্ৰতিশ্ৰুতিসমূহ আক্ষৰিক অৰ্থত পালন কৰিব । তেওঁ কয়, “আমাৰ চৰকাৰে অসমৰ সুৰক্ষা আৰু উন্নয়নক সকলোতকৈ ওপৰত স্থান দিব । ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে যিদৰে অসমীয়াৰ অস্তিত্বৰ বাবে কাম কৰিছিল, আমি সেই একেই আদৰ্শৰে আগবাঢ়িব বিচাৰোঁ ।”

শাসন আৰু সেৱাত গুৰুত্ব-

নিৰ্বাচনী প্ৰচাৰৰ পৰিৱেশ শেষ হোৱা বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, “এতিয়া আৰু ভাষণৰ সময় নাই । নিৰ্বাচন শেষ হ’ল আৰু এতিয়া ৰাইজে আমাৰ পৰা কাম বিচাৰে । আমাৰ চৰকাৰখনে এতিয়া সম্পূৰ্ণৰূপে সুশাসন আৰু সেৱা প্ৰদানৰ ওপৰত মনোনিৱেশ কৰিব ।”

কেবিনেট বৈঠক আৰু বিধানসভাৰ অধিৱেশন-

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে বিয়লি চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও, ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথমটো তিনিদিনীয়া অধিৱেশন অহা ২১ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । এই অধিৱেশনতে নৱ-নিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব । মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত তেওঁ কয় যে বিধানসভাৰ এই অধিৱেশনৰ পিছতহে সেই বিষয়ে সিদ্ধান্ত লোৱা হ’ব ।

অসমৰ বৰ্ধিত ৰাষ্ট্ৰীয় গুৰুত্ব-

মঙলবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গুৰুত্ব প্ৰতিপন্ন কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে । অসম এতিয়া দ্ৰুতগতিত উদ্যোগ আৰু বিকাশৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বুলিও ড০ শৰ্মাই উল্লেখ কৰে ।

লগতে পঢ়ক : অসম আৰু বংগত বিজেপিৰ দপদপনি: হিমন্ত-শুভেন্দুৰ আলিংগন আৰু এটা টুইটে দিলে নতুন ৰাজনৈতিক বাৰ্তা