শপত গ্ৰহণ পিছতেই মন্ত্ৰীসভাৰ সদস্যৰে মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক

১২ গৰাকী নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বেঠক অনুষ্ঠিত কৰিছে।

আজি খানাপাৰাস্থিত জ্যোতি- বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰত শপত ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ১২ গৰাকী নতুন মন্ত্ৰীয়ে।মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই সন্ধিয়া ৬ বজাত গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই কেবিনেট বৈঠক।

৬ বজাত হ’বলগীয়া এই কেবিনেট বৈঠকত আটাইকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। প্ৰথমখন কেবিনেট বৈঠকতে ৰাজ্যবাসীৰ বাবে বহুকেইটা ডাঙৰ ঘোষণা অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সম্প্ৰসাৰণ : ১২ বিধায়কৰ শপত গ্ৰহণ, মন্ত্ৰীসভাত ৪ নতুন মুখ

কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত: অসমত শীঘ্ৰেই বলৱৎ হ’ব UCC ! ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য

আজি অনুষ্ঠিত হোৱা নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ৰাজ্যৰ ভৱিষ্যতৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অনুষ্ঠিত হোৱা নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ৰাজ্যৰ ভৱিষ্যতৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বৈঠকত নিৰ্বাচনী ইস্তাহাৰক শাসনৰ ‘মূল আৰ্হি’ হিচাপে গ্ৰহণ কৰি বিশেষকৈ আইনী সংস্কাৰ আৰু নিয়োগৰ ক্ষেত্ৰত দুটা বৃহৎ পদক্ষেপৰ কথা ঘোষণা কৰা হয় ।

অসমত আহিব অভিন্ন দেৱানী বিধি (UCC)

কেবিনেটে আগন্তুক বিধানসভা অধিবেশনৰ অন্তিম দিনটোত অভিন্ন দেৱানী বিধি (Uniform Civil Code) বিধেয়ক উত্থাপন কৰাৰ বাবে অনুমোদন জনাইছে। এই প্ৰস্তাৱিত আইনখনৰ মূল লক্ষ্যসমূহ হ’ল :

বিবাহৰ বয়সৰ সমতা: ল’ৰা আৰু ছোৱালীৰ বিবাহৰ বাবে এক নিৰ্দিষ্ট আৰু অভিন্ন বয়সৰ সীমা নিৰ্ধাৰণ কৰা ।

বহুবিবাহ প্ৰথাৰ বিলোপ: ৰাজ্যত বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা ।

সম্পত্তিৰ অধিকাৰ: মহিলাৰ বাবে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তিৰ সমান অধিকাৰ নিশ্চিত কৰা ।

লিভ-ইন সম্পৰ্ক: লিভ-ইন সম্পৰ্কসমূহৰ বাবে আইনী স্বীকৃতি আৰু বাধ্যতামূলক পঞ্জীয়নৰ ব্যৱস্থা কৰা ।

ব্যতিক্ৰম : চৰকাৰে স্পষ্ট কৰি দিছে যে জনজাতীয় সম্প্ৰদায়সমূহ আৰু পাহাৰীয়া জিলাৰ বাসিন্দাসকলক এই আইনৰ পৰিধিৰ বাহিৰত ৰখা হ’ব । লগতে, সুৰক্ষিত সম্প্ৰদায়সমূহৰ কোনো পৰম্পৰাগত ৰীতি-নীতি বা ধৰ্মীয় বিশ্বাসত এই আইনে হস্তক্ষেপ নকৰে ।

নিযুক্তিৰ নতুন ৰূপৰেখা : ২ লাখ চৰকাৰী চাকৰি

নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে কেবিনেটে আগন্তুক পাঁচ বছৰত ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ পৰিকল্পনা হাতত লৈছে ।

টাস্ক ফ’ৰ্চ গঠন: এই নিযুক্তি প্ৰক্ৰিয়াৰ এক সঠিক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ চৰকাৰে এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰিছে ।

৩ মাহৰ সময়সীমা: টাস্ক ফ’ৰ্চক অহা তিনি মাহৰ ভিতৰত বিভাগীয় খালী পদৰ তালিকা, নিযুক্তিৰ কৌশল আৰু পৰিকল্পনা সম্বলিত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

শাসনৰ মূল মন্ত্ৰ: নিৰ্বাচনী ইস্তাহাৰ-

বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁলোকৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰা হ’ব । শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু কৰ্মসংস্থাপন সৃষ্টিয়েই হ’ব এই চৰকাৰৰ মূল লক্ষ্য ।

ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ পাছতে এতিয়া সমগ্ৰ অসমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ হোৱা দেখা গৈছে ।

লগতে পঢ়ক : ভাষণৰ সময় উকলিল, এতিয়া কেৱল কাম হ’ব: অসমৰ সুৰক্ষা আৰু উন্নয়নৰ সংকল্পৰে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ

কেবিনেট বৈঠকত গ্ৰহণ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত; জানক সৱিশেষ

কেবিনেট বৈঠকত গ্ৰহণ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সোমবাৰে জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত হৈ যায় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ সদৰী কৰে । এই বৈঠকত কেবিনেটে কেইবাটাও বিষয়ত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । জানক কেবিনেট বৈঠকৰ সবিশেষ-

অৰুণোদয় ৩.০ সম্প্ৰসাৰণ-

-অসম ৰাজ্যিক জীৱিকা অভিযানৰ ১০,১৮৬ সামূহিক কেডাৰক অৰুণোদয় ৩.০ আঁচনিৰ অধীনত হিতাধিকাৰী হিচাবে অন্তৰ্ভূক্তিত কেবিনেটৰ অনুমোদন ।

ৰাজ্যিক কৰ্মচাৰীৰ ভৱিষ্যৎ সুৰক্ষা-

-কেবিনেটে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজযিক কৰ্মচাৰীৰ বাবে ইউ পি এছ প্ৰৱৰ্তনত অনুমোদন জনাই ।

-সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত বা স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পৰিশোধ লাভ কৰিব ।

শিক্ষকৰ সুবিধা নিশ্চিতকৰণ-

-ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু চৰ অঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক ৫ বছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ বাবে কেবিনেটৰ অনুমোদন ।

-সমগ্ৰ শিক্ষাৰ অধীনত পূৰ্বৰ ৫ বছৰৰ বিপৰীতে ৩ বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাবে নিয়মীয়াকৰণ কৰাৰ বাবে কেবিনেটে অনুমোদন জনাই ।

তামিলনাডু দুৰ্ঘটনাৰ ভুক্তভোগী পৰিয়াললৈ বিত্তীয় সাহাৰ্য-

-তামিলনাডু দুৰ্ঘটনাত মৃত্যু হোৱা ৯ জন লোকৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ৫ লাখ টকাকৈ প্ৰদানত কেবিনেটৰ অনুমোদন ।

শিলচৰত ষানজঁট ৰোধৰ ব্যৱস্থা-

শিলচৰৰ কেপিটেল পইন্টৰ সমীপৰ ট্ৰাংক ৰোডৰ পৰা ৰংগিৰাখী পইন্টলৈ এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে অনুমোদন । ৫৬৪.৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব এই কৰিডৰ ।

অসমত স্বাস্থ্যসেৱাৰ ৰূপান্তৰ-

৪,২৮৭ কোটি টকা ব্যয়েৰে আছাম ষ্টেট টাৰ্চিয়েৰী হেলথ্কেয়াৰ আগমেন্টেশ্যন প্ৰকল্পত কেবিনেটৰ অনুমোদন ।

অস্থায়ী কৰ্মচাৰীৰ বাবে বৰ্ধিত দৰমহা-

১,২৩১ গৰাকী মাষ্টাৰ ৰোল, অস্থায়ী আৰু স্থিৰ দৰমহা কৰ্মচাৰীক নূন্যতম দৰমহা প্ৰদানৰ অনুমোদন । লগতে সাধাৰণ প্ৰশাসন বিভাগৰ ৯৯ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সহায়ক ভাট্টাৰ সমতুল্য স্থিৰ দৰমহা ১৬,৪০০ টকালৈ বৃদ্ধিত কেবিনেটৰ অনুমোদন ।

আজিৰ কেবিনেট বৈঠকত লোৱা আন আন সিদ্ধান্ত-

-ৰাজ্য চৰকাৰৰ বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ ৩,১১,৬১৪ গৰাকী শিক্ষাৰ্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্ৰয়ত কেবিনেটৰ অনুমোদন ।

-স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা ১,৭৫,৮১৭ গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধ কৰাৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১২৬.৯৭ কোটি টকাৰ বিত্তীয় আৱন্টন ।

-জলবায়ু স্থিতিস্থাপক গ্ৰাম্য দসং নিৰ্মাণৰ বাবে কেবিনেটে অসম স্থিতিস্থাপক গ্ৰাম্য দলং কাৰ্যসূচীৰ বাবে ৪,৮১৬.৩১ কোটি টকাৰ সংশোধিত প্ৰশাসনিক অনুমোদন ব্যয়ত কেবিনেটৰ অনুমোদন ।

লগতে পঢ়ক : ‘জুবিন গাৰ্গৰ জীৱিত কালত অখিল গগৈক অনুৰাগী হিচাপে দেখা নাছিলো’; মুখ্যমন্ত্ৰী

পহলগামৰ নিহতৰ পৰিয়ালক ৫ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে… ৰাজ্যিক কেবিনেটৰ অনুমোদন

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ অসম চৰকাৰে আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছে । মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬ জন লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ অনুদান প্ৰদানত অসম কেবিনেটে অনুমোদন জনাইছে । সোমবাৰে গভীৰ নিশালৈকে ৬ ঘণ্টীয়া কেবিনেট বৈঠক মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৷ এই সিদ্ধান্তৰ তথ্য মঙলবাৰে সংবাদ মাধ্যমক প্ৰদান কৰা হয় ।

শোক পত্ৰৰ লগতে দিয়া হ’ব এই ধনৰাশি-

সাংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই ইতিমধ্যে ভুক্তভোগী পৰিয়ালক সামান্য আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছো । সোমবাৰে নিশা অসম কেবিনেটে এই সাহাৰ্যত অনুমোদন জনায় । তেওঁ কয় যে ১২ মে’ৰ পিছত প্ৰতিজন কেবিনেট মন্ত্ৰীয়ে প্ৰতিজন মৃতকৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিব । ইয়াৰ লগতে তেওঁলোকক মোৰ তৰফৰ পৰা এখন শোক পত্ৰৰ লগতে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব । উল্লেখ্য যে অসমত দুটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ বাবে ১২ মে’ৰ পিছত এই আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব । ১১ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল । ৰাজ্যখনত ১১ মে’লৈকে বলবৎ থাকিব নিৰ্বাচনী আচৰণ বিধি ।

উল্লেখযোগ্য যে বিগত ২২ এপ্ৰিলত পহলগামৰ বৈছাৰণ উপত্যকাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ লোকক হত্যা কৰিছিল । পহলগামৰ বৈছাৰণ উপত্যকাত সেনাবাহিনীৰ পোছাক পৰিধান কৰা সন্ত্ৰাসবাদীয়ে প্ৰথমে পৰ্যটকসকলক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল আৰু তাৰ পিছত তেওঁলোকক হিন্দু বুলি গুলীয়াই হত্যা কৰিছিল । ইয়াৰ পিছত সমগ্ৰ ভাৰততে পাকিস্তানৰ বিৰুদ্ধে এই ঘটনাৰ প্ৰতিশোধ লোৱাৰ দাবী উত্থাপন হ’বলৈ ধৰে । চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে । এই সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব লৈছে পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ ভাতৃ সংগঠন ৰেজিষ্টেন্স ফ্ৰণ্টে ।

কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা-

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ অধীনত সন্ত্ৰাসবাদীক আশ্ৰয় দি থকা পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । চৰকাৰে ১৯৬০ চনৰ সিন্ধু জল সন্ধি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰাখিছে । ইয়াৰ সমান্তৰালকৈ চেকপোষ্ট আট্টাৰী বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । লগতে ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰতলৈ যাবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে ।

পহলগাম আক্ৰমণৰ পিছত আজি কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠক; ডাঙৰ সিদ্ধান্ত ল’ব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বুধবাৰে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হ’ব । বুধবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন বৈঠক আহ্বান কৰা হৈছে । যোৱা সপ্তাহত কেন্দ্ৰীয় কেবিনেটৰ কোনো বৈঠক হোৱা নাছিল আৰু ২৩ এপ্ৰিলত কেৱল কেবিনেট কমিটী অন ছিকিউৰিটিয়ে বৈঠকত মিলিত হৈ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছিল ।

লোৱা হ’ব পাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত-

ইয়াৰ উপৰিও আজি চি চি এছৰ বৈঠক অনুষ্ঠিত হ’ব । তথ্য অনুসৰি  চি চি এছৰ বৈঠকত কঠোৰ সিদ্ধান্ত লোৱা হ’ব পাৰে । সেইবাবেই প্ৰধানমন্ত্ৰীয়ে সেনাধ্যক্ষৰ সৈতে বৈঠকত মিলিত হয় । উল্লেখ্য যে, দেশৰ সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত চি চি এছত লোৱা হয় ।

যিকোনো সময়তে হ’ব পাৰে এক্সন-

পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ যিকোনো সময়তে হ’ব পাৰে । কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰত্যক্ষ ইংগিত দিবলৈ সেনাক স্বতন্ত্ৰতা দিছে প্ৰধানমন্ত্ৰীয়ে । এই বাবে সেনাই কৰাচী বন্দৰৰ সৈতে সংযোগ বিচ্ছিন্ন কৰা আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ চলোৱাকে ধৰি বিভিন্ন বিকল্পৰ ওপৰত ব্যাপকভাৱে আলোচনা কৰিছে । সামৰিক এক্সনৰ পূৰ্বে কূটনৈতিক ফ্ৰণ্টত বিশ্বৰ মঞ্চত পাকিস্তানক পৃথক কৰাৰ কৌশল ৰচনা কৰা হৈছে ।

চি চি এছৰ বৈঠকৰ পাছতে ভাৰতে গ্ৰহণ কৰে এই সিদ্ধান্ত-

ইয়াৰ পূৰ্বে যোৱা বুধবাৰে ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাকে ধৰি বহুকেইটা ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ছয় দশকৰো অধিক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু আট্টাৰীৰ স্থল ট্ৰেনজিট পোষ্ট তাৎক্ষণিকভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰে ।

ছিপাঝাৰ-তিনচুকীয়াকে ধৰি ৯খন বিশ্ববিদ্যালয় অনুমোদন; জাগীৰোডত ৰতন টাটাৰ স্মৃতিত চহৰ…কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদমেল যোগে অৱগত কৰে । আগন্তুক বিধানসভাৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ’ব বুলিও তেওঁ কয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৯খন বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনোৱা হয় । সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া অসমত ব্যক্তিগত বিশ্ববিদ্যালয় চলোৱাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা নিষ্পত্তি বাধ্যতামূলক হ’ব ।

ছিপাঝাৰ আৰু তিনিচুকীয়াত পৃথক পৃথক বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব-

কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে শেহতীয়াকৈ এডভান্টেজ আছাম সন্মিলনত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি- এডভান্টেজ আছাম ২.০ আজি কেবিনেটে অনুমোদন জনাইছে । তেওঁ কয় যে এই বুজাবুজি চুক্তিৰ অধীনত ছিপাঝাৰ আৰু তিনিচুকীয়াত সুকীয়া বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব । এই সন্দৰ্ভত চৰকাৰে শীঘ্ৰে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিব ।

ৰতন টাটাৰ স্মৃতিত জাগীৰোড ইলেক্ট্ৰনিক চিটিৰ নামকৰণ-

মঙলবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে । তেওঁ কয় যে প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ স্মৃতিত জাগীৰোডত নিৰ্মাণ হৈ থকা ইলেক্ট্ৰনিক চিটিৰ নাম ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁ কয় যে এতিয়া জাগীৰোড ইলেক্ট্ৰনিক চিটিৰ নাম হ’ব ৰতন টাটা ইলেক্ট্ৰনিক চিটি, জাগীৰোড ।

এই সাতখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক-

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷ তেওঁ কয় যে আজি অসম কেবিনেটে কেইবাখনো বিধেয়কত অনুমোদন জনায় । এই বিধেয়কসমূহ বিধানসভাই অনুমোদন জনোৱাৰ পিছত কিছু নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব । অসম বিধানসভাত বিধেয়ক উত্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়সমূহৰ ভিতৰত শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয় ।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অনুমতিৰো প্ৰয়োজন-

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে সংশোধনী বিধেয়কো উত্থাপন কৰিব । আইনৰ সংশোধনীৰ পিছত শীঘ্ৰে উপাচাৰ্য নিযুক্তিৰ কাম কৰিব পাৰিব । তেওঁ কয় যে এতিয়াৰ পৰা অসমৰ যিকোনো ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অনুমতিৰো প্ৰয়োজন হ’ব ।

অসমীয়া ভাষাক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে…

-১৪ এপ্ৰিলৰ পৰা চৰকাৰী নিৰ্দেশনা প্ৰকাশ হ’ব অসমীয়া ভাষাত

 -‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয়সমূহত বাধ্যতামূলক হ’ব অসমীয়া বিষয়’

-‘BTRত অসমীয়া আৰু বড়ো ভাষা বাধ্যতামূলক বিষয় হিচাপে পঢ়ুৱাব লাগিব’

-আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত

-চৰকাৰী নিৰ্দেশনা কি কি ভাষাত প্ৰকাশ হ’ব ডাঙৰ সিদ্ধান্ত ল’লে কেবিনেটে

-ইংৰাজীৰ লগতে অসমীয়া, বঙালী আৰু বড়ো ভাষাত প্ৰকাশ হ’ব নটিফিকেশ্যন

-ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী নিৰ্দেশনা ইংৰাজীৰ লগতে প্ৰকাশ হ’ব অসমীয়া ভাষাত

-ইফালে বৰাক উপত্যকাত ইংৰাজী, অসমীয়াৰ লগতে বঙালী ভাষাত প্ৰকাশ হ’ব নটিফিকেশ্যন

-BTRত ইংৰাজী, অসমীয়াৰ লগতে বড়ো ভাষাত প্ৰকাশ হ’ব নটিফিকেশ্যন

-১৪ এপ্ৰিলৰ পৰা  চৰকাৰী নিৰ্দেশনা প্ৰকাশ হ’ব অসমীয়া ভাষাত

 -‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয়সমূহত বাধ্যতামূলক হ’ব অসমীয়া বিষয়’

-‘BTRত অসমীয়া আৰু বড়ো ভাষা বাধ্যতামূলক বিষয় হিচাপে পঢ়ুৱাব লাগিব’

-অৱশ্যে বৰাক উপত্যকাক লৈ বিশেষ সিদ্ধান্ত লোৱা নাই ৰাজ্য চৰকাৰে

নতুন আয়কৰ বিধেয়কত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন…৬০ বছৰীয়া আইনখনৰ হ’ব বৃহৎ পৰিৱৰ্তন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকত নতুন আয়কৰ বিধেয়কত অনুমোদন জনোৱা হৈছে । প্ৰতিবেদন অনুসৰি অহা সপ্তাহত এই বিধেয়কখন সংসদত উত্থাপন কৰা হ’ব আৰু তাৰ পিছত সংসদৰ বিত্ত সম্পৰ্কীয় স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হ’ব ।

দেশৰ কৰ ব্যৱস্থাৰ বৃহৎ সংস্কাৰৰ অংশ হিচাপে নতুন আয়কৰ বিধেয়কখন বৰ্তমানৰ কৰ গাঁথনি অধিক সহজ আৰু স্বচ্ছ কৰাৰ লক্ষ্যৰে অনা হৈছে ।

এতিয়া ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ নাই-

১ ফেব্ৰুৱাৰীত দাখিল কৰা বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল যে এতিয়া ১২ লাখ পৰ্যন্ত বাৰ্ষিক আয়ৰ ওপৰত আয়কৰ নাথাকিব । কিন্তু ইয়াত এটা প্ৰশ্ন উত্থাপন হয় যে কৰ স্লেবৰ কিয় প্ৰয়োজন ?  ইয়াৰ কাৰণ হ’ল ৬০ হাজাৰ টকা পৰ্যন্ত ৰেহাইৰ পিছত কৰ দায়বদ্ধতা শূন্য হৈ পৰে । অৰ্থাৎ কাৰোবাৰ আয় যদি  ১২ লাখ পৰ্যন্ত হয়, তেন্তে ৰেহাই পোৱাৰ পিছত তেওঁ কোনো কৰ দিব নালাগিব, কিন্তু ইয়াৰ ওপৰৰ আয়ৰ ওপৰত কৰ দিব লাগিব ।

নতুন আয়কৰ বিল কেতিয়া কাৰ্যকৰী হ’ব ?

২০২৫ চনৰ বাজেটত ঘোষণা কৰা অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা এই নতুন আয়কৰ বিধেয়ক কাৰ্যকৰী হ’ব আৰু ২০২৬-২৭ চনৰ মূল্যায়ন বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব ।

কিয় নতুন বিলৰ প্ৰয়োজন হ’ল ?

বিগত ৬৪ বছৰত প্ৰায় প্ৰতি বছৰে আয়কৰ আইনত কেইবাটাও পৰিৱৰ্তন কৰা হৈছে । কৰ হাৰ পুনৰীক্ষণৰ পৰা আৰম্ভ কৰি নতুন বিধান প্ৰৱৰ্তন, কিছুমান কৰ ৰেহাই সংযোজন আৰু পুৰণি ৰেহাই আঁতৰোৱালৈকে – সময়ে সময়ে আইনখনত বৃহৎ পৰিৱৰ্তন কৰা হৈছে । কেইবা দশক ধৰি কৰ বিশেষজ্ঞ আৰু কৰদাতাসকলে নতুন, স্পষ্ট আৰু ব্যাপক আয়কৰ আইনখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আহিছে যিয়ে বৰ্তমানৰ সকলো বিধানক একত্ৰিত কৰিব আৰু লগতে নতুন সংস্কাৰকো অন্তৰ্ভুক্ত কৰিব ।

আগন্তুক পাঁচ বছৰৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ম্যাদ বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

কেন্দ্ৰীয় কেবিনেটে আগন্তুক পাঁচ বছৰৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা এন এইছ এমৰ ম্যাদ বৃদ্ধিত অনুমোদন জনাইছে । বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এই তথ্য প্ৰদান কৰে ।

কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত সাংবাদিকক অৱগত কৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে এই অভিযানে বিগত ১০ বছৰত ঐতিহাসিক লক্ষ্যত উপনীত হৈছে । গোৱেলে জনোৱা মতে, ২০২১ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰায় ১২ লাখ স্বাস্থ্যকৰ্মীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত যোগদান কৰিছিল আৰু এই অভিযানৰ অধীনত ভাৰতে Covid-19 মহামাৰীৰ বিৰুদ্ধে যুঁজিছিল ।

২০০৫ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (এন আৰ এইচ এম) হিচাপে আৰম্ভ কৰা এই আঁচনিখনৰ ম্যাদ একাধিকবাৰ বৃদ্ধি কৰা হৈছে, শেহতীয়াকৈ ২০২১ চনত ২০২৬ চনলৈকে চলিবলৈ অনুমতি দিয়া হৈছিল ।

গোৱেলে আৰু কয় যে এন এইচ এমৰ চলি থকা প্ৰচেষ্টাই ভাৰতৰ স্বাস্থ্যৰ পৰিৱেশ ৰূপান্তৰিত কৰিছে, যাৰ ফলত দেশখনে ২০৩০ চনৰ সময়সীমাৰ বহু আগতেই নিজৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছ ডি জি) স্বাস্থ্য লক্ষ্যত উপনীত হোৱাৰ পথত আগবাঢ়িছে ।