এই নতুন সম্প্ৰসাৰণৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসমৰ মন্ত্ৰী পৰিষদৰ মুঠ সদস্য সংখ্যা এতিয়া ১৭ গৰাকীলৈ বৃদ্ধি পাইছে
ৰাজ্যত বিপুল বিজয় সাব্যস্ত কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে নিজৰ মন্ত্ৰী পৰিষদৰ প্ৰথমটো ডাঙৰ সম্প্ৰসাৰণ ঘটাইছে । গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ১২ গৰাকী বিধায়কক মন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।
এই নতুন সম্প্ৰসাৰণৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসমৰ মন্ত্ৰী পৰিষদৰ মুঠ সদস্য সংখ্যা এতিয়া ১৭ গৰাকীলৈ বৃদ্ধি পাইছে । উল্লেখ্য যে, সাংবিধানিক নিয়ম অনুসৰি ১২৬ জনীয়া অসম বিধানসভাত সৰ্বাধিক ১৯ গৰাকী মন্ত্ৰী থাকিব পাৰে । অৰ্থাৎ এতিয়াও মন্ত্ৰীসভাত দুখন আসন খালী আছে ।
মন্ত্ৰীসভাত ৪ গৰাকী নতুন মুখ-
আজি শপত গ্ৰহণ কৰা ১২ গৰাকী মন্ত্ৰীৰ ভিতৰত ৪ গৰাকী হৈছে একেবাৰে নতুন মুখ । তেওঁলোক হৈছে-
-অশ্বিনী ৰয় চৰকাৰ (বিজেপি)
-নীলিমা দেৱী (বিজেপি)
-সুশান্ত বৰগোহাঁই (বিজেপি)
-বিশ্বজিৎ দৈমাৰী (প্ৰাক্তন অধ্যক্ষ)
ইয়াৰ উপৰিও অসম গণ পৰিষদৰ (অগপ) জ্যেষ্ঠ নেতা কেশৱ মহন্তয়ো আজি নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।
পুৰণি মন্ত্ৰীৰ পুনৰ সংস্থাপন-
পূৰ্বৰ চৰকাৰত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰা ৭ গৰাকী মন্ত্ৰীক এই নতুন মন্ত্ৰীসভাতো স্থান দিয়া হৈছে । তেওঁলোক হৈছে- অশোক সিংঘল, ৰণোজ পেগু, বিমল বৰা, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু পিযুষ হাজৰীকা ।
আনহাতে, অগপৰ সভাপতি অতুল বৰা, বিপিএফৰ চৰণ বড়ো, আৰু বিজেপিৰ অজন্তা নেওগ তথা ৰামেশ্বৰ তেলীয়ে ইতিমধ্যে পূৰ্বে শপত গ্ৰহণ কৰি মন্ত্ৰীসভাত আছিল ।
দলীয় আৰু ভৌগোলিক ভাৰসাম্য-
নতুন সম্প্ৰসাৰণৰ পিছত কেবিনেটত দলগত স্থান এনেধৰণৰ :
বিজেপি : ১৩ গৰাকী মন্ত্ৰী
অসম গণ পৰিষদ (অগপ): ২ গৰাকী মন্ত্ৰী
বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ): ১ গৰাকী মন্ত্ৰী
সমগ্ৰ অসমৰ জাতি-জনগোষ্ঠী আৰু ভৌগোলিক অঞ্চলসমূহক প্ৰতিনিধিত্ব কৰাকৈ এই মন্ত্ৰীসভা গঠন কৰা হৈছে । কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে বৰাক উপত্যকাক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে চৰণ বড়ো আৰু বিশ্বজিৎ দৈমাৰীয়ে বড়ো সমাজক প্ৰতিনিধিত্ব কৰিছে । একেদৰে ৰণোজ পেগুৱে মিচিং, অশ্বিনী ৰয় চৰকাৰে কোচ-ৰাজবংশী আৰু সুশান্ত বৰগোহাঁইয়ে আহোম জনগোষ্ঠীক মন্ত্ৰীসভাত প্ৰতিনিধিত্ব কৰিব । ভৌগোলিকভাৱে ইয়াত উজনি-নামনি, মধ্য, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ সমিলমিল দেখা গৈছে ।
উল্লেখ্য যে, শেহতীয়া বিধানসভা নিৰ্বাচনত ১০২ খন আসন লাভ কৰি এনডিএ-এ এক ঐতিহাসিক জয় সাব্যস্ত কৰিছিল । ইয়াৰে বিজেপিয়ে ৮২ খন আৰু মিত্ৰদল অগপ আৰু বিপিএফে ১০ খনকৈ আসন লাভ কৰিছিল ।
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ১২ জনীয়া তালিকা ঘোষণা









