উমৰাংছুৰ শ্ৰমিকৰ পৰিয়াললৈ ১০লাখ টকাৰ এককালীন সাহাৰ্য

-উমৰাংছু কয়লাখনিত প্ৰাণ হেৰুৱাবলগীয়া শ্ৰমিকক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত

 -৩২০ফুট দ’ কুৱেৰিৰ পৰা উদ্ধাৰ ৪ শ্ৰমিকৰ মৃতদেহ

-কুৱেৰীৰ ভিতৰত বৰ্তমান ১১কোটি লিটাৰ পানী আছে

-বৰ্তমানো উদ্ধাৰ কৰিব পৰা নাই আৱদ্ধ আনজন শ্ৰমিকৰ মৃতদেহ

-দীৰ্ঘদিনে আৱদ্ধ হৈ থকা শ্ৰমিকক সুকলমে উদ্ধাৰ কৰাৰ সম্ভাৱনা নাই

-নিহত আৰু সন্ধানহীন শ্ৰমিকৰ পৰিয়ালক দিয়া হ’ব ১০লাখকৈ এককালীন সাহাৰ্য

-ঘটনা সন্দৰ্ভত কুৱেৰিটোত কৰ্মৰত অভিযন্তাই দিব লাগিব লিখিত বিৱৰণ

-উমৰাংছু কয়লাখনিত কৰ্মৰত শ্ৰমিকৰ পৰিয়ালে লাভ কৰিব ন্যায়

-আৰক্ষী সঞ্চালক প্ৰধানক ফৌজাদাৰী অনুসন্ধানৰ বাবে এছ আই টি  গঠনৰ নিৰ্দেশ

-নেতৃত্ব প্ৰদান কৰিব ন্যায়াধীশ অনিমা হাজৰিকাই

-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উমৰাংছুৰ ঘটনাক লৈ কৰিলে ডাঙৰ মন্তব্য

বিলুপ্ত হ’ব ৯খন জিলা…কেবিনেটৰ বৃহৎ সিদ্ধান্ত

শনিবাৰে ৰাজস্থানৰ ভজনলাল শৰ্মা চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত । মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত গেহলট চৰকাৰৰ দিনত সৃষ্টি হোৱা ৯খন জিলা বিলুপ্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । কেবিনেট মন্ত্ৰী যোগৰাম পেটেল আৰু সুমিত গোদাৰাই শনিবাৰে সাংবাদিকৰ আগত এই তথ্য প্ৰদান কৰে ।

পূর্বৰ কংগ্রেছ চৰকাৰে সৃষ্টি কৰা ২০খন নতুন জিলা সন্দর্ভত ভজন লাল চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে বুলি তেওঁলোকে জনায় ৷ ২০খন জিলাৰ ভিতৰত ৮খন জিলা যিদৰে আছে তেনেদৰেই থাকিব বুলি তেওঁলোকে সদৰী কৰে । এতিয়া পূৰ্বৰ চৰকাৰে সৃষ্টি কৰা নতুন বিভাজনৰ অস্তিত্ব নাথাকিব ।

ভজনলাল চৰকাৰে গেহলট শাসনৰ সময়ত গঠন হোৱা ৯খন জিলা আৰু তিনিটা সংমণ্ডল বিলুপ্ত কৰে । যিবোৰ জিলা বাতিল কৰা হৈছে সেইবোৰ হ’ল- দুডু, কেকৰী, শ্বাহপুৰা, নিমকাথানা, গংগাপুৰচিটি, জয়পুৰ গ্ৰাম্য, যোধপুৰ গ্ৰাম্য, অনুপগড়, চাঞ্চোৰ ।

তেওঁলোকে কয় যে কিৱালোত্ৰা, ব্যাৱৰ, দীগ, দিদৱানা-কুচামান, কোটপুটলি-বহাৰোদ, খাইৰথাল-তিজাৰা, ফালোডী আৰু ছালুম্বাৰ এই জিলাসমূহ যিদৰে আছে তেনেকৈয়ে থাকিব ।

এতিয়া ৰাজস্থানত মুঠ ৪১খন জিলা আৰু ৭টা সংমণ্ডল-

কেবিনেট বৈঠকৰ পিছত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী যোগৰাম পেটেলে কয় যে ১৯৫৬ চনত ৰাজস্থান গঠন হৈছিল । ইয়াৰ পিছত বহুদিনলৈ ৰাজস্থানত মাত্ৰ ২৬ খন জিলা আছিল । কিন্তু পিছলৈ আৰু ৭খন নতুন জিলা গঠন হ’ল, যেতিয়া পূৰ্বৰ গেহলট চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ সময়ত ।

তেওঁলোকে কয় যে সেই সময়ত শেষ মুহূৰ্তত ১৭খন নতুন জিলা আৰু তিনিটা সংমণ্ডল গঠনৰ সিদ্ধান্ত লোৱা হৈছিল । পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আচৰণ বিধি ঘোষণাৰ ঠিক পূৰ্বে জিলা গঠনৰ কথা ঘোষণা কৰিছিল । জিলাসমূহৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি এইটো ব্যৱহাৰিক বা শুদ্ধ নহয় ।

লগতে তেওঁলোকে কয় যে জিলা গঠন সন্দৰ্ভত কেবিনেট কমিটীত এক আলোচনা অনুষ্ঠিত হয় । এই কমিটীয়ে পাছলৈ সৃষ্টি হোৱা জিলাসমূহ ব্যৱহাৰিক নহয় বুলি বিবেচনা কৰিছিল । এতিয়া ৰাজস্থানত থাকিব মাত্ৰ ৭টা সংমণ্ডল আৰু মুঠ ৪১খন জিলা । এইদৰে চৰকাৰে গেহলট চৰকাৰৰ দিনত সৃষ্টি হোৱা ৯খন নতুন জিলা আৰু তিনিটা নতুন সংমণ্ডল – বনছোৱাৰা, ছিকাৰ আৰু পালি সংমণ্ডল বিলুপ্ত কৰাৰ সিদ্ধান্ত লয় । লগতে আইন মন্ত্ৰী যোগৰাম পেটেলে ৰাজস্থানৰ গাঁও পঞ্চায়তসমূহ পুনৰ সংগঠিত কৰা হ’ব বুলিও জানিবলৈ দিয়ে ।

“NRCত আবেদন নকৰা পৰিয়ালৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড”, মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ’ল নতুন নিয়ম। এতিয়াৰে পৰা হ’ব অসমত আধাৰ কাৰ্ড লাভ কৰাৰ বাবে মানিব লাগিব নতুন নিয়ম। বুধবাৰে কেবিনেট বৈঠকৰ অন্তত  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ মন্তব্য দিছে।

তেওঁ জনোৱা অনুসৰি এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ ভেৰিফিকেশ্যনৰ পিছতহে আপুনি লাভ কৰিব আধাৰ।ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগেহে ভেৰিফিকেশ্যন কৰিব পাৰিব আধাৰৰ।

ইয়াৰ বাবে প্ৰতিখন জিলাত একোজনকৈ অতিৰিক্ত আয়ুক্তক দিয়া হ’ব দায়িত্ব। আধাৰ দিয়াৰ পূৰ্বে পৰীক্ষা-নীৰিক্ষাৰ বাবে দায়ৱদ্ধ হ’ব ৰাজ্যৰ চক্ৰ বিষয়া।

UIDAI প’টেলত আবেদন কৰাৰ পিছত সেই আবেদনখন ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ প’ৰ্টেলত আহিব সেই আবেদন।

ইয়াৰ লগতে তেওঁ কয় যে ‘NRCত অসমৰ কোনো পৰিয়ালে আবেদন কৰিছিল নে নাই সেয়া পৰীক্ষা কৰা হ’ব। আৰু NRCত আবেদন নকৰা পৰিয়ালৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড”।

“NRCত আবেদন কৰিলেহে আধাৰ কাৰ্ড লাভ কৰিব ৰাজ্যত।অৱশ্যে অসমত কৰ্মৰত ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব”।

দৰাচলতে সন্দেহযুক্ত নাগৰিক অথবা বিদেশীয়ে যাতে নাগৰিকত্ব নাপায় তাৰ বাবে এই ব্যৱস্থা  গ্ৰহণ কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।

সম্পন্ন হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক : কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ?

-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ৯টা ডাঙৰ ঘোষণা

-জেলত থকা কয়দীৰ বাবে কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত

-কয়দীৰ পৰিয়ালৰ কথা চিন্তা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা

-৪ লাখ টকা পৰ্যন্ত পাব এই এককালীন ক্ষতিপূৰণ

-কয়দীৰ মাজত কাজিয়া হৈ কোনো কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ২ লাখ টকা

-কাৰাগাৰৰ কৰ্মচাৰীৰ প্ৰহাৰত কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ৩ লাখ টকা

-কাৰাগাৰৰ কৰ্মচাৰীৰ অৱহেলাত কয়দীৰ মৃত্যু হ’লে লাভ কৰিব ৪ লাখ টকা

-চিকিৎসা বিষয়া পেৰা মেডিকেল টীমৰ অৱহেলাত কয়দীৰ মৃত্যু হ’লে লাভ কৰিব ৪ লাখ টকা

-কোনো কয়দীয়ে চৰম সিদ্ধনাত ল’লে লাভ কৰিব ৩ লাখ টকা

-ইয়াৰ উপৰি বৰাক উপত্যকাৰ উন্নয়নৰ বাবে গঠন হ’ল নতুন বিভাগ

-শিলচৰ আৰু গুৱাহাটীত থাকিব বৰাক উপত্যকা উন্নয়নৰ কাৰ্যালয়

-৩টা ইথানল উৎপাদন প্ৰতিষ্ঠানক দিব ৰাজসাহাৰ্য

-হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লৈছে এই ডাঙৰ সিদ্ধান্ত