জুবিন গাৰ্গৰ জীৱিত কালত অখিল গগৈক অনুৰাগী হিচাপে দেখা নাছিলো
অখিল গগৈক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, জুবিন গাৰ্গৰ জীৱনকালত অখিল গগৈক অনুৰাগী হিচাপে আমি কোনেও দেখা নাছিলো।
জুবিন গাৰ্গক লৈ অখিল গগৈয়ে একো কোৱা নাছিল।এতিয়া মৃত ব্যক্তিক গৰাকীক লৈ ৰাজনীতি কৰিছে। আৰু তেনে মানুহ অতি নিকৃষ্টমানৰ।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অখিল গগৈ আৰু শ্যামকানু মহন্ত একেই। জুবিন গাৰ্গ পাৰ্থিৱ শৰীৰত শ্ৰদ্ধাঞ্জলি দি অখিল গগৈয়ে ৰাজনীতি কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৱে অখিল গগৈক জয়ী কৰা বুলি ভাবিছে।
তেওঁলোকে উচতনি দিব বিচাৰিছে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত মুখ্যমন্ত্ৰীয়ে কৰা নাই।সকলোৱে জুবিনে ন্যায় পোৱাটো বিচাৰিছে। কিন্তু কেৱল অখিল গগৈয়ে হে জানে তেওঁ কি কৰিব বিচাৰিছে।
লগতে পঢ়ক: ‘কাইলৈৰ ভিতৰত অসমত হাজিৰ হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া’; মুখ্যমন্ত্ৰী









