অসমত হাজিৰ হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া
জুবিন গাৰ্গৰ ঘটনাৰ সময়ত য়ট খনত থকা আটাইকেইজন ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে আটাইকেইজনকে সকীয়নী প্ৰদান কৰি কৈছে যে, কাইলৈৰ ভিতৰত অসমত হাজিৰ হ’ব লাগিব আটাইকেইজন ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া।
জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত থকা প্ৰৱাসী অসমীয়া কেইজন তদন্তৰ আওতালৈ আহিব।সেয়েহে তেওঁলোক অসমলৈ আহিবই লাগিব।অন্যথা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
তেওঁলোকক ৬ অক্টোবৰৰ ভিতৰত হাজিৰ হ’বলৈ দিয়া হৈছিল। কাইলৈ ৬ অক্টোবৰ, গতিকে কাইলৈৰ ভিতৰত নাহিলে যিকোনো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
লগতে পঢ়ক: গৰিমা শইকীয়া গাৰ্গক প্ৰদান GMCH ৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল..









