গৰিমা শইকীয়া গাৰ্গক প্ৰদান GMCH ৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল
কাহিলীপাৰাৰ বাসগৃহত পত্নী গৰিমা শইকীয়া গাৰ্গ প্ৰদান কৰা হ’ল জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।
SIT ৰ তদন্তকাৰী বিষয়া মৰমী দাসে গৰিমা শইকীয়াক গতালে GMCH ত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এই প্ৰতিবেদনত কি আছে তাকে লৈ এতিয়া সকলোৰে মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।
এই প্ৰতিবেদনত কি আছে তাক ৰাজহুৱা কৰে নে নকৰে সেয়া সম্পূৰ্ণৰূপে গৰিমা শইকীয়া গাৰ্গৰ ওপৰত নিৰ্ভৰ কৰে বুলি শুকুৰবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল।
লগতে পঢ়ক: ‘বিহপান কৰাইছিল জুবিন গাৰ্গক’; শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য









