শেখৰজ্যোতি

‘বিহপান কৰাইছিল জুবিন গাৰ্গক’; শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য

শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।CID জেৰাত জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে এক বিস্ফোৰক স্বীকাৰোক্তি দিছে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক ভাষ্য দিছে শেখৰজ্যোতি গোস্বামীয়ে।তেওঁৰ ভাষ্য অনুসৰি জুবিনক বিহপান কৰাইছিল। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি জুবিনৰ সুৰাত

শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।CID জেৰাত জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে এক বিস্ফোৰক স্বীকাৰোক্তি দিছে।

সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক ভাষ্য দিছে শেখৰজ্যোতি গোস্বামীয়ে।তেওঁৰ ভাষ্য অনুসৰি জুবিনক বিহপান কৰাইছিল।

সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি জুবিনৰ সুৰাত দিছিল বিহ।জুবিন গাৰ্গৰ নৌকা বিহাৰৰ ভিডিঅ’ শ্বেয়াৰ নকৰিবলৈও সিদ্ধাৰ্থ শৰ্মাই সকলোকে ধমক দিছিল।

শেখৰে দিয়া ভাষ্য অনুসৰি জুবিন গাৰ্গৰ মুখেৰে ফেন ওলোৱাতো সিদ্ধাৰ্থই গুৰুত্ব দিয়া নাছিল। ফেন ওলোৱা কথাটো সাধাৰণ ৰূপ দিবলৈ চেষ্টা কৰিছিল সিদ্ধাৰ্থই।

গেষ্টিকৰ বাবেহে ফেন ওলোৱা বুলি বিষয়টো পাতল কৰিছিল সিদ্ধাৰ্থই।আনকি লাইফ জেকেট নিপিন্ধাকৈ জুবিনক সাঁতুৰিবলৈ উৎসাহী কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।

লগতে পঢ়ক: ‘ৰুগ্ন স্বাস্থ্যৰ বাবেহে জুবিনৰ মৃত্যু হৈছিল’; শ্যামকানু মহন্তৰ লেখ আৱেদনত বিস্ফোৰক তথ্য