শ্যামকানু

‘ৰুগ্ন স্বাস্থ্যৰ বাবেহে জুবিনৰ মৃত্যু হৈছিল’; শ্যামকানু মহন্তৰ লেখ আৱেদনত বিস্ফোৰক তথ্য

শ্যামকানু মহন্তৰ লেখ আৱেদনত বিস্ফোৰক তথ্য ‘ফেষ্টিভেল মহন্ত’খ্যাত শ্যামকানু মহন্তৰ তিলমানো অনুশোচনা নাই।গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই মুকলি হোৱাৰ সকলো ব্যৱস্থা কৰি উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰা সকাহ বিচাৰি ৩০ছেপ্টেম্বৰতে লেখ আবেদন দাখিল কৰিছিল শ্যামকানুৱে। শ্যামকানুৰ এই আৱেদনখন মালয়েছিয়াৰ পৰা আৱেদন কৰা হৈছিল। ১৭৪ পৃষ্ঠাজোৰা এই লেখ

শ্যামকানু মহন্তৰ লেখ আৱেদনত বিস্ফোৰক তথ্য

‘ফেষ্টিভেল মহন্ত’খ্যাত শ্যামকানু মহন্তৰ তিলমানো অনুশোচনা নাই।গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই মুকলি হোৱাৰ সকলো ব্যৱস্থা কৰি উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰা সকাহ বিচাৰি ৩০ছেপ্টেম্বৰতে লেখ আবেদন দাখিল কৰিছিল শ্যামকানুৱে। শ্যামকানুৰ এই আৱেদনখন মালয়েছিয়াৰ পৰা আৱেদন কৰা হৈছিল।

১৭৪ পৃষ্ঠাজোৰা এই লেখ আবেদনত জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্ত অসম আৰক্ষীৰ পৰা হস্তান্তৰৰ অনুৰোধ জনাইছে শ্যামকানুৱে। অসম আৰক্ষীৰ পৰা CBIলৈ গোচৰ হস্তান্তৰৰ আবেদন কৰিছে শ্যামকানু মহন্তই।

অধিবক্তা ৰাজকমলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই লেখ আবেদনত শ্যামকানুক কিয় ৰেহাই দিব লাগে তাৰ বহুকেইটা দিশ তন্ন তন্নকৈ উল্লেখ কৰিছে।

এই দিশসমূহৰ ভিতৰত শ্যামকানুৱে এই সমগ্ৰ ঘটনাৰ বাবে অসমৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমলৈ দোষ ঠেলিছে।

তেওঁ উল্লেখ কৰিছে যে অসমৰ সামাজিক তথা সংবাদ মাধ্যমত তেওঁৰ বিৰুদ্ধে ঘৃণা ভৰা আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পোৱাৰ বাবে পৰিস্থিতি অধিক অৱনতি ঘটিছে।

এই পৰিস্থিতিয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত প্ৰভাৱ পেলাব পাৰে।সেয়ে এই গোচৰটো CBI বা NIA ৰ দৰে সংস্থা বা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ অধীনত হ’ব লাগে৷

আবেদনত সুশান্ত সিং ৰাজপুত,ৰিয়া চক্ৰৱৰ্তী আৰু বিহাৰ চৰকাৰৰ প্ৰসংগও উল্লেখ কৰিছে।অৱশ্যে এই আবেদনত আঁসোৱাহ থকাৰ বাবে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ইয়াক নাকচ কৰিছিল।

লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন