জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত দাৰস্থ শ্যামকানু মহন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অন্যতম প্ৰধান অভিযুক্ত শ্যামকানু মহন্তই এইবাৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত দাৰস্থ হৈছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি বাৰে বাৰে মুখ থেকেচা খাইছে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ অন্যতম প্ৰধান অভিযুক্ত শ্যামকানু মহন্তই । যাৰ বাবে এইবাৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে শ্যামকানু মহন্ত।

প্ৰতিবেদন অনুসৰি, উচ্চ ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত শ্যামকানু মহন্তই শীৰ্ষ আদালতৰ দ্বাৰস্থ হয়। বিষয়টো এতিয়া মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে এই একেটা গোচৰৰে চাৰিজন অভিযুক্ত ক্ৰমে— সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন খাৰিজ কৰিছিল আৰু গোচৰৰ বিচাৰ চলি থকাৰ সময়তে তেওঁলোকক ন্যায়িক জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিছিল।

আন এক প্ৰাসংগিক ঘটনাৱলীত, গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰতিৰক্ষা আৰু চৰকাৰী পক্ষৰ বিতং যুক্তি শুনাৰ পিছত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত ৰাখিছিল। এই ৰায় ২৯ মে’ত প্ৰকাশ পাব বুলি আশা কৰা হৈছিল।

ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত এই শুনানি অনুষ্ঠিত হৈছিল। কাৰ্যধাৰাৰ সময়ত শ্যামকানু মহন্তৰ অধিবক্তাই জামিন মঞ্জুৰ কৰাৰ সপক্ষে যুক্তি দৰ্শাইছিল, আনহাতে এডভোকেট জেনেৰেল দেৱজিৎ লন শইকীয়াই এই আবেদনৰ বিৰোধিতা কৰি ইয়াক খাৰিজ কৰিবলৈ আদালতক অনুৰোধ জনাইছিল।

২০২৫ চনৰ ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত এই গোচৰটোৰ শুনানি বৰ্তমান বিভিন্ন ন্যায়িক মঞ্চত চলি আছে আৰু অভিযোগৰ প্ৰকৃতি তথা গুৰুত্বৰ বাবে ই অসমত ব্যাপক জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে।এই সন্দৰ্ভত পৰৱৰ্তী আইনী প্ৰক্ৰিয়ালৈ অপেক্ষা কৰা হৈছে।

লগতে পঢ়ক: কলাগুৰুৰ আদৰ্শৰে প্ৰগতিশীল অসম গঢ়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

মুকলি আকাশৰ তললৈ অহাৰ সপোন পূৰণ নহ’ল শ্যামকানুৰ

এই ঘটনাৰ অন্যতম প্ৰধান অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন খাৰিজ কৰে আদালতে

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰক লৈ গুৱাহাটীৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে ৩০ এপ্ৰিলত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে । এই ঘটনাৰ অন্যতম প্ৰধান অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন খাৰিজ কৰে আদালতে ।

জামিন আবেদনৰ ওপৰত দুদিনীয়া শুনানিৰ অন্তত আদালতে পূৰ্বে ৰায়দান সংৰক্ষিত কৰি ৰখাৰ পিছত আজি এই ৰায় প্ৰদান কৰে । বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল শ্যামকানু । আনহাতে, চৰকাৰী পক্ষই জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰি শুনানিৰ সময়ত আদালতত লিখিত আপত্তি দাখিল কৰিছিল ।

যোৱা সপ্তাহত অনুষ্ঠিত হোৱা শুনানিৰ সময়ত মহন্তৰ অধিবক্তাই জামিনৰ সপক্ষে যুক্তি আগবঢ়াইছিল । গোচৰটোৰ সংবেদনশীলতা আৰু জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ বাবে ফাষ্ট ট্ৰেক আদালতে নিয়মিতভাৱে এই বিষয়টো গ্ৰহণ কৰি আহিছিল । উভয় পক্ষৰ শুনানিৰ অন্তত আদালতে ৰায়দান সংৰক্ষিত ৰাখিছিল আৰু ৰায় ঘোষণাৰ বাবে ৩০ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছিল ।

উল্লেখ্য য়ে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ ৰাজ্যতে ব্যাপক ক্ষোভ আৰু নিৰপেক্ষ তদন্তৰ দাবীৰ সৃষ্টি কৰিছিল । বিশেষ তদন্তকাৰী দলৰ (SIT) তদন্তৰ পাছত শ্যামকানু মহন্তকে ধৰি কেইবাজনো অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল । তেতিয়াৰ পৰাই এই গোচৰটোৱে ৰাজহুৱা চৰ্চা লাভ কৰি আহিছে ।

জামিন আৱেদন খাৰিজ হোৱাৰ ফলত মহন্তই এতিয়াও ন্যায়িক জিম্মাতে থাকিব লাগিব আৰু গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আগবাঢ়িব ।

লগতে পঢ়ক : ড্ৰেচিং ৰুমত ৰিয়ান পৰাগৰ ধুমপান! বিচিচিআই এ ল’ব নেকি এক্সন, ভাইৰেল ভিডিঅ’

“কোনো প্ৰমাণ নোহোৱাকৈ ৭ মাহে শ্যামকানুক জে’লত ভৰাই থৈছে”: অনিতা মহন্ত

জুবিন আৰু শ্যামকানু নলে-গলে লগা বন্ধু আছিল, জুবিনৰ মৃত্যুত শ্যামকানুৱে বহুত কষ্ট পাইছে। আদালতত উপস্থিত হৈ অনিতা মহন্তৰ প্ৰতিক্ৰিয়া।

বৃহস্পতিবাৰে শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিত আদালতত উপস্থিত হয় শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্ত।সাংবাদিকৰ আগত অনিতা ডেকা মহন্তই কয় যে, জুবিন গাৰ্গক শ্যামকানু মহন্তই জোৰ কৰি ছিংগাপুৰলৈ নিয়া নাছিল, তাৰ কোনো প্ৰমাণ নাই। শ্যামকানু মহন্তই জুবিন গাৰ্গক সুৰা যোগান ধৰাৰো কোনো প্ৰমাণ নাই।গোচৰটোৰ কোনো সত্য সত্যতা নাই। মানুহে যি কৈছে সেইটোৰ ওপৰতেই গুৰুত্ব দি গোচৰটো চলি আছে।ইয়াত কোনো দোষী নহয়।আমিও ন্যাৰ বাবে আশা কৰি আছো। কোনো প্ৰমাণ নোহোৱাকো ৭ মাহে জেলত থকাটো ইমান সহজ কথা নহয়।

অনিতা মহন্তই আৰু কয় যে, জুবিন গাৰ্গ শ্যামকানু মহন্তৰ নলে গলে লগা বন্ধু আছিলে। জুবিনে শ্যামকানু মহন্তৰ সপোনবোৰ প্ৰথমদিনাৰ পৰাই সমৰ্থন কৰিছিল। যি কাম কৰিছিল সদায় জুবিনৰ উপদেশ লৈ কৰিছিলো। তেওঁ সদায় আমাৰ প্ৰতিটোকামতে সমৰ্থন জনাইছিলে।শ্যামকানু মহন্ত কিমান দুখ লাগিছে ভাবক । কাৰণ তেওঁ নিজৰ এজন শুভাকাংশী হেৰুৱাইছে।

তেওঁ আৰু কয় যে, জুবিনৰ নিচিনা ইমান ডাঙৰ এটা সত্বা আমাৰ মাজৰ পৰা হেৰাই গৈছে। এটা ডাঙৰ সাংস্কৃতিক শূন্যতা হৈছে। এই শূন্যতা আমি সৃষ্টিশীলতাৰে পূৰ্ণ কৰিব লাগিছিল, হিংসা খঙেৰে নহয়।নতুন নতুন সংগীত সৃষ্টি কৰি আগবাঢ়ি যাব লাগিছিল।  

ৰাইজলৈ কাতৰ অনুৰোধ কৰি অনিতা মহন্তই কয় যে ৰাইজে হিংসা খং এৰি অসমীয়া জাতীয় জীৱনলৈ মৰম চেনেহবোৰ ঘুৰাই আনিব লাগে।   

লগতে পঢ়ক: “শ্যামকানু জে’লত থকাৰ বাবে জুবিনে বহুত কষ্ট পাইছে”; প্ৰথমবাৰলৈ মুখ খুলিলে অনিতা মহন্তই

“শ্যামকানু জে’লত থকাৰ বাবে জুবিনে বহুত কষ্ট পাইছে”; প্ৰথমবাৰলৈ মুখ খুলিলে অনিতা মহন্তই

স্বামী শ্যামকানু মহন্তৰ কাৰাবন্দীত্বত ন্যায় বিচাৰি আদালতত উপস্থিত পত্নী অনিতা মহন্ত। প্ৰথমবাৰলৈ মুখ খুলি অনিতা মহন্তৰ বিস্ফোৰক মন্তব্য

শ্যামকনু মহন্তৰ জামিন আবেদনৰ শুনানিৰ পিছত আদালতৰ পৰা ওলাই  আহি প্ৰথমবাৰলৈ মুখ খুলিলে পত্নী অনিতা মহন্তই। জুবিন গাৰ্গ হত্যাৰ সন্দৰ্ভত অনিতা মহন্তই কয় যে, “মোৰ মানুহজন নিৰপৰাধী।নিৰপৰাধী লোকজন জে’লত সোমাই আছে।তেওঁৰ সৈতে অন্যায় হৈছে।”

তেওঁ লগতে কয় যে, “ছিংগাপুৰৰ দৰে কঠোৰ আইন থকা এখন দেশত এই ঘটনাতো দূৰ্ঘটনা বুলি কৈছে। কিন্তু ইয়াৰ পিছতো অসমত হত্যা বুলি কৈ শ্যামকানুক জে’লত ভৰাই ৰাখিছে। শ্যামকানুক জেলত ভৰাই থোৱা বাবে জুবিনৰ আত্মাই বহুত কষ্ট পাব। ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছো আমিও যাতে ন্যায় পাও। জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো আমাৰ অৱহেলা হ’ব পাৰে। শ্যামকানুক জুবিনে বহুত ভালপাইছিলে। যাৰ বাবে জুবিনে শ্যামকানুয়ে আত্মহত্যা কৰিব বুলি ভয় কৰিছিলে।”

অনিতা মহন্তই লগতে কয় যে, “জুবিনক জোৰ কৰি কোনেও একো কাম কৰাব নোৱাৰে। জুবিনে নিজে যিটো ভাবে সেইটোৱেই কৰে। জুবিনে তাত গৈ ফুৰিবলৈ যোৱাৰ যি পৰিকল্পনা কৰিছিল সেই কথা আমি গম পোৱা নাছিলো।য়ট পাৰ্টীৰ কথা শ্যামকানু মহন্তই নাজানিছিল।ঘটনাৰ সময়ত তেওঁ ৫০ কিলোমিটাৰ দূৰত্বত এখন মিটিঙত ব্যস্ত আছিল।মই নিজেও চিংগাপুৰত সেই অনুষ্ঠানৰ বাবে উপস্থিত আছিলো।”

লগতে পঢ়ক: আগন্তুক ২-৩ দিনত বতৰে ল’ব কালৰূপ, প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী

অধিবক্তা বিচাৰি শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ হাবাথুৰী…

অধিবক্তা বিচাৰি এতিয়া হাহাকাৰ কৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। মানৱীয়তাৰ খাতিৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জনাইছে আহ্বান।

জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত অভিযুক্ত স্বামী শ্যামকানু মহন্তৰ বাবে অধিবক্তা বিচাৰি হাবাথুৰি খাইছে পত্নী অনিতা ডেকা মহন্তই। হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ কাষ চাপিছে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তৰ।

উকীল সন্থাৰো কাষ চাপিছে শ্যামকানুৰ পত্নীৰ। অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি মানৱীয়তাৰ খাতিৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জনাইছে আহ্বান।

দৰাচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ৰাজ্যৰ উকীল সন্থাই ৭ অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল। যাৰ বাবে এতিয়া উকীল সন্থাৰ কাষ চাপিছে শ্যামকানুৰ পত্নী।  

উল্লখ্য যে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত ইতিমধ্যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্রভা, শেখৰজ্যোতিৰ বিৰুদ্ধে  BNSSৰ ১০৩ ধাৰা আৰোপ কৰা হয়।

লগতে পঢ়ক: কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? SIT ৰ ৪ টা বাকচত আছে ৰহস্যজনক তথ্য  

অৱশেষত চি আই ডিৰ ৰোষত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত

চি আই ডিৰ ৰোষত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত

-অৱশেষত চি আই ডিৰ ৰোষত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত

-লকআপত থকা স্বামীক লগ কৰিবলৈ আহি চি আই ডিৰ ৰোষত অনিতা

-অনিতা ডেকা মহন্তক জেৰা চলাইছে SIT-এ

-প্ৰথমবাৰৰ বাবে এছ আই টিৰ জেৰাৰ সন্মুখীন অনিতা ডেকা মহন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত স্বামীৰ সৈতে ছিংগাপুৰত আছিল অনিতা

-অনিতা ডেকা মহন্তক জেৰা নকৰাকলৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ

-১ অক্টোবৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্যামকানুক

-স্বামীক সাক্ষাৎ কৰি ওলাই অহাৰ পথত এছ আই টিৰ দলে তলব কৰিলে অনিতাক

-শ্যামকানুৰ অর্থনৈতিক অপৰাধৰ গোচৰত নাম সন্নিৱিষ্ট অনিতা ডেকাৰ

লগতে পঢ়ক : মেডিকেল শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

‘ৰুগ্ন স্বাস্থ্যৰ বাবেহে জুবিনৰ মৃত্যু হৈছিল’; শ্যামকানু মহন্তৰ লেখ আৱেদনত বিস্ফোৰক তথ্য

শ্যামকানু মহন্তৰ লেখ আৱেদনত বিস্ফোৰক তথ্য

‘ফেষ্টিভেল মহন্ত’খ্যাত শ্যামকানু মহন্তৰ তিলমানো অনুশোচনা নাই।গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই মুকলি হোৱাৰ সকলো ব্যৱস্থা কৰি উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰা সকাহ বিচাৰি ৩০ছেপ্টেম্বৰতে লেখ আবেদন দাখিল কৰিছিল শ্যামকানুৱে। শ্যামকানুৰ এই আৱেদনখন মালয়েছিয়াৰ পৰা আৱেদন কৰা হৈছিল।

১৭৪ পৃষ্ঠাজোৰা এই লেখ আবেদনত জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্ত অসম আৰক্ষীৰ পৰা হস্তান্তৰৰ অনুৰোধ জনাইছে শ্যামকানুৱে। অসম আৰক্ষীৰ পৰা CBIলৈ গোচৰ হস্তান্তৰৰ আবেদন কৰিছে শ্যামকানু মহন্তই।

অধিবক্তা ৰাজকমলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই লেখ আবেদনত শ্যামকানুক কিয় ৰেহাই দিব লাগে তাৰ বহুকেইটা দিশ তন্ন তন্নকৈ উল্লেখ কৰিছে।

এই দিশসমূহৰ ভিতৰত শ্যামকানুৱে এই সমগ্ৰ ঘটনাৰ বাবে অসমৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমলৈ দোষ ঠেলিছে।

তেওঁ উল্লেখ কৰিছে যে অসমৰ সামাজিক তথা সংবাদ মাধ্যমত তেওঁৰ বিৰুদ্ধে ঘৃণা ভৰা আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পোৱাৰ বাবে পৰিস্থিতি অধিক অৱনতি ঘটিছে।

এই পৰিস্থিতিয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত প্ৰভাৱ পেলাব পাৰে।সেয়ে এই গোচৰটো CBI বা NIA ৰ দৰে সংস্থা বা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ অধীনত হ’ব লাগে৷

আবেদনত সুশান্ত সিং ৰাজপুত,ৰিয়া চক্ৰৱৰ্তী আৰু বিহাৰ চৰকাৰৰ প্ৰসংগও উল্লেখ কৰিছে।অৱশ্যে এই আবেদনত আঁসোৱাহ থকাৰ বাবে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ইয়াক নাকচ কৰিছিল।

লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন

হঠাৎ নোহোৱা হ’ল শ্যামকানু মহন্তৰ ফেচবুক পেজ; আজিয়েই হ’ব পাৰে গ্ৰেপ্তাৰ

হঠাৎ নোহোৱা হ’ল শ্যামকানু মহন্তৰ ফেচবুক পেজ

হঠাৎ নোহোৱা হ’ল শ্যামকানু মহন্তৰ ফেচবুক পেজ । সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা শ্যামকানুৰ ফেচবুক একাউন্ট আজি হঠাতে নোহোৱা হয় । সোমবাৰৰ দিনটোতো এই একাউন্টযোগে এক বিশেষ পোষ্ট কৰিছিল শ্যামকানুৱে । ‘শ্ৰদ্ধাৰ ৰাইজ ‘ বুলি সম্বোধ কৰি শীঘ্ৰেই আহি আছে বুলি ফেচবুকত লিখিছিল শ্যামকানুৱে ।

অসমীযাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছৰে পৰা ঘটনাৰে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তই আত্মগোপন কৰি আছে । সোমবাৰে দিয়া পোষ্টৰ পূৰ্বে ফেচবুক লাইভ আহি শ্যামকানুৱে গাইছিল নিজৰ চাফাই । ইফালে এছ আই টিয়ে শ্যামকানুৰ গীতানগৰস্থিত বাসগৃহত চলাইছে অভিযান । মুখ্যমন্ত্ৰীয়েও ৬ অক্টোবৰৰ ভিতৰত চি আই ডিৰ আগত হাজিৰ হোৱাৰ বাবে দিছিল হুংকাৰ । মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পিছতে সোমবাৰে নিশা সোনকালেই আহি আছে বুলি পোষ্ট দিয়া শ্যামকানুৰ ফেচবুক একাউন্ট আজি হঠাতে নোহোৱা হৈ পৰে ।

উল্লেখ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰচণ্ড ক্ষোভ । ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেল নামৰ এক অনুষ্ঠানলৈ এই শ্যামকানু মহন্তই লৈ গৈছিল জুবিন গাৰ্গক । এই অনুষ্ঠানত গৈ ৰহস্যজনক মৃত্যুক সাৱটি লয় আদৰৰ শিল্পী জুবিন গাৰ্গে । ইয়াৰ পিছতে শ্যামকানুৰ বিৰুদ্ধে সৃষ্টি হৈছে ক্ষোভৰ ।

লগতে পঢ়ক : আত্মসমৰ্পণৰ বাবে সাজু শ্যামকানু মহন্ত; সামাজিক মাধ্যমত দিলে পোষ্ট

‘মই নিৰ্দোষী, মোক ন্যায় লাগে…’; মুখ খুলিছে শ্যামকানু মহন্তই

মুখ খুলিছে শ্যামকানু মহন্তই

 অৱশেষত মুখ খুলিছে শ্যামকানু মহন্ত।গোপন স্থানৰ পৰা ফেচবুকত এটা ভিডিঅ’ৰ জৰিয়তে নিজকে নিৰ্দোষী সজালে শ্যামকানু মহন্তই।

ভিডিঅ’টোত তেওঁ কৈছে যে, জুবিনৰ শেষকৃত্যৰ সময়ত থাকিবলৈ নাপাই অত্যন্ত দুখ অনুভৱ কৰিছো। মই আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল।

কিন্তু মোক মাৰিম কাটিম বুলি হাজাৰ হাজাৰ ভাবুকি ভৰা মেছেজ আহিছে। তেনে প্ৰেক্ষাপটত যাব নোৱাৰিলো। আচলতে জুবিনৰ লগত দুৰ্ঘটনাটো হোৱাৰ সময়ত মই সেই স্থানত নাছিলো।

উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটোত জুবিন গাৰ্গক মতাটো পাপ নহয়।জুবিনে নিজেই এই অনুষ্ঠানক আগুৱাই লৈ যাব বিচাৰিছিলে।

জুবিনৰ মৃত্যুত মোক উদ্দেশ্যপ্ৰণোদিত ভাৱে দোষী সজোৱা হৈছে, কিন্তু মই নিৰ্দোষী। মই আদালতৰ কাষলৈ যাম।

সংবাদ মাধ্যম আৰু অসমৰ জনতালৈ দোষ ঠেলি তেওঁ আৰু কয় যে,অসমৰ জনতা আৰু সংবাদ মাধ্যমে TRP ৰ বাবে অপপ্ৰচাৰ চলাইছে।মই ন্যায়ালয়ৰ পৰা সুৰক্ষা বিচাৰিছো।

প্ৰথমটো প্ৰতিক্ৰিয়াত কোনো অনুশোচনা নাই নিলাজ শ্যামকানুৰ। তাৰ সলনি জুবিনক হে দোষাৰোপ কৰিলে শ্যামকানুয়ে।   

লগতে পঢ়ক: সিদ্ধাৰ্থ শৰ্মাৰ এপাৰ্টমেন্টত সন্মুখত উত্তপ্ত পৰিস্থিতি; বাসগৃহত প্ৰৱেশৰ চেষ্টা জুবিন অনুৰাগীৰ