আত্মসমৰ্পণৰ বাবে সাজু শ্যামকানু মহন্ত
আত্মসমৰ্পণৰ বাবে সাজু চি আই ডিয়ে বিচাৰি ফুৰা শ্যামকানু মহন্ত । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তই কিছু সময় পূৰ্বে সামাজিক মাধ্যমত দিছে এক বিশেষ পোষ্ট । জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা অজ্ঞাত স্থানত আত্মগোপন কৰি থকা শ্যামকানুৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে অসমবাসী । আনহাতে তদন্তৰ বাবেও অভিযুক্ত শ্যামকানুৰ সন্ধানত আছে অসম আৰক্ষী তথা চি আই ডি । ইয়াৰ মাজতে ফেচবুকযোগে শ্যামকানু মহন্তই ‘আহি আছো’ বুলি এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ।

‘শ্ৰদ্ধাৰ ৰাইজ’ বুলি সম্বোধন কৰি ফেচবুকত শ্যামকানুৱে লিখিছে “শ্ৰদ্ধাৰ ৰাইজ । মই আহি আছো সোনকাল, ইতিমধ্যে পুলিচক জনাইছোঁ । চৰকাৰ, প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম । মোৰ লুকুৱাবলৈ একো নাই । এছ আই টিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম । অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্ন তন্নকৈ সকলো দিশ, সকলো কথা অনুসন্ধান হওক, ৰাইজৰ হিয়াৰ আমঠু অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি ভালদৰে ওলাই পৰক তাকে কামনা কৰিম ।“ ইফালে এই ফেচবুক পোষ্টত শ্যামকানুৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বিভিন্নজনে ।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ঘটনাত নাম সাঙোৰ খোৱা শ্যামকানুৱে আত্মগোপন কৰি আছে । ইতিমধ্যে শ্যানকানু মহন্তৰ বাসগৃহত অভিযান চলাইছে এছ আই টিয়ে । ইফালে ৬ অক্টোবৰৰ ভিতৰত এছ আই টিৰ আগত হাজিৰ হবলৈয়ো নিৰ্দেশ দিয়া হৈছে শ্যামকানু মহন্তক ।
লগতে পঢ়ক : ‘ছিংগাপুৰত য়টত থকা সকলোৱে দোষী’; আদ্যশ্ৰাদ্ধৰ দিনা গৰিমা শইকীয়া গাৰ্গৰ বিস্ফোৰক মন্তব্য









