মেডিকেল শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
মেডিকেল কলেজত শিক্ষাৰ্থী নামভৰ্তিক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ বাহিৰত কাম কৰা ব্যক্তিৰ ৩ টা প্ৰজন্ম অসমৰ বাসিন্দা হ’লে তেওঁলোকৰ সন্তানে অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব।
কেৱল তিনিটা প্ৰজন্ম অসমৰ হ’ব লাগিব।ইয়াৰ লগতে অৰুণাচলত থকা মৰাণ জনগোষ্ঠীৰ লোকসকলেও অসমত মেডিকেল পঢ়িব পাৰিব। অৱশ্যে অসমত থকা মৰাণসকলৰ সমানেই মৰ্যাদা পাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
লগতে পঢ়ক: Drishti IAS এ UPSC ৰ ছাত্ৰ-ছাত্ৰী বাছনিৰ বাবে দিছিল ভুৱা বিজ্ঞাপন; ৫ লাখ টকাৰ জৰিমনা









