শ্যামকানু

‘মই নিৰ্দোষী, মোক ন্যায় লাগে…’; মুখ খুলিছে শ্যামকানু মহন্তই

মুখ খুলিছে শ্যামকানু মহন্তই অৱশেষত মুখ খুলিছে শ্যামকানু মহন্ত।গোপন স্থানৰ পৰা ফেচবুকত এটা ভিডিঅ’ৰ জৰিয়তে নিজকে নিৰ্দোষী সজালে শ্যামকানু মহন্তই। ভিডিঅ’টোত তেওঁ কৈছে যে, জুবিনৰ শেষকৃত্যৰ সময়ত থাকিবলৈ নাপাই অত্যন্ত দুখ অনুভৱ কৰিছো। মই আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল। কিন্তু মোক মাৰিম কাটিম বুলি হাজাৰ

মুখ খুলিছে শ্যামকানু মহন্তই

 অৱশেষত মুখ খুলিছে শ্যামকানু মহন্ত।গোপন স্থানৰ পৰা ফেচবুকত এটা ভিডিঅ’ৰ জৰিয়তে নিজকে নিৰ্দোষী সজালে শ্যামকানু মহন্তই।

ভিডিঅ’টোত তেওঁ কৈছে যে, জুবিনৰ শেষকৃত্যৰ সময়ত থাকিবলৈ নাপাই অত্যন্ত দুখ অনুভৱ কৰিছো। মই আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল।

কিন্তু মোক মাৰিম কাটিম বুলি হাজাৰ হাজাৰ ভাবুকি ভৰা মেছেজ আহিছে। তেনে প্ৰেক্ষাপটত যাব নোৱাৰিলো। আচলতে জুবিনৰ লগত দুৰ্ঘটনাটো হোৱাৰ সময়ত মই সেই স্থানত নাছিলো।

উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটোত জুবিন গাৰ্গক মতাটো পাপ নহয়।জুবিনে নিজেই এই অনুষ্ঠানক আগুৱাই লৈ যাব বিচাৰিছিলে।

জুবিনৰ মৃত্যুত মোক উদ্দেশ্যপ্ৰণোদিত ভাৱে দোষী সজোৱা হৈছে, কিন্তু মই নিৰ্দোষী। মই আদালতৰ কাষলৈ যাম।

সংবাদ মাধ্যম আৰু অসমৰ জনতালৈ দোষ ঠেলি তেওঁ আৰু কয় যে,অসমৰ জনতা আৰু সংবাদ মাধ্যমে TRP ৰ বাবে অপপ্ৰচাৰ চলাইছে।মই ন্যায়ালয়ৰ পৰা সুৰক্ষা বিচাৰিছো।

প্ৰথমটো প্ৰতিক্ৰিয়াত কোনো অনুশোচনা নাই নিলাজ শ্যামকানুৰ। তাৰ সলনি জুবিনক হে দোষাৰোপ কৰিলে শ্যামকানুয়ে।   

লগতে পঢ়ক: সিদ্ধাৰ্থ শৰ্মাৰ এপাৰ্টমেন্টত সন্মুখত উত্তপ্ত পৰিস্থিতি; বাসগৃহত প্ৰৱেশৰ চেষ্টা জুবিন অনুৰাগীৰ