অধিবক্তা বিচাৰি শ্যামকানু মহন্ত পত্নী অনিতা ডেকা মহন্তৰ হাবাথুৰী...

অধিবক্তা বিচাৰি শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ হাবাথুৰী…

অধিবক্তা বিচাৰি এতিয়া হাহাকাৰ কৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। মানৱীয়তাৰ খাতিৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জনাইছে আহ্বান। জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত অভিযুক্ত স্বামী শ্যামকানু মহন্তৰ বাবে অধিবক্তা বিচাৰি হাবাথুৰি খাইছে পত্নী অনিতা ডেকা মহন্তই। হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ কাষ চাপিছে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তৰ।

অধিবক্তা বিচাৰি এতিয়া হাহাকাৰ কৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। মানৱীয়তাৰ খাতিৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জনাইছে আহ্বান।

জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত অভিযুক্ত স্বামী শ্যামকানু মহন্তৰ বাবে অধিবক্তা বিচাৰি হাবাথুৰি খাইছে পত্নী অনিতা ডেকা মহন্তই। হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ কাষ চাপিছে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তৰ।

উকীল সন্থাৰো কাষ চাপিছে শ্যামকানুৰ পত্নীৰ। অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি মানৱীয়তাৰ খাতিৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জনাইছে আহ্বান।

দৰাচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ৰাজ্যৰ উকীল সন্থাই ৭ অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল। যাৰ বাবে এতিয়া উকীল সন্থাৰ কাষ চাপিছে শ্যামকানুৰ পত্নী।  

উল্লখ্য যে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত ইতিমধ্যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্রভা, শেখৰজ্যোতিৰ বিৰুদ্ধে  BNSSৰ ১০৩ ধাৰা আৰোপ কৰা হয়।

লগতে পঢ়ক: কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? SIT ৰ ৪ টা বাকচত আছে ৰহস্যজনক তথ্য