বিগত এসপ্তাহৰ ভিতৰত চীনত আঘাত হনা এইটো দ্বিতীয়টো ডাঙৰ টাইফুন
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ! পূব চীনৰ ঝেজিয়াং প্ৰদেশৰ উপকূলীয় অঞ্চলত চলিত বৰ্ষৰ নৱমটো শক্তিপালী সামুদ্ৰিক ধুমুহা টাইফুন বাভীয়ে তাণ্ডৱ চলাইছে । শনিবাৰে নিশা প্ৰায় ১১:২০ বজাত ধুমুহাই স্থলভাগত অৱতৰণ কৰাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে । ঝেজিয়াং প্ৰাদেশিক বতৰ বিজ্ঞান পৰ্যৱেক্ষণাগাৰৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান ঝিনহুয়াই এই জৰুৰী খবৰ প্ৰকাশ কৰিছে ।
বিগত এসপ্তাহৰ ভিতৰত চীনত আঘাত হনা এইটো দ্বিতীয়টো ডাঙৰ টাইফুন । ইয়াৰ পূৰ্বে যোৱা সপ্তাহত ক্ৰান্তীয় ধুমুহা ‘মায়ছাক’-এ দক্ষিণ চীনত বিস্তৰ ক্ষতিসাধন কৰিছিল ।
১৭ লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ
টাইফুন বাভিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চীনা কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে । পূব চীনৰ আশংকাজনক অঞ্চলসমূহৰ পৰা ইতিমধ্যে ১৭ লাখতকেয় অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ধুমুহাটোৰ কেন্দ্ৰবিন্দুৰ ওচৰত বতাহৰ সৰ্বাধিক গতিবেগ আছিল ঘণ্টাত ১৪৪ কিলোমিটাৰ (৮৯ মাইল) ।
বিমান আৰু ৰেল সেৱা ব্যাহত
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । শ শ বিমান যাত্ৰা বাতিল কৰা হৈছে । হাই-স্পীড ৰেল সেৱা যথেষ্ট পৰিমাণে হ্ৰাস কৰা হৈছে । কেইবাখনো প্ৰদেশৰ শিক্ষানুষ্ঠান আৰু ফেৰী সেৱা সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে ।
বাভীৰ গতিপথ আৰু বৰ্তমানৰ স্থিতি
ঝেজিয়াঙৰ উপকূলত অৱতৰণ কৰাৰ পিছত এই ধুমুহা উত্তৰ-পশ্চিম দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে । যদিও ই লাহে লাহে দুৰ্বল হৈ পৰিব বুলি আশা কৰা হৈছে, তথাপিও ইয়াৰ বৰষুণৰ বলয়ত থকা প্ৰচুৰ পৰিমাণৰ জলীয় বাষ্পৰ বাবে বানপানী আৰু ভূমিস্খলনৰ তীব্ৰ আশংকা কৰা হৈছে । চীনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাই ইতিমধ্যে দ্বিতীয় সৰ্বোচ্চ স্তৰৰ ‘অৰেঞ্জ টাইফুন এলাৰ্ট’ জাৰি কৰিছে ।
ফুজিয়ান প্ৰদেশৰ নিংদে চহৰৰ উচ্চ বিপদাশংকা থকা উপকূলীয় অঞ্চলৰ পৰা ৩,৭০০ তকৈও অধিক লোকক আঁতৰাই নিয়া হৈছে । লগতে ১৭,০০০ তকৈও অধিক জৰুৰীকালীন উদ্ধাৰকাৰী কৰ্মীক সাজু কৰি ৰখা হৈছে ।
ফিলিপাইনছ আৰু টাইৱানতো হাহাকাৰ
কেৱল চীনেই নহয়, বাভিৰ প্ৰভাৱত সমগ্ৰ এছিয়া মহাদেশৰে কেইবাখনো দেশ জোকাৰি গৈছে । ফিলিপাইনছত ধুমুহাৰ ফলত সক্ৰিয় হৈ পৰা দক্ষিণ-পশ্চিম মৌচুমী বায়ু আৰু বাভীৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ভূমিস্খলন ঘটি অন্ততঃ ১৭ জন লোকৰ মৃত্যু হৈছে । এই ধুমুহাই জাপানৰ দক্ষিণৰ দ্বীপপুঞ্জ আৰু টাইৱানতো তীব্ৰ বতাহ-বৰষুণৰ সৃষ্টি কৰিছে, যাৰ ফলত এশতকৈও অধিক লোক আহত হৈছে ।
বতৰ বিজ্ঞানীসকলৰ মতে, গোলকীয় উষ্ণতা বৃদ্ধি আৰু সাগৰৰ পানী গৰম হোৱাৰ বাবেই এইদৰে এটাৰ পিছত আনটোকৈ শক্তিশালী সামুদ্ৰিক ধুমুহাই সংহাৰী ৰূপ ধাৰণ কৰিবলৈ লৈছে ।
লগতে পঢ়ক : ভয়াৱহ বনজুইত হাহাকাৰ পৰিস্থিতি, ১১ জনৰ মৃত্যু, সন্ধানহীন ১৯









