ছিংগাপুৰ চৰকাৰে বিভিন্ন ছচিয়েল মিডিয়া ছাইটক তাত থকা ভাৰতীয় সমূদায়ক লক্ষ্য কৰি লোৱা সকলো আপত্তিজনক সমল ব্লক কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে
ছিংগাপুৰত থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ সামাজিক সংহতি আৰু সম্প্ৰীতি নষ্ট কৰিবলৈ চলোৱা এক ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে দেশখনৰ চৰকাৰে । ভাৰতত থকা ছিংগাপুৰৰ উচ্চায়ুক্তই শনিবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে ছিংগাপুৰ চৰকাৰে বিভিন্ন ছচিয়েল মিডিয়া ছাইটক তাত থকা ভাৰতীয় সমূদায়ক লক্ষ্য কৰি লোৱা সকলো আপত্তিজনক সমল (content) ব্লক কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে । এই উচটনিমূলক পোষ্ট আৰু সমলসমূহ সম্ভৱতঃ চীনৰ পৰা সৃষ্টি হৈছিল বুলি উচ্চায়ুক্তই উল্লেখ কৰে ।
ছিংগাপুৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, দেশখনৰ ‘অনলাইন ক্ৰিমিনেল হাৰ্মছ এক্ট ২০২৩’-ৰ অধীনত ছিংগাপুৰ আৰক্ষীয়ে ইউটিউব, ফেচবুক আৰু এক্স প্লেটফৰ্মলৈ ‘ডিজেবলিং ডাইৰেকচন’ জাৰি কৰিছে । এই নিৰ্দেশনাৰ জৰিয়তে ছিংগাপুৰৰ ব্যৱহাৰকাৰীসকলে যাতে এনে বিদ্বেষমূলক পোষ্টসমূহ চাব নোৱাৰে, তাৰ বাবে তৎকালীনভাৱে সকলো প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ ছচিয়েল মিডিয়া কোম্পানীসমূহক কোৱা হৈছে ।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, যোৱা মাহত চীনৰ অনলাইন তথ্য ক্ষেত্ৰত ছিংগাপুৰৰ সাংস্কৃতিক পৰিচয় আৰু জনগোষ্ঠীয় ৰাজনীতিক লৈ এক উচটনিমূলক ধাৰণা প্ৰচাৰ কৰা হৈছিল । ইয়াৰ ঠিক পিছতে ছচিয়েল মিডিয়াত ছিংগাপুৰৰ বহুসংস্কৃতিবাদৰ আৰ্হিটোক আঘাত কৰা বহু পোষ্ট ভাইৰেল হৈ পৰে, য’ত ছিংগাপুৰক “ভাৰতীয়সকলে গ্ৰাস কৰি পেলাইছে” বুলি ভিত্তিহীন প্ৰচাৰ চলোৱা হৈছিল ।
প্ৰচাৰিত পোষ্টসমূহত দাবী কৰা হৈছিল যে ছিংগাপুৰৰ বহুজাতীয় নীতি কেৱল পশ্চিমীয়া দেশক দেখুৱাবলৈ কৰা এক প্ৰদৰ্শনহে আৰু দেশখনৰ স্থিৰতাৰ আচল কাৰণ বহুজাতীয় নীতি নহয়, বৰঞ্চ ইয়াৰ সংখ্যাগৰিষ্ঠ চীনা জনসংখ্যাহে । ইয়াৰ উপৰিও, ছিংগাপুৰত বৃদ্ধি পোৱা ভাৰতীয় মূলৰ ৰাজনীতিবিদসকলে কেৱল ভাৰতীয় প্ৰব্ৰজনকাৰীৰ স্বাৰ্থত কাম কৰিব বুলিও বিষবাষ্প বিয়পোৱা হৈছিল ।
এই সন্দৰ্ভত ছিংগাপুৰ চৰকাৰে স্পষ্ট কৰি দিছে যে তেওঁলোকে স্থানীয়তাবাদ আৰু বিদেশী-বিদ্বেষৰ তীব্ৰ বিৰোধিতা কৰে । এটা সমূদায়ক আন এটা সমূদায়ৰ বিৰুদ্ধে থিয় কৰোৱাৰ যিকোনো প্ৰচেষ্টাক দেশখনে কেতিয়াও সহ্য নকৰে ।
বিদেশী উৎসৰ পৰা অহা এনে আক্ৰমণক “দুগুণে অগ্ৰহণযোগ্য” আখ্যা দি ছিংগাপুৰ চৰকাৰে কয় যে তেওঁলোকে সামাজিক সংহতি আৰু বৰ্ণগত সম্প্ৰীতিৰ প্ৰতি অহা ভাবুকিক অতি গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব । ইয়াৰ লগতে, চৰকাৰে ছিংগাপুৰৰ নাগৰিকসকলক অনলাইনত কোনো তথ্য গ্ৰহণ বা প্ৰচাৰ কৰোঁতে সচেতন হ’বলৈ আৰু সমাজক বিভাজিত কৰিব বিচৰা এনে সকলো অপপ্ৰচাৰ প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ সন্মানৰে বিভূষিত ভাৰতীয় সেনাৰ মেজৰ অভিলাষা বাৰাক









