কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সোণম বাংচুকে । ৰাজপথৰ পৰা পোনে পোনে এয়া গণতন্ত্ৰৰ প্ৰত্যক্ষ জয় বুলি কয় তেওঁ ।
নীট প্ৰশ্নকাকত ফাদিলক লৈ চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতে শনিবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰে । এই পদত্যাগৰ পিছতে বিশিষ্ট সমাজকৰ্মী সোণম ৱাংচুকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া গণতন্ত্ৰৰ জয় বুলি উল্লেখ কৰিছে ।
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ ঘটনাক ভাৰতত প্ৰত্যক্ষ নাগৰিক পদক্ষেপৰ এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে বাংচুকে । সামাজিক মাধ্যম X-ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৱাংচুকে কয়, “এয়া ৰাজপথৰ পৰা লাভ কৰা প্ৰত্যক্ষ গণতন্ত্ৰৰ জয় । CJP আৰু দেশৰ ‘জেন জি’ (Gen Z) ক অভিনন্দন ।” চৰকাৰক জবাবদিহি কৰাৰ পাছত এতিয়া ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰণালীবদ্ধ সংস্কাৰ সাধন কৰাই মূল লক্ষ্য হ’ব লাগে বুলিও তেওঁ উল্লেখ কৰে ।
ইফালে, প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত এয়া কোনো কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰথম পদত্যাগ বুলি দাবী কৰি CJP নেতা অভিজিৎ দীপকে কয় যে জয় নিশ্চিত হৈছে যদিও আন্দোলন শেষ হোৱা নাই । মৃত শিক্ষাৰ্থীৰ পৰিয়াললৈ ১ কোটি টকাৰ ক্ষতিপূৰণ আৰু প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰা দিল্লী আৰক্ষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰালৈকে যন্তৰ-মন্তৰত এই আন্দোলন অব্যাহত থাকিব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে ।
উল্লেখ্য যে, NEET-UG পৰীক্ষাৰ অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি উত্তাল হৈ পৰা দেশৰ পৰিস্থিতিৰ মাজতে অৱশেষত পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । কেইবাসপ্তাহো জুৰি চলা দেশজোৰা প্ৰতিবাদ আৰু সোণম বাংচুকৰ ২৬ দিনীয়া সুদীৰ্ঘ অনশনৰ পাছত প্ৰধানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে । পৰীক্ষাৰ অনিয়মক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সুযোগ যাতে কোনো “ৰাষ্ট্ৰবিৰোধী শক্তিয়ে” ল’ব নোৱাৰে, তাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি প্ৰধানে উল্লেখ কৰে ।
লগতে পঢ়ক : ‘মই দেশৰ যুৱ প্ৰজন্মক গভীৰ সন্মান জনাওঁ’; শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ









