মণিপুৰৰ চুৰাচান্দপুৰত তীব্ৰ হিংসাত্মক প্ৰতিবাদ

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ বাহনৰ খুন্দাত দুজন অসামৰিক লোক আহত হোৱাৰ পিছতে তীব্ৰ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয়

বুধবাৰে সন্ধিয়া মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ বাহনৰ খুন্দাত দুজন অসামৰিক লোক আহত হোৱাৰ পিছতে তীব্ৰ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয় । এই ঘটনা সন্ধিয়া প্ৰায় ৬.৩০ বজাত তুইবং অঞ্চলত সংঘটিত হয় ।

অভিযোগ অনুসৰি নিৰাপত্তা বাহিনীৰ এখন বাহনে এখন দুচকীয়া বাহনত থকা দুজন ব্যক্তিক খুন্দা মাৰে । আহতসকলক লগে লগে ওচৰৰে এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয় বুলি এজন বিষয়াই জনায় ।

বিষয়াসকলৰ মতে, প্ৰত্যক্ষদৰ্শীয়সকলে দাবী কৰিছে যে দুৰ্ঘটনাটোৰ পিছত নিৰাপত্তা বাহিনীৰ বাহনখন ৰৈ নিদিয়াৰ বাবে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে । ইয়াৰ কিছু সময়ৰ পিছতে একাংশ উত্তেজিত লোকে অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীৰ আন এখন বাহনত জুই লগাই দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত অতিৰিক্ত নিৰাপত্তাকৰ্মী মোতায়েন কৰা হয় । পৰিস্থিতি স্বাভাৱিক কৰিবলৈ আৰু জনতাক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : নতুনকৈ হোৱা নাই কোনো হিংসাত্মক ঘটনা, পশ্চিম গাৰো পাহাৰত দুদিনৰ বাবে বৃদ্ধি সান্ধ্য আইন

চৰকাৰ বিৰোধী প্ৰতিবাদত জ্বলিছে ইৰাণ… হিংসাত্মক ঘটনাত ৫৩৮ জনৰ মৃত্যু

চৰকাৰ বিৰোধী প্ৰতিবাদে ক্ৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইৰাণত । দেশখনত হিংসাত্মক প্ৰতিবাদত নিহতৰ সংখ্যা পাঁচশ অতিক্ৰম কৰিছে ।

ইৰাণত শাসন ব্যৱস্থাৰ বিৰুদ্ধে দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে ধাৰাবাহিকভাৱে উত্তেজনা বৃদ্ধি পাইছে । প্ৰায় দুসপ্তাহ ধৰি চলি থকা দেশজোৰা প্ৰতিবাদৰ সময়ছোৱাত হিংসা আৰু দমনৰ ফলত এতিয়ালৈকে ৫৩৮ জন লোকৰ প্ৰাণহানি হৈছে । ইণ্টাৰনেট আৰু ফোন সেৱা বন্ধ হোৱাৰ ফলত পৰিস্থিতিৰ স্বতন্ত্ৰ পৰীক্ষণত অসুবিধাৰ সৃষ্টি হৈছে ।

প্ৰকাশিত বাতৰি অনুসৰি প্ৰতিবাদৰ সৈতে জড়িত হিংসাত্মক ঘটনাত এতিয়ালৈকে ৫৩৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১০,৬৭০ জন লোকক আটক কৰি ৰখা হৈছে । ইৰাণত ইণ্টাৰনেট আৰু ফোন সেৱা বন্ধ হোৱাৰ বাবে বাহিৰৰ পৰা প্ৰতিবাদৰ পৰিস্থিতিৰ মূল্যায়ন কৰাটো কঠিন হৈ পৰিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সীৰ তথ্য অনুসৰি প্ৰতিবাদত মৃত্যু হোৱা লোকৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে । সংস্থাটোৱে জনোৱা মতে, নিহতসকলৰ ভিতৰত ৪৫০জনতকৈ অধিক । ইয়াত প্ৰতিবাদকাৰী আৰু ৪১জন নিৰাপত্তা বাহিনীৰ সদস্যও আছে । ইৰাণ চৰকাৰে এই প্ৰতিবাদত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰকাশ কৰা নাই ।

ইফালে ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকৰ কালিবাফে সকীয়াই দিছে যে আমেৰিকাই ইৰাণক আক্ৰমণ কৰে তেতিয়া আমেৰিকা আৰু ইজৰাইলী সৈন্যকো লক্ষ্য কৰি লোৱা হ’ব । ৰাজধানী তেহৰাণ আৰু দেশখনৰ আন আন বৃহৎ চহৰসমূহত দুসপ্তাহতকৈ অধিক সময় ধৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এই সতৰ্কবাণী দিয়া হৈছে ।

আনহাতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰতিবাদকাৰীৰ কথা কৰ্তৃপক্ষই শুনিব বুলি কৈছে যদিও প্ৰতিবাদ সমগ্ৰ ইছলামিক ৰিপাব্লিকত বিয়পি পৰিছে ।

লগতে পঢ়ক : খোমেইনীৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই… লণ্ডনলৈয়ো বিয়পিছে প্ৰতিবাদ

ইৰাণৰ ৰাজপথত খোমেইনী মূৰ্দাবাদ ধ্বনি… বহু ঠাইত হিংসাৰ সূত্ৰপাত

ইৰাণৰ গভীৰ অৰ্থনৈতিক সংকটে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে আৰু দেশখনৰ বহু অঞ্চলত ব্যাপক প্ৰতিবাদৰ সূচনা হৈছে । চতুৰ্থটো দিনত এই প্ৰতিবাদে ক্ৰমান্বয়ে ব্যাপক ৰূপ লৈছে ।

শেহতীয়ীকৈ ইৰাণ কেইবাদিনো ধৰি ব্যাপক প্ৰতিবাদৰ সাক্ষী হৈছে । চৰকাৰী নিৰ্দেশৰ বিৰুদ্ধে এই দেশখনত এই প্ৰতিবাদৰ সূত্ৰপাত ঘটিছে । চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জনসাধাৰণৰ এক বৃহৎ অংশই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বেছিভাগ ঠাইতে ব্যৱসায় বন্ধ কৰি দিয়া হৈছে ।

জানিব পৰা মতে এই প্ৰতিবাদত ইৰাণৰ নিৰাপত্তা বাহিনীৰ সদস্য নিহত হৈছে । কৰ্তৃপক্ষই হঠাতে ৰাজহুৱা বন্ধ ঘোষণা কৰাৰ ফলত ৩১খন প্ৰদেশৰ ভিতৰত ২১খন প্ৰদেশৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, চৰকাৰী কাৰ্যালয় বন্ধ হৈ পৰিছে । বিগত কেইদিনমানৰ পৰা দেশখনত গঢ় লৈ উঠা অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰকৰ বাবেই এই প্ৰতিবাদৰ সৃষ্টি হৈছে ।

সামাজিক মাধ্যমত এই প্ৰতকিবাদৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে, য’ত তেহৰাণ, শ্বিৰাজ, ইছফাহান, কেৰমানশ্বাহ, ফাছাকে ধৰি কেইবাখনো চহৰত হিংসাত্মক সংঘৰ্ষ দেখা গৈছে । প্ৰতিবাদকাৰীসকলে “এনানায়কত্ববাদ মূৰ্দাবাদ” আৰু “খোমেনেইনী মূৰ্দাবাদ” ধ্বনিৰে ৰাজপথ উত্তাল কৰি তুলিছে ।

প্ৰতিবাদৰ কাৰণ-

দেওবাৰে তেহৰাণৰ বজাৰত সৃষ্টি হয় প্ৰতিবাদ । ইৰাণৰ মুদ্ৰা ৰিয়েলৰ মূল্য নিম্নগামী হোৱাৰ ফলত মূল্যবৃদ্ধিৰ সৃষ্টি হৈছে । জীৱিকাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱা এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ প্ৰতিবাদত ব্যৱসায়ীসকল ৰাজপথলৈ ওলাই আহিছে । এই মুদ্ৰাৰ মূল্য হ্ৰাসৰ ফলত আমদানিৰ মূল্য বৃদ্ধি হোৱাৰ লগতে মুদ্ৰাস্ফীতিৰ উত্থান ঘটিছে । ইতিমধ্যে দেশখনত মুদ্ৰাস্ফীতি ৫০% অতিক্ৰম কৰিছে ।

ইফালে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো প্ৰতিবাদৰ প্ৰতিধ্বনি ঘটিছে । প্ৰতিবাদকাৰীসকলে নিবনুৱা সমস্যা, পানীৰ নাটনি, প্ৰশাসনিক বিষয়ক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

২০২২ চনৰ পিছত ব্যাপক প্ৰতিবাদৰ সম্ভাৱনা-

২০২২ চনৰ পিছত ইৰাণত প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । আৰক্ষীৰ জিম্মাত থকা যুৱতী মহিলা নেত্ৰী মাহছা আমিনীৰ মৃত্যুত প্ৰতিবাদৰ সূত্ৰপাত ঘটে । নেত্ৰীগৰাকীৰ বিৰুদ্ধে ইৰাণৰ আৰক্ষীয়ে হিজাব সঠিকভাৱে পৰিধান নকৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ-

অব্যাহত থকা প্ৰতিবাদৰ সময়ত সংঘৰ্ষৰো সৃষ্টি হৈছে । নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ । ফাৰ্চ প্ৰদেশৰ ফাছা চহৰত ৰাজ্যপালৰ কাৰ্যালয় থকা চৰকাৰী কমপ্লেক্সৰ গেট ভাঙে প্ৰতিবাদকাৰীয়ে । ঘটনা সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই ঘটনাত তিনিজন আৰক্ষী বিষয়া আহত হৈছে ।

ইৰাণৰ ব্যৱসায়ীসকলে ভয়াৱহ অৰ্থনৈতিক পৰিস্থিতিৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰ্থিক লোকচান বহন কৰিবলৈ দাবী জনাইছে । চৰকাৰৰ হৈ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে জনসাধাৰণৰ ক্ষোভৰ প্ৰতি সঁহাৰি জনাই কয় যে তেওঁলোকৰ দাবীৰ শীঘ্ৰে শুনানি গ্ৰহণ কৰা হ’ব । তেওঁলোকৰ খং ন্যায্য ।

লগতে পঢ়ক : ‘এনেকুৱা আক্ৰমণ কৰিম যে পস্তাব লাগিব…’ ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ ইৰাণৰ ৰাষ্ট্ৰপতিৰ

বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ হাওৰাত তীব্ৰ প্ৰতিবাদ, আৰক্ষী আৰু বিজেপি সমৰ্থকৰ সংঘাত

বাংলাদেশত সংঘটিত হোৱা হিংসাত্মক ঘটনা তথা ভাৰত বিৰোধী ঢৌৰ বিৰুদ্ধে ভাৰততো আৰম্ভ হৈছে প্ৰকিবাদ । বুধবাৰে হাওৰাত বাংলাদেশত হিন্দু যুৱকক হত্যাৰ ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে ।

বুধবাৰে কলকাতাত বাংলাদেশত হিন্দু যুৱকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে বিক্ষোভৰ সময়ত আৰক্ষী আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । হাওৰা দলং পোৱাৰ পূৰ্বেই আৰক্ষীয়ে বিজেপিৰ পদযাত্ৰা বন্ধ কৰি দিয়াৰ বাবে এই সংঘৰ্ষৰ সূত্ৰপাত হয় ।

হাওৰা আৰক্ষীয়ে জনোৱা মতে, “আমি কাকো প্ৰতিবাদৰ নামত স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মাবলৈ আৰু যাতায়তকাৰীক হাৰাশাস্তি কৰিবলৈ নিদিওঁ । আমি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম যাতে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয় ।”

আৰক্ষীয়ে পদযাত্ৰাট আগবাঢ়ি যোৱাত বাধা দিয়াৰ লগে লগে প্ৰতিবাদকাৰীসকলে পথত বহি বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে, যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় । বুধবাৰে পুৱা হাওৰা দলং অভিমুখে বিজেপিৰ নেতা-কৰ্মীসকলে পদযাত্ৰা কৰি আছিল যদিও দলং পোৱাৰ আগতেই আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে । অঞ্চলটো ঘেৰি ৰখাৰ লগতে যেতিয়া প্ৰতিবাদকাৰীয়ে পথত বহি শ্লোগান দিবলৈ আৰম্ভ কৰে তেতিয়া আৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে । আৰক্ষীৰ অভিযোগ যে প্ৰতিবাদকাৰীসকল আগ্ৰাসী হৈ পৰে, যাৰ ফলত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিয়াৰ ব্যৱস্থা ল’বলৈ বাধ্য হয় ।

উল্লেখ্য যে, বাংলাদেশৰ মইমনসিং জিলাৰ বালুকাত ১৮ ডিচেম্বৰত বস্ত্ৰ কাৰখানাৰ শ্ৰমিক দীপু চন্দ্ৰ দাস (২৫) নামৰ এজন হিন্দু যুৱকক প্ৰহাৰ কৰি মৃতদেহ জ্বলাই দিয়া হৈছিল । মঙলবাৰে চুবুৰীয়া দেশখনত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ প্ৰতিবাদত শতাধিক লোকে বাংলাদেশৰ উপ-উচ্চায়ুক্তলৈ সমদল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও মাজভাগতে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় আৰু কেইবাজনো লোক আহত হয় ।

লগতে পঢ়ক : ভাৰতৰ সৈতে সুসম্পৰ্কৰ ওপৰত আমাৰ সমৃদ্ধি নিৰ্ভৰ কৰে… বাংলাদেশৰ পৰিস্থিতিক লৈ ইউনুছক তীব্ৰ সমালোচনা শ্বেখ হাচিনাৰ

কাৰ্বি আংলঙৰ খেৰণিত উত্তেজনা… মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃত অগ্নিসংযোগ

সোমবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হয় উত্তেজনাময় পৰিস্থিতিৰ । একাংশ প্ৰতিবাদকাৰীয়ে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহতো অগ্নিসংযোগ কৰে ।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সোমবাৰে বিয়লি অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হয় । জিলাখনৰ ভিজিআৰ-পিজিআৰ মাটিত উচ্ছেদৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি থকা দুই এজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাৰ পিছতে সংঘটিত এই উত্তেজনাময় পৰিস্থিতি । প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ আৰু হিংসাত্মক প্ৰতিবাদ কৰাৰ পিছতে পৰিস্থিতি অধিক উত্তেজনাময় হৈ পৰে । আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাততো লিপ্ত হয় প্ৰতিবাদকাৰী ।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডনকামুকামত থকা পুৰণি বাসগৃহত প্ৰতিবাদকাৰীসকলে আৰক্ষীক শিলগুটি নিক্ষেপ কৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পিছলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ গুলীচালনাত তিনিজনকৈ প্ৰতিবাদকাৰী আহত হোৱা বুলি জানিব পৰা গৈছে, যাৰ পিছতেই এই প্ৰতিবাদ অধিক হিংসাত্মক হৈ পৰে ।

উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ বিপৰীতে প্ৰতিবাদকাৰীৰ একাংশই ডনকামুকামত থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহত শিলগুটি নিক্ষেপ কৰাৰ উপৰিও অগ্নিসংযোগ কৰে ।

ঘটনাস্থলীত অতিৰিক্ত আৰক্ষীৰ দল ততাতৈয়াকৈ উপস্থি হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰানোজ পেগুৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পশ্চিম কাৰ্বি আংলঙত ততাতৈয়াকৈ উপস্থিত হৈ পৰিস্থিতি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা নিৰীক্ষণ কৰিছে ।

লগতে পঢ়ক : বাংলাদেশ হিংসাৰ মাজতে অসমত বৃদ্ধি সতৰ্কতা… চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে- মুখ্যমন্ত্ৰী

মেক্সিকোত তীব্ৰতৰ হৈ উঠিছে জেন-জি আন্দোলন; ব্যাপক সংঘৰ্ষ-আটক

মেক্সিকোত তীব্ৰতৰ হৈ উঠিছে জেন-জি আন্দোলন

মেক্সিকো চহৰত জেন-জি আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছে । শনিবাৰে মেক্সিকো চহৰৰ ৰাজপথলৈ ওলাই আহি অপৰাধ আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ যুৱ প্ৰতিবাদকাৰীয়ে । এই সময়ছোৱাত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হয় । প্ৰতিবাদকাৰীয়ে আৰক্ষীক শিলগুটি নিক্ষেপ কৰে । লগতে আৰক্ষীৰ ঢাল আৰু অন্যান্য সামগ্ৰীও কাঢ়ি লয় প্ৰতিবাদকাৰীয়ে ।

এই জেন-জি আন্দোলনে বিৰোধী দলৰ জেষ্ঠ সমৰ্থকৰ পৰাও যথেষ্ট সমৰ্থন লাভ কৰিছে । চহৰৰ নিৰাপত্তা সচিব পাবলো ভাস্কেজে কয় যে হিংসাত্মক পৰিস্থিতিৰ সময়ত ১২০ জন লোক আহত হৈছে, ইয়াৰে ১০০ জন আৰক্ষী বিষয়া । গ্ৰেপ্তাৰ হৈছে ২০ জন লোক ।

শেহতীয়াকৈ পশ্চিমীয়া ৰাজ্য মিচ’আকানৰ এগৰাকী জনপ্ৰিয় মেয়ৰৰ হত্যাকাণ্ডকে ধৰি কেইবাটাও হাই-প্ৰফাইল হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতো মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাম জনপ্ৰিয় হৈয়েই আছে । শ্বেইনবামে সোঁপন্থী দলসমূহে জেন-জি আন্দোলনত প্ৰৱেশ কৰি মানুহক সংগঠিত কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : ঘৰলৈ মনত পৰিছে শ্বেখ হাছিনাৰ; ক’লে কেতিয়া উভতিব বাংলাদেশলৈ?

গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী, সমদল, প্ৰতিবাদ, মাৰাথন

গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী, সমদল

গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী, সমদল, প্ৰতিবাদ, মাৰাথন

-জিলা প্ৰশাসনে জাৰি কৰিছে BNSS 163 ধাৰা

-অনিৰ্দিষ্ট কাললৈ কোনেও উলিয়াব নোৱাৰিব সমদল, ৰেলী

-নিয়ম উলংঘা কৰিলেই বিহা হ’ব কঠোৰ শাস্তি

-অত্যধিক যান-জঁট নিয়ন্ত্ৰণৰ বাবেই দিয়া হৈছে নিৰ্দেশনা

-তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে BNSS 163 ধাৰা

-আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা

-মহানগৰৰ উপ-আৰক্ষী আয়ুক্ত ইমদাদ আলীৰ নিৰ্দেশনা জাৰি

-পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা

লগতে পঢ়ক : দিল্লী বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ

এ আই ভিডিঅ’ প্ৰকাশ কৰি প্ৰতিবাদকাৰীক উপহাস ডনাল্ড ট্ৰাম্পৰ

প্ৰতিবাদকাৰীক উপহাস ডনাল্ড ট্ৰাম্পৰ

আমেৰিকাত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ব্যাপক “নো কিংছ” প্ৰতিবাদত লাখ লাখ লোকে অংশগ্ৰহণ কৰিছে । ইফালে ট্ৰাম্পে প্ৰতিবাদকাৰীক উপহাস কৰি এ আইৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰিছে । ট্ৰাম্পে নিজৰ ব্যক্তিগত আৰু চৰকাৰী দুয়োটা ছ’চিয়েল মিডিয়া একাউণ্টতে এই এ আই ভিডিঅ’টো শ্বেয়াৰ কৰিছে ।

ট্ৰাম্পে শ্বেয়াৰ কৰা ক্লিপটোত তেওঁ “কিং ট্ৰাম্প” লেবেলযুক্ত যুঁজাৰু বিমান উৰুৱাই থকা দেখা গৈছে । জেটখনে টাইমছ স্কোৱাৰৰ ওপৰেৰে উৰি গৈছে আৰু তলৰ প্ৰতিবাদকাৰীৰ ওপৰত তৰল “স্লাইম” পেলাই দিয়া দেখা গৈছে । ভিডিঅ’টোত কেনি লগিন্সৰ “ডেঞ্জাৰ জ’ন” গীতটোও বেকগ্ৰাউণ্ডত বাজি থকা দেখা গৈছে, যিটো “টপ গান” ছবিসৰ স্পষ্ট উল্লেখ ।

উল্লেখ্য যে, লাখ লাখ নাগৰিকে “নো কিংছ”ৰ বেনাৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে এই প্ৰতিবাদৰ বিৰোধ কৰিছে । হাউছৰ অধ্যক্ষ মাইক জনছন আৰু অন্যান্য ৰিপাব্লিকান সাংসদসকলে এই প্ৰতিবাদসমূহক “আমেৰিকাক ঘৃণা কৰা” ৰেলী বুলি অভিহিত কৰাৰ বিপৰীতে পৰিবহণ সচিব শ্বেন ডাফীয়ে অংশগ্ৰহণকাৰীসকল হামাছ সমৰ্থক বা বিৰোধী এজেণ্ট বুলি মত প্ৰকাশ কৰি এই আন্দোলনটো ঘৰুৱা সন্ত্ৰাসৰ ভাবুকি বুলি উল্লেখ কৰিছে ।

ভিডিঅ’ পোষ্ট কৰে ট্ৰাম্পৰ সমৰ্থকে-

ট্ৰাম্পৰ সমৰ্থকসকলে এ আইৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছে য’ত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে এটা ভিডিঅ’ পোষ্ট কৰিছে য’ত ট্ৰাম্পে মুকুট আৰু কেপ পিন্ধি থকা দেখা গৈছে, আনহাতে নেন্সি পেলোছিৰ দৰে ডেম’ক্ৰেটিক নেতাই তেওঁৰ সন্মুখত আঁঠু লৈছে ।

ট্ৰাম্পৰ সৈতে জড়িত আন একাউণ্টসমূহেও মক টাইম আলোচনীৰ কভাৰ আৰু এ আই-জেনেৰেটেড ভিডিঅ’ প্ৰচাৰ কৰিছে য’ত তেওঁক ৰঙা মখমলত হোৱাইট হাউছৰ পৰা হাত জোকাৰি থকা দেখা গৈছে ।

লগতে পঢ়ক : ‘নো কিংছ’ : ৱাশ্বিংটনৰ পৰা লণ্ডনলৈ ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে হাজাৰ হাজাৰ লোক

সঞ্জীৱ নাৰায়ণৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি…

সঞ্জীৱ নাৰায়ণৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি…

মহানগৰীৰ উলুবাৰীস্থিত প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ সংবাদমেলৰ মাজতে কাৰ্যালয়টোৰ সন্মুখত সৃষ্টি হয় এই পৰিস্থিতিৰ । যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনাকে ধৰি কেইবাটাও দল-সংগঠনে সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সৃষ্টি কৰে এই পৰিস্থিতিৰ ।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সঞ্জীৱ নাৰায়ণে নিজৰ চাফাই গাবলৈ আজিৰ এই সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাবত আহ্বান কৰিছিল যদিও আৰক্ষীয়ে ইয়াত নিষেধাজ্ঞা আৰোপ কৰে । ইয়াৰ পিছতে সঞ্জীৱ নাৰায়ণে এই সংবাদমেল নিজৰ কাৰ্যালয় প্ৰাগ নিউজত অনুষ্ঠিত কৰাৰ কথা জনাই ।

ইফালে সংবাদমেলৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতেই সেই স্থানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড এক্সন ফৰ্চকে ধৰি আৰক্ষীৰ দল মোতায়েন কৰা হৈছে । ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াও উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : যোৰহাটত উপস্থিত CIDৰ দল; জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হ’ল তদন্ত