মণিপুৰৰ চুৰাচান্দপুৰত তীব্ৰ হিংসাত্মক প্ৰতিবাদ

মণিপুৰৰ চুৰাচান্দপুৰত তীব্ৰ হিংসাত্মক প্ৰতিবাদ

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ বাহনৰ খুন্দাত দুজন অসামৰিক লোক আহত হোৱাৰ পিছতে তীব্ৰ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয় বুধবাৰে সন্ধিয়া মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ বাহনৰ খুন্দাত দুজন অসামৰিক লোক আহত হোৱাৰ পিছতে তীব্ৰ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয় । এই ঘটনা সন্ধিয়া প্ৰায় ৬.৩০ বজাত

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ বাহনৰ খুন্দাত দুজন অসামৰিক লোক আহত হোৱাৰ পিছতে তীব্ৰ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয়

বুধবাৰে সন্ধিয়া মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ বাহনৰ খুন্দাত দুজন অসামৰিক লোক আহত হোৱাৰ পিছতে তীব্ৰ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয় । এই ঘটনা সন্ধিয়া প্ৰায় ৬.৩০ বজাত তুইবং অঞ্চলত সংঘটিত হয় ।

অভিযোগ অনুসৰি নিৰাপত্তা বাহিনীৰ এখন বাহনে এখন দুচকীয়া বাহনত থকা দুজন ব্যক্তিক খুন্দা মাৰে । আহতসকলক লগে লগে ওচৰৰে এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয় বুলি এজন বিষয়াই জনায় ।

বিষয়াসকলৰ মতে, প্ৰত্যক্ষদৰ্শীয়সকলে দাবী কৰিছে যে দুৰ্ঘটনাটোৰ পিছত নিৰাপত্তা বাহিনীৰ বাহনখন ৰৈ নিদিয়াৰ বাবে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে । ইয়াৰ কিছু সময়ৰ পিছতে একাংশ উত্তেজিত লোকে অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীৰ আন এখন বাহনত জুই লগাই দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত অতিৰিক্ত নিৰাপত্তাকৰ্মী মোতায়েন কৰা হয় । পৰিস্থিতি স্বাভাৱিক কৰিবলৈ আৰু জনতাক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : নতুনকৈ হোৱা নাই কোনো হিংসাত্মক ঘটনা, পশ্চিম গাৰো পাহাৰত দুদিনৰ বাবে বৃদ্ধি সান্ধ্য আইন