সশস্ত্ৰ দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণ: অসম ৰাইফলছৰ ২ জোৱান শ্বহীদ

কনভয় লক্ষ্য কৰি ভয়ানক এম্বুচ! উগ্ৰপন্থীৰ গুলীচালনাত অসম ৰাইফলছৰ দুই জোৱানৰ কৰুণ মৃত্যু ।

মণিপুৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনা । ৰাজ্যখনৰ উখৰুল জিলাত সন্দেহযুক্ত সশস্ত্ৰ দুৰ্বৃত্তই চলোৱা এক আকস্মিক আক্ৰমণত অসম ৰাইফলছৰ দুজন জোৱান শ্বহীদ হৈছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

কেনেকৈ সংঘটিত হ’ল এই আক্ৰমণ?

প্ৰকাশিত খবৰ অনুসৰি, সোমবাৰে উখৰুল জিলাৰ নুংচাং কোং অঞ্চলৰ মাজেৰে ৪০ নম্বৰ অসম ৰাইফলছৰ এটা কনভয় পাৰ হৈ গৈ থকাৰ সময়তে অতৰ্কিতে আক্ৰমণকাৰীয়ে গুলীচালনা কৰে । জানিব পৰা মতে, উগ্ৰপন্থীৰ দলটোৱে আধুনিক মাৰণাস্ত্ৰৰে সমগ্ৰ কনভয়টোক লক্ষ্য কৰি ধাৰাবাহিকভাৱে গুলী আৰু বোমা বিস্ফোৰণ ঘটায় । প্ৰায় দুঘণ্টাজোৰা এই ভয়ানক সংঘৰ্ষৰ বাবে ওচৰ-পাজৰৰ গাঁৱৰ লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু

এই আক্ৰমণৰ ফলত অসম ৰাইফলছৰ দুজন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা মতে, প্ৰথম অৱস্থাত আঘাতপ্ৰাপ্ত জোৱান দুজনক উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰ যোগে ইম্ফললৈ স্থানান্তৰ কৰাৰ জৰুৰী প্ৰচেষ্টা চলোৱা হৈছিল । কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে অধিক সংকটজনক হৈ পৰাত ততাতৈয়াকৈ উখৰুলৰে চাংকাকত থকা অসম ৰাইফলছৰ শিবিৰলৈ লৈ যোৱা হয় । দুৰ্ভাগ্যবশতঃ চিকিৎসাধীন অৱস্থাতে দুয়োজন জোৱানে শেষ নিশ্বাস ত্যাগ কৰে ।

সেনাৰ তীব্ৰ তালাচী অভিযান

ঘটনাটোৰ পিছতে মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ অতিৰিক্ত বাহিনীয়ে সমগ্ৰ নুংচাং কোং অঞ্চলটো ঘেৰি ধৰিছে । আক্ৰমণ চলাই পলায়ন কৰা উগ্ৰপন্থী গোটটোৰ সন্ধান উলিয়াবলৈ ড্ৰোন আৰু স্নিফাৰ ডগৰ সহায়ত এক ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হৈছে । বৰ্তমানলৈকে এই আক্ৰমণৰ আঁৰত কোনটো উগ্ৰপন্থী সংগঠন জড়িত আছে, সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা না ই।

মণিপুৰৰ গৃহমন্ত্ৰীৰ তীব্ৰ গৰিহণা

অসম ৰাইফলছৰ ওপৰত হোৱা এই কাপুৰুষালিপূৰ্ণ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে মণিপুৰৰ গৃহমন্ত্ৰী কে. গোবিন্দাস সিঙে । জোৱান দুজনৰ মৃত্যুৰ খবৰ নিশ্চিত হোৱাৰ পূৰ্বে ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টত তেওঁ গভীৰ শোক প্ৰকাশ কৰে ।

ইয়াৰ লগতে তেওঁ কয় যে দেশৰ নিৰাপত্তা বাহিনীয়ে এই আক্ৰমণৰ বাবে জগৰীয়া দোষীক আইন অনুযায়ী কঠোৰ শাস্তি প্ৰদান কৰিব । তেওঁ মণিপুৰৰ জনসাধাৰণক উচতনিত গুৰুত্ব নিদি শান্তি, নিৰাপত্তা আৰু একতা বজাই ৰাখিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : শীঘ্ৰেই প্ৰায় সমগ্ৰ উত্তৰ-পূবৰ পৰা প্ৰত্যাহাৰ হ’ব AFSPA! অমিত শ্বাহৰ মন্তব্য

“হিংসাই উন্নয়নত বাধাৰ সৃষ্টি কৰিছে”; মণিপুৰৰ মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ মন্তব্য

মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনাম খেমচান্দ সিঙে মণিপুৰত চলি থকা হিংসাক লৈ এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে, হিংসাত্মক পৰিস্থিতিৰ বাবে চৰকাৰে উন্নয়নমূলক কাম-কাজত মনোনিৱেশ কৰাত অসুবিধাৰ সৃষ্টি হৈছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনাম খেমচান্দ সিঙে ১৭ জুনত কয় যে ৰাজ্যত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ বাবে তেওঁৰ চৰকাৰে উন্নয়নমূলক কাম-কাজত মনোনিৱেশ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে, লগতে শান্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে কিছুমান উপাদানে কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰে।

ইম্ফল পশ্চিম জিলাত এক কাৰ্যসূচীত ভাষণ দি সিঙে কয় যে তেওঁ ৰাইজৰ দুখ-কষ্ট দূৰ কৰা আৰু ৰাজ্যৰ সম্প্ৰদায়সমূহৰ মাজত শান্তি বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। অৱশ্যে বাৰে বাৰে ঘটি থকা অশান্তিৰ ঘটনাই প্ৰশাসনক ঘাইকৈ আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিছে।

তেওঁ কয়, “মই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে অশান্তি চলি আহিছে। আমি সেইবোৰ সমাধান কৰাত ব্যস্ত হৈ আছো, যাৰ বাবে উন্নয়নমূলক কাম-কাজত গুৰুত্ব দিয়াটো কঠিন হৈ পৰিছে। তথাপিও আমি আমাৰ কৰ্তব্যৰ পৰা পলাই যাব নোৱাৰোঁ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে জহিৰামকে ধৰি সংঘাত জৰ্জৰিত এলেকাসমূহলৈ কৰা ভ্ৰমণৰ কথা সুঁৱৰি কয় যে তাত তেওঁ কুকি, মেইটেই আৰু পাইটে সম্প্ৰদায়ৰ লোকসকলক লগ পাইছিল আৰু শান্তি তথা সম্প্ৰীতিৰ বাবে আহ্বান জনাইছিল।

তেওঁ কয় যে জিৰিবামৰ পৰা ঘূৰি অহাৰ কিছু সময়ৰ পিছতে বিষ্ণুপুৰ জিলাৰ ট্ৰংলাওবি অঞ্চলত হোৱা এক বোমা আক্ৰমণত দুটি শিশুৰ মৃত্যু হয় আৰু তেওঁলোকৰ মাতৃ গৰাকীও আহত হয়, যাৰ ফলত ব্যাপক প্ৰতিবাদ আৰু অশান্তিৰ সৃষ্টি হয়।

মুখ্যমন্ত্ৰী গৰাকীয়ে উখৰুল জিলা ভ্ৰমণৰ কথাও উল্লেখ কৰে, য’ত তেওঁ কুকি আৰু টাংখুল নগা গাঁৱৰ লোকসকলক সাক্ষাৎ কৰি শান্তিৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছিল। অৱশ্যে তেওঁ উল্লেখ কৰে যে একেটা দিনতে এক আক্ৰমণত দুজন টাংখুল সাধাৰণ নাগৰিক নিহত হয়।

তেওঁ কয় “মই ভাবো আমাৰ ভূমিত শান্তি নিবিচৰা কিছুমান লোক আছে। কিছুমান মানুহে ধাৰণা কৰে যে শান্তি বৰ্তি থাকিলে ধন উপাৰ্জন কৰাটো সম্ভৱ নহ’ব”। মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে একাংশ উপাদানে সমগ্ৰ ৰাজ্যতে জনসাধাৰণৰ মুক্ত যাতায়তত বাধা সৃষ্টি কৰাৰ চেষ্টা চলাইছে আৰু তেনে লোকসকলক চিনাক্ত কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক: ভয়ংকৰ; নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাহন

মণিপুৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; চৰকাৰী চাকৰিত ২ বছৰৰ বয়সৰ ৰেহাই

মণিপুৰ কেবিনেটে ২৯ মে’ত আগন্তুক ৰাজ্য চৰকাৰৰ নিযুক্তিৰ বাবে দুবছৰৰ বয়স শিথিল কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনায়

২৯ মে’ত মণিপুৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত ৰাজ্য চৰকাৰৰ অনাগত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলক দুবছৰৰ বয়সৰ ৰেহাই দিয়া, ১৭৩টা এএনএম (ANM) পদ পূৰণ কৰা আৰু পৰ্যটন, ঘাইপথ তথা পানী যোগান প্ৰকল্পৰ দৰে গুৰুত্বপূৰ্ণ আঁচনিৰ ৰূপায়ণ অন্যতম।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৰ্তমানৰ গোলকীয় প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেইবাটাও মিতব্যয়ী পদক্ষেপ গ্ৰহণ কৰিছে।

ৰাজ্য চৰকাৰে নিৰাপত্তা পৰ্যালোচনাৰ অন্তত ভিআইপি কনভয় হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, সম্ভৱ হ’লে “ঘৰৰ পৰা কাম কৰা” ব্যৱস্থা প্ৰৱৰ্তন কৰা, চৰকাৰী পুঁজিৰে বিদেশ ভ্ৰমণ বন্ধ কৰা আৰু অপ্ৰয়োজনীয় চৰকাৰী ব্যয় হ্ৰাস কৰাৰ সিদ্ধান্ত লয়।

ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ যিবোৰ পদৰ বাবে এতিয়াও নিযুক্তিৰ জাননী জাৰী হোৱা নাই, সেই সকলোবোৰৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক দুবছৰৰ বয়সৰ ৰেহাই প্ৰদান কৰা হৈছে।কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সহযোগিতাত পৰিয়াল কল্যাণ বিভাগৰ অধীনত ১৭৩টা এএনএম (Auxiliary Nurse and Midwife) পদ পূৰণৰ অনুমোদন জনোৱা হৈছে।কৰ্মচাৰীসকলৰ পদোন্নতিৰ পথ সুচল কৰাৰ উদ্দেশ্যে মণিপুৰ ষ্টেট পাৱাৰ কোম্পানী লিমিটেড (MSPCL)ৰ পদসমূহৰ যুক্তিযুক্তকৰণৰ অনুমোদন দিয়া হৈছে।

লগতে পঢ়ক: পদত্যাগৰ পিছতো ক্ষমতা অক্ষুণ্ণ ৰাখিব বিচাৰিছে নেকি সিদ্ধাৰমায়াই; হাইকমাণ্ডলৈ বিশেষ কমিটী গঠনৰ প্ৰস্তাৱ

মণিপুৰত হিংসাৰ দাবানল, কুকি উগ্ৰপন্থীৰ আক্ৰমণত নিহত দুটি শিশু

মণিপুৰত শেহকীয়াকৈ এক নতুন উগ্ৰপন্থী আক্ৰমণৰ বাতৰি পোৱা গৈছে

হিংসাজৰ্জৰ মণিপুৰত শেহকীয়াকৈ এক নতুন উগ্ৰপন্থী আক্ৰমণৰ বাতৰি পোৱা গৈছে । এই আক্ৰমণত দুটি শিশুক নিহত হোৱাৰ লগতে এগৰাকী মহিলা আহত হৈছে বুলি জানিব পৰা গৈছে । আহত মহিলাগৰাকীক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বিষ্ণুপুৰ জিলাত সংঘটিত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

খবৰ অনুসৰি ৭ এপ্ৰিলৰ নিশা প্ৰায় ১ বজাত বিষ্ণুপুৰ জিলাৰ এটা ঘৰত কুকি উগ্ৰপন্থীয়ে বোমা আক্ৰমণ কৰে । এই আক্ৰমণত এটি পাঁচ বছৰীয়া ল’ৰা আৰু এটি ছমহীয়া কন্যা শিশু নিহত হয় । এই আক্ৰমণত শিশু দুটিৰ মাতৃ আহত হোৱা বুলি জানিব পৰা গৈছে । বোমা বিস্ফোৰণৰ সময়ত মহিলাগৰাকীয়ে নিজৰ দুটিৰ সন্তানৰ সৈতে শুই আছিল ।

ঘটনাৰ পিছতে তিনিওকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োটি শিশুকে মৃত ঘোষণা কৰে । চুৰাচান্দপুৰৰ সমীপৱৰ্তী বিষ্ণুপুৰ জিলাৰ মইৰাং ট্ৰংলাওবি গাঁৱত সংঘটিত হয় এই ঘটনা । উল্লেখ্য যে, মণিপুৰ হিংসাৰ পিছৰে পৰা এই সীমান্ত অঞ্চল কুকি উগ্ৰপন্থীৰ লক্ষ্য হৈ পৰিছে ।

লগতে পঢ়ক : মণিপুৰৰ চুৰাচান্দপুৰত তীব্ৰ হিংসাত্মক প্ৰতিবাদ

মণিপুৰৰ চুৰাচান্দপুৰত তীব্ৰ হিংসাত্মক প্ৰতিবাদ

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ বাহনৰ খুন্দাত দুজন অসামৰিক লোক আহত হোৱাৰ পিছতে তীব্ৰ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয়

বুধবাৰে সন্ধিয়া মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ বাহনৰ খুন্দাত দুজন অসামৰিক লোক আহত হোৱাৰ পিছতে তীব্ৰ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয় । এই ঘটনা সন্ধিয়া প্ৰায় ৬.৩০ বজাত তুইবং অঞ্চলত সংঘটিত হয় ।

অভিযোগ অনুসৰি নিৰাপত্তা বাহিনীৰ এখন বাহনে এখন দুচকীয়া বাহনত থকা দুজন ব্যক্তিক খুন্দা মাৰে । আহতসকলক লগে লগে ওচৰৰে এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয় বুলি এজন বিষয়াই জনায় ।

বিষয়াসকলৰ মতে, প্ৰত্যক্ষদৰ্শীয়সকলে দাবী কৰিছে যে দুৰ্ঘটনাটোৰ পিছত নিৰাপত্তা বাহিনীৰ বাহনখন ৰৈ নিদিয়াৰ বাবে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে । ইয়াৰ কিছু সময়ৰ পিছতে একাংশ উত্তেজিত লোকে অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীৰ আন এখন বাহনত জুই লগাই দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত অতিৰিক্ত নিৰাপত্তাকৰ্মী মোতায়েন কৰা হয় । পৰিস্থিতি স্বাভাৱিক কৰিবলৈ আৰু জনতাক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : নতুনকৈ হোৱা নাই কোনো হিংসাত্মক ঘটনা, পশ্চিম গাৰো পাহাৰত দুদিনৰ বাবে বৃদ্ধি সান্ধ্য আইন

প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ‘বুং’লৈ BAFTA বঁটা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে অভিনন্দন

এই বৃহৎ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছবিখনৰ নিৰ্মাতা আৰু অভিনেতা-অভিনেত্ৰীসকলক অভিনন্দন জনাইছে ।

ভাৰতীয় চিনেমাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত । BAFTA বঁটা লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে চলচ্চিত্ৰ ‘বুং’এ । এই ছবিখন BAFTA বঁটা লাভ কৰা প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে । এই সাফল্যই কেৱল চলচ্চিত্ৰ জগতখনকে নহয়, সমগ্ৰ ৰাষ্ট্ৰকে গৌৰাৱান্বিত কৰি তুলিছে । এই বৃহৎ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছবিখনৰ নিৰ্মাতা আৰু অভিনেতা-অভিনেত্ৰীসকলক অভিনন্দন জনাই কয় যে, “এই ছবিখনৰ সৈতে জড়িত সকলোকে অভিনন্দন । ই সঁচাকৈয়ে এক অতি সুখৰ মুহূৰ্ত, বিশেষকৈ মণিপুৰৰ বাবে । এই সফলতাই আমাৰ দেশৰ সৃষ্টিশীল প্ৰতিভাকো উজ্জ্বল কৰি তুলিছে ।”

‘বুং’ৰ এই সফলতাই মণিপুৰ আৰু সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে । উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনীবোৰ প্ৰায়ে চিনেমাত কম প্ৰতিনিধিত্ব কৰা হয়, কিন্তু এই ছবিখনে ইয়াৰ সংস্কৃতি, জীৱনশৈলী, পৰম্পৰাক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শন কৰে । বাফটা বঁটা লাভ কৰাটোৱে প্ৰমাণ কৰে যে ভাৰতীয় চিনেমাই কেৱল বক্স অফিচৰ সফলতাই নহয়, নিজৰ কলা, আত্মা আৰু সংস্কৃতিৰ বাবে স্বীকৃতি লাভ কৰিব পাৰে ।

কেৱল বঁটা লাভ কৰাই ছবিখনৰ সফলতা নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তত বিদ্যমান অকথিত কাহিনীবোৰকো উজ্জ্বল কৰি তুলিছে এই ছবিখনে ।

লগতে পঢ়ক : বহু প্ৰত্যাশিত ‘টক্সিক’ৰ টিজাৰ মুকলি; য়শৰ পৰিচিত গেংষ্টাৰ লুকত মোহিত অনুৰাগী!

মণিপুৰৰ উখৰুলত হিংসাত্মক ঘটনা; ৫ দিনৰ বাবে ইন্টাৰনেট বন্ধ, কাৰ্ফিউ জাৰি

আইন-শৃংখলাৰ অৱনতি ঘটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰৰ গৃহ আয়ুক্তই আজিৰ পৰা তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে ।

মণিপুৰৰ উখৰুলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । লিটন ছাৰিখং গাঁৱত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰাৰ খবৰ প্ৰকাশ পাইছে । পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত কৰ্তৃপক্ষই সমগ্ৰ জিলাখনত সান্ধ্য আইন জাৰি কৰাৰ লগতে অধিক হিংসাত্মক পৰিস্থিতি আৰু উৰাবাতৰি ৰোধ কৰিবলৈ ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে ।

জানিব পৰা মতে পাহাৰীয়া গাঁওখনৰ সমীপত সশস্ত্ৰ সংগঠনে শূণ্যতে কেইবাৰাউণ্ড গুলীচালনা কৰি অঞ্চলটোত আতংকৰ সৃষ্টি কৰে । বহু গাঁওবাসীয়ে অত্যাৱশ্যকীয় সামগ্ৰী লৈ চুবুৰীয়া কাংপকপি জিলাৰ সুৰক্ষিত অঞ্চললৈ পলায়ন কৰাৰ বিপৰীতে টাংখুল গাঁৱৰ কেইবাজনো গাঁৱৰ লোকেও সেই অঞ্চল এৰি যোৱাৰ খবৰ পোৱা গৈছে ।

আইন-শৃংখলাৰ অৱনতি ঘটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰৰ গৃহ আয়ুক্তই আজিৰ পৰা তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে । আদেশত উল্লেখ কৰা হৈছে যে শেহতীয়া ঘটনাই ভয়াৱহ অশান্তিৰ সৃষ্টি কৰিছে, জনসাধাৰণৰ সুৰক্ষা আৰু শান্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । সেয়েহে এই সিদ্ধান্ত লোৱা হৈছে ।

আদেশত কোৱা হৈছে যে, ‘পৰিস্থিতি ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ আৰু উত্তেজনা বৃদ্ধি কৰিব পৰা ভুল তথ্যৰ বিস্তাৰ ৰোধ কৰিবলৈ জিলাখনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰাটো অতি প্ৰয়োজনীয় ।’

উল্লেখ্য যে,  শনিবাৰে নিশাৰ পৰাই উখৰুলত হিংসাত্মক পৰিস্থিতি আৰম্ভ হয় । লিটন গাঁৱত টাংখুল নগাৰ এজন লোকক ৭-৮ জন লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপনৰ পিছতেই এই ঘটনাৰ সূত্ৰপাত হয় । বিষয়টো সমাধান হোৱাৰ আশা কৰা হৈছিল যদিও দেওবাৰৰ বৈঠকো অনুষ্ঠিত নহ’ল । ইয়াৰ পিছত সোমবাৰে মাজনিশা লিটন চৰাইখঙৰ টাংখুল নগা সম্প্ৰদায়ৰ ঘৰত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত নগা সম্প্ৰদায়ে অন্য সম্প্ৰদায়ৰ ঘৰক লক্ষ্য কৰি লয় । আৰক্ষীৰ মতে, কে লুংৱিৰাম গাঁৱৰ এটা ঘৰো আংশিকভাৱে জ্বলি যায় ।

লগতে পঢ়ক : মেঘালয় কয়লা খনি দুৰ্ঘটনা : নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি; চিকিৎসালয়ত আৰু দুজনৰ কৰুণ মৃত্যু

উখৰুলৰ হিংসাপীড়িত অঞ্চল ভ্ৰমণ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ, শান্তি, সম্প্ৰীতি, সংযম বৰ্তাই ৰখাৰ আহ্বান

হিংসাত্মক ঘটনাৰ পিছতে আইন-শৃংখলা বজাই ৰাখিবলৈ অঞ্চলটোত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । খ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ।

মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনাম খেমচান্দ সিঙে হিংসাজৰ্জৰ উখৰুল জিলা পৰিভ্ৰমণ কৰে । এই ভ্ৰমণৰ সময়ঠোৱাত তেওঁ আহতসকলক সাক্ষাৎ কৰে । আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (RIMS) চিকিৎসাধীন হৈ থকা আহতসকল সাক্ষাতৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক “শান্তি আৰু সম্প্ৰীতি” বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ।

মুখ্যমন্ত্ৰী সিঙে কয়, “মই সমাজৰ সকলো শ্ৰেণীৰ লোকক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাইছো । উত্তেজনা অধিক বৃদ্ধি পোৱাত বাধা দিবলৈ আলোচনা আৰু সংযম অপৰিহাৰ্য…”

পৰিস্থিতিৰ বুজ ল’বলৈ উপ-মুখ্যমন্ত্ৰীৰ ভ্ৰমণ

আজি পুৱাৰ ভাগত উপ-মুখ্যমন্ত্ৰী লোছি ডিখো, উখৰুল সমষ্টিৰ বিধায়ক ৰাম মুইভা আৰু ছাইকুল সমষ্টিৰ বিধায়িকা কিমনেও হাংছিং হাওকিপৰ সৈতে লিটান চাৰেইখোং ভ্ৰমণ কৰে । উল্লেখ্য যে, এদিন পূৰ্বে এই স্থানতে টাংখুল আৰু কুকি সম্প্ৰদায়ৰ লোকৰ মাজত সংঘৰ্ষৰ খবৰ পোৱা গৈছিল ।

চৰকাৰী সূত্ৰ অনুসৰি এই ঘটনাত ২০ টাতকৈও অধিক ঘৰ জ্বলাই দিয়া হয় । লগতে তিনিখন চাৰিচকীয়া বাহন এই ঘটনাত ভস্মীভূত হয় ।

বৰ্তমানৰ স্থিতি আৰু নিৰাপত্তা ব্যৱস্থা

হিংসাত্মক ঘটনাৰ পিছতে অধিক উত্তেজনা ৰোধ কৰিবলৈ আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ অঞ্চলটোত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । সমগ্ৰ এলেকাত নিষেধাজ্ঞামূলক আদেশ জাৰি কৰা হৈছে । ইফালে, পুনৰ হিংসা হোৱাৰ আশংকাত দুয়োটা সম্প্ৰদায়ৰ বাসিন্দাসকলে নিজৰ সা-সম্পত্তি বান্ধি নিৰাপদ স্থানলৈ যোৱা আৰম্ভ কৰিছে । কৰ্তৃপক্ষই আশ্বাস দিছে যে পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে আৰু ৰাইজক শান্ত থাকিবলৈ তথা প্ৰশাসনক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে, উখৰুলৰ এই হিংসাত্মক ঘটনা এনে এক সময়ত ঘটিছে যাৰ কেইদিনমান পূৰ্বে মণিপুৰৰ টুইবং অঞ্চলত নিৰাপত্তাৰক্ষী আৰু উত্তেজিত জনতাৰ মাজত প্ৰায় ন ঘণ্টা ধৰি সংঘৰ্ষ চলিছিল । বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ পৰা শুকুৰবাৰে পুৱা ৩ বজালৈ চলা এই সংঘৰ্ষৰ বাবে কৰ্তৃপক্ষই অঞ্চলটোত সম্পূৰ্ণ বন্ধ ঘোষণা কৰিবলগীয়া হৈছিল ।

মণিপুৰৰ নতুন উপ-মুখ্যমন্ত্ৰী হিচাপে নেমচা কিপগেন আৰু লোছি ডিখোৰ শপত গ্ৰহণৰ বিৰোধিতাৰে চুৰাচান্দপুৰ জিলাত কৰা এক প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল । খবৰ অনুসৰি, টুইবং মুখ্য বজাৰ এলেকাত এই অশান্তিৰ সূত্ৰপাত হয়, য’ত শ শ যুৱ প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীক তেওঁলোকৰ বেৰেকৰ ফালে ঠেলি পঠিয়াবলৈ চেষ্টা কৰিছিল । টুইবং ফৰেষ্ট গেট এলেকাৰ ওচৰত উত্তেজিত জনতাই নিৰাপত্তাৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিবলৈ ধৰাৰ পিছতে এই সংঘৰ্ষৰ সৃষ্টি হয় ।

লগতে পঢ়ক : চৰকাৰ গঠনৰ ২৪ ঘন্টাৰ পিছতেই পুনৰ উত্তপ্ত মণিপুৰ; বিধায়কক সকীয়নি বিদ্ৰোহীৰ

চৰকাৰ গঠনৰ ২৪ ঘন্টাৰ পিছতেই পুনৰ উত্তপ্ত মণিপুৰ; বিধায়কক সকীয়নি বিদ্ৰোহীৰ 

চৰকাৰ গঠনৰ মাত্ৰ ২৪ ঘন্টাৰ পিছতেই পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত। উপ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ সময়তেই দুটা গোটৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়

চৰকাৰ গঠন হোৱাৰ পিছতেই মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ চুৰাচান্দপুৰত উপ মুখ্যমন্ত্ৰী হিচাপে নেমচা কিপগেন আৰু লোছি দিখোৰ শপত গ্ৰহণৰ সময়ত নিৰাপত্তা বাহিনী আৰু এটা জনসমাগমৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়।

মণিপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰে।উপ-মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে।

উল্লেখ্য যে,বিগত কেইবাবছৰ ধৰি মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা কৰিছিল।ইয়াৰ পিছত শেহতীয়াকৈ য়ুমনাম খেমচান্দ সিঙৰ নেতৃত্বত ৰাজ্যত নতুন চৰকাৰ গঠন কৰা হয়।

ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ আৰু য়ুমনাম খেমচান্দ সিঙৰ নতুন চৰকাৰ গঠনৰ মাত্ৰ ২৪ ঘন্টাৰ পিছতে পুনৰ মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে।

চুৰাচান্দপুৰত ৰাজপথলৈ ওলাই অহা কুকি গোটসমূহে নিজৰ সম্প্ৰদায়ৰ বিধায়কসকলক মণিপুৰ চৰকাৰ গঠনত অংশগ্ৰহণ নকৰিবলৈ সকীয়াই দিছে।

ইয়াৰ সমান্তৰালকৈ চুৰাচান্দপুৰত প্ৰতিবাদ সাব্যস্ত কৰে। চূৰাচান্দপুৰত কুকি প্ৰতিবাদকাৰীয়ে ৰাজপথ অৱৰোধ কৰাৰ লগতে ৰাজপথত অগ্নিসংযোগ কৰি নিৰাপত্তাৰক্ষীৰ বাহন অৱৰোধ কৰে।

প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। এই সময়ছোৱাত বহু ঠাইত গুলীচালনাৰ ঘটনাও সংঘটিত হৈছিল।কুকি-জো অঞ্চলত যুটীয়া ফ্ৰণ্ট ৭ৰ ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে।

দৰাচলতে,কুকি-জো সম্প্ৰদায়ৰ বিধায়ক নেমচা কিপগেনক খেমচান্দ চৰকাৰত উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ লগতে দুজন বিধায়কৰ সমৰ্থনক লৈ সমগ্ৰ সমুদায়ৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

ৰাজ্যৰ চুৰাচান্দপুৰ জিলাত নতুন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হয়,ইয়াৰ পিছতে টুইবং অঞ্চলত উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰে।

লগতে পঢ়ক: অমিত শ্বাহে সমাধান কৰিলে নাগালেণ্ড বিবাদৰ; কেন্দ্ৰ আৰু ENPO ৰ মাজত ঐতিহাসিক চুক্তি