মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব য়ুমনাম খেমচান্দ সিং; এবছৰৰ পাছত ৰাজ্যখনৰ পৰা আতঁৰিব ৰাষ্ট্ৰপতি শাসন

বিজেপি নেতা য়ুমনাম খেমচান্দ সিঙক মণিপুৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় । এতিয়া তেওঁ হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ।

দিল্লীত অনুষ্ঠিত এখন বৈঠকত ভাৰতীয় জনতা পাৰ্টিৰ নেতা য়ুমনাম খেমচান্দ সিঙক মণিপুৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ পিছতে এতিয়া তেওঁ হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী । মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত মণিপুৰ বিজেপিৰ বিধায়কসকলৰ এক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকতে য়ুমনামক বিধায়িনি দলৰ নেতা নিৰ্বাচিত কৰা হয় । উল্লেখ্য যে, প্ৰায় এবছৰ ধৰি ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত থকা মণিপুৰত মুখ্যমন্ত্ৰীৰ পদ খালী হৈ আছিল ।

ইয়াৰ পূৰ্বে বিজেপিৰ সম্প্ৰসাৰণ কাৰ্যালয়ত বিজেপিৰ সাধাৰণ সম্পাদকসকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰে। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বংশাল উপস্থিত থাকে।

কোন হয় য়ুমনাম খেমচান্দ সিং ?

নতুন দিল্লীত অনুষ্ঠিত হোৱা দলীয় বৈঠকৰ অন্তত মণিপুৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা য়ুমনাম খেমচান্দ সিঙ । ৰাজ্যখনত চলি থকা ৰাজনৈতিক পৰিঘটনাৰ মাজতে দলটোৱে নেতৃত্ব শক্তিশালী কৰিবলৈ চেষ্টা কৰাৰ গুৰুত্বপূৰ্ণ সময়তে খেমচান্দ সিঙৰ কান্ধত এই গধুৰ দায়িত্ব দিয়া হৈছে ।

উল্লেখ্য যে, মণিপুৰৰ এগৰাকী বিশিষ্ট বিজেপি নেতা আৰু দুবাৰৰ বিধায়ক য়ুমনাম খেমচান্দ সিং । ২০১৭ আৰু ২০২২ চনৰ বিধানসভা নিৰ্বাচনত চিংজামেই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ৰাজ্যখনৰ ৰাজধানীত নিজৰ শক্তিশালী ৰাজনৈতিক প্ৰভাৱ প্ৰদৰ্শন কৰিছিল তেওঁ ।

মণিপুৰ বিধানসভাৰ অধ্যক্ষৰ পদতো আছিল য়ুমনাম-

২০১৭ চনৰ মাৰ্চ মাহত মণিপুৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈ ২০২২ চনলৈকে সম্পূৰ্ণ পাঁচ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ । অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকাল ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ সময়ছোৱাত সদনৰ কাৰ্যবিধি সুচাৰুৰূপে চলাটো নিশ্চিত কৰাৰ বাবে পৰিচিত ।

২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত দ্বিতীয় বীৰেন সিং চৰকাৰত য়ুমনাম খেমচান্দ সিঙক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় । পৌৰ প্ৰশাসন, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ, শিক্ষা আদি মূল বিভাগৰ দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছিল । এই পৰ্টফলিঅ’সমূহৰ ভিতৰত তেওঁ নগৰ শাসন সংস্কাৰ, গ্ৰাম্য উন্নয়ন আঁচনি, শিক্ষা খণ্ডৰ প্ৰশাসনৰ সৈতে জড়িত বিষয়সমূহত ভূমিকা পালন কৰিছিল ।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়ালৈকে য়ুমনাম খেমচান্দ সিঙে কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

লগতে পঢ়ক : নিৰ্বাচনী বিজয়তে সন্তুষ্ট নহ’বলৈ সাংসদক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য

মণিপুৰত চৰকাৰ গঠনৰ তৎপৰতা ! সকলো এনডিএ বিধায়কক বিজেপি হাইকমাণ্ডৰ জৰুৰী তলব

মণিপুৰ বিজেপিৰ সকলো বিধায়কৰ লগতে এন ডি এৰ মিত্ৰ বিধায়কক জৰুৰী আলোচনাৰ বাবে দিল্লীলৈ জৰুৰী তলব । বহু বিধায়ক ১ ফেব্ৰুৱাৰীতে দিল্লী বুলি ৰাওনা হোৱাৰ কথা ।

বিজেপি হাইকমাণ্ডে মণিপুৰ দলৰ সকলো বিধায়কৰ লগতে এন ডি এৰ মিত্ৰ বিধায়কক জৰুৰী আলোচনাৰ বাবে দিল্লীলৈ মাতি অনাৰ ফলত ৰাজ্যখনত নতুন ৰাজনৈতিক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । যোৱা ৩১ জানুৱাৰীত জাৰি কৰা এই নিৰ্দেশনাত ২ ফেব্ৰুৱাৰীৰ বিয়লি ২ বজাৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত থাকিবলৈ সকলো বিধায়কক কোৱা হৈছে । আনহাতে বহু বিধায়ক ১ ফেব্ৰুৱাৰীতে দিল্লী বুলি ৰাওনা হোৱাৰ কথা ।

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা বিধানসভাৰ কাম-কাজ স্থগিত ৰখাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসনৰ প্ৰথম বছৰ সম্পূৰ্ণ হোৱাৰ সময় কাষ চাপি অহাৰ লগে লগে বৈঠকৰ সময়ে সম্ভাৱ্য ৰাজনৈতিক পুনৰ গঠন, শাসনৰ সিদ্ধান্  আৰু ৰাজ্যখনৰ ভৱিষ্যতৰ ৰোডমেপক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

যদিও বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে বৈঠকৰ কাৰ্যসূচী প্ৰকাশ কৰা নাই, তথাপিও এই আহ্বানে সম্ভাৱ্য ৰাজনৈতিক পুনৰ গঠন, শাসনৰ সিদ্ধান্ত আৰু ৰাজ্যৰ ভৱিষ্যতৰ ৰোডমেপৰ বিষয়ে জল্পনা-কল্পনাত ইন্ধন যোগাইছে । জানিব পৰা মতে, বিজেপিৰ ৰাজ্যিক সভাপতি এ শাৰদা দেৱীৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰাৰ বিপৰীতে বিজেপিৰ উত্তৰ-পূবৰ সমন্বয়ক সম্বিত পাত্ৰই ব্যক্তিগতভাৱে বিধায়কসকলৰ সৈতে যোগাযোগ কৰি ২ ফেব্ৰুৱাৰীৰ বিয়লি ২ বজাৰ ভিতৰত দিল্লীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে ।

ইফালে মণিপুৰত দীৰ্ঘদিনীয়া প্ৰশাসনিক আৰু ৰাজনৈতিক অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত এই আলোচনাৰ সময় অতি গুৰুত্বপূৰ্ণ বুলি চৰ্চা চলিছে । ৰাজ্যখনক প্ৰভাৱিত কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ওপৰত আলোচনা হ’ব পাৰে বুলি আশা কৰি বিধায়ক আৰু দলৰ বিষয়ববীয়াসকলে দিল্লীৰ পৰিঘটনাসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেটক ‘সংস্কাৰমুখী’ আখ্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি উত্তৰ-পূবৰ তিনিখনকৈ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা

উত্তৰ-পূবৰ তিনিখনক ৰাজ্য মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ আজি প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যবাসীক জনালে শুভেচ্ছা ।

আজি উত্তৰ-পূবৰ তিনিখন ৰাজ্য, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে এই তিনিখন ৰাজ্যৰ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ।

ভাৰতৰ প্ৰগতি সমৃদ্ধ কৰিছে মণিপুৰেঃ প্ৰধানমন্ত্ৰী মোদী

তেওঁ কয় যে মণিপুৰৰ জনসাধাৰণে নিজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাৰতৰ প্ৰগতি সমৃদ্ধ কৰিছে । আগন্তুক বছৰবোৰতো ৰাজ্যখনে উন্নয়নৰ পথত আগবাঢ়ি যাব বুলি আস্থা প্ৰকাশ কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণ, চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক সঁচাকৈয়ে উল্লেখযোগ্য ।

মেঘালয়বাসীকো প্ৰধানমন্ত্ৰী মোদীৰ শুভকামনা-

মেঘালয়বাসীক শুভকামনা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ জনসাধাৰণে ৰাষ্ট্ৰৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াইছে । তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ সাংস্কৃতিক সজীৱতা আৰু প্ৰাকৃতিক সৌন্দৰ্য্য সমগ্ৰ দেশতে ব্যাপকভাৱে প্ৰশংসা কৰা হৈছে । ভৱিষ্যতেও মেঘালয়ে উন্নয়নৰ নতুন উচ্চতা বৃদ্ধি কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।

অভূতপূৰ্ব পৰিৱৰ্তন সাক্ষী হৈছে ত্ৰিপুৰাঃ প্ৰধানমন্ত্ৰী মোদী

ত্ৰিপুৰাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে ৰাজ্যখনৰ এই যাত্ৰাত পৰম্পৰা আৰু আধুনিকতাৰ উল্লেখযোগ্য মিশ্ৰণ ঘটিছে । তেওঁ কয়,”ৰাজ্যখনে বিভিন্ন খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন সাক্ষী হৈছে আৰু ৰাজ্যখনৰ জনসাধাৰণে ভাৰতৰ উন্নয়ন যাত্ৰাক আগুৱাই লৈ গৈছে । আগন্তুক সময়ত ত্ৰিপুৰাই যাতে উল্লেখযোগ্য সমৃদ্ধি সাধন কৰে তাৰেই কামনা কৰিছোঁ ।”

লগতে পঢ়ক : ‘নীতিন নৱীন মোৰ বছ, মই কাৰ্যকৰ্তা’… বিজেপিৰ নতুন সভাপতিক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে আজি মণিপুৰলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ইম্ফলত প্ৰস্তুতি পূৰ্ণগতিত

প্ৰধানমন্ত্ৰী পিছতে এইবাৰ মণিপুৰ ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । আজি দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী ।

১১ আৰু ১২ ডিচেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ১১ ডিচেম্বৰত ইম্ফলত উপস্থিত হোৱাৰ লগে লগে ৰাষ্ট্ৰপতিগৰাকীক গাৰ্ড অব্ অনাৰ প্ৰদান কৰা হ’ব । ইয়াৰ পিছত তেওঁ ঐতিহাসিক মাপাল কাংজেইবুং ভ্ৰমণ কৰিব, য’ত তেওঁ প’লো প্ৰদৰ্শনী মেচ চাব ।

সন্ধিয়া ইম্ফলৰ চিটি কনভেনচন চেণ্টাৰত ৰাষ্ট্ৰপতিৰ সন্মানত ৰাজ্য চৰকাৰে নাগৰিক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিব । এই উপলক্ষে আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

অহা ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে ইম্ফলৰ নুপি লাল স্মাৰক কমপ্লেক্স পৰিদৰ্শন কৰি মণিপুৰৰ বীৰাংগনাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । ইয়াৰ পিছতে সেনাপতি জিলাত এখন ৰাজহুৱা সভাত ভাষণ দিব, য’ত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব ।

ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুদিনীয়া মণিপুৰ ভ্ৰমণৰ বাবে প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে । ইম্ফল বিমানবন্দৰৰ পৰা নুপি লাল মেম’ৰিয়েল কমপ্লেক্সলৈকে প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পুনৰ ৰং কৰি ৰঙীন পতাকাৰে সজাই তোলা হৈছে ।

লগতে পঢ়ক : শ্বহীদ দিৱসত অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে… মণিপুৰত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

মণিপুৰত প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উপস্থিত হোৱাৰ লগ লগে ফুলাম গামোচাৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক । প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে ।

উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰীয়ে চুৰাচান্দপুৰত ৭৩০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মণিপুৰ দেশৰ মুকুট । মণিপুৰ সাহস আৰু আবেগৰ ভূমি । ২০১৪ চনৰ পৰা আমি মণিপুৰৰ সংযোগৰ কাম কৰি আহিছো । এতিয়া মণিপুৰৰ গাঁৱলৈয়ো পথ গৈছে । ইয়াৰ বাবেই মণিপুৰ উন্নয়নৰ পথত আগবাঢ়িছে ।

মণিপুৰৰ জনসাধাৰণক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰৰ ভূমি সাহস আৰু শৌৰ্য্যৰ ভূমি । মণিপুৰৰ ৰাইজৰ আত্মাক প্ৰণাম জনাব বিচাৰিছো । প্ৰচণ্ড বৰষুণ হোৱাৰ পিছতো আপোনালোক সকলোৱে ইয়ালৈ আহিছে, আপোনালোকৰ মৰমৰ বাবে ধন্যবাদ জনাইছো । ধাৰাসাৰ বৰষুণৰ বাবে মোৰ হেলিকপ্টাৰ আহিব নোৱাৰিলে, গতিকে পথেৰে অহাৰ সিদ্ধান্ত ল’লোঁ । ৰাস্তাত দেখা দৃশ্যবোৰৰ বাবে ভগৱানক ধন্যবাদ জনাইছো যে আজি মোৰ হেলিকপ্টাৰখনে কাম কৰা নাছিল । মণিপুৰৰ যুৱক-যুৱতীসকলক যিদৰে হাতত ত্ৰিৰংগ ধৰি থকা দেখিলোঁ, মই জীৱনৰ এই মুহূৰ্তটো কেতিয়াও পাহৰিব নোৱাৰো ।’

মণিপুৰত আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে-

মণিপুৰে যোৱা ২ বছৰ ধৰি হিংসাৰ সৈতে যুঁজি আহিছে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক শান্তিৰ বাবে আবেদন জনাই কয়, ‘যিকোনো স্থানত শান্তি প্ৰতিষ্ঠা কৰাটো অতি গুৰুত্বপূৰ্ণ । যোৱা ১১ বছৰত বহু সংঘাতৰ অন্ত পৰিছে । আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে । যোৱা কেইবছৰমানৰ পৰা ইয়াৰ মানুহে উন্নয়নক অগ্ৰাধিকাৰ দিছে । ভৱিষ্যতেও উন্নয়নে অধিক শক্তি লাভ কৰিব বুলি মোৰ বিশ্বাস । শান্তিৰ পথত আগবাঢ়ি যাবলৈ আৰু সপোন পূৰণ কৰিবলৈ, সন্তানৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ সকলো সংগঠনলৈ আহ্বান জনাম । মই আপোনালোকৰ লগত আছো ।’

মণিপুৰৰ পথ আৰু ৰেলৰ বাজেট বৃদ্ধি-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰ এখন সীমান্ত ৰাজ্য আৰু ইয়াত সংযোগ সদায় এটা ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে । ভাল ৰাস্তাৰ অভাৱত আপোনালোকে সন্মুখীন হোৱা অসুবিধাবোৰ মই ভালদৰে বুজি পাওঁ । সেইবাবেই ২০১৪ চনৰ পৰা মণিপুৰৰ সংযোগৰ নিৰন্তৰ উন্নতিৰ ওপৰত গুৰুত্ব দি আহিছো আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে দুটা স্তৰত কাম কৰিছে । প্ৰথমে আমি মণিপুৰৰ পথ আৰু ৰেলৱেৰ বাজেট বৃদ্ধি কৰিলোঁ । দ্বিতীয়তে, আমি গাঁওসমূহক পথৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলাইছিলো । বিগত কেইটামান বছৰত মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩৭০০ কোটি টকা ব্যয় কৰা হৈছে । নতুন ঘাইপথ নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে ৮,৭০০ কোটি টকা । ভৱিষ্যতেও এই উন্নয়নৰ পৰ্যায় অব্যাহত থাকিব ।’

লগতে পঢ়ক : ‘মই আপোনাৰ লগত আছো…’;মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘মই আপোনাৰ লগত আছো…’;মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

এই সময়ছোৱাত তেওঁ ৭১,৮৫০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

মণিপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত কয় যে, “মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই আপোনালোকৰ লগত আছো।ভাৰত চৰকাৰ আপোনালোকৰ লগত আছে।”

মণিপুৰৰ জীৱনক পুনৰ শুদ্ধ পথলৈ অনাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।তেওঁ কয় যে গৃহহীন পৰিয়ালৰ বাবে ৭ হাজাৰ নতুন ঘৰ নিৰ্মাণ কৰা হ’ব।

ইয়াৰ উপৰিও ৩০০০ কোটি টকাৰ পেকেজ অনুমোদন কৰা হৈছে আৰু স্থানচ্যুতসকলক সহায় কৰিবলৈ ৫০০ কোটি টকাৰ বিশেষ ব্যৱস্থা কৰা হৈছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, সীমান্তৰ গাতে লাগি থকা এখন ৰাজ্য হৈছে মণিপুৰ। ইয়াত সংযোগ সদায় প্ৰত্যাহ্বান হৈ আহিছে। ভাল ৰাস্তাৰ অভাৱত হোৱা আপোনালোকৰ সমস্যা বুজি পাওঁ।

২০১৪ চনৰ পৰা মই জোৰ দি আহিছো যে মণিপুৰৰ সংযোগৰ বাবে নিৰন্তৰ কাম কৰিব লাগে।ইয়াৰ বাবে দুটা স্তৰত কাম কৰা হৈছিল।

প্ৰথম -আমি মণিপুৰ মেনিফল্ডত ৰেলপথ বৃদ্ধি কৰিছো।দ্বিতীয় – চহৰৰ লগতে গাঁৱলৈও পথৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

লগতে পঢ়ক: হিংসাত্মক পৰিস্থিতিৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণ…

অশান্তজৰ্জৰ মণিপুৰত এডিজি বিএছএফ ইষ্টাৰ্ণ কমাণ্ডৰ মহেশ কুমাৰ আগৰৱাল…  

অশান্তজৰ্জৰ মণিপুৰত এডিজি বিএছএফ ইষ্টাৰ্ণ কমাণ্ডৰ

কলকাতাৰ বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) আই পি এছ মহেশ কুমাৰ আগৰৱালে দুদিনীয়া মণিপুৰ ভ্ৰমণ কৰে।

এই ভ্ৰমণৰ সময়ছোৱাত ৰাজ্যখনৰ প্ৰচলিত নিৰাপত্তা পৰিস্থিতিৰ মূল্যায়নৰ বাবে আৰু হিংসা প্ৰভাৱিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত নিয়োজিত বি এছ এফ কয়ৰ কাৰ্যকৰী প্ৰস্তুতি পৰ্যালোচনা কৰে।

১ আগষ্টত এডিজি বিএছএফ গৰাকীয়ে ইম্ফলৰ তুলিহল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় আৰু তাত তেওঁক শ্ৰীৰবি কান্ত, আই পি এছ, আই জি, বি এছ এফ এম এণ্ড চি ফ্ৰন্টিয়াৰ আৰু বি এছ এফৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়।

পিছত তেওঁ আই জি বি এছ এফৰ সৈতে ৰাজ্যখনৰ মাননীয় ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰে।ইয়াৰ পিছতে তেওঁ নিৰাপত্তা উপদেষ্টা কুলদীপ সিং আৰু ডিজিপি মণিপুৰৰ আই পি এছ ৰাজীৱ সিঙকো সাক্ষাৎ কৰে।

তদুপৰি দিনৰ ভাগত এডিজি গৰাকীয়ে ৰাজ্যখনৰ থৌবাল জিলাৰ বিএছএফৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি জিলাখনৰ বিভিন্ন স্থানত নিয়োজিত কামাণ্ডাৰ আৰু সৈন্যৰ সৈতে মত বিনিময় কৰে।

২ আগষ্ট তাৰিখে, এডিজি বিএছএগৰাকীয়ে অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ বিভিন্ন বিএছএফ স্থান পৰিদৰ্শন কৰে।

এডিজিৰ ছ্ৰুচন্দপুৰ ভ্ৰমণৰ সময়ত তেওঁ এছটিচি চুৰাচান্দপুৰতো উপস্থিত হৈ সৈনিক সন্মিলন অনুষ্ঠিত কৰে য’ত তেওঁ উপলব্ধ বিষয়া আৰু সৈন্যক সম্বোধন কৰে।

মহেশ কুমাৰ আগৰৱালা, আই পি এছ, এ ডি জি বি এছ এফৰ সৈতে বিষয়া আৰু সৈন্য আৰু তেওঁলোকক নিজৰ নিৰ্ধাৰিত কামবোৰ অতি নিষ্ঠাৰে কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আৰু ৰাজ্যখনৰ আইন আৰু শৃংখলাৰ পৰিস্থিতি বজাই ৰখাৰ দিশত পেছাদাৰিত্ব গ্ৰহণ কৰাৰ দৰে বিষয়ৰ ওপৰত মত বিনিময় কৰে। দুদিনীয়া ভ্ৰমণসূচী সামৰি তেওঁ ৩ আগষ্টত কলকাতালৈ ৰাওনা হয়।

লগতে পঢ়ক: ভাৰতক মৃত অৰ্থনীতি বুলি অভিহিত ট্ৰাম্পৰ… কঠোৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

 মণিপুৰত বৃদ্ধি পালে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ; পুনৰ ৬ মাহলৈ বৃদ্ধি

মণিপুৰত বৃদ্ধি পালে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ

মণিপুৰত পুনৰ ৬ মাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰা হৈছে।আৰু এতিয়া ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীলৈকে চলিব এই ৰাষ্ট্ৰপতি শাসন।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ মাত্ৰ তিনিদিন পিছতে কেন্দ্ৰীয় চৰকাৰে ১৩ ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিছিল।ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে আকৌ বৃদ্ধি কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত ইয়াৰ অনুমোদন বিচাৰিছিল।কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ৰাষ্ট্ৰপতিৰ শাসন পুনৰ কিয় বৃদ্ধি কৰা হ’ল।

এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে, কাৰণ মণিপুৰৰ পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক নহয়।২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছত তাত ৰাষ্ট্ৰপতিৰ শাসন দিয়া হয়।এতিয়া ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰাৰ বাবে সংসদৰ অনুমোদন বিচৰা হৈছে।

লগতে পঢ়ক: ভাৰত আৰু ব্ৰিটেইনৰ মাজত চুক্তি ; কাপোৰৰ পৰা জোতালৈকে বহু বস্তু হ’ব সস্তা

পুনৰ অশান্ত মণিপুৰ; আৰামবাই টেংগোল সদস্যক গ্ৰেপ্তাৰক লৈ প্ৰতিবাদ, ৫জিলাত কৰ্তন ইন্টাৰনেট সেৱা

পুনৰ অশান্ত মণিপুৰ

মণিপুৰৰ ৰাজধানী ইম্ফলৰ কেইবাটাও স্থানত শনিবাৰে নিশা আৰম্বাই টেংগোলেৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰীসকলৰ ভিতৰত বেছিভাগেই আছিল মেইটেই স্বেচ্ছাসেৱী গোট আৰামবাই টেংগল (এ টি)ৰ সদস্যৰ যুৱক-যুৱতী।

নেতাগৰাকীক মুক্তিৰ দাবীত কোৱাকেথেল আৰু উৰিপকত পথৰ মাজত টায়াৰ আৰু পুৰণি আচবাব জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

এজন বিষয়াই কয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এই অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

নেতা কানন সিঙৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা দেখা গ’ল। ইফালে, ইম্ফালৰ কোৱাকেথেল অঞ্চলত বন্দুকৰ গুলীৰ শব্দও শুনিবলৈ পোৱা গৈছে।  

৫জিলাত কৰ্তন ইন্টাৰনেট সেৱা

মণিপুৰ চৰকাৰে উপত্যকাটোৰ পাঁচখন জিলা – ইম্ফল পশ্চিম, ইম্ফল পূৱ, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং-ত শনিবাৰে নিশা ১১.৪৫ বজাৰ পৰা ৫ দিনৰ বাবে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে।

উপায়ুক্ত সহ সচিব (গৃহ) এন অশোক কুমাৰে জাৰি কৰা আদেশত কয়, “বিশেষকৈ ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাত প্ৰচলিত আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি,একাংশই ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰি ফটো, গালি-গালাজ আৰু ভিডিঅ’ বাৰ্তা সম্প্ৰচাৰ কৰি জনসাধাৰণক উত্তেজিত কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

যাৰ ফলত ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।””জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি একপক্ষীয়ভাৱে এই নিৰ্দেশ দিয়া হৈছে।

আদেশ উলংঘা কৰাৰ দোষী সাব্যস্ত হোৱা কোনো লোকে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও তেওঁ কয়।

লগতে পঢ়ক: হাউচফুল ৫ এ বক্স অফিচত লগালে হাহাকাৰ; ২ দিনত উপাৰ্জন ৫০ কোটি