আজি উত্তৰ-পূবৰ তিনিখনকৈ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা

আজি উত্তৰ-পূবৰ তিনিখনকৈ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা

উত্তৰ-পূবৰ তিনিখনক ৰাজ্য মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ আজি প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যবাসীক জনালে শুভেচ্ছা । আজি উত্তৰ-পূবৰ তিনিখন ৰাজ্য, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে এই তিনিখন ৰাজ্যৰ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে । ভাৰতৰ প্ৰগতি সমৃদ্ধ

উত্তৰ-পূবৰ তিনিখনক ৰাজ্য মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ আজি প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যবাসীক জনালে শুভেচ্ছা ।

আজি উত্তৰ-পূবৰ তিনিখন ৰাজ্য, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে এই তিনিখন ৰাজ্যৰ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ।

ভাৰতৰ প্ৰগতি সমৃদ্ধ কৰিছে মণিপুৰেঃ প্ৰধানমন্ত্ৰী মোদী

তেওঁ কয় যে মণিপুৰৰ জনসাধাৰণে নিজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাৰতৰ প্ৰগতি সমৃদ্ধ কৰিছে । আগন্তুক বছৰবোৰতো ৰাজ্যখনে উন্নয়নৰ পথত আগবাঢ়ি যাব বুলি আস্থা প্ৰকাশ কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণ, চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক সঁচাকৈয়ে উল্লেখযোগ্য ।

মেঘালয়বাসীকো প্ৰধানমন্ত্ৰী মোদীৰ শুভকামনা-

মেঘালয়বাসীক শুভকামনা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ জনসাধাৰণে ৰাষ্ট্ৰৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াইছে । তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ সাংস্কৃতিক সজীৱতা আৰু প্ৰাকৃতিক সৌন্দৰ্য্য সমগ্ৰ দেশতে ব্যাপকভাৱে প্ৰশংসা কৰা হৈছে । ভৱিষ্যতেও মেঘালয়ে উন্নয়নৰ নতুন উচ্চতা বৃদ্ধি কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।

অভূতপূৰ্ব পৰিৱৰ্তন সাক্ষী হৈছে ত্ৰিপুৰাঃ প্ৰধানমন্ত্ৰী মোদী

ত্ৰিপুৰাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে ৰাজ্যখনৰ এই যাত্ৰাত পৰম্পৰা আৰু আধুনিকতাৰ উল্লেখযোগ্য মিশ্ৰণ ঘটিছে । তেওঁ কয়,”ৰাজ্যখনে বিভিন্ন খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন সাক্ষী হৈছে আৰু ৰাজ্যখনৰ জনসাধাৰণে ভাৰতৰ উন্নয়ন যাত্ৰাক আগুৱাই লৈ গৈছে । আগন্তুক সময়ত ত্ৰিপুৰাই যাতে উল্লেখযোগ্য সমৃদ্ধি সাধন কৰে তাৰেই কামনা কৰিছোঁ ।”

লগতে পঢ়ক : ‘নীতিন নৱীন মোৰ বছ, মই কাৰ্যকৰ্তা’… বিজেপিৰ নতুন সভাপতিক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ