ভাৰতীয় জনতা পাৰ্টীৰ নৱ নিৰ্বাচিত অধ্যক্ষ নীতিন নৱীনক অভনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, তেওঁ মোৰ বছ আৰু মই কাৰ্যকৰ্তা । তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে দলত পদ নহয়, কাৰ্যকৰ্তা মনোভাৱ সকলোতকৈ ওপৰত ।
অপেক্ষাৰ অন্ত পেলাই মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিলে নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ । মঙলবাৰে দলটোৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰূপে দায়িত্ব গ্ৰহণ কৰিলে নীতিন নৱীনে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে নৱীনে । এই অনুষ্ঠানত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি আৱেগিক আৰু ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে নীতিন নৱীনক বিজেপিৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাই স্পষ্টকৈ উল্লেখ কৰে যে দলত পদ নহয়, কাৰ্যকৰ্তা মনোভাৱ সকলোতকৈ ওপৰত ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নীতিন নৱীনে এতিয়া কেৱল বিজেপিৰেই নহয় সমগ্ৰ এন ডি এৰ সমন্বয়ৰ দায়িত্ব ল’ব । দীঘলীয়া ভাষণত প্ৰধানমন্ত্ৰীগৰায়ে সংগঠনটোৰ পৰম্পৰা, সুশাসনৰ আৰ্হি, মহিলা আৰু দৰিদ্ৰ, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আঁচনি, আৰু আগন্তুক ২৫ বছৰৰ দৃষ্টিভংগীৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “নীতিন নৱীন মোৰ বছ আৰু মই এজন কাৰ্যকৰ্তা ।”
নীতিন নৱীনক অভিনন্দন জনাই ভাষণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সভাপতি নিৰ্বাচিত হোৱাৰ বাবে নীতিন নৱীনক আন্তৰিক অভিনন্দন । সংগঠনটো পৰ্বৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো এশ শতাংশ গণতান্ত্ৰিক বুলিও কয় তেওঁ ।
প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে নীতিন নৱীনৰ ভূমিকা কেৱল দলৰ সভাপতিৰ ভূমিকাতে সীমাবদ্ধ নাথাকিব । তেওঁ কয় যে এতিয়া নীতিন নৱীন আমাৰ সকলোৰে সভাপতি আৰু তেওঁৰ দায়িত্ব এন ডি এৰ সকলো অংশীদাৰৰ সৈতে সমন্বয় স্থাপন কৰাও ।
লগতে পঢ়ক : বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব ল’লে নীতিন নৱীনে…









