স্কুলীয়া শিক্ষাত উত্তৰ-পূবৰ শীৰ্ষত অসম, দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা স্থানত মেঘালয় : পি জি আই প্ৰতিবেদন

এই ক্ষেত্ৰত উত্তৰ-পূবৰ দুই চুবুৰীয়া ৰাজ্য অসম আৰু মেঘালয়ে দুটা সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰিছে

উত্তৰ-পূব ভাৰতৰ স্কুলীয়া শিক্ষা খণ্ডৰ প্ৰদৰ্শনক লৈ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ পাইছে । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা ২০২৪-২৫ বৰ্ষৰ ‘পাৰফৰমেন্স গ্ৰেডিং ইণ্ডেক্স ২.০’ (PGI 2.0) প্ৰতিবেদন অনুসৰি, এই ক্ষেত্ৰত উত্তৰ-পূবৰ দুই চুবুৰীয়া ৰাজ্য অসম আৰু মেঘালয়ে দুটা সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰিছে । অসমে শিক্ষা খণ্ডত উল্লেখনীয় সফলতা অৰ্জন কৰাৰ বিপৰীতে মেঘালয়ৰ প্ৰদৰ্শন সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ শোচনীয় বুলি প্ৰমাণিত হৈছে ।

অসমৰ অভূতপূৰ্ব উত্থান-

প্ৰতিবেদন অনুসৰি, অসমে ১,০০০ নম্বৰৰ ভিতৰত সামগ্ৰিকভাৱে ৫৯৩.৬ নম্বৰ লাভ কৰি ‘প্ৰচেষ্টা-৩’ (Prachesta-3) গ্ৰেড অৰ্জন কৰিছে । মন কৰিবলগীয়া যে, দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুত গতিত উন্নতি কৰা ৰাজ্যসমূহৰ ভিতৰত অসমে অন্যতম স্থান লাভ কৰিছে । ২০২৩-২৪ বৰ্ষত ৰাজ্যখনৰ নম্বৰ আছিল ৫১১.৫, অৰ্থাৎ মাত্ৰ এটা বৰ্ষতে অসমে ৮২ পইণ্টতকৈও অধিক জাঁপ মাৰিবলৈ সক্ষম হৈছে । বিশেষকৈ প্ৰশাসন বা শাসন ব্যৱস্থাৰ ক্ষেত্ৰত অসমে ‘উত্তম-৩’ গ্ৰেড লাভ কৰি দেশৰ অগ্ৰণী ৰাজ্য মহাৰাষ্ট্ৰ, চণ্ডীগড় আৰু ওড়িশাৰ দৰে শীৰ্ষ স্থানৰ ৰাজ্যসমূহৰ সমকক্ষ হৈ পৰিছে । শিক্ষণৰ ফলাফলৰ ক্ষেত্ৰত, য’ত সৰ্বাধিক ২৪০ নম্বৰ থাকে আৰু ইয়াক সূচকাংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাপকাঠী বুলি গণ্য কৰা হয়, তাত অসমে ৭৯.৪ নম্বৰ লাভ কৰিছে ।

দেশৰ ভিতৰতে সৰ্বনিম্ন স্থানত মেঘালয়-

আনহাতে, অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে মাত্ৰ ৪৪৮ নম্বৰহে লাভ কৰিবলৈ সক্ষম হৈছে । এই স্কোৰেৰে মেঘালয় কেৱল উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, বৰঞ্চ সমগ্ৰ দেশৰ ভিতৰতে সৰ্বনিম্ন স্থান লাভ কৰা একমাত্ৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে । সূচকাংকৰ আটাইতকৈ নিম্ন গ্ৰেড ‘আকাংক্ষী-৩’ (Akanshi-3) বেণ্ডত স্থান পোৱা দেশৰ একমাত্ৰ ৰাজ্যখন হৈছে মেঘালয় । বিগত বৰ্ষৰ ৪১৭.৯ নম্বৰৰ তুলনাত ৰাজ্যখনে এইবাৰ মাত্ৰ ৩০ পইণ্টমানহে আগবাঢ়িব পাৰিলে, যিটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ধীৰ গতি ।

মেঘালয়ৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰৰে প্ৰদৰ্শন এতিয়া চিন্তনীয় হৈ পৰিছে । ৰাজ্যখনে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১৯০ নম্বৰৰ ভিতৰত মাত্ৰ ৬২.১, শিক্ষক প্ৰশিক্ষণত ১০০ নম্বৰৰ ভিতৰত ৪৬.৭ আৰু প্ৰশাসন বা শাসন ব্যৱস্থাত ১৩০ নম্বৰৰ ভিতৰত মাত্ৰ ৪০.৫ নম্বৰহে পাবলৈ সক্ষম হৈছে । তদুপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ ‘শিক্ষণৰ ফলাফল’ৰ ক্ষেত্ৰত মেঘালয়ৰ নম্বৰ হৈছে ৪৭.২, যিটো উত্তৰ-পূবৰ আটাইবোৰ ৰাজ্যৰ ভিতৰত সৰ্বনিম্ন । ৰাজ্যখনে কেৱল ‘সমতা’ৰ ক্ষেত্ৰত ২৬০ নম্বৰৰ ভিতৰত ২০৮.৭ নম্বৰ লাভ কৰি এক আপেক্ষিক সুস্থিৰতা দেখুৱাইছে । অৱশ্যে বিশ্লেষকসকলে উল্লেখ কৰিছে যে ই কোনো বিশেষ শিক্ষাৰ্থীৰ গোটৰ ভাল প্ৰদৰ্শনক নুবুজায়, বৰঞ্চ ই সকলো শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত সমভাৱে থকা নিম্ন শিক্ষণ স্তৰকহে প্ৰতিফলিত কৰিছে ।

মিজোৰামৰ সাক্ষৰতা আৰু শিক্ষাৰ সাঁথৰ-

প্ৰতিবেদনত উত্তৰ-পূবৰ আনখন ৰাজ্য মিজোৰামক লৈ এক আচৰিত তথ্য পোহৰলৈ আহিছে । ৯১ শতাংশতকৈ অধিক হাৰেৰে উত্তৰ-পূবৰ একমাত্ৰ সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হোৱা সত্ত্বেও মিজোৰামে সামগ্ৰিকভাৱে মাত্ৰ ৫০৭.৯ নম্বৰহে লাভ কৰিছে । ইয়াৰ পৰা স্পষ্ট হয় যে পৰম্পৰাগতভাৱে জুখিব পৰা উচ্চ সাক্ষৰতাই আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক শিক্ষণ, প্ৰশাসন আৰু আন্তঃগাঁথনিৰ গুণগত মান নিশ্চিত কৰিব নোৱাৰে । এই নিম্ন প্ৰদৰ্শনৰ বাবে মিজোৰামে এতিয়া বিহাৰ আৰু জম্মু-কাশ্মীৰৰ সৈতে ‘আকাংক্ষী-২’ বেণ্ডত স্থান পাবলৈ বাধ্য হৈছে। ৰাজ্যখনে শিক্ষণ ফলাফলত ৫৬.৫ আৰু আন্তঃগাঁথনিত ৭২.৯ নম্বৰহে লাভ কৰিছে ।

উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ প্ৰদৰ্শন-

অঞ্চলটোৰ আন ৰাজ্যসমূহৰ ভিতৰত ছিকিমে ৬০৩.৩ নম্বৰ লাভ কৰি দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে । যোৱা বছৰৰ ‘আকাংক্ষী-১’ৰ পৰা এইবাৰ ‘প্ৰচেষ্টা-৩’লৈ উন্নীত হোৱা ছিকিমে উত্তৰ-পূবত সৰ্বাধিক ১১২.৩ আন্তঃগাঁথনিৰ নম্বৰ লাভ কৰিছে, যিয়ে বিদ্যালয়সমূহৰ উন্নত সা-সুবিধাক সূচাইছে । ইফালে অৰুণাচল প্ৰদেশে ৬৫ পইণ্টতকৈও অধিক লাভ কৰি ৫২৭ নম্বৰ সহ এক উৎসাহজনক উন্নতি প্ৰদৰ্শন কৰিছে আৰু এটা সম্পূৰ্ণ গ্ৰেড বেণ্ড ওপৰলৈ উঠিছে । ইয়াৰ উপৰি ত্ৰিপুৰা (৫৫৯), মণিপুৰ (৫৫৭) আৰু নগালেণ্ড (৫৩৬.৬) তিনিওখন ৰাজ্যই নিজৰ প্ৰদৰ্শন উন্নত কৰি এটাকৈ গ্ৰেড ওপৰলৈ উঠিবলৈ সক্ষম হৈছে, যিয়ে অঞ্চলটোত এক ব্যাপক অথচ অসমান প্ৰগতিৰ ইংগিত দিয়ে ।

সামগ্ৰিক ছবি আৰু প্ৰত্যাহ্বান-

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে শিক্ষাৰ ‘প্ৰৱেশাধিকাৰ’ (Access — অৰ্থাৎ নামভৰ্তি, ধৰি ৰখা আৰু বিদ্যালয়ছুট শিশুৰ হিচাপ) আৰু ‘সমতা’ (Equity)ৰ ক্ষেত্ৰত প্ৰায়বোৰ ৰাজ্যই ‘উত্তম’ বা ‘প্ৰচেষ্টা’ শ্ৰেণীত স্থান লাভ কৰি আশাপ্ৰদ প্ৰদৰ্শন কৰিছে ।

কিন্তু সমগ্ৰ অঞ্চলটোৰ বাবে মূল দুৰ্বলতা হৈ ৰৈছে ‘শিক্ষণৰ ফলাফল’ আৰু ‘প্ৰশাসন’। এই ক্ষেত্ৰত সমগ্ৰ উত্তৰ-পূব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শীৰ্ষত থকা পঞ্জাৱ (শিক্ষণ ফলাফলত ১৫০.৪) আৰু চণ্ডীগড় (সামগ্ৰিকভাৱে ৭৩৯.১ নম্বৰ)তকৈ বহুখিনি পিছপৰি আছে । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে চৰকাৰৰ তথ্য-ভিত্তিক নিৰীক্ষণ আৰু ‘লুক ইষ্ট’ (Look East) নীতিৰ বাবে ৰাজ্যসমূহৰ মাজৰ প্ৰদৰ্শনৰ ব্যৱধান ২০১৭-১৮ বৰ্ষৰ ৫১ শতাংশৰ পৰা হ্ৰাস পাই ২০২৪-২৫ বৰ্ষত ৩৯.৪ শতাংশ হৈছে । এতিয়া মূল প্ৰশ্ন হৈছে, এই ধনাত্মক পৰিৱৰ্তনৰ সোৱাদ মেঘালয়ে কেতিয়াকৈ পাব আৰু মিজোৰামে নিজৰ সাক্ষৰতাৰ ঐতিহ্যক প্ৰকৃত শৈক্ষিক ফলাফললৈ কেতিয়া ৰূপান্তৰিত কৰিব পাৰিব ।

লগতে পঢ়ক : অসমত UCC: ৩০ দিনৰ ভিতৰত লিভ-ইন পঞ্জীয়ন নকৰিলে শাস্তি, বহুবিবাহত হ’ব ৭ বছৰ পৰ্যন্ত জেল!

চিকেন নেক’ত ভূগৰ্ভস্থ ৰে’ল লাইন : উত্তৰ-পূবলৈ সুৰক্ষিত কৰিড’ৰৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চিকেন নেক কৰিড’ৰত প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে এক নিৰাপদ আৰু সুৰক্ষিত পথ নিশ্চিত কৰিব ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ “চিকেন নেক” কৰিড’ৰত প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা এক নিৰাপদ আৰু সুৰক্ষিত পথ নিশ্চিত কৰিব । তেওঁ ইয়াক ভাৰতৰ নিৰাপত্তা আৰু কৌশলগত শক্তিৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে দশক দশক ধৰি “চিকেন নেক” কৰিড’ৰক লৈ ৰাষ্ট্ৰ বিৰোধী শক্তিয়ে ভয় দেখুৱাই হেঁচা প্ৰয়োগ কৰি আহিছে । তেওঁ কয় যে এই সংকীৰ্ণ ভূ-খণ্ড ভাৰতৰ বাবে এক কৌশলগত দুৰ্বলতা হৈ পৰিছে যিটো বহু আগতেই সমাধান হ’ব লাগিছিল ।

“এয়া এক ডাঙৰ কৌশলগত পৰিৱৰ্তন”

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগ এক ঐতিহাসিক কৌশলগত সাফল্য । ইয়াৰ জৰিয়তে উত্তৰ-পূব আৰু দেশৰ বাকী অংশৰ মাজত এক নিৰাপদ আৰু নিৰ্ভৰযোগ্য পৰিবহণ কৰিডৰ সৃষ্টি হ’ব । লগতে তেওঁ কয় যে ১৯৭১ চনৰ পিছতে এই দুৰ্বলতা দূৰ কৰিব লাগিছিল, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে এই দিশত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে ।

প্ৰধানমন্ত্ৰী আৰু ৰে’ল মন্ত্ৰীক ধন্যবাদ-

এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জনাই কয় যে এই পদক্ষেপে দীৰ্ঘদিনীয়া কৌশলগত প্ৰত্যাহ্বান বহুলাংশে দূৰ কৰিব । তেওঁ পূৰ্বৰ বক্তব্যৰ উল্লেখ কৰি কয় যে ১৯৭১ চনৰ যুদ্ধৰ পিছত যদি তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বিচৰা হেঁতেন এই কৰিড’ৰটো সম্প্ৰসাৰণ কৰিব পৰা গ’লহেঁতেন, যাৰ ফলত উত্তৰ-পূবৰ নিৰ্ভৰশীলতাৰ অন্ত পৰিলহেঁতেন ।

প্ৰকল্পৰ সবিশেষ প্ৰকাশ ৰে’ল মন্ত্ৰীৰ-

সোমবাৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে যে চৰকাৰে প্ৰায় ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ “চিকেন নেক” কৰিডৰৰ কাষত মাটিৰ তলত ৰে’লপথ স্থাপনৰ পৰিকল্পনাত কাম কৰি আছে । ইয়াৰোপৰি বৰ্তমানৰ ৰে’ল লাইন চাৰিটা লাইনলৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱো অন্তৰ্ভূক্ত আছে ।

লগতে পঢ়ক : মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব য়ুমনাম খেমচান্দ সিং; এবছৰৰ পাছত ৰাজ্যখনৰ পৰা আতঁৰিব ৰাষ্ট্ৰপতি শাসন

ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্তৰ-পূবক অপমান কৰাৰ অভিযোগ বিজেপিৰ

শেহতীয়াকৈ গলবস্ত্ৰক লৈ উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি । কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দেশৰ উত্তৰ-পূবক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে ।

সোমবাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দেশৰ উত্তৰ-পূবক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে । ৰাষ্ট্ৰপতি ভৱনত ‘এট-হোম’ অভ্যৰ্থনা অনুষ্ঠানত সকলো অতিথিক দিয়া গলবস্ত্ৰ পৰিধান নকৰাকৈয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো অসন্মান কৰিছিল বুলি ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে । সংবাদ মাধ্যমৰ একাংশই ৰাহুল গান্ধীৰ বাহিৰে সকলো অতিথিয়ে অনুষ্ঠানত দিয়া গলবস্ত্ৰ পিন্ধিছিল বুলি দাবী কৰাৰ পিছত এই বিতৰ্কৰ সূচনা হয় ।

ৰাহুল গান্ধীক সমালোচনা বিজেপিৰ-

কিছু সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বাহজাদ পুনাৱাল্লাই এক্সৰ এটা পোষ্টত কয়, “লজ্জাজনক ! ৰাহুল গান্ধীয়ে উত্তৰ-পূবক অপমান কৰিছে আৰু লগতে আমাৰ অতি সন্মানীয় ৰাষ্ট্ৰপতিকো অসন্মান কৰিছে।” বিজেপি নেতাগৰাকীয়ে কয় যে তেওঁ অনুভৱ কৰিছে যে “পৰিয়াল ব্যৱস্থা” “সাংবিধানিক ব্যৱস্থা”ৰ ওপৰত । আসনৰ ব্যৱস্থা এটা নিৰ্দিষ্ট ফৰ্মেট, ৰাষ্ট্ৰপতিৰ টেবুলৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় । ৰাহুল গান্ধীৰ আশে-পাশে বা পিছফালে জ্যেষ্ঠ কেবিনেট মন্ত্ৰীক দেখা যায়, কিন্তু তেওঁলোকৰ কোনোৱেই ইয়াক ইছ্যু কৰা নাছিল ।

পুনাৱালাই প্ৰশ্ন কৰে, “ৰাহুলে ভাৰতৰ মালিক বুলি ভাবে নেকি ?  কিয় গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ পৰা আতৰি থাকে ?  উপ-ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ সময়ত তেওঁ ক’ত আছিল ?  চি জে আইৰ শপত গ্ৰহণৰ সময়ত ?  স্বাধীনতা দিৱসৰ অনুষ্ঠানত ?” ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে গণৰাজ্য দিৱসত কংগ্ৰেছে আসনৰ ব্যৱস্থাক ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰি গান্ধীক “অসৎ ৰাজনীতিবিদ” বুলি অভিহিত কৰে । ভাণ্ডাৰীয়ে অভিযোগ কৰে যে, “গণৰাজ্য দিৱসত আসনৰ ব্যৱস্থাকো ৰাজনীতিকৰণ কৰাটো কংগ্ৰেছৰ বাবে লজ্জাজনক । ৰাহুল গান্ধী এজন অসাধু ৰাজনীতিবিদ যিয়ে ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ ৰাজনীতি বাছি লয় ।”

ৰাহুলক ক্ষমা খোজাৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ-

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা এক অনুষ্ঠানত পৰম্পৰাগত (গলবস্ত্ৰ) পৰিধান কৰিবলৈ অস্বীকাৰ কৰাৰ অভিযোগত ৰাহুল গান্ধীৰ পৰা “বিনা চৰ্তে ক্ষমা খোজাৰ” দাবী কৰিছে ।

গণৰাজ্য দিৱসৰ সন্ধিয়া ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠানত ৰাহুল গান্ধীয়ে অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক পৰম্পৰাগত পাটকা পৰিধান নকৰাটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি অত্যন্ত সংবেদনহীন আৰু অসন্মানজনক বুলি এক্সত দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- সময় সলনি হ’ব পাৰে, কিন্তু কংগ্ৰেছ দলৰ বাস্তৱিক চুপ্ৰীমো ৰাহুল গান্ধীৰ মনোভাৱ অপৰিৱৰ্তিত যেন লাগে… ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিদেশী অতিথিলৈকে সকলোৱে শ্ৰদ্ধা আৰু গৌৰৱেৰে পাটকা পিন্ধিছিল । কেৱল গান্ধীয়ে একাষৰীয়াকৈ থিয় দিয়ে, যাৰ পৰা উত্তৰ-পূর্বাঞ্চলৰ প্ৰতি তেওঁৰ অসন্মান প্রকাশ পাইছে ৷ এই অপমানৰ বাবে ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওচৰত বিনাচৰ্তে ক্ষমা খুজিব লাগে ।

লগতে পঢ়ক : বাণিজ্য আৰু প্ৰযুক্তিক অস্ত্ৰ সদৃশ ব্যৱহাৰ কৰা হৈছে: ড’নাল্ড ট্ৰাম্পক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য !

আজি উত্তৰ-পূবৰ তিনিখনকৈ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা

উত্তৰ-পূবৰ তিনিখনক ৰাজ্য মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ আজি প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যবাসীক জনালে শুভেচ্ছা ।

আজি উত্তৰ-পূবৰ তিনিখন ৰাজ্য, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে এই তিনিখন ৰাজ্যৰ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ।

ভাৰতৰ প্ৰগতি সমৃদ্ধ কৰিছে মণিপুৰেঃ প্ৰধানমন্ত্ৰী মোদী

তেওঁ কয় যে মণিপুৰৰ জনসাধাৰণে নিজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাৰতৰ প্ৰগতি সমৃদ্ধ কৰিছে । আগন্তুক বছৰবোৰতো ৰাজ্যখনে উন্নয়নৰ পথত আগবাঢ়ি যাব বুলি আস্থা প্ৰকাশ কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণ, চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক সঁচাকৈয়ে উল্লেখযোগ্য ।

মেঘালয়বাসীকো প্ৰধানমন্ত্ৰী মোদীৰ শুভকামনা-

মেঘালয়বাসীক শুভকামনা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ জনসাধাৰণে ৰাষ্ট্ৰৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াইছে । তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ সাংস্কৃতিক সজীৱতা আৰু প্ৰাকৃতিক সৌন্দৰ্য্য সমগ্ৰ দেশতে ব্যাপকভাৱে প্ৰশংসা কৰা হৈছে । ভৱিষ্যতেও মেঘালয়ে উন্নয়নৰ নতুন উচ্চতা বৃদ্ধি কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।

অভূতপূৰ্ব পৰিৱৰ্তন সাক্ষী হৈছে ত্ৰিপুৰাঃ প্ৰধানমন্ত্ৰী মোদী

ত্ৰিপুৰাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে ৰাজ্যখনৰ এই যাত্ৰাত পৰম্পৰা আৰু আধুনিকতাৰ উল্লেখযোগ্য মিশ্ৰণ ঘটিছে । তেওঁ কয়,”ৰাজ্যখনে বিভিন্ন খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন সাক্ষী হৈছে আৰু ৰাজ্যখনৰ জনসাধাৰণে ভাৰতৰ উন্নয়ন যাত্ৰাক আগুৱাই লৈ গৈছে । আগন্তুক সময়ত ত্ৰিপুৰাই যাতে উল্লেখযোগ্য সমৃদ্ধি সাধন কৰে তাৰেই কামনা কৰিছোঁ ।”

লগতে পঢ়ক : ‘নীতিন নৱীন মোৰ বছ, মই কাৰ্যকৰ্তা’… বিজেপিৰ নতুন সভাপতিক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

‘উত্তৰ-পূবৰ বিষয়ে জনাটো আন ৰাজ্যৰ বাবেও গুৰুত্বপূৰ্ণ’… নৱবৰ্ষৰ দিনটোতে কিয় ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলক উত্তৰ-পূব ভাৰতৰ বিষয়ে জ্ঞান দিয়া উচিত বুলি উল্লেখ কৰে খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণ “গৌৰৱান্বিত ভাৰতীয় আৰু দেশৰ বাকী অংশৰ লোকসকলে অঞ্চলটো আৰু ইয়াৰ বাসিন্দাসকলৰ বিষয়ে জানিব লাগে”।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলক উত্তৰ-পূব ভাৰতৰ বিষয়ে জ্ঞান দিয়া উচিত বুলি উল্লেখ কৰে । তেওঁ কয় যে, ডেৰাডুনত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাৰ দৰে ঘটনাৰ পৰা ৰক্ষা পাবলৈ এই সজাগতা অতি গুৰুত্বপূৰ্ণ ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰেই কৰায়ত্ত কৰিব লাগে । এনে ঘটনা ৰোধ কৰিবলৈ দোষীক কঠোৰ শাস্তি দিয়াৰ প্ৰয়োজন । অভিযুক্তক যদি কঠোৰ শাস্তি দিয়া হয়, তেন্তে ই সমগ্ৰ দেশতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব আৰু এনে ঘটনা পুনৰ সংঘটিত নহ’ব বুলিও তেওঁ কয় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণ “গৌৰৱান্বিত ভাৰতীয় আৰু দেশৰ বাকী অংশৰ লোকসকলে অঞ্চলটো আৰু ইয়াৰ বাসিন্দাসকলৰ বিষয়ে জানিব লাগে”। অঞ্চলটোৰ জনসাধাৰণ আৰু ভাৰতৰ বাকী অংশৰ মাজত অধিক আলোচনা হ’ব লাগে বুলি তেওঁ পৰামৰ্শ আগবঢ়ায় ।

ড০ শৰ্মাই ছাত্ৰজনৰ মৃত্যুক মৰ্মান্তিক আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে । তেওঁ কয় যে আমি এই কাণ্ডক গৰিহণা দিছো আৰু শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিছো । বিগত পাঁচ বছৰত এনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলিও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় আৰু ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ বাবে আশা প্ৰকাশ কৰে ।

বাহিৰত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তথ্য ৰাজ্য চৰকাৰৰ হাতত আছে নেকি বুলি সোধা এক প্ৰশ্নত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বৰ্তমান এনে কোনো পৰিসংখ্যা নাই । অৱশ্যে প্ৰয়োজন হ’লে এনে তথ্য সংগ্ৰহ কৰি সংৰক্ষণ কৰিব পাৰি ।

লগতে পঢ়ক : অসমত হ্ৰাস অপৰাধৰ সংখ্যা, ৩ মাহত দুহেজাৰ বাংলাদেশী পুশ্ববেক… নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ

উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ… বান আৰু ভূমিস্খলনৰ ফলত ২৫ জনৰ মৃত্যু

উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ

উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বিগত দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু হৈছে । লগে লগে দ্ৰুতগতিত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ।

বতৰ বিজ্ঞান বিভাগে আগন্তুক দিনত অধিক বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে । ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে বান আৰু ভূমিস্খলনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক জীৱন ব্যাহত কৰিছে ।

ভূমিস্খলনত ৫জনৰ মৃত্যু-

গুৱাহাটীত ভূমিস্খলনৰ ফলত বহু কেইটা বাসগৃহৰ ক্ষতি হয় । এই ঘটনাত একেটা পৰিয়ালৰ তিনিজন সদস্যকে ধৰি ৫জন লোকৰ মৃত্যু হয় । ঘটনাৰ পিছতে অঞ্চলটোত নতুন সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে । ইয়াৰ উপৰিও গোলাঘাট জিলাত বানত উটি যোৱাৰ ফলত দুজন আৰু লখিমপুৰত এজন লোকৰ মৃত্যু হয় ।

অৰুণাচল প্ৰদেশ : ৭ জন নিহত

অৰুণাচল প্ৰদেশত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এখন বাহন উটুৱাই নিয়াৰ ফলত ৭ জন লোকৰ মৃত্যু হয় । আন এক ঘটনাত দুজন লোক পানীত ডুব যায় । ৰাজ্যখনত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে ।

মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়: ২৪ ঘন্টাত ৮ জনৰ মৃত্যু

বিগত ২৪ ঘন্টাত মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ত ৮ জন লোকৰ মৃত্যু হৈছে । হঠাৎ অহা বান আৰু ভূমিস্খলনৰ ফলত এই লোকসকলৰ মৃত্যু হৈছে ।

মণিপুৰ : ইম্ফলত স্থবিৰ হৈ পৰিছে জন-জীৱন

মণিপুৰৰ ৰাজধানী ইম্ফলত তিনিদিন ধৰি ধাৰাবাহিকভাৱে হোৱা বৰষুণে সম্পূৰ্ণৰূপে বিঘ্নিত কৰিছে স্বাভাৱিক জীৱন । চহৰৰ বহু ঠাইত পানী জমা হোৱাত ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে । ইম্ফল নদীৰ পাৰৰ অঞ্চলসমূহত বসবাস কৰা লোকসকলক অনতিপলমে সুৰক্ষিত স্থানলৈ যাবলৈ প্ৰশাসনে আহ্বান জনাইছে । বানপানীৰ সতৰ্কবাণীও জাৰি কৰা হৈছে ।

উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ-

আগন্তুক দিনতো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণ অব্যাহত থাকিব বুলি সকীয়াই দিছে বতৰ বিজ্ঞান বিভাগে । বিভাগটোৱে অসমৰ বহু প্ৰান্তৰ বাবে ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । আনহাতে উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহৰ বাবে অৰেঞ্জ আৰু য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে ।

ইফালে অসমৰ ১৭খন জিলা বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৭৮ হাজাৰৰো অধিক লোক । ১২০০ৰো অধিক লোকক ৫টা ভিন্ন সাহায্য শিবিৰলৈ প্ৰেৰণ কৰা হৈছে । লখিমপুৰ জিলা বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত ৪১,৬০০ৰো অধিক লোক বিপদত পৰিছে । ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পায়ে আছে ।

লগতে পঢ়ক : এফালে ভূমিস্খলন আৰু আনফালে তিস্তাৰ ভয়াৱহ ৰূপ… ছিকিমত প্ৰকৃতিৰ তাণ্ডৱ