অসমত UCC: ৩০ দিনৰ ভিতৰত লিভ-ইন পঞ্জীয়ন নকৰিলে শাস্তি, বহুবিবাহত হ’ব ৭ বছৰ পৰ্যন্ত জেল!

অসমত UCC: ৩০ দিনৰ ভিতৰত লিভ-ইন পঞ্জীয়ন নকৰিলে শাস্তি, বহুবিবাহত হ’ব ৭ বছৰ পৰ্যন্ত জেল!

উত্থাপিত বিধেয়কখনে ৰাজ্যখনত বহুবিবাহ বা দ্বিপত্নী/দ্বিপতি গ্ৰহণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে অসম চৰকাৰে ৰাজ্যৰ সামাজিক আৰু পাৰিবাৰিক ব্যৱস্থাত এক ডাঙৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । কেবিনেটৰ অনুমোদন লাভ কৰাৰ প্ৰায় দুসপ্তাহৰ পাছত, সোমবাৰে অসম বিধানসভাত আনুষ্ঠানিকভাৱে উত্থাপন কৰা হয় বহু প্ৰত্যাশিত “ইউনিফৰ্ম

উত্থাপিত বিধেয়কখনে ৰাজ্যখনত বহুবিবাহ বা দ্বিপত্নী/দ্বিপতি গ্ৰহণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে

অসম চৰকাৰে ৰাজ্যৰ সামাজিক আৰু পাৰিবাৰিক ব্যৱস্থাত এক ডাঙৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । কেবিনেটৰ অনুমোদন লাভ কৰাৰ প্ৰায় দুসপ্তাহৰ পাছত, সোমবাৰে অসম বিধানসভাত আনুষ্ঠানিকভাৱে উত্থাপন কৰা হয় বহু প্ৰত্যাশিত “ইউনিফৰ্ম চিভিল ক’ড (উমৈহতীয়া নাগৰিক সংহিতা), অসম, ২০২৬ বিধেয়ক”। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই এই ঐতিহাসিক বিলখন সদনৰ মজিয়াত দাখিল কৰে । অহা ২৭ মে’ত এই বিধেয়কখনৰ ওপৰত বিস্তৃত আলোচনা আৰু ইয়াৰ গৃহীতকৰণৰ প্ৰক্ৰিয়া হাতত লোৱা হ’ব বুলি আশা কৰা হৈছে ।

এই নতুন বিধেয়কখনে ধৰ্মীয় ভিত্তিত থকা পুৰণি ব্যক্তিগত আইনসমূহ আঁতৰাই ৰাজ্যৰ সকলো বাসিন্দাৰ বাবে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্ক নিয়ন্ত্ৰণৰ বাবে এক একক দেৱানী আইনী ব্যৱস্থা প্ৰতিষ্ঠা কৰিব । চৰকাৰৰ মতে, ইয়াৰ উদ্দেশ্য হৈছে “ৰাজ্যত সম্পূৰ্ণ সমতা আৰু লিংগ ন্যায় নিশ্চিত কৰা”। অৱশ্যে, সংবিধান প্ৰদত্ত সুৰক্ষা আৰু সাংস্কৃতিক স্বকীয়তা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ৰাজ্যৰ অনুসূচিত জনজাতি (ST) সকলক এই আইনৰ আওতাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰখা হৈছে ।

বিবাহ আৰু লিভ-ইন সম্পৰ্কৰ নিয়মসমূহ-

উত্থাপিত বিধেয়কখনে ৰাজ্যখনত বহুবিবাহ বা দ্বিপত্নী/দ্বিপতি গ্ৰহণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে । অৱশ্যে, আইনখন কাৰ্যকৰী হোৱাৰ পূৰ্বে সম্পন্ন হোৱা পূৰ্বৰ বহুবিবাহক আইনী সুৰক্ষা দিবলৈ এটা  Savings clause ৰখা হৈছে । ইয়াৰ উপৰি, বিবাহৰ বাবে দৰাৰ নূন্যতম বয়স ২১ বছৰ আৰু কইনাৰ বাবে ১৮ বছৰ বয়স আইনী মানক হিচাপে ধাৰ্য কৰা হৈছে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই আইনে সাংস্কৃতিক বৈচিত্ৰ্যক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিছে । যিকোনো প্ৰচলিত ধৰ্মীয় ৰীতি-নীতি যেনে— বৈদিক বিবাহ, আহোমৰ চাকলং, সপ্তপদী, আশীৰ্বাদ, নিকাহ, পবিত্ৰ ইউনিয়ন বা আনন্দ কাৰাজ আদি সকলো পৰম্পৰাৰ জৰিয়তে বিবাহ সম্পন্ন কৰাৰ সম্পূৰ্ণ স্বাধীনতা দম্পতীসকলৰ থাকিব ।

বাধ্যতামূলক পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া-

বিধেয়কখনত সমগ্ৰ ৰাজ্যজুৰি সকলো বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । বিবাহ সম্পন্ন হোৱাৰ ৬০ দিনৰ ভিতৰত দম্পতীসকলে উপ-পঞ্জীয়কৰ (Sub-Registrar) ওচৰত এক স্মাৰকপত্ৰ দাখিল কৰিব লাগিব । একেদৰে, লিভ-ইন সম্পৰ্কত থকা দম্পতীসকলেও সম্পৰ্ক আৰম্ভ হোৱাৰ ৩০ দিন বা এমাহৰ ভিতৰত পঞ্জীয়ন কৰাটো প্ৰয়োজনীয় কৰা হৈছে ।

শিশু আৰু দুৰ্বল ব্যক্তিসকলৰ সুৰক্ষাৰ বাবে ইয়াত বিশেষ ব্যৱস্থা কৰা হৈছে । লিভ-ইন সম্পৰ্কৰ পৰা জন্ম হোৱা যিকোনো সন্তানক সম্পূৰ্ণ আইনী আৰু বৈধ বুলি ঘোষণা কৰা হৈছে । তদুপৰি, কোনো লিভ-ইন সংগী পৰিত্যক্ত হ’লে তেওঁ আদালতৰ জৰিয়তে আৰ্থিক ভৰণ-পোষণ দাবী কৰাৰ স্পষ্ট আইনী অধিকাৰ পাব । বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত সকলো নাগৰিকৰে বাবে নিৰ্যাতন, পৰিত্যাগ, বা পাৰস্পৰিক সন্মতি আদি সমৰূপ ভিত্তি সংহিতাবদ্ধ কৰা হৈছে আৰু ৫ বছৰৰ তলৰ শিশুৰ জিম্মা সাধাৰণতে মাতৃৰ হাততে থকাটো নিশ্চিত কৰা হৈছে । এই সমগ্ৰ আইনী গাঁথনি সুশৃংখলিত কৰিবলৈ পূৰ্বৰ ‘অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন আইন, ২০২৪’ বাতিল কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ।

নিয়ম উলংঘাৰ ক্ষেত্ৰত কঠোৰ শাস্তি আৰু জৰিমনা-

ব্যক্তিগত সম্পৰ্কত শোষণ, প্ৰতাৰণা আৰু বেআইনী কাৰ্যকলাপ ৰোধ কৰিবলৈ বিধেয়কখনত ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩ আৰু অন্যান্য প্ৰচলিত আইনৰ অধীনত কেইবাটাও কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে ।

যদি কোনো ব্যক্তিয়ে বহুবিবাহ বা দ্বিপত্নী গ্ৰহণ কৰে, তেন্তে তেওঁৰ ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে । একেদৰে বলপ্ৰয়োগ, জোৰ-জবৰদস্তি বা তথ্য গোপন কৰি কৰা প্ৰতাৰণামূলক বা প্ৰবঞ্চনামূলক বিবাহৰ বাবেও জৰিমনাৰ লগতে সাত বছৰ পৰ্যন্ত কাৰাদণ্ডৰ প্ৰস্তাৱ দিয়া হৈছে । বাল্য বিবাহ বা বৈধ সন্মতি অবিহনে কৰা বিবাহৰ বাবে বাল্য বিবাহ নিষেধ আইন, ২০০৬ অনুসৰি দুবছৰ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা অথবা উভয়দণ্ড হ’ব পাৰে ।

আইনী প্ৰক্ৰিয়া উলংঘা কৰি অবৈধভাৱে বিবাহ বিচ্ছেদ ঘটালে ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা বিহা হ’ব । আনহাতে এগৰাকী বিবাহ বিচ্ছেদ হোৱা ব্যক্তিক পুনৰ বিবাহৰ পূৰ্বে কোনো বেআইনী চৰ্ত পূৰণ কৰিবলৈ বাধ্য কৰিলে তিনি বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা ভৰিব লাগিব । বৈধ পৰম্পৰা নোহোৱাকৈ নিষিদ্ধ সম্পৰ্কৰ ভিতৰত বিবাহ কৰিলে ছয় মাহ পৰ্যন্ত কাৰাদণ্ড আৰু ৫০,০০০ টকালৈকে জৰিমনা হ’ব পাৰে ।

পঞ্জীয়ন প্ৰক্ৰিয়াত গাফিলতি কৰাৰ বাবেও শাস্তি ধাৰ্য কৰা হৈছে । নিৰ্দিষ্ট ৬০ দিনৰ ভিতৰত ইচ্ছাকৃতভাৱে বিবাহ বা বিবাহ বিচ্ছেদ পঞ্জীয়ন নকৰিলে ১০,০০০ টকাৰ জৰিমনা হ’ব । পঞ্জীয়নৰ সময়ত জাল বা ভুৱা নথি-পত্ৰ দাখিল কৰিলে তিনি মাহ পৰ্যন্ত কাৰাদণ্ড বা ২৫,০০০ টকালৈকে জৰিমনা হ’ব পাৰে । একেদৰে, এমাহৰ ভিতৰত নিজৰ লিভ-ইন সম্পৰ্ক পঞ্জীয়ন নকৰিলে ৩ মাহ পৰ্যন্ত কাৰাদণ্ড বা ১০,০০০ টকালৈকে জৰিমনা বিহা হ’ব ।

সম্পত্তিৰ উত্তৰাধিকাৰ আইন-

উত্তৰাধিকাৰ বা সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত এই বিধেয়কখনে পুৰুষ আৰু মহিলাৰ সম অধিকাৰ নিশ্চিত কৰিছে । কোনো ব্যক্তিৰ বিনা উইলে (Intestate) মৃত্যু হ’লে, প্ৰথম শ্ৰেণীৰ উত্তৰাধিকাৰী অৰ্থাৎ মৃতকৰ পত্নী/গিৰীয়েক, সন্তান আৰু পিতৃ-মাতৃৰ মাজত সম্পত্তি ভাগ হ’বলৈ এক লিংগ-সমতাবাদী অগ্ৰাধিকাৰ ক্ৰম সৃষ্টি কৰা হৈছে । আনহাতে সুস্থ মনৰ যিকোনো প্ৰাপ্তবয়স্ক ব্যক্তিক সাক্ষীৰ উপস্থিতিত নিজৰ লিখিত উইল বা ইচ্ছাপত্ৰ কাৰ্যকৰী কৰাৰ সম্পূৰ্ণ আইনী অধিকাৰ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : অসম বিধানসভাত উত্থাপন হ’ল UCC বিধেয়ক