দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলক উত্তৰ-পূব ভাৰতৰ বিষয়ে জ্ঞান দিয়া উচিত বুলি উল্লেখ কৰে খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণ “গৌৰৱান্বিত ভাৰতীয় আৰু দেশৰ বাকী অংশৰ লোকসকলে অঞ্চলটো আৰু ইয়াৰ বাসিন্দাসকলৰ বিষয়ে জানিব লাগে”।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলক উত্তৰ-পূব ভাৰতৰ বিষয়ে জ্ঞান দিয়া উচিত বুলি উল্লেখ কৰে । তেওঁ কয় যে, ডেৰাডুনত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাৰ দৰে ঘটনাৰ পৰা ৰক্ষা পাবলৈ এই সজাগতা অতি গুৰুত্বপূৰ্ণ ।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰেই কৰায়ত্ত কৰিব লাগে । এনে ঘটনা ৰোধ কৰিবলৈ দোষীক কঠোৰ শাস্তি দিয়াৰ প্ৰয়োজন । অভিযুক্তক যদি কঠোৰ শাস্তি দিয়া হয়, তেন্তে ই সমগ্ৰ দেশতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব আৰু এনে ঘটনা পুনৰ সংঘটিত নহ’ব বুলিও তেওঁ কয় ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণ “গৌৰৱান্বিত ভাৰতীয় আৰু দেশৰ বাকী অংশৰ লোকসকলে অঞ্চলটো আৰু ইয়াৰ বাসিন্দাসকলৰ বিষয়ে জানিব লাগে”। অঞ্চলটোৰ জনসাধাৰণ আৰু ভাৰতৰ বাকী অংশৰ মাজত অধিক আলোচনা হ’ব লাগে বুলি তেওঁ পৰামৰ্শ আগবঢ়ায় ।
ড০ শৰ্মাই ছাত্ৰজনৰ মৃত্যুক মৰ্মান্তিক আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে । তেওঁ কয় যে আমি এই কাণ্ডক গৰিহণা দিছো আৰু শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিছো । বিগত পাঁচ বছৰত এনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলিও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় আৰু ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ বাবে আশা প্ৰকাশ কৰে ।
বাহিৰত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তথ্য ৰাজ্য চৰকাৰৰ হাতত আছে নেকি বুলি সোধা এক প্ৰশ্নত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বৰ্তমান এনে কোনো পৰিসংখ্যা নাই । অৱশ্যে প্ৰয়োজন হ’লে এনে তথ্য সংগ্ৰহ কৰি সংৰক্ষণ কৰিব পাৰি ।









