অসমত হ্ৰাস অপৰাধৰ সংখ্যা, ৩ মাহত দুহেজাৰ বাংলাদেশী পুশ্ববেক… নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ

অসমত হ্ৰাস অপৰাধৰ সংখ্যা, ৩ মাহত দুহেজাৰ বাংলাদেশী পুশ্ববেক… নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ

নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে কেইবাটাও ভাল খবৰ । অপৰাধ হ্ৰাসৰ পৰা বিদেশী বিতাড়নলৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । নতুন বছৰৰ প্ৰথম দিনটোতে ‘নতুন দিনৰ আলাপ ‘ নামৰ এক অনুষ্ঠানত ৰাজ্যৰ সাংবাদিক সকলৰ সৈতে বাৰ্তালাপত

নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে কেইবাটাও ভাল খবৰ । অপৰাধ হ্ৰাসৰ পৰা বিদেশী বিতাড়নলৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ।

নতুন বছৰৰ প্ৰথম দিনটোতে ‘নতুন দিনৰ আলাপ ‘ নামৰ এক অনুষ্ঠানত ৰাজ্যৰ সাংবাদিক সকলৰ সৈতে বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । এই অনুষ্ঠানত বিগত বছৰটোৰ ৰাজ্য চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তিনিখন অপৰাধমূলক আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে । ২০২১ চনত ৰাজ্যখনত ১.৩৩ লাখ গোচৰ পঞ্জীয়ন হৈছিল । ২০২৫ চনত এই সংখ্যা ৪৩,৭৪৮ লৈ হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে আদালতত অভিযোগনামা দাখিলৰ হাৰ ৮১ শতাংশ বৃদ্ধি পাইছে ।

ড০ শৰ্মাই কয় যে ২০২১ চনত দোষী সাব্যস্ত হোৱাৰ হাৰ আছিল ছয় শতাংশ, যিটো এতিয়া ২৬.৩৮ শতাংশলৈ বৃদ্ধি পাইছে । ২০২৫ চনত ২৯১৯ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল । লগতে তেওঁ অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত লোৱা দমনমূলক ব্যৱস্থা সন্দৰ্ভতো বিশদ বিৱৰণ দিয়ে । তেওঁ কয় যে ২০০০ অবৈধ বিদেশীক চিনাক্ত কৰি বিতাড়ন কৰা হৈছে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰাসকলক আমি এসপ্তাহৰ ভিতৰত ঘূৰাই পঠোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো । তেওঁ কয় অহা পাঁচ বছৰ অবৈধ বিদেশীক বহিষ্কাৰনে নতুন গতি ল’ব । তেওঁ কয়, “কালি আমি আৰু ১৮ জন বাংলাদেশীক বিতাড়িত কৰিলোঁ । অসমৰ ১.৪৫ লাখ বিঘা মাটি বেদখলৰ পৰা মুক্ত হৈছে ।”

মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু কয়, ‘বিগত পাঁচ বছৰত ৰাজ্যখনত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহু কাম কৰা হৈছে ।’ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ আৰু ১৮ জানুৱাৰীত অসম ভ্ৰমণলৈ আহিব । এই সময়চোৱাত তেওঁ ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব যাৰ আনুমানিক ব্যয় হ’ব ৬,৯৫৭ কোটি টকা ।

তেওঁ কয় যে বিত্ত মন্ত্ৰালয়ে গহপুৰৰ পৰা নুমলীগড়লৈ সংযোগ কৰা ২২ হাজাৰ কোটি টকাৰ ডাবল টানেলৰ অনুমোদন জনাইছে, যিয়ে পথ আৰু ৰে’ল দুয়োটাৰে সেৱা আগবঢ়াব । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ফেব্ৰুৱাৰী মাহত প্ৰস্তাৱিত গেলেফু ৰেলপথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক : বছৰৰ প্ৰথমটো দিনতেই মহিলা সকলক মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ উপহাৰ…

শেহতীয়া প্ৰৱন্ধসমূহ