মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব য়ুমনাম খেমচান্দ সিং; এবছৰৰ পাছত ৰাজ্যখনৰ পৰা আতঁৰিব ৰাষ্ট্ৰপতি শাসন

মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব য়ুমনাম খেমচান্দ সিং; এবছৰৰ পাছত ৰাজ্যখনৰ পৰা আতঁৰিব ৰাষ্ট্ৰপতি শাসন

বিজেপি নেতা য়ুমনাম খেমচান্দ সিঙক মণিপুৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় । এতিয়া তেওঁ হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী । দিল্লীত অনুষ্ঠিত এখন বৈঠকত ভাৰতীয় জনতা পাৰ্টিৰ নেতা য়ুমনাম খেমচান্দ সিঙক মণিপুৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ পিছতে এতিয়া

বিজেপি নেতা য়ুমনাম খেমচান্দ সিঙক মণিপুৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় । এতিয়া তেওঁ হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ।

দিল্লীত অনুষ্ঠিত এখন বৈঠকত ভাৰতীয় জনতা পাৰ্টিৰ নেতা য়ুমনাম খেমচান্দ সিঙক মণিপুৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ পিছতে এতিয়া তেওঁ হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী । মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত মণিপুৰ বিজেপিৰ বিধায়কসকলৰ এক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকতে য়ুমনামক বিধায়িনি দলৰ নেতা নিৰ্বাচিত কৰা হয় । উল্লেখ্য যে, প্ৰায় এবছৰ ধৰি ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত থকা মণিপুৰত মুখ্যমন্ত্ৰীৰ পদ খালী হৈ আছিল ।

ইয়াৰ পূৰ্বে বিজেপিৰ সম্প্ৰসাৰণ কাৰ্যালয়ত বিজেপিৰ সাধাৰণ সম্পাদকসকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰে। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বংশাল উপস্থিত থাকে।

কোন হয় য়ুমনাম খেমচান্দ সিং ?

নতুন দিল্লীত অনুষ্ঠিত হোৱা দলীয় বৈঠকৰ অন্তত মণিপুৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা য়ুমনাম খেমচান্দ সিঙ । ৰাজ্যখনত চলি থকা ৰাজনৈতিক পৰিঘটনাৰ মাজতে দলটোৱে নেতৃত্ব শক্তিশালী কৰিবলৈ চেষ্টা কৰাৰ গুৰুত্বপূৰ্ণ সময়তে খেমচান্দ সিঙৰ কান্ধত এই গধুৰ দায়িত্ব দিয়া হৈছে ।

উল্লেখ্য যে, মণিপুৰৰ এগৰাকী বিশিষ্ট বিজেপি নেতা আৰু দুবাৰৰ বিধায়ক য়ুমনাম খেমচান্দ সিং । ২০১৭ আৰু ২০২২ চনৰ বিধানসভা নিৰ্বাচনত চিংজামেই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ৰাজ্যখনৰ ৰাজধানীত নিজৰ শক্তিশালী ৰাজনৈতিক প্ৰভাৱ প্ৰদৰ্শন কৰিছিল তেওঁ ।

মণিপুৰ বিধানসভাৰ অধ্যক্ষৰ পদতো আছিল য়ুমনাম-

২০১৭ চনৰ মাৰ্চ মাহত মণিপুৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈ ২০২২ চনলৈকে সম্পূৰ্ণ পাঁচ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ । অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকাল ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ সময়ছোৱাত সদনৰ কাৰ্যবিধি সুচাৰুৰূপে চলাটো নিশ্চিত কৰাৰ বাবে পৰিচিত ।

২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত দ্বিতীয় বীৰেন সিং চৰকাৰত য়ুমনাম খেমচান্দ সিঙক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় । পৌৰ প্ৰশাসন, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ, শিক্ষা আদি মূল বিভাগৰ দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছিল । এই পৰ্টফলিঅ’সমূহৰ ভিতৰত তেওঁ নগৰ শাসন সংস্কাৰ, গ্ৰাম্য উন্নয়ন আঁচনি, শিক্ষা খণ্ডৰ প্ৰশাসনৰ সৈতে জড়িত বিষয়সমূহত ভূমিকা পালন কৰিছিল ।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়ালৈকে য়ুমনাম খেমচান্দ সিঙে কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

লগতে পঢ়ক : নিৰ্বাচনী বিজয়তে সন্তুষ্ট নহ’বলৈ সাংসদক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য