শ্বহীদ দিৱসত অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

শ্বহীদ দিৱসত অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

আজি ৰাজ্যজুৰি পালন কৰা হৈছে শ্বহীদ দিৱস । আজি পবিত্ৰ শ্বহীদ দিৱস । অসম আন্দোলনত মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদলৈ আজিৰ দিনটোত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । জাতি ৰক্ষা তথা মাতৃভূমিৰ প্ৰতি তেওঁলোকে কৰি যোৱা সৰ্বোচ্চ ত্যাগক ৰজাঘৰ-প্ৰজাঘৰে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে ।

আজি ৰাজ্যজুৰি পালন কৰা হৈছে শ্বহীদ দিৱস ।

আজি পবিত্ৰ শ্বহীদ দিৱস । অসম আন্দোলনত মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদলৈ আজিৰ দিনটোত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । জাতি ৰক্ষা তথা মাতৃভূমিৰ প্ৰতি তেওঁলোকে কৰি যোৱা সৰ্বোচ্চ ত্যাগক ৰজাঘৰ-প্ৰজাঘৰে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে ।

আজি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে শ্বহীদ দিৱস । সদৌ অসম ছাত্ৰ সন্থা, চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰিছে । ইফালে মহানগৰাৰী বৰাগাঁৱত ৰাজ্য চৰকাৰে পালন কৰিছে এই দিৱস । এই অনুষ্ঠানতে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ হোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইফালে এই পবিত্ৰ দিৱসতেই অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে । সামাজিক মাধ্যমযোগে অসমীয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকে দেখা সপোনসমূহ পূৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে-“আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্ৰহণ কৰা সকলোৰে শৌৰ্য্যক স্মৰণ কৰিছো । এই আন্দোলনে সদায় আমাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব । আমি পুনৰ উল্লেখ কৰিব বিচাৰো যে, অসমৰ সংস্কৃতিক সবল কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ সপোন যিসকল আন্দোলনকাৰীয়ে দেখিছিল, সেই সপোনসমূহ পূৰণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ।“

লগতে পঢ়ক : নিশা মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, এতিয়াও নিৰ্বাপন হোৱা নাই জুই

শেহতীয়া প্ৰৱন্ধসমূহ