আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে… মণিপুৰত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে… মণিপুৰত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

মণিপুৰত প্ৰধানমন্ত্ৰী মোদী শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উপস্থিত হোৱাৰ লগ লগে ফুলাম গামোচাৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক । প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে । উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰীয়ে চুৰাচান্দপুৰত ৭৩০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা

মণিপুৰত প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উপস্থিত হোৱাৰ লগ লগে ফুলাম গামোচাৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক । প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে ।

উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰীয়ে চুৰাচান্দপুৰত ৭৩০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মণিপুৰ দেশৰ মুকুট । মণিপুৰ সাহস আৰু আবেগৰ ভূমি । ২০১৪ চনৰ পৰা আমি মণিপুৰৰ সংযোগৰ কাম কৰি আহিছো । এতিয়া মণিপুৰৰ গাঁৱলৈয়ো পথ গৈছে । ইয়াৰ বাবেই মণিপুৰ উন্নয়নৰ পথত আগবাঢ়িছে ।

মণিপুৰৰ জনসাধাৰণক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰৰ ভূমি সাহস আৰু শৌৰ্য্যৰ ভূমি । মণিপুৰৰ ৰাইজৰ আত্মাক প্ৰণাম জনাব বিচাৰিছো । প্ৰচণ্ড বৰষুণ হোৱাৰ পিছতো আপোনালোক সকলোৱে ইয়ালৈ আহিছে, আপোনালোকৰ মৰমৰ বাবে ধন্যবাদ জনাইছো । ধাৰাসাৰ বৰষুণৰ বাবে মোৰ হেলিকপ্টাৰ আহিব নোৱাৰিলে, গতিকে পথেৰে অহাৰ সিদ্ধান্ত ল’লোঁ । ৰাস্তাত দেখা দৃশ্যবোৰৰ বাবে ভগৱানক ধন্যবাদ জনাইছো যে আজি মোৰ হেলিকপ্টাৰখনে কাম কৰা নাছিল । মণিপুৰৰ যুৱক-যুৱতীসকলক যিদৰে হাতত ত্ৰিৰংগ ধৰি থকা দেখিলোঁ, মই জীৱনৰ এই মুহূৰ্তটো কেতিয়াও পাহৰিব নোৱাৰো ।’

মণিপুৰত আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে-

মণিপুৰে যোৱা ২ বছৰ ধৰি হিংসাৰ সৈতে যুঁজি আহিছে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক শান্তিৰ বাবে আবেদন জনাই কয়, ‘যিকোনো স্থানত শান্তি প্ৰতিষ্ঠা কৰাটো অতি গুৰুত্বপূৰ্ণ । যোৱা ১১ বছৰত বহু সংঘাতৰ অন্ত পৰিছে । আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে । যোৱা কেইবছৰমানৰ পৰা ইয়াৰ মানুহে উন্নয়নক অগ্ৰাধিকাৰ দিছে । ভৱিষ্যতেও উন্নয়নে অধিক শক্তি লাভ কৰিব বুলি মোৰ বিশ্বাস । শান্তিৰ পথত আগবাঢ়ি যাবলৈ আৰু সপোন পূৰণ কৰিবলৈ, সন্তানৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ সকলো সংগঠনলৈ আহ্বান জনাম । মই আপোনালোকৰ লগত আছো ।’

মণিপুৰৰ পথ আৰু ৰেলৰ বাজেট বৃদ্ধি-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰ এখন সীমান্ত ৰাজ্য আৰু ইয়াত সংযোগ সদায় এটা ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে । ভাল ৰাস্তাৰ অভাৱত আপোনালোকে সন্মুখীন হোৱা অসুবিধাবোৰ মই ভালদৰে বুজি পাওঁ । সেইবাবেই ২০১৪ চনৰ পৰা মণিপুৰৰ সংযোগৰ নিৰন্তৰ উন্নতিৰ ওপৰত গুৰুত্ব দি আহিছো আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে দুটা স্তৰত কাম কৰিছে । প্ৰথমে আমি মণিপুৰৰ পথ আৰু ৰেলৱেৰ বাজেট বৃদ্ধি কৰিলোঁ । দ্বিতীয়তে, আমি গাঁওসমূহক পথৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলাইছিলো । বিগত কেইটামান বছৰত মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩৭০০ কোটি টকা ব্যয় কৰা হৈছে । নতুন ঘাইপথ নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে ৮,৭০০ কোটি টকা । ভৱিষ্যতেও এই উন্নয়নৰ পৰ্যায় অব্যাহত থাকিব ।’

লগতে পঢ়ক : ‘মই আপোনাৰ লগত আছো…’;মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য