মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ ভূয়সী প্ৰশংসা কৰে । তেওঁ কয় যে এই বাজেটৰ পৰা অসম বহু দিশত লাভৱান হ’ব ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ ভূয়সী প্ৰশংসা কৰে । তেওঁ ইয়াক “সংস্কাৰমুখী” বাজেট বুলি অভিহিত কৰি কয় যে অসম আৰু সমগ্ৰ পূব অঞ্চল যথেষ্ট লাভৱান হ’ব ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাজেটৰ কেইবাটাও পইণ্ট তালিকাভুক্ত কৰি কেইবাটাও পোষ্ট কৰে । তেওঁ কয় যে এই বাজেটৰ পৰা অসম বহু দিশত লাভৱান হ’ব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বিকশিত ভাৰত বাজেট ২০২৬ দাখিল কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সন্মানীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক অভিনন্দন । এই বাজেটে ভাৰতৰ বিশ্বব্যাপী আকাংক্ষা আৰু তৃণমূল পৰ্যায়ৰ উন্নয়নৰ মাজত এক উৎকৃষ্ট ভাৰসাম্য ৰক্ষা কৰে ।”
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে বাজেট ২০২৬-২৭ এখন “সংস্কাৰমুখী” বাজেট আৰু ইয়াৰ দ্বাৰা ৰাজ্যখনৰ লগতে দেশৰ সমগ্ৰ পূব অঞ্চল যথেষ্ট উপকৃত হ’ব । তেওঁ কয়, “বাজেটত আত্মসহায়ক কেন্দ্ৰ ঘোষণাই এমএমইউএৰ অধীনত লাখপতি দিদিৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তোলাৰ বাবে অসমৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব ।“
ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বাজেটত দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়াটো স্বাস্থ্যসেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু আনুষংগিক খণ্ডৰ দক্ষ শ্ৰমিকৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰা অসমৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ । মুখ্যমন্ত্রীগৰাকীয়ে কয়, “এই বাজেটত মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্য হিচাপে ২ লাখ কোটি টকা আগবঢ়োৱা হৈছে, যাৰ ফলত অসমৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত হ’ব ।”
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ২০২৭ বিত্তীয় বৰ্ষৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ৬,৮১২ কোটি টকা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে মোদী চৰকাৰে অঞ্চলটোৰ প্ৰতি কৰা অবিৰত মনোনিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে বাজেটত বিত্তীয় অনুশাসন আৰু মূল্যৰ স্থিতিশীলতাৰ ওপৰত গুৰুত্ব দিয়াটোও সমানেই প্ৰশংসনীয় ।
লগতে পঢ়ক : দেশত তিনিখন আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু ডিজাইন ইনষ্টিটিউট… বাজেটত শিক্ষা খণ্ডই কি লাভ কৰিলে ?









