অমিত শ্বাহে সমাধান কৰিলে নাগালেণ্ড বিবাদৰ; কেন্দ্ৰ আৰু ENPO ৰ মাজত ঐতিহাসিক চুক্তি

অমিত শ্বাহে সমাধান কৰিলে নাগালেণ্ড বিবাদৰ; কেন্দ্ৰ আৰু ENPO ৰ মাজত ঐতিহাসিক চুক্তি

শেষ হ’ল নাগালেণ্ডৰ দীৰ্ঘদিনীয়া বিবাদ। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰ আৰু ENPO ৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ। উত্তৰ-পূর্বাঞ্চলৰ শান্তিৰ এক বৃহৎ বাধা দূৰ হ’ল৷ নাগালেণ্ডত দশক দশক ধৰি চলি অহা বিবাদৰ সমাধান কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ

শেষ হ’ল নাগালেণ্ডৰ দীৰ্ঘদিনীয়া বিবাদ। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰ আৰু ENPO ৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ।

উত্তৰ-পূর্বাঞ্চলৰ শান্তিৰ এক বৃহৎ বাধা দূৰ হ’ল৷ নাগালেণ্ডত দশক দশক ধৰি চলি অহা বিবাদৰ সমাধান কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যন( ENPO) ৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়।

ইয়াৰ অধীনত পূব নাগালেণ্ডৰ উন্নয়ন আৰু প্ৰশাসনৰ বাবে ‘ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি’ (FNTA) গঠন কৰা হ’ব।

১৪ বছৰীয়া এই দাবী পূৰণ কৰিলে কেন্দ্ৰ চৰকাৰে। ইয়াৰ বাবে যি ব্যয় হ’ব, গৃহ মন্ত্ৰালয়ে বহন কৰিব বুলিও আশ্বাস দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে।

পূব নাগালেণ্ডৰ ছখন জিলা – কিফিৰে, লংলেং, মন, নোক্লক, ছামটৰ আৰু টুয়েনছাঙৰ ৰাইজে দীৰ্ঘদিন ধৰি অনুভৱ কৰিছিল যে ৰাজ্য গঠনৰ পিছত তেওঁলোকে ন্যায় নাপালে।

আঠটা জনজাতিক প্ৰতিনিধিত্ব কৰা শীৰ্ষ সংস্থা ENPO এ দশক দশক ধৰি অৱহেলাৰ অভিযোগ উত্থাপন কৰি ২০১০ চনৰ পৰাই পৃথক ৰাজ্যৰ দাবী আৰম্ভ কৰিছিল।

দীঘলীয়া বিবেচনাৰ অন্তত, ENPO, ‘ফ্ৰন্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি’ ৰ ফ্ৰেমৱৰ্কৰ অধীনত স্বায়ত্তশাসনৰ বাবে কেন্দ্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।

চুক্তি স্বাক্ষৰ কৰাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, কেন্দ্ৰ চৰকাৰে পূব নাগালেণ্ডৰ উন্নয়নৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়াব আৰু সকলো দায়িত্ব পালন কৰিব।

গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে প্ৰতিষ্ঠানটোৰ প্ৰাৰম্ভিক খৰচ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বহন কৰিব আৰু প্ৰতি বছৰে উন্নয়নৰ বাবে নিৰ্দিষ্ট ধনৰাশি মুকলি কৰা হ’ব।

২০২১-২২ চনৰ নিৰ্বাচনৰ কথা উল্লেখ কৰি শ্বাহে কয় যে, যেতিয়া ENPO এ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত লৈছিল, ইয়াৰ পিছত তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু ন্যায়ৰ আশ্বাস দিছিলে।

শ্বাহে কয় যে ২০১৯ চনৰ পৰা উত্তৰ-পূবত ১২খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে, যিটোৱে অঞ্চলটোৰ শান্তি আৰু উন্নয়নৰ প্ৰতি মোদী চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

লগতে পঢ়ক: মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব য়ুমনাম খেমচান্দ সিং; এবছৰৰ পাছত ৰাজ্যখনৰ পৰা আতঁৰিব ৰাষ্ট্ৰপতি শাসন

শেহতীয়া প্ৰৱন্ধসমূহ