কংগ্ৰেছ হাইকমাণ্ডক কৰ্ণাটকত এখন সমন্বয় সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে সিদ্ধাৰমায়াই।এই সমিতিৰ কাম হ’ব চৰকাৰ আৰু সংগঠনৰ মাজত সমন্বয় স্থাপন কৰা।
এই সপ্তাহত কৰ্ণাটকৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন ঘটিছে।মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে সিদ্ধাৰমায়াই।ডি কে শিৱকুমাৰে এতিয়া ৰাজ্যৰ ৰাজনীতি আৰু দল উভয়তে এক শক্তিশালী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াৰ অচল হৈ বহি থকাৰ মুড নাই।তেওঁ দলৰ হাইকমাণ্ডলৈ এনে এখন কমিটী গঠনৰ ধাৰণা আগবঢ়াইছে,যিটোৱে চৰকাৰৰ বাহিৰত থাকিও তেওঁক ৰাজনৈতিকভাৱে শক্তিশালী কৰি ৰাখে।
কৰ্ণাটকত কংগ্ৰেছ দলৰ চৰকাৰ আছে।সিদ্ধাৰমায়া এতিয়া মুখ্যমন্ত্ৰী নহয়।কিন্তু তাৰ পিছটো তেওঁ এই ক্ষমতা অসুন্ন থকাটো বিচাৰে।যাৰ বাবে সিদ্ধাৰমায়াই দলৰ হাইকমাণ্ডক এখন ‘সমন্বয় সমিতি’ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে। এইখন এনে এখন কমিটি হ’ব যি চৰকাৰ আৰু দল সংগঠনৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিব। অৰ্থাৎ এ কমিটীখনে চৰকাৰৰ কাম-কাজ আৰু দলৰ আকাংক্ষাৰ মাজত সমন্বয় স্থাপন কৰিব। আৰু এই সমিতিৰ দায়িত্ব সিদ্ধাৰমায়াৰ ওপৰত ন্যস্ত কৰিব লাগিব।অৱশ্যে কংগ্ৰেছ হাইকমাণ্ডে এই প্ৰস্তাৱ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই।
লগতে পঢ়ক: সিদ্ধাৰামায়াৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাজ্যপালৰ, আজি দিল্লীত শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব শিৱকুমাৰে









