আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ডি কে শিৱকুমাৰে…

আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডি কে শিৱকুমাৰে।কংগ্ৰেছ হাইকমাণ্ডৰ নিৰ্দেশত সিদ্ধাৰামাইয়াৰ পদত্যাগৰ পিছতে তেওঁ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে।

ডি কে শিৱকুমাৰে আজি (৩ জুন) কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আবেলি ৪ বজাত ৰাজভৱনত ৰাজ্যপাল থাৱৰ চান্দ গেহলটে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰাব। কংগ্ৰেছ হাই কমাণ্ডৰ নিৰ্দেশত সিদ্ধাৰামাইয়াই পদত্যাগ কৰাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীৰ আসনখন দখল কৰিবলৈ সাজু হৈছে। উল্লেখ্য যে, শনিবাৰে ডি কে শিৱকুমাৰক আনুষ্ঠানিকভাৱে কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হৈছিল।

ডি কে শিৱকুমাৰৰ সৈতে ১০ ৰ পৰা ১২ গৰাকী বিধায়কে মন্ত্ৰী পদৰ বাবে শপত ল’ব পাৰে। এই মাহতে হ’বলগীয়া ৰাজ্যসভা আৰু বিধান পৰিষদৰ নিৰ্বাচনৰ পিছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ পূৰ্বে মঙলবাৰে (২ জুন) দিল্লীত দলৰ হাইকমাণ্ডৰ সৈতে কেবিনেট সন্দৰ্ভত আলোচনা কৰিছিল।

দুয়োগৰাকী নেতাই দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ সৈতে বিতংভাৱে আলোচনা কৰে। ইয়াৰ পিছত দুয়ো নেতাই কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপাল আৰু দলৰ কৰ্ণাটক প্ৰভাৰী ৰণদীপ সুৰজেৱালাৰ সৈতে পৃথকে পৃথকে কথা পাতে। মঙলবাৰে (২ জুন) নিশাই ডি কে শিৱকুমাৰ আৰু সিদ্ধাৰামাইয়া বেংগালুৰু অভিমুখে ৰাওনা হয়।খবৰ অনুসৰি, বুধবাৰে জি পৰমেশ্বৰ, প্ৰিয়ংক খাৰ্গে, ৰামালিংগা ৰেড্ডী, এম বি পাতিল আৰু যতীন্দ্ৰ সিদ্ধাৰামাইয়াই মন্ত্ৰী হিচাপে শপত ল’ব পাৰে। কৰ্ণাটকত মুখ্যমন্ত্ৰীসহ সৰ্বাধিক ৩৪ গৰাকী মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব পৰা যায়।

নতুন মন্ত্ৰীসভাত পুৰণি আৰু নতুন মুখৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যাব পাৰে। জাতিগত সমীকৰণ, আঞ্চলিক প্ৰতিনিধিত্ব আৰু সিদ্ধাৰামাইয়াৰ সমৰ্থক নেতাসকলৰ কথা মনত ৰাখি এটা ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰা হ’ব। কেইবাগৰাকীও উপ-মুখ্যমন্ত্ৰী নিযুক্তি দিয়াৰ লগতে সিদ্ধাৰামাইয়া মন্ত্ৰীসভাৰ একাংশ সদস্যক নতুন মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হ’ব পাৰে বুলিও চৰ্চা চলিছে।

কৰ্ণাটকত আৰম্ভ ডি কে শিৱকুমাৰ যুগ, সৰ্বসন্মতিক্ৰমে কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত

শনিবাৰে বিধান সৌধত অনুষ্ঠিত এক বিশেষ বৈঠকত কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক নতুন নেতা হিচাপে নিৰ্বাচিত কৰিছে

কৰ্ণাটকৰ ৰাজনৈতিক পটভূমিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে । ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি শনিবাৰে বিধান সৌধত অনুষ্ঠিত এক বিশেষ বৈঠকত কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলে (CLP) সৰ্বসন্মতিক্ৰমে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক নতুন নেতা হিচাপে নিৰ্বাচিত কৰিছে ।

বৈঠকখনত বিদায়ী মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই ডি কে শিৱকুমাৰৰ নাম প্ৰস্তাৱ কৰে । এই প্ৰস্তাৱত দলৰ জ্যেষ্ঠ নেতা ড০ জি পৰমেশ্বৰে সমৰ্থন আগবঢ়ায়, যাৰ পাছতে উপস্থিত সকলো বিধায়কে সৰ্বসন্মতিক্ৰমে ইয়াক অনুমোদন জনায় । এই নিৰ্বাচনৰ পাছতে এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আনুষ্ঠানিকভাৱে শিৱকুমাৰক নতুন বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে । তেওঁ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

শপত গ্ৰহণৰ দিনৰ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ডি কে শিৱকুমাৰে নিশ্চিত কৰে যে অহা ৩ জুনত তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, দলৰ হাই কমাণ্ডৰ পৰামৰ্শ মৰ্মে ২৮ মে’ত সিদ্ধাৰামাইয়াই স্বেচ্ছাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল । কৰ্ণাটকৰ বৰ্তমানৰ কংগ্ৰেছ চৰকাৰখনে ইতিমধ্যে নিজৰ কাৰ্যকালৰ তিনিটা বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে । নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত হোৱাৰ লগে লগে এতিয়া দলটোৱে মন্ত্ৰীসভাৰ গঠন আৰু ইয়াৰ প্ৰস্তুতিৰ সন্দৰ্ভত ব্যাপক আলোচনা চলাই থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : কৰ্ণাটকত ‘শিৱকুমাৰৰ’ নামত আজি লাগিব মোহৰ; ৩ জুনত শপত গ্ৰহণৰ সম্ভাৱনা

কৰ্ণাটকত ‘শিৱকুমাৰৰ’ নামত আজি লাগিব মোহৰ; ৩ জুনত শপত গ্ৰহণৰ সম্ভাৱনা

কৰ্ণাটকত সিদ্ধাৰমইয়াৰ পদত্যাগৰ পিছত আজি আনুষ্ঠানিকভাৱে চূড়ান্ত হ’ব ডি.কে. শিৱকুমাৰৰ নাম। আজি সন্ধিয়া কৰ্ণাটকত চি এল পিৰ এখন বৈঠকৰ পিছত শিৱকুমাৰৰ নাম সন্দৰ্ভত আনুষ্ঠানিকতা সম্পূৰ্ণ হ’ব।

কৰ্ণাটকৰ সিদ্ধাৰমইয়াই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ পিছত আজি বেংগালুৰুত কংগ্ৰেছ দলৰ চিএলপি বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত ডি কে শিৱকুমাৰক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হ’ব। দলৰ সকলো বিধায়কক বৈঠকৰ বাবে বেংগালুৰুত উপস্থিত থাকিবলৈ কোৱা হৈছে।

কৰ্ণাটকৰ নতুন মন্ত্ৰীসভা সন্দৰ্ভত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে ডি কে শিৱকুমাৰ আৰু সিদ্ধাৰমইয়াৰ সৈতে পৃথকে পৃথকে কথা পাতিছে। ইয়াত দুয়োগৰাকী নেতাৰ পছন্দৰ বিষয়ে আলোচনা কৰা হৈছে। সূত্ৰ অনুসৰি, মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে হোৱা বৈঠকত সিদ্ধাৰমইয়াই তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীসকলক নতুন কেবিনেটত স্থান দিয়াৰ দাবী জনাইছে।

আজি নেতা নিৰ্বাচিত হোৱাৰ পিছত ডি কে শিৱকুমাৰে তেওঁৰ নতুন কেবিনেটৰ সৈতে ৩ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে।সিদ্ধাৰমইয়াই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত এতিয়া ডি কে শিৱকুমাৰে কৰ্ণাটকৰ দায়িত্ব ল’বলৈ ওলাইছে। সিদ্ধাৰমইয়াৰ পদত্যাগৰ পিছত চলি থকা ৰাজনৈতিক ঘটনাৱলীৰ মাজতে শনিবাৰে কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰা হৈছে। এই বৈঠকখন কংগ্ৰেছ বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচন কৰিবলৈ আহ্বান কৰা হৈছে, যাক দলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি গণ্য কৰা হৈছে।

জানিব পৰা মতে, ডি কে শিৱকুমাৰে ৩ জুনত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰাৰ সময়ত শুভ মুহূৰ্ত আৰু ৰাহুল গান্ধীৰ উপলব্ধতাক গুৰুত্ব দিয়া হৈছে। অৱশ্যে, ডি কে শিৱকুমাৰৰ সৈতে আৰু কিমানজনে শপত ল’ব, সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত সোমবাৰে লোৱা হ’ব। আনহাতে, আজি সন্ধিয়া ৪ বজাত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত তেওঁক আনুষ্ঠানিকভাৱে নেতা নিৰ্বাচিত কৰা হ’ব।

CLP-ৰ বৈঠক সন্ধিয়া ৪ বজাত বিধান সৌধৰ কনফাৰেন্স হলত আৰম্ভ হ’ব। বৰ্তমান কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে থকা সিদ্ধাৰমইয়াই এই বৈঠকত সভাপতিত্ব কৰিব। কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ সমিতিৰ (KPCC) সভাপতি ডি কে শিৱকুমাৰ, AICC-ৰ সাধাৰণ সম্পাদক তথা কৰ্ণাটকৰ প্ৰভাৰী ৰণদীপ সিং সুৰজেৱালা, বিধান পৰিষদৰ সদনৰ নেতা এন এছ ব’স ৰাজু আৰু দলৰ সকলো কাৰ্যকৰী সভাপতি এই বৈঠকত উপস্থিত থাকিব। কংগ্ৰেছ বিধায়িনী দলৰ সম্পাদক তথা বিধায়ক আল্লামপ্ৰভু পাটিলে এই কথা ঘোষণা কৰিছে।

লগতে পঢ়ক: পদত্যাগৰ পিছতো ক্ষমতা অক্ষুণ্ণ ৰাখিব বিচাৰিছে নেকি সিদ্ধাৰমায়াই; হাইকমাণ্ডলৈ বিশেষ কমিটী গঠনৰ প্ৰস্তাৱ

পদত্যাগৰ পিছতো ক্ষমতা অক্ষুণ্ণ ৰাখিব বিচাৰিছে নেকি সিদ্ধাৰমায়াই; হাইকমাণ্ডলৈ বিশেষ কমিটী গঠনৰ প্ৰস্তাৱ

কংগ্ৰেছ হাইকমাণ্ডক কৰ্ণাটকত এখন সমন্বয় সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে সিদ্ধাৰমায়াই।এই সমিতিৰ কাম হ’ব চৰকাৰ আৰু সংগঠনৰ মাজত সমন্বয় স্থাপন কৰা।

এই সপ্তাহত কৰ্ণাটকৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন ঘটিছে।মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে সিদ্ধাৰমায়াই।ডি কে শিৱকুমাৰে এতিয়া ৰাজ্যৰ ৰাজনীতি আৰু দল উভয়তে এক শক্তিশালী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াৰ অচল হৈ বহি থকাৰ মুড নাই।তেওঁ দলৰ হাইকমাণ্ডলৈ এনে এখন কমিটী গঠনৰ ধাৰণা আগবঢ়াইছে,যিটোৱে চৰকাৰৰ বাহিৰত থাকিও তেওঁক ৰাজনৈতিকভাৱে শক্তিশালী কৰি ৰাখে।

কৰ্ণাটকত কংগ্ৰেছ দলৰ চৰকাৰ আছে।সিদ্ধাৰমায়া এতিয়া মুখ্যমন্ত্ৰী নহয়।কিন্তু তাৰ পিছটো তেওঁ এই ক্ষমতা অসুন্ন থকাটো বিচাৰে।যাৰ বাবে সিদ্ধাৰমায়াই দলৰ হাইকমাণ্ডক এখন ‘সমন্বয় সমিতি’ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে। এইখন এনে এখন কমিটি হ’ব যি চৰকাৰ আৰু দল সংগঠনৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিব। অৰ্থাৎ এ কমিটীখনে চৰকাৰৰ কাম-কাজ আৰু দলৰ আকাংক্ষাৰ মাজত সমন্বয় স্থাপন কৰিব। আৰু এই সমিতিৰ দায়িত্ব সিদ্ধাৰমায়াৰ ওপৰত ন্যস্ত কৰিব লাগিব।অৱশ্যে কংগ্ৰেছ হাইকমাণ্ডে এই প্ৰস্তাৱ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই।

লগতে পঢ়ক: সিদ্ধাৰামায়াৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাজ্যপালৰ, আজি দিল্লীত শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব শিৱকুমাৰে

সিদ্ধাৰামায়াৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাজ্যপালৰ, আজি দিল্লীত শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব শিৱকুমাৰে

ৰাজ্যপাল থাৱৰচান্দ গেহলটে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে

কৰ্ণাটকৰ ৰাজনীতিত কেইবাদিনো ধৰি চলি অহা জল্পনা-কল্পনাৰ অৱসান ঘটিছে । ৰাজ্যপাল থাৱৰচান্দ গেহলটে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে । ইয়াৰ লগে লগে ৰাজ্যখনত চৰকাৰ সলনি হোৱাৰ পথ প্ৰশস্ত হৈছে আৰু এতিয়া কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা অতি প্ৰবল হৈ পৰিছে ।

সিদ্ধাৰামায়াই বৃহস্পতিবাৰে ৰাজ্যপালৰ কাৰ্যালয়ত তেওঁৰ পদত্যাগপত্ৰ দাখিল কৰিছিল । অৱশ্যে সেই সময়ত ৰাজ্যপাল থাৱৰচান্দ গেহলট বাংগালুৰুৰ বাহিৰত থকাৰ বাবে পদত্যাগপত্ৰখন পিছত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় । এতিয়া ৰাজভৱনৰ পৰা এই পত্ৰ গ্ৰহণ কৰাৰ পিছত ৰাজনৈতিক তৎপৰতা তীব্ৰতৰ হৈ পৰিছে ।

কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ তৎপৰতা-

কৰ্ণাটকত নতুন চৰকাৰ গঠনক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে । বাংগালুৰুৰ পৰা নতুন দিল্লীলৈকে বৈঠক আৰু ৰণকৌশলগত আলোচনাৰ ধাৰা অব্যাহত আছে । বাংগালুৰুত যিদৰে কংগ্ৰেছ বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠকৰ প্ৰস্তুতি চলিছে, আনফালে ৰাজ্যখনৰ শীৰ্ষ দুয়োজন নেতা কাৰ্যবাহী মুখ্যমন্ত্ৰী সিদ্ধাৰমৈয়া আৰু প্ৰদেশ কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰ দিল্লীত উপস্থিত আছে ।

জানিব পৰা মতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত সিদ্ধাৰামায়া জয়পুৰ হৈ নতুন দিল্লীত উপস্থিত হয় । আনহাতে, ডি কে শিৱকুমাৰো বৃহস্পতিবাৰে নতুন দিল্লীলৈ ৰাওনা হয় । দুয়োগৰাকী নেতা একে সময়তে দিল্লীত উপস্থিত হোৱাটো কৰ্ণাটকৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে ।

কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকৰ সম্ভাৱনা-

খবৰ অনুসৰি, দিল্লী ভ্ৰমণৰ সময়ত সিদ্ধাৰমৈয়া আৰু ডি কে শিৱকুমাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ সৈতে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । এই বৈঠকসমূহ কেৱল আনুষ্ঠানিক সাক্ষাৎ নহয়, বৰঞ্চ নতুন চৰকাৰ গঠনৰ দিশ নিৰ্ধাৰণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ধৰা হৈছে । এই বৈঠকত কৰ্ণাটকৰ নতুন চৰকাৰৰ স্বৰূপ সন্দৰ্ভত বিতংভাৱে আলোচনা হ’ব । ইয়াৰ লগতে সম্ভাৱ্য মন্ত্ৰীসভাৰ গাঁথনি আৰু দপ্তৰসমূহৰ বিতৰণক লৈও চূড়ান্ত ৰণকৌশল প্ৰস্তুত কৰা হ’ব পাৰে ।

তিনি বছৰীয়া সংগ্ৰামৰ অৱসান-

উল্লেখ্য যে ৰাজ্যখনত মুখ্যমন্ত্ৰী পদক লৈ যোৱা তিনি বছৰ ধৰি এক সংগ্ৰাম চলি আছিল । দৰাচলতে, ২০২৩ চনৰ মে’ মাহত কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ গঠন হৈছিল । সেই সময়ত দলৰ দুই শক্তিশালী নেতা- সিদ্ধাৰামায়া আৰু ডি কে শিৱকুমাৰৰ মাজত মুখ্যমন্ত্ৰী হোৱাৰ প্ৰতিযোগিতা চলিছিল । অৱশ্যে, কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধাৰামায়াৰ অভিজ্ঞতাৰ ওপৰত আস্থা ৰাখি তেওঁক মুখ্যমন্ত্ৰী কৰাৰ সিদ্ধান্ত লৈছিল আৰু শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰী পদতে সন্তুষ্ট থাকিবলগীয়া হৈছিল ।

তেতিয়া এনে জল্পনা-কল্পনাও চলিছিল যে দুয়োগৰাকী নেতাৰ মাজত আঢ়ৈ বছৰকৈ মুখ্যমন্ত্ৰী পদত থকাৰ বুজাবুজি হৈছিল । যদিও ইয়াৰ কোনো আনুষ্ঠানিক স্বীকৃতি দিয়া হোৱা নাছিল আৰু পিছলৈ সিদ্ধাৰামায়াই মুখ্যমন্ত্ৰী হিচাপে নিজৰ স্থিতি শক্তিশালী কৰি তুলিছিল । কিন্তু এতিয়া আশা কৰা হৈছে যে কংগ্ৰেছ হাইকমাণ্ডে শিৱকুমাৰক মুখ্যমন্ত্ৰী কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে, যাৰ বাবেই সিদ্ধাৰামায়াই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে ।

লগতে পঢ়ক : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ সিদ্ধাৰামাইয়াৰ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ সিদ্ধাৰামাইয়াৰ

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই আনুষ্ঠানিকভাৱে তেওঁৰ পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰে

কৰ্ণাটকৰ ৰাজনৈতিক পটভূমিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই আনুষ্ঠানিকভাৱে তেওঁৰ পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰে । লোক ভৱনত ৰাজ্যপালৰ বিশেষ সচিব প্ৰভুশংকৰৰ হাতত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰে ।

পদত্যাগ পত্ৰ গ্ৰহণৰ অপেক্ষাত ৰাজ্যপাল :

পদত্যাগ পত্ৰ দাখিলৰ পিছত বেংগালুৰুত এক সংবাদমেল সম্বোধন কৰি সিদ্ধাৰামাইয়াই কয় যে, ৰাজ্যপাল থাৱৰচান্দ গেহলট বৰ্তমান ৰাজ্যৰ বাহিৰত আছে । আজি নিশা ৰাজ্যপাল উভতি অহাৰ লগে লগে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিব বুলি সিদ্ধাৰামাইয়াই আশা প্ৰকাশ কৰে । তেওঁ লগতে উল্লেখ কৰে যে পদত্যাগ পত্ৰ গ্ৰহণ কৰি নতুন মুখ্যমন্ত্ৰীক দায়িত্ব গ্ৰহণৰ বাবে পথ প্ৰশস্ত কৰাটো ৰাজ্যপালৰ সাংবিধানিক দায়িত্ব ।

‘কাবেৰী’ত গুৰুত্বপূৰ্ণ বৈঠক :

পদত্যাগৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ ‘কাবেৰী’ত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ লগতে প্ৰিয়ংক খৰ্গে, কে জে জৰ্জ, এম বি পাটিল, ৰামলিংগা ৰেড্ডী আৰু এইচ কে পাটিলৰ দৰে জ্যেষ্ঠ মন্ত্ৰীসকল উপস্থিত থাকে । বৈঠকৰ পিছত নগৰ উন্নয়ন মন্ত্ৰী ব্যৰাথি সুৰেশে নিজে গাড়ী চলাই সিদ্ধাৰামাইয়াক লোক ভৱনলৈ লৈ যায় ।

নতুন সমীকৰণৰ ইংগিত :

বৈঠকৰ সময়ত উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে সিদ্ধাৰামাইয়াৰ ভৰি স্পৰ্শ কৰি প্ৰণাম জনোৱাৰ দৃশ্যই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে । ইয়াক ক্ষমতা হস্তান্তৰৰ এক প্ৰতীকী ইংগিত হিচাপে গণ্য কৰা হৈছে । এই সময়ত দুয়োগৰাকী নেতাক পৰস্পৰক সাৱটি ধৰা দৃশ্যও কেমেৰাত বন্দী হৈছে, যিয়ে কংগ্ৰেছৰ ভিতৰচৰাত একতাৰ বাৰ্তা দিবলৈ চেষ্টা কৰিছে ।

সিদ্ধাৰামাইয়াৰ কাৰ্যকালৰ ইতি :

২০১৩ চনৰ পৰা ২০১৮ চনলৈ আৰু ২০২৩ চনত বিপুল বিজয়ৰ পিছত পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল সিদ্ধাৰামাইয়া । প্ৰাক্তন মুখ্যমন্ত্ৰী ডি দেৱৰাজ উৰ্ছৰ অভিলেখ ভংগ কৰি কৰ্ণাটকৰ ইতিহাসৰ সৰ্বাধিক সময়ৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বিৰল কৃতিত্ব তেওঁৰ নামত আছে । এই পদত্যাগৰ লগে লগে কৰ্ণাটকৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ অধ্যায়ৰ সামৰণি পৰিল ।

লগতে পঢ়ক : কৰ্ণাটকত ক্ষমতা সলনিৰ স্পষ্ট সংকেত! সিদ্ধাৰামাইয়াৰ ভৰি চুই আশীৰ্বাদ ল’লে ডি কে শিৱকুমাৰে

কৰ্ণাটকত ক্ষমতা সলনিৰ স্পষ্ট সংকেত! সিদ্ধাৰামাইয়াৰ ভৰি চুই আশীৰ্বাদ ল’লে ডি কে শিৱকুমাৰে

কৰ্ণাটকত এক আসন্ন নেতৃত্ব পৰিৱৰ্তনৰ প্ৰস্তুতি চলি থকাৰ মাজতেই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ আহ্বানত আয়োজিত এক গুৰুত্বপূৰ্ণ ব্ৰেকফাষ্ট বৈঠক অনুষ্ঠিত হয়

কৰ্ণাটকৰ ৰাজনীতিত এক ডাঙৰ মোৰ অহাটো প্ৰায় নিশ্চিত হৈ পৰিছে । ৰাজ্যখনত এক আসন্ন নেতৃত্ব পৰিৱৰ্তনৰ প্ৰস্তুতি চলি থকাৰ মাজতেই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ আহ্বানত আয়োজিত এক গুৰুত্বপূৰ্ণ ব্ৰেকফাষ্ট বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ এক বিশেষ দৃশ্যই এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে । বৈঠকৰ সময়ত উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক গভীৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰি তেওঁৰ ভৰি চুই আশীৰ্বাদ লয় আৰু দুয়োগৰাকী নেতাই ইজনে সিজনক আলিংগন কৰাও পৰিলক্ষিত হয় । এই দৃশ্যক ৰাজ্যখনে প্ৰত্যক্ষ কৰিবলগীয়া সম্ভাৱ্য ক্ষমতা হস্তান্তৰৰে এক স্পষ্ট সংকেত বুলি ধাৰণা কৰা হৈছে ।

ব্ৰেকফাষ্ট বৈঠকৰ পিছতেই পদত্যাগৰ সম্ভাৱনা!

ইফালে প্ৰকাশিত খবৰ অনুসৰি ডি কে শিৱকুমাৰে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হোৱাৰ পাছত সিদ্ধাৰামাইয়াই এই ব্ৰেকফাষ্ট বৈঠকৰ শেষত চৰকাৰীভাৱে তেওঁৰ পদত্যাগৰ কথা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে তীব্ৰ নিৰাপত্তাৰ মাজত বেংগালুৰুস্থিত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ‘কাবেৰী’ত উপস্থিত হয় ডি কে শিৱকুমাৰ । কেৱল শিৱকুমাৰেই নহয়, সিদ্ধাৰামাইয়াৰ বাসভৱনত প্ৰিয়ংক খাৰ্গে, কে জে জৰ্জ, এম বি পাটিল, ৰামলিংগা ৰেড্ডী আৰু এইচ কে পাটিল আদিকে ধৰি কৰ্ণাটক চৰকাৰৰ কেইবাগৰাকীও প্ৰভাৱশালী মন্ত্ৰী উপস্থিত হয় ।

তিনি বছৰীয়া কাৰ্যকালৰ অন্তত পৰিৱৰ্তনৰ বতাহ-

উল্লেখ্য যে, কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে বৰ্তমান তিনি বছৰ সম্পূৰ্ণ কৰিছে । যোৱা বছৰ চৰকাৰে আঢ়ৈ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছৰে পৰা ৰাজ্যখনত নেতৃত্ব সলনিৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছিল । দলীয় নেতৃত্বই বাৰে বাৰে এনে প্ৰতিবেদন খাৰিজ কৰি অহা সত্ত্বেও, যোৱা কেইবামাহো ধৰি এই চৰ্চা চলি আছিল । আনহাতে, আজিয়েই পুৱাৰ ভাগত শিৱকুমাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ আশাত তেওঁৰ বাসভৱনৰ বাহিৰত উৎফুল্লিত সমৰ্থকসকলে মিঠাই পৰ্যন্ত বিতৰণ কৰা দেখা যায় ।

হাই কমাণ্ডৰ সেউজ সংকেত ?

শেহতীয়াকৈ মঙলবাৰে সিদ্ধাৰামাইয়া আৰু শিৱকুমাৰ দুয়ো নতুন দিল্লীত উপস্থিত আছিল আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে তথা জ্যেষ্ঠ নেতা ৰাহুল গান্ধীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল । সূত্ৰৰ দাবী, কংগ্ৰেছ হাই কমাণ্ডে ইতিমধ্যে নেতৃত্ব পৰিৱৰ্তনৰ সপক্ষে সিদ্ধান্ত লৈছে আৰু মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক পদ এৰি দিবলৈ স্পষ্টভাৱে নিৰ্দেশ দিছে । অৱশ্যে আনুষ্ঠানিকভাৱে দলটোৱে বিষয়টোক অস্বীকাৰ কৰি কয় যে দিল্লীৰ বৈঠকত আগন্তুক ৰাজ্যসভা আৰু বিধান পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভতহে আলোচনা হৈছিল আৰু নেতৃত্ব পৰিৱৰ্তনৰ খবৰবোৰ কেৱল “জল্পনা-কল্পনা”।

কিন্তু শেহতীয়া পৰিস্থিতি আৰু সমীকৰণলৈ চাই এতিয়া স্পষ্ট হৈ পৰিছে যে কৰ্ণাটক কংগ্ৰেছত ‘সিদ্ধাৰামাইয়া যুগ’ৰ অন্ত পৰি ‘ডি কে শিৱকুমাৰ যুগ’ৰ সূচনা হ’বলৈ বেছি সময় নাই ।

লগতে পঢ়ক : কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু তেওঁৰ কন্যাৰ ঘৰত ইডিৰ অভিযান

অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছচিয়েল মিডিয়া

১৩ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে। ইয়াৰ পূৰ্বে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিছিল।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা ঘোষণা কৰাৰ পিছতে অন্ধ্ৰ প্ৰদেশ চৰকাৰে এই সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ পূৰ্বে বাজেট অধিৱেশনৰ সময়ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ১৩ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিলে।

৬ মাৰ্চ শুকুৰবাৰে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ঘোষণা কৰে যে ৰাজ্যখনত ১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া।এই নিষেধাজ্ঞা অহা ৯০ দিনত পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ’ব।ইয়াৰ বাবে চৰকাৰে নীতি বাছি লৈছে।

অৱশ্যে, চন্দ্ৰবাবু নাইডুৱে এইটোও কৈছিল যে,ৰাজ্য চৰকাৰে এই নিষেধাজ্ঞা ১৩ বছৰৰ পৰা ১৬ বছৰলৈ বৃদ্ধি কৰিব নে নকৰে সেই বিষয়ে চিন্তা-চৰ্চা কৰি আছে। লগতে তেওঁ কয় যে, এই সিদ্ধান্ত নীতি পৰ্যালোচনা আৰু পৰামৰ্শৰ অন্তত হে লোৱা হ’ব।

শুকুৰবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়েও বাজেট অধিবেশনৰ সময়ত ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে।অৱশ্যে কৰ্ণাটক চৰকাৰে ইয়াক কেনেদৰে কাৰ্যকৰী কৰা হ’ব সেই কথা ঘোষণা কৰা নাই ।

লগতে পঢ়ক: বিহাৰত অন্ত পৰিল নীতিশ যুগৰ!বিহাৰত বিজেপিৰেই মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত

‘ইভিএমৰ ওপৰত বিশ্বাস আছে…’; কৰ্ণাটক জনতাৰ আস্থাৰ পিছতে ৰাহুল গান্ধীক সমালোচনা বিজেপিৰ

কৰ্ণাটকৰ জনসাধাৰণে ইভিএম ক বিশ্বাস কৰা সমিক্ষাৰ পিছতে ৰাহুল গান্ধীক ক্ষোৰধাৰ সমালোচনা বিজেপিৰ।

কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ দ্বাৰা ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ সময়ত এক সমিক্ষা চলাইছিল। য’ত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ওপৰত জনসাধাৰণৰ দৃঢ় আস্থা প্ৰকাশ পাইছে।

এই সমীক্ষাৰ ফলাফলে ভাৰতীয় জনতা পাৰ্টীক কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰা দাবীক সমালোচনা কৰাৰ সুযোগ দিছে।

‘লোকসভা নিৰ্বাচন ২০২৪ – জ্ঞানৰ ইণ্ডলাইন জৰীপৰ মূল্যায়ন,’নাগৰিকসকলৰ মনোভাৱ আৰু অনুশীলন’ নামৰ এই সমীক্ষাত ৮৩.৬১% উত্তৰদাতাই কয় যে তেওঁলোকে ইভিএমক নিৰ্ভৰযোগ্য বুলি গণ্য কৰে।

এই সমীক্ষাত বেংগালুৰু, বেলাগাৱী, কালাবুৰাগী আৰু মহীচুৰুৰ প্ৰশাসনিক সংমণ্ডলৰ ১০২টা বিধানসভা সমষ্টিৰ ৫১০০ গৰাকী লোকে অংশগ্ৰহণ কৰে।কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মুখ্য নিৰ্বাচনী বিষয়া ভি অনবুকুমাৰৰ জৰিয়তে এই সমীক্ষাৰ দায়িত্ব দিছিল।

ইভিএমৰ ওপৰত কংগ্ৰেছ চৰকাৰে কৰা সমীক্ষাৰ ফলাফলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্ণাটক বিধানসভাৰ বিৰোধী দলৰ নেতা আৰ অশোকে এক্সত  পোষ্ট কৰিছে, ‘বছৰ বছৰ ধৰি ৰাহুল গান্ধীয়ে একেটা কাহিনীয়েই দেশৰ বিভিন্ন প্ৰান্তত শুনাই আহিছে যে,ভাৰতৰ গণতন্ত্ৰ বিপদত আছে,ইভিএম বিশ্বাস কৰিব নোৱাৰি, আমাৰ প্ৰতিষ্ঠান বিশ্বাসযোগ্য নহয়’।

‘কিন্তু কৰ্ণাটকৰ কাহিনী সম্পূৰ্ণ বেলেগ।কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে কৰা এক ৰাজ্যব্যাপী সমীক্ষাত প্ৰকাশ পাইছে যে জনসাধাৰণে নিৰ্বাচনক বিশ্বাস কৰে। আমি ইভিএম আৰু ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিশ্বাস কৰোঁ।এয়া কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ মুখত এটা প্ৰচণ্ড চৰ।’

লগতে পঢ়ক: ‘কংগ্ৰেছ দলত টিকটৰ কাৰণে আৰম্ভ হৈছে দৰ-দাম’; মুখ্যমন্ত্ৰী