শনিবাৰে বিধান সৌধত অনুষ্ঠিত এক বিশেষ বৈঠকত কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক নতুন নেতা হিচাপে নিৰ্বাচিত কৰিছে
কৰ্ণাটকৰ ৰাজনৈতিক পটভূমিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে । ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি শনিবাৰে বিধান সৌধত অনুষ্ঠিত এক বিশেষ বৈঠকত কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলে (CLP) সৰ্বসন্মতিক্ৰমে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক নতুন নেতা হিচাপে নিৰ্বাচিত কৰিছে ।
বৈঠকখনত বিদায়ী মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই ডি কে শিৱকুমাৰৰ নাম প্ৰস্তাৱ কৰে । এই প্ৰস্তাৱত দলৰ জ্যেষ্ঠ নেতা ড০ জি পৰমেশ্বৰে সমৰ্থন আগবঢ়ায়, যাৰ পাছতে উপস্থিত সকলো বিধায়কে সৰ্বসন্মতিক্ৰমে ইয়াক অনুমোদন জনায় । এই নিৰ্বাচনৰ পাছতে এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আনুষ্ঠানিকভাৱে শিৱকুমাৰক নতুন বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে । তেওঁ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।
শপত গ্ৰহণৰ দিনৰ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ডি কে শিৱকুমাৰে নিশ্চিত কৰে যে অহা ৩ জুনত তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে, দলৰ হাই কমাণ্ডৰ পৰামৰ্শ মৰ্মে ২৮ মে’ত সিদ্ধাৰামাইয়াই স্বেচ্ছাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল । কৰ্ণাটকৰ বৰ্তমানৰ কংগ্ৰেছ চৰকাৰখনে ইতিমধ্যে নিজৰ কাৰ্যকালৰ তিনিটা বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে । নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত হোৱাৰ লগে লগে এতিয়া দলটোৱে মন্ত্ৰীসভাৰ গঠন আৰু ইয়াৰ প্ৰস্তুতিৰ সন্দৰ্ভত ব্যাপক আলোচনা চলাই থকা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : কৰ্ণাটকত ‘শিৱকুমাৰৰ’ নামত আজি লাগিব মোহৰ; ৩ জুনত শপত গ্ৰহণৰ সম্ভাৱনা









