কৰ্ণাটকত ‘শিৱকুমাৰৰ’ নামত আজি লাগিব মোহৰ; ৩ জুনত শপত গ্ৰহণৰ সম্ভাৱনা

কৰ্ণাটকত ‘শিৱকুমাৰৰ’ নামত আজি লাগিব মোহৰ; ৩ জুনত শপত গ্ৰহণৰ সম্ভাৱনা

কৰ্ণাটকত সিদ্ধাৰমইয়াৰ পদত্যাগৰ পিছত আজি আনুষ্ঠানিকভাৱে চূড়ান্ত হ’ব ডি.কে. শিৱকুমাৰৰ নাম। আজি সন্ধিয়া কৰ্ণাটকত চি এল পিৰ এখন বৈঠকৰ পিছত শিৱকুমাৰৰ নাম সন্দৰ্ভত আনুষ্ঠানিকতা সম্পূৰ্ণ হ’ব। কৰ্ণাটকৰ সিদ্ধাৰমইয়াই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ পিছত আজি বেংগালুৰুত কংগ্ৰেছ দলৰ চিএলপি বৈঠক অনুষ্ঠিত হ’ব। এই

কৰ্ণাটকত সিদ্ধাৰমইয়াৰ পদত্যাগৰ পিছত আজি আনুষ্ঠানিকভাৱে চূড়ান্ত হ’ব ডি.কে. শিৱকুমাৰৰ নাম। আজি সন্ধিয়া কৰ্ণাটকত চি এল পিৰ এখন বৈঠকৰ পিছত শিৱকুমাৰৰ নাম সন্দৰ্ভত আনুষ্ঠানিকতা সম্পূৰ্ণ হ’ব।

কৰ্ণাটকৰ সিদ্ধাৰমইয়াই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ পিছত আজি বেংগালুৰুত কংগ্ৰেছ দলৰ চিএলপি বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত ডি কে শিৱকুমাৰক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হ’ব। দলৰ সকলো বিধায়কক বৈঠকৰ বাবে বেংগালুৰুত উপস্থিত থাকিবলৈ কোৱা হৈছে।

কৰ্ণাটকৰ নতুন মন্ত্ৰীসভা সন্দৰ্ভত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে ডি কে শিৱকুমাৰ আৰু সিদ্ধাৰমইয়াৰ সৈতে পৃথকে পৃথকে কথা পাতিছে। ইয়াত দুয়োগৰাকী নেতাৰ পছন্দৰ বিষয়ে আলোচনা কৰা হৈছে। সূত্ৰ অনুসৰি, মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে হোৱা বৈঠকত সিদ্ধাৰমইয়াই তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীসকলক নতুন কেবিনেটত স্থান দিয়াৰ দাবী জনাইছে।

আজি নেতা নিৰ্বাচিত হোৱাৰ পিছত ডি কে শিৱকুমাৰে তেওঁৰ নতুন কেবিনেটৰ সৈতে ৩ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে।সিদ্ধাৰমইয়াই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত এতিয়া ডি কে শিৱকুমাৰে কৰ্ণাটকৰ দায়িত্ব ল’বলৈ ওলাইছে। সিদ্ধাৰমইয়াৰ পদত্যাগৰ পিছত চলি থকা ৰাজনৈতিক ঘটনাৱলীৰ মাজতে শনিবাৰে কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰা হৈছে। এই বৈঠকখন কংগ্ৰেছ বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচন কৰিবলৈ আহ্বান কৰা হৈছে, যাক দলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি গণ্য কৰা হৈছে।

জানিব পৰা মতে, ডি কে শিৱকুমাৰে ৩ জুনত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰাৰ সময়ত শুভ মুহূৰ্ত আৰু ৰাহুল গান্ধীৰ উপলব্ধতাক গুৰুত্ব দিয়া হৈছে। অৱশ্যে, ডি কে শিৱকুমাৰৰ সৈতে আৰু কিমানজনে শপত ল’ব, সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত সোমবাৰে লোৱা হ’ব। আনহাতে, আজি সন্ধিয়া ৪ বজাত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত তেওঁক আনুষ্ঠানিকভাৱে নেতা নিৰ্বাচিত কৰা হ’ব।

CLP-ৰ বৈঠক সন্ধিয়া ৪ বজাত বিধান সৌধৰ কনফাৰেন্স হলত আৰম্ভ হ’ব। বৰ্তমান কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে থকা সিদ্ধাৰমইয়াই এই বৈঠকত সভাপতিত্ব কৰিব। কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ সমিতিৰ (KPCC) সভাপতি ডি কে শিৱকুমাৰ, AICC-ৰ সাধাৰণ সম্পাদক তথা কৰ্ণাটকৰ প্ৰভাৰী ৰণদীপ সিং সুৰজেৱালা, বিধান পৰিষদৰ সদনৰ নেতা এন এছ ব’স ৰাজু আৰু দলৰ সকলো কাৰ্যকৰী সভাপতি এই বৈঠকত উপস্থিত থাকিব। কংগ্ৰেছ বিধায়িনী দলৰ সম্পাদক তথা বিধায়ক আল্লামপ্ৰভু পাটিলে এই কথা ঘোষণা কৰিছে।

লগতে পঢ়ক: পদত্যাগৰ পিছতো ক্ষমতা অক্ষুণ্ণ ৰাখিব বিচাৰিছে নেকি সিদ্ধাৰমায়াই; হাইকমাণ্ডলৈ বিশেষ কমিটী গঠনৰ প্ৰস্তাৱ