ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৰিব সমুদ্ৰ ভ্ৰমণ… ২৮ ডিচেম্বৰত কৰ্ণাটকৰ পৰা ছাবমেৰিনেৰে যাত্ৰা

কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি মুৰ্মু হ’ব ছাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ।

২৮ ডিচেম্বৰত কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । শনিবাৰৰ পৰা চাৰিদিনীয়া গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে । এই ভ্ৰমণৰ সময়তে হ’ব এই যাত্ৰা । শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰপতি ভৱনে কয় যে ৰাষ্ট্ৰপতি মুৰ্মু ২৭ ডিচেম্বৰৰ সন্ধিয়া গোৱালৈ ৰাওনা হ’ব । তাৰ পিছত ২৮ ডিচেম্বৰত কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা এখন ছাবমেৰিনত ৰাষ্ট্ৰপতিগৰাকীয়ে সাগৰীয় যাত্ৰা কৰিব ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি মুৰ্মু হ’ব ছাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি । ইয়াৰ পূৰ্বে ২০০৬ চনৰ ১৩ ফেব্ৰুৱাৰীত বিশাখাপট্টনমৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ছাবমেৰিন যাত্ৰা কৰিছিল । এতিয়া শনিবাৰৰ পৰা আৰম্ভ হ’ব লগা চাৰিদিনীয়া গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে ছাবমেৰিনেৰে সাগৰীয় যাত্ৰাৰ কৰিব ।

ভাৰতীয় বায়ুসেনাৰ দুখনকৈ যুদ্ধ বিমান উৰুওৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি মুৰ্মু । চলিত বৰ্ষৰ ২৯ অক্টোবৰত ৰাফেলত আৰু ২০২৩ চনত চুখয় ৩০ এম কে আইত উৰা মাৰিছিল তেওঁ ।

সোমবাৰে ঝাৰখণ্ডৰ জামছেদপুৰত অল চিকিৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । একেদিনাই এন আই টি জামছেদপুৰৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানতো ভাষণ দিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । অহা ৩০ ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাত অনুষ্ঠিত আন্তঃৰাজ্যিক জনসাধাৰণৰ সাংস্কৃতিক সমাৱেশ কাৰ্তিক যাত্ৰাত ভাষণ দিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

লগতে পঢ়ক : ৩৭০ অনুচ্ছেদৰ দেৱাল ভাঙি গৌৰাৱান্বিত বিজেপিঃ প্ৰধানমন্ত্ৰী মোদী

ভয়ংকৰ দুৰ্ঘটনা… ট্ৰাকৰ সৈতে সংঘৰ্ষত অগ্নি গোলকলৈ পৰিণত শ্লিপাৰ বাছ

এখন ট্ৰাকৰ সৈতে শ্লিপাৰ বাছৰ সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । ঘটনাত ৯গৰাকী যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ।

কৰ্ণাটকৰ চিত্ৰদুৰ্গ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এই ভয়ংকৰ দুৰ্ঘটনাত এখন বাছ জুইয়ে আগুৰি ধৰাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ ৯জন লোকৰ মৃত্যু হয় । আহত আটাইকেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এখন ট্ৰাক আৰু এখন ব্যক্তিগত শ্লীপাৰ বাছৰ মাজত সংঘৰ্ষ হোৱাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাৰ সূত্ৰপতা হয় । সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে, বাছখন লগে লগে জুইয়ে আগুৰি ধৰে ফলত বাছখনত থকা ৯ জন লোকৰ মৃত্যু হয় ।

বুধবাৰে গভীৰ নিশা চিত্ৰদুৰ্গা জিলাৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোৰ্লাথু ক্ৰছিঙৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে ডিভাইডাৰ পাৰ হৈ সন্মুখৰ পৰা অহা এখন শ্লীপাৰ বাছত খুন্দা মাৰে । লগে লগে পথৰ মাজতে বাছখনত অগ্নিসংযোগ হয় । যাত্ৰীসকলে কি হৈছে বুজি পোৱাৰ আগতেই জুইৰ লেলিহান শিখাই বাছখন আগুৰি ধৰে । ট্ৰাকখন হিৰিয়ুৰৰ পৰা বেংগালুৰুলৈ আৰু বাছখন বেংগালুৰুৰ পৰা গোকৰ্ণালৈ গৈ আছিল বুলি জানিব পৰা গৈছে ।

অগ্নিদগ্ধ হৈ ৯ যাত্ৰীৰ মৃত্যু-

এই দুৰ্ঘটনাত বাছখনৰ ৯ জন যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে । আন কেইবাজনো আহত যাত্ৰীক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰে । হিৰিউৰ গ্ৰাম্য আৰক্ষী থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে । বাছখনত পোন্ধৰগৰাকী মহিলা আৰু ১৪জন পুৰুষে যাত্ৰী আছিল ।

বাছখনত আছিল ২৯ জন যাত্ৰী-

খবৰ অনুসৰি বাছখনত ২৯ জন যাত্ৰী আছিল । দুৰ্ঘটনাৰ সময়ত বাছ চালক, কণ্ডাক্টৰ আৰু একাংশ যাত্ৰীয়ে বাছৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে । দুৰ্ঘটনাত ট্ৰাক চালকৰো মৃত্যু হয় । এই ঘটনাৰ পিছতে ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁটৰ সৃষ্টি হয় ।

দুৰ্ঘটনাটোৰ পিছতে ঘাইপথত হাহাকাৰ সৃষ্টি হয় । একাংশ লোকে বাছখনৰ জুই নিৰ্বাপনৰ চেষ্টা চলাইছিল যদিও সফল নহ’ল । লগে লগে আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু যথেষ্ট প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে আটাইকেইটা মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু কিছুসংখ্যকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ওড়িশাত নিহত শীৰ্ষ মাওবাদী গণেশ উইকেসহ ৬ নক্সালবাদী… মূৰৰ দাম আছিল ১ কোটি

দিল্লীলৈ ৰাওনা শিৱকুমাৰ; সিদ্ধাৰমাইয়াই ক’লে, ‘মোক মাতিলে ময়ো যাম’

বিয়াত উপস্থিত থাকিম বুলি দিল্লীলৈ ৰাওনা শিৱকুমাৰ; সিদ্ধাৰমাইয়াই ক’লে, ‘মোক মাতিলে ময়ো যাম’

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদক লৈ কংগ্ৰেছ দলৰ ভিতৰত চলি থকা সংঘাত এতিয়া তীব্ৰতৰ হৈ পৰিছে। উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে বুধবাৰে বিয়লি দিল্লী অভিমুখে ৰাওনা হয়,যাৰ বাবে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হৈছে।

শিৱকুমাৰে কয় যে,তেওঁ বিয়া এখনলৈ গৈ আছে,কিন্তু বিশ্বাস কৰা হৈছে যে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ মাজতে, মুখ্যমন্ত্রী সিদ্ধাৰমাইয়াই কয় যে দলৰ হাইকমাণ্ডৰ ফোন আহিলেহে তেওঁ দিল্লীলৈ যাব৷

বেংগালুৰুত তেওঁ কয়, ‘মই দিল্লীলৈ ব্যক্তিগত বিয়াৰ অনুষ্ঠানলৈ গৈছো।১৪ ডিচেম্বৰত ৰামলীলা মৈদানত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ’ব,য’ত ‘ভোট চুৰি’ৰ বিৰুদ্ধে ৰেলী হ’ব’।

‘কৰ্ণাটকৰ পৰা কমেও ৩০০ লোক দিল্লীত উপস্থিত হ’ব লাগে।মই সকলো জিলা মন্ত্ৰী বিধায়কক সেই কথা কৈছো যে,তেওঁলোকে ইয়াক নিৰীক্ষণ কৰি দলীয় কৰ্মীক এই কাৰ্যসূচীলৈ লৈ যাব লাগে’।

‘মই তালৈ যাওঁ ব্যৱস্থা চাবলৈ আৰু কাইলৈ ​​পুৱা কেবিনেট বৈঠকৰ বাবে বেংগালুৰুলৈ উভতি যাম।মই মাত্ৰ বিয়াত উপস্থিত থাকিম আৰু ২-৩ খন সৰু সৰু মিটিং কৰিম, তাৰ পিছত ঘূৰি আহিম’।

ইয়াৰ মাজতে, শিৱকুমাৰৰ দিল্লী ভ্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিদ্ধাৰমাইয়াই কয়, ‘তেওঁক যাবলৈ দিয়ক। মই তেতিয়াহে যাম, যেতিয়া মোলৈ ফোন আহিব।এতিয়ালৈকে মোলৈ কোনো ফোন অহা নাই’।

আপোনালোকক জনাওঁ যে বিগত সময়ত শিৱকুমাৰে কে চি ভেনুগোপাল, মল্লিকাৰ্জুন খৰ্গেৰ দৰে নেতাৰ সৈতে খোদ বিমানবন্দৰতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে।

লগতে পঢ়ক: চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল নেহৰুৱেঃ ৰাজনাথ সিং

“মই কংগ্ৰেছৰ এজন নিষ্ঠাবান জোৱান…”; ৰাজনৈতিক বিতৰ্কক লৈ কি ক’লে ডি কে শিৱকুমাৰে?

ৰাজনৈতিক বিতৰ্কক লৈ কি ক’লে ডি কে শিৱকুমাৰে?

কৰ্ণাটক কংগ্ৰেছত মতানৈক্যৰ খবৰৰ মাজতে মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে একত্ৰিত হৈ এক সংবাদমেল সম্বোধন কৰে।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কয় যে আমাৰ মাজত কোনো পাৰ্থক্য নাই আৰু ভৱিষ্যতেও কোনো পাৰ্থক্য নাথাকিব।আমাৰ এজেণ্ডা ২০২৮ চনৰ বিধানসভা নিৰ্বাচন।

স্থানীয় সংস্থাৰ নিৰ্বাচনো আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি সেইবোৰৰ বিষয়ে আলোচনা কৰিলোঁ। আমি ২০২৮ চনৰ নিৰ্বাচনত কংগ্ৰেছক ঘূৰাই অনাৰ বিষয়েও আলোচনা কৰিলোঁ।আমি একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ মাজত কোনো বিভ্ৰান্তি নাই, কেতিয়াও নাথাকিব।

মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কয় আমি সিদ্ধান্ত লৈছো যে হাই কমাণ্ডে যিয়েই ক’ব আমি গ্ৰহণ কৰিম।কাইলৈৰ পৰা কোনো ধৰণৰ খেলিমেলি নাথাকিব। বাৰু, বৰ্তমানেও তেনেকুৱা পৰিস্থিতি নাই।

এই দাবী একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিজেপি আৰু জেডিএছৰ মিছা অভিযোগ উত্থাপন কৰাৰ অভ্যাস।তেওঁ অনাস্থা প্ৰস্তাৱ আনিব বুলি বিবৃতি দিছে।

বিজেপিৰ ৬০ জন আৰু জেডিএছৰ মাত্ৰ ১৮ জন বিধায়ক আছে।আমাৰ সংখ্যাৰ লগত মিলাব নোৱাৰিব। আমাৰ ১৪০ জন বিধায়ক আছে।

ইফালে ডি কে শিৱকুমাৰে কয়,‘আপোনালোক সকলোৰে সহায়ত আমি কংগ্ৰেছ চৰকাৰ আনি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আছো।কৰ্ণাটকৰ জনসাধাৰণে পূৰ্ণ সমৰ্থন আগবঢ়াইছে’।

‘আমি তেওঁলোকৰ আশা পূৰণ কৰিব লাগিব আৰু তাৰ দিশত আমি কাম কৰি আছো।হাই কমাণ্ডে যিয়েই ক’ব, আমি অনুসৰণ কৰিম।কৰ্ণাটক কংগ্ৰেছত কোনো দলীয়তা নাই’।

“আমি এতিয়াও একেলগে কাম কৰি আছো।মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই যি কয় মই সমৰ্থন কৰো। আমি দুয়ো একেলগে কাম কৰি আছো।”

তেওঁ লগতে কয় যে, আমি জানো যে দলটোৱে আমাৰ দেশত এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে।কিন্তু আমাৰ বিশ্বাস যে কৰ্ণাটক ডাঙৰ ভূমিকা পালন কৰিব,আমি ২০২৮ চনত পুনৰ চৰকাৰ গঠন কৰিম।

লগতে পঢ়ক: ‘কেজৰিৱালে মোৰ ফোন ৰিচিভ নকৰে’; কান্দি কান্দি বিজেপিত যোগদান আপৰ ৰাজেশ গুপ্তাৰ

মুখ্যমন্ত্ৰী পদৰ বাবে ডি কে শিৱকুমাৰে কেতিয়া ল’ব শপত? সিদ্দাৰমাইয়াৰ ডাঙৰ মন্তব্য

মুখ্যমন্ত্ৰী পদৰ বাবে ডি কে শিৱকুমাৰে কেতিয়া ল’ব শপত?

কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ ভিতৰত নেতৃত্ব পৰিৱৰ্তনৰ বিষয়টোৱে যথেষ্ট গতি লাভ কৰিছে। উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ তাৰিখক লৈ আলোচনা চলি আছে।চলিত মাহৰ ২১ বা ২৬ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে ডি কে শিৱকুমাৰে।

ৰাজ্যখনত বৰ্তমানৰ সিদ্দাৰমাইয়া চৰকাৰে ২০ নৱেম্বৰত ডেৰ-দুবছৰ সম্পূৰ্ণ কৰিব।এনে পৰিস্থিতিত কথিত ক্ষমতা ভাগ-বতৰাৰ সূত্ৰ অনুসৰি ডি কে শিৱকুমাৰে ২১ বা ২৬ তাৰিখে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।এতিয়া এই বিষয়ত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই মন্তব্য কৰিছে।

শুকুৰবাৰে ইয়াৰ সৈতে জড়িত এটা প্ৰশ্নত সিদ্দাৰমাইয়াক বিৰক্ত হোৱা দেখা গৈছিল।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “আপোনালোকক এই কথা কোনে কৈছিল? শিৱকুমাৰে এই কথা কৈছিল নেকি?”

দৰাচলতে সিদ্দাৰমাইয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ২০ নৱেম্বৰত নিজৰ কাৰ্যকালৰ আধা সময় অৰ্থাৎ ডেৰ-দুবছৰ সম্পূৰ্ণ কৰিব।

ইয়াৰ মাজতে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে, সিদ্দাৰমাইয়াৰ সৈতে হোৱা কথিত ক্ষমতা ভাগ-বতৰা চুক্তিৰ অংশ হিচাপে,২০ নৱেম্বৰৰ পিছত তেওঁ মুখ্যমন্ত্ৰী পদৰ বাবে দাবী বাজি ল’ব পাৰে।

স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি সিদ্ধাৰমাইয়াক সুধিছিল যে, শিৱকুমাৰে ২১ বা ২৬ নৱেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বুলি কোৱাত তেওঁৰ খং উঠিছিল।

তেওঁ কটুক্তিৰে ক’লে যে,”এই কথা কোনে কৈছিল? শিৱকুমাৰে এই কথা কৈছিল নেকি?” তাৰ পিছত তেওঁ খঙেৰে গুচি গ’ল।

এই ঘটনাই সিদ্দাৰমাইয়া আৰু শিৱকুমাৰৰ মাজত উত্তেজনা সন্দৰ্ভত জল্পনা-কল্পনাত আৰু অধিক ইন্ধন যোগাইছিল।

লগতে পঢ়ক: NDA ৰ ইস্তাহাৰ প্ৰকাশ; প্ৰতিগৰাকী যুৱক আৰু নিবনুৱালৈ ডাঙৰ অফাৰ

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না; এদিন পূৰ্বে হৈছিল দোষী সাব্যস্ত

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না

কৰ্ণাটকৰ বিশেষ আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা জনতা দল চেকুলাৰৰ নেতা তথা প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে । তথ্য অনুসৰি বিশেষ আদালতৰ ন্যায়াধীশ সন্তোষ গজনন ভাটে এই শাস্তি ঘোষণা কৰে । প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে ৪টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল । এই গোচৰ হাছান জিলাৰ ৰেভান্নাৰ পৰিয়ালৰ গণিকাডা ফাৰ্ম হাউচত ঘৰুৱা সহায়ক হিচাপে কাম কৰা এগৰাকী ৪৮ বছৰীয়া মহিলাৰ সৈতে জড়িত ।

প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে কি অভিযোগ-

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি ৰেভান্নাক ২০২১ চনত হাছানৰ তেওঁৰ ফাৰ্ম হাউচ আৰু বাংগালুৰুৰ ঘৰত দুবাৰকৈ মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল । লগতে তেওঁৰ মোবাইল ফোনতো ৰেকৰ্ডিং কৰে এই কাৰ্য্য । লগতে এই বিষয়ে মহিলাগৰাকীয়ে কাৰোবাক কলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল ৰেভান্নাই ।

বিশেষ চৰকাৰী উকীল অশোক নায়কে কয় যে বিচাৰ বিভাগে ২৬ জন সাক্ষীৰ বক্তব্য লৈ ১৮০ টা নথি দাখিল কৰিছিল । মূল প্ৰমাণ আছিল ভুক্তভোগীৰ, যিটো আছিল অতি বিশ্বাসযোগ্য । গোচৰটোৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলটোৱে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ১৬৩২ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল । ইয়াত ১১৩ জন সাক্ষীৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছিল ।

২০২৪ চনৰ ২৬ এপ্ৰিলত হাছানত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰজ্বল ৰেভান্নাৰ সৈতে জড়িত পৰ্ণগ্ৰাফিক ভিডিঅ’ থকা পেন ড্ৰাইভ প্ৰচাৰ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে বিষয়টো পোহৰলৈ আহে ।

২০২৪ বৰ্ষৰ ৩১ মে’ত জাৰ্মানীৰ পৰা বাংগালুৰু বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰজ্বল ৰেভান্নাক এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত হাছান সংসদীয় সমষ্টিত পৰাস্ত হৈছিল ৰেভান্না । তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পিছতে তেওঁক দলৰ পৰা নিলম্বন কৰা হয় ।

লগতে পঢ়ক : ‘ভোটাৰ তালিকাত নিজৰ নাম ভালদৰে পৰীক্ষা কৰক’… তেজস্বী যাদৱৰ অভিযোগৰ উত্তৰ নিৰ্বাচন আয়োগৰ

RCB ৰ বিজয় পেৰেডত ১১ জনৰ মৃত্যু: চৰকাৰৰ পৰা ন্যায়ালয়ে বিচাৰিলে উত্তৰ

চৰকাৰৰ পৰা ন্যায়ালয়ে বিচাৰিলে উত্তৰ

বুধবাৰে বেংগালুৰুৰ এক উদযাপন মৃত্যুলৈ ৰূপান্তৰিত হয়। চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত লাখ লাখ লোক সমবেত হৈ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ প্ৰথমটো আই পি এল ট্ৰফী জয় কৰাৰ আনন্দ উদযাপন কৰে।

কিন্তু ভিৰ ইমানেই বেছি হৈ পৰিল যে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল।ইয়াৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হয়।

এতিয়া কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই দুৰ্ঘটনাৰ সন্দৰ্ভত নিজাববীয়াকৈ সচেতনতা গ্ৰহণ কৰিছে। এই বিষয়টোক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি আদালতে ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে।

ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে আদালতে।  ১১ জুনত পুনৰ শুনানি গ্ৰহণৰ নিৰ্দেশ দিছে আদালতে।

এই গোচৰটো ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ভি কামেশ্বৰ ৰাৱ আৰু ন্যায়াধীশ চি.এম.যোশী ৰ বিচাৰপীঠৰ সন্মুখত অনা হৈছিল।

তাৰ মাজতে এক খবৰ আহিছে যে, বেংগালুৰু আৰক্ষীয়ে বুধবাৰে এই অনুষ্ঠানৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অক্ষমতা প্ৰকাশ কৰিছিল।

বেংগালুৰু আৰক্ষীয়ে কৈছিল যে ইমান ডাঙৰ অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাবলৈ কমেও দুদিনৰ প্ৰয়োজন। যদি এই আয়োজন দেওবাৰে কৰে তেনেহলে ভাল হ’ব। কিন্তু আৰচিবিৰ মেনেজমেণ্টে কৈছিল যে অনুৰাগীক বেছি সময় অপেক্ষা কৰোৱাটো উচিত নহ’ব।

ঘটনা সন্দৰ্ভত এতিয়া উচ্চ ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰিছে যে ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ কোনো SOP (Standard Operating Procedure) আছে নেকি?

ইয়াৰ উত্তৰত মহাধিবক্তাই কয় যে ‘ভৱিষ্যতৰ কথা চিন্তা কৰা হৈছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে ভৱিষ্যতে যাতে এনে ঘটনা নহয় তাৰ বাবেও চৰকাৰক সকিয়াই দিছে।

লগতে পঢ়ক: কইনা হ’ল তৃণমূল সাংসদ মহুৱা মৈত্ৰ; ৬৫ বছৰীয়া পিনাকী মিশ্ৰৰ সৈতে বহিল বিবাহত

‘যুদ্ধৰ কোনো প্ৰয়োজন নাই…’ ; ছিদ্দাৰমাইয়াৰ মন্তব্যই পাকিস্তানী সংবাদ মাধ্যমৰ দখল কৰিলে শিৰোনাম

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ আছে।তাৰ মাজতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই এক বিতৰ্কিত মন্তব্য দিছে।

সাংবাদিকসকলে সোধা এটা প্ৰশ্নত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কৈছিল যে ‘পাকিস্তানৰ লগত যুদ্ধৰ প্ৰয়োজন নাই।মই ইয়াৰ পক্ষত নাই’।

‘সকলোতে শান্তি থাকিব লাগিব, মানুহে নিৰাপত্তা অনুভৱ কৰিব লাগে, আৰু কেন্দ্ৰীয় চৰকাৰে ফলপ্ৰসূ নিৰাপত্তাৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব’।

তাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্যৰ ভিডিঅ’ পাকিস্তানৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে।এই সন্দৰ্ভত বিজেপিয়ে সিদ্দাৰমাইয়াক আক্ৰমণ কৰিছে।

কৰ্ণাটক বিধানসভাৰ বিৰোধী দলপতি আৰ অশোকে কয় যে ‘সিদ্দাৰমাইয়াই পাকিস্তানৰ পুতলাৰ দৰে বক্তব্য দিছে’।

এই মন্তব্যৰ পিছত এতিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই স্পষ্টীকৰণ দিছে।তেওঁ সামাজিক মাধ্যমত লিখিছে যে, ‘যুদ্ধ সম্পৰ্কে মোৰ বক্তব্যক লৈ বিতৰ্ক আৰু আলোচনা হোৱা দেখিছো’।

‘যুদ্ধ সদায় এটা জাতিৰ শেষ বিকল্প হ’ব লাগে।পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত কৰা ভয়ংকৰ আক্ৰমণত এই কথা আমাৰ দেশৰ জনসাধাৰণ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়কে স্পষ্ট কৰি দিছে যে আমাৰ চোৰাংচোৱা আৰু নিৰাপত্তা ব্যৱস্থাত গুৰুতৰ ত্ৰুটি আছিল’।

‘এতিয়া চৰকাৰৰ গুৰুতৰ দায়িত্ব হৈছে যে তেওঁলোকে সকলোতকৈ প্ৰথমে এই অভাৱবোৰ শুধৰাব লাগে আৰু ভৱিষ্যতে যাতে এনে ট্ৰেজেডী পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে’।

তেওঁ লগতে কয় যে, “এই জটিল মুহূৰ্তত, সমগ্ৰ বিশ্বৰ দেশসমূহে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দি ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় হৈছে”।

“আমি এই অভূতপূৰ্ব বিশ্বব্যাপী সমৰ্থনৰ সুবিধা ল’ব লাগিব আৰু পাকিস্তানক এনে কঠোৰ শাস্তি দিব লাগে যে তেওঁলোকে আৰু কেতিয়াও এনে কাম কৰিবলৈ সাহস নকৰে”।

ঘৰৰ ভিতৰত উদ্ধাৰ কৰ্ণাটকৰ প্ৰাক্তন ডিজিপিপ মৃতদেহ; পত্নীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ পৰা এটা ডাঙৰ খবৰ আহিছে। কৰ্ণাটকৰ প্ৰাক্তন ডিজিপি ওম প্ৰকাশক বেংগালুৰুত হত্যা কৰা হৈছে ।প্ৰাক্তন ডিজিপি গৰাকীৰ পত্নীয়ে তেওঁক ছুৰীৰে হানি খুছি হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

অৱশ্যে আৰক্ষীয়ে এতিয়াও বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।উল্লেখ্য যে প্ৰাক্তন ডিজিপি ওম প্ৰকাশৰ মৃতদেহ বেংগালুৰুৰ এইচ এছ আৰ লেআউটত থকা তেওঁৰ ঘৰত উদ্ধাৰ কৰা হৈছে।

ঘটনাৰ সময়ত কেৱল তেওঁৰ পত্নী আৰু কন্যা ঘৰত উপস্থিত আছিল।ঘটনাটোৰ পিছত পত্নীয়েই ফোন কৰি এই বিষয়ে আৰক্ষীক অৱগত কৰিছিল।

ঘটনাৰ পাছতে আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ১৯৮১ চনৰ বেটচৰ আই পি এছ বিষয়া ওম প্ৰকাশ ২০১৫ চনত ৰাজ্যৰ ৩৮ সংখ্যক ডি জি হৈছিল ওম প্ৰকাশ।

প্ৰাক্তন ডিজিপিগৰাকীৰ পত্নীয়ে জনোৱা মতে, মূলতঃ বিহাৰৰ চম্পাৰণৰ আই পি এছ ওম প্ৰকাশে অৱসৰৰ পিছত পৰিয়ালৰ সৈতে বাংগালুৰুত বাস কৰি আছিল।

জানিব পৰা মতে, প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ পত্নী মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু মানসিক অশান্তিত ভুগিয়ে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰে।

বৰ্তমান আৰক্ষীয়ে পত্নীক জেৰা কৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।