ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৰিব সমুদ্ৰ ভ্ৰমণ… ২৮ ডিচেম্বৰত কৰ্ণাটকৰ পৰা ছাবমেৰিনেৰে যাত্ৰা

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৰিব সমুদ্ৰ ভ্ৰমণ… ২৮ ডিচেম্বৰত কৰ্ণাটকৰ পৰা ছাবমেৰিনেৰে যাত্ৰা

কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি মুৰ্মু হ’ব ছাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি । ২৮ ডিচেম্বৰত কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । শনিবাৰৰ পৰা চাৰিদিনীয়া গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে

কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি মুৰ্মু হ’ব ছাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ।

২৮ ডিচেম্বৰত কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । শনিবাৰৰ পৰা চাৰিদিনীয়া গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে । এই ভ্ৰমণৰ সময়তে হ’ব এই যাত্ৰা । শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰপতি ভৱনে কয় যে ৰাষ্ট্ৰপতি মুৰ্মু ২৭ ডিচেম্বৰৰ সন্ধিয়া গোৱালৈ ৰাওনা হ’ব । তাৰ পিছত ২৮ ডিচেম্বৰত কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা এখন ছাবমেৰিনত ৰাষ্ট্ৰপতিগৰাকীয়ে সাগৰীয় যাত্ৰা কৰিব ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি মুৰ্মু হ’ব ছাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি । ইয়াৰ পূৰ্বে ২০০৬ চনৰ ১৩ ফেব্ৰুৱাৰীত বিশাখাপট্টনমৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ছাবমেৰিন যাত্ৰা কৰিছিল । এতিয়া শনিবাৰৰ পৰা আৰম্ভ হ’ব লগা চাৰিদিনীয়া গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে ছাবমেৰিনেৰে সাগৰীয় যাত্ৰাৰ কৰিব ।

ভাৰতীয় বায়ুসেনাৰ দুখনকৈ যুদ্ধ বিমান উৰুওৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি মুৰ্মু । চলিত বৰ্ষৰ ২৯ অক্টোবৰত ৰাফেলত আৰু ২০২৩ চনত চুখয় ৩০ এম কে আইত উৰা মাৰিছিল তেওঁ ।

সোমবাৰে ঝাৰখণ্ডৰ জামছেদপুৰত অল চিকিৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । একেদিনাই এন আই টি জামছেদপুৰৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানতো ভাষণ দিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । অহা ৩০ ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাত অনুষ্ঠিত আন্তঃৰাজ্যিক জনসাধাৰণৰ সাংস্কৃতিক সমাৱেশ কাৰ্তিক যাত্ৰাত ভাষণ দিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

লগতে পঢ়ক : ৩৭০ অনুচ্ছেদৰ দেৱাল ভাঙি গৌৰাৱান্বিত বিজেপিঃ প্ৰধানমন্ত্ৰী মোদী

শেহতীয়া প্ৰৱন্ধসমূহ