‘২ বছৰ ধৰি চৰ্চাৰ পৰা আঁতৰত আছোঁ’; পদ্মভূষণ লাভ কৰি অলকা য়াগনিকৰ আৱেগিক পোষ্ট

মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী অলকা য়াগনিকক পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰে।

২৩ জুনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দ্বিতীয় পৰ্যায়ৰ পদ্ম বঁটা প্ৰদান কৰে। মুঠ ৬৫ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হয়। সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী অলকা য়াগনিকক পদ্ম ভূষণ সন্মানেৰে বিভূষিত কৰা হয়। পদ্ম ভূষণ গ্ৰহণ কৰাৰ পিছত কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ অনুৰাগীসকলক নিজৰ স্বাস্থ্যৰ সন্দৰ্ভত অৱগত কৰিছে।

মঙলবাৰে অলকা য়াগনিক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্ম ভূষণ সন্মান গ্ৰহণ কৰিবলৈ উপস্থিত হয়। ৬০ বছৰীয়া কণ্ঠশিল্পীগৰাকীক এজন ব্যক্তিৰ সহায় লৈ মঞ্চলৈ উঠি যোৱা দেখা গৈছিল। তেওঁৰ এই ভিডিঅ’টো অনুৰাগীসকলৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে সকলোৱে তেওঁক লৈ চিন্তিত হৈ পৰে। এতিয়া তেওঁ এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ বিষয়ে জনাইছে। কণ্ঠশিল্পীগৰাকীৰ মতে, তেওঁ যোৱা দুবছৰ ধৰি লাইমলাইটৰ পৰা আঁতৰত আছে, কাৰণ তেওঁ স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল।

কণ্ঠশিল্পী গৰাকীয়ে লিখিছে যে,  “যোৱা ২ বছৰ ধৰি মই চৰ্চাৰ পৰা আঁতৰত আছোঁ। ৰাজহুৱা অনুষ্ঠান আৰু নিজৰ যাত্ৰা শ্বেয়াৰ কৰাৰ পৰাও বিৰত আছোঁ। আপোনালোকৰ বহুজনেই জানে যে মই এক কঠিন স্বাস্থ্যজনিত পৰিস্থিতিৰ মাজেৰে গতি কৰি আছিলোঁ আৰু এই সকলোবোৰৰ মাজত আপোনালোকৰ মৰম, প্ৰাৰ্থনা, বাৰ্তা আৰু অপৰিসীম সমৰ্থন প্ৰতিটো খোজতে মোৰ লগত আছিল। আজি যেতিয়া মই দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান, প্ৰতিষ্ঠিত পদ্ম ভূষণ গ্ৰহণ কৰিবলৈ আহিলোঁ, তেতিয়া মোৰ হৃদয়খন কৃতজ্ঞতাৰে ভৰি পৰিল। এই সন্মান মই অতি নম্ৰতাৰে লাভ কৰিলোঁ। ইয়াত যদিও মোৰ নাম আছে, কিন্তু এই সন্মান সমানেই সেই প্ৰতিগৰাকী শ্ৰোতাৰো, যিয়ে নিজৰ জীৱনত মোৰ কণ্ঠক স্থান দিছে। মোৰ গানবোৰক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লৈ গৈছে আৰু মোৰ উত্থান-পতন দুয়োটা সময়তে মোৰ কাষত থিয় দিছে।”

“এই মুহূৰ্তটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ। এয়া কেৱল মোৰ কামৰ স্বীকৃতি নহয়, বৰঞ্চ মৰম, আশা আৰু সাহসেৰে লাভ কৰা শক্তিৰ সোঁৱৰণীও। মই লাহে লাহে পুনৰ নিজৰ ভৰিত থিয় হৈছোঁ আৰু মই আজি ইয়াত উপস্থিত থাকিব বিচাৰিছিলোঁ, কেৱল নিজৰ বাবেই নহয়, বৰঞ্চ এই যাত্ৰাৰ অংশ হোৱা প্ৰতিগৰাকী ব্যক্তিৰ বাবেও।”

তেওঁ আৰু কয় যে, “মই ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰক অন্তৰেৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিয়ে মোক এই অসাধাৰণ সন্মানেৰে বিভূষিত কৰিলে। মই ইয়াক অত্যন্ত নম্ৰতা আৰু সন্মানেৰে গ্ৰহণ কৰিছোঁ। প্ৰাৰ্থনা আৰু মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ধন্যবাদ। মই সকলোবোৰ মোৰ বুকুত সাঁচি ৰাখিম।”

শেষত তেওঁ লিখে যে, “আজি মই কেৱল এটা বঁটা গ্ৰহণ কৰা নাই, মই সেই লাখ লাখ মানুহৰ মৰম অনুভৱ কৰিছোঁ যিসকল মোৰ এই যাত্ৰাৰ অংশীদাৰ আছিল।”

লগতে পঢ়ক: দিলজিৎ দোছাঞ্জৰ অনুষ্ঠানত অঘটন; মঞ্চত উঠিল খালিস্তানী সমৰ্থক

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আজি ৬৮ সংখ্যক জন্মদিন। এই জন্মদিন উপলক্ষ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক তেওঁৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ জীৱন যাত্ৰাক স্থিতিস্থাপকতা, গণতন্ত্ৰ আৰু সৰ্বাংগীনতাৰ এক শক্তিশালী প্ৰমাণ হিচাপে অভিহিত কৰে।

শনিবাৰে ৬৮ বছৰত ভৰি দিয়া মুৰ্মুৱে দেশৰ বিভিন্ন প্ৰান্তৰ নেতাৰ পৰা শুভেচ্ছা লাভ কৰে। ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসেৱাত তেওঁ আগবঢ়োৱা অৱদানক মুখ্যমন্ত্ৰীগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে।

এক্স যোগে কৰা এটা পোষ্টত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মাননীয় ৰাষ্ট্ৰপতি মহোদয়া, শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জীক তেওঁৰ জন্মদিনত আন্তৰিক শুভেচ্ছা জনাইছোঁ।”

মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতিগৰাকীক মৰ্যাদা, প্ৰজ্ঞা আৰু গৰিমাৰ এক প্ৰতীক বুলি বৰ্ণনা কৰে, যাক দেশখনক শক্তিশালী কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে দল-মত নিৰ্বিশেষে সকলোৱে শ্ৰদ্ধা কৰে।

তেওঁ কয়, “আমাৰ সৰ্বোচ্চ সেনাধ্যক্ষগৰাকীৰ জীৱন যাত্ৰা হৈছে স্থিতিস্থাপকতা, গণতন্ত্ৰ আৰু সৰ্বাংগীনতাৰ শক্তিৰ এক গভীৰ প্ৰমাণ।”

সামাজিক ন্যায় আৰু জনকল্যাণৰ প্ৰতি মুৰ্মুৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনসেৱাৰ প্ৰতি থকা তেওঁৰ অলৰ-অচৰ উচৰ্গাই সমগ্ৰ দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে।

তেওঁ লগতে উল্লেখ কৰে, “সামাজিক ন্যায় আৰু জনসেৱাৰ প্ৰতি থকা তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতিয়ে আমাৰ মহান গণতান্ত্ৰিক ৰাষ্ট্ৰখনক অনুপ্ৰাণিত কৰে।”

ইয়াৰ লগতে তেওঁ মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ বিচাৰি ৰাষ্ট্ৰপতিগৰাকীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে শেষত কয়, “তেওঁৰ মাৰ্গদৰ্শনে দেশখনক প্ৰগতি আৰু সমৃদ্ধিৰ এক নতুন শিখৰলৈ লৈ যাওক, তাকেই কামনা কৰিলোঁ।”

লগতে পঢ়ক: ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ; ৰাজ্যৰ উন্নয়নৰ বাবে বিচাৰিলে মাৰ্গদৰ্শন

মুখ্যমন্ত্ৰী হিচাপে ধাৰাবাহিকভাৱে দ্বিতীয়টো কাৰ্যকালৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ড° শৰ্মাৰ এয়া আছিল প্ৰথমটো সৌজন্যমূলক সাক্ষাৎ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে (৩ জুন) নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰী হিচাপে ধাৰাবাহিকভাৱে দ্বিতীয়টো কাৰ্যকালৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ড° শৰ্মাৰ এয়া আছিল প্ৰথমটো সৌজন্যমূলক সাক্ষাৎ । এই গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতিক অসমৰ সাম্প্ৰতিক অৰ্থনৈতিক প্ৰগতি, আন্তঃগাঁথনিমূলক উন্নয়ন, জনকল্যাণমুখী আঁচনি আৰু অনাগত বৰ্ষসমূহত বিকাশৰ ধাৰা অক্ষুণ্ণ ৰখাৰ পৰিকল্পনাৰ বিষয়ে বিতংভাৱে অৱগত কৰে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত এই সন্দৰ্ভত সবিশেষ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় :

“মাননীয় ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰাটো সদায় এক প্ৰেৰণাদায়ক অভিজ্ঞতা । তেওঁৰ আদৰ্শ আৰু মাৰ্গদৰ্শনে আমাক জনসেৱাৰ পথত সদায় উৎসাহিত কৰে । মই তেওঁক ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বিকাশশীল ৰাজ্য হিচাপে অসমৰ চলি থকা প্ৰগতিৰ যাত্ৰাৰ বুজ দিছোঁ আৰু এই গতি কেনেকৈ আগুৱাই নিবলৈ পৰিকল্পনা কৰিছোঁ সেই বিষয়ে অৱগত কৰিছোঁ ।”

গুৱাহাটীত স্থাপন হ’ব IIM-

ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত প্ৰস্তাৱিত ভাৰতীয় প্ৰবন্ধ প্ৰতিষ্ঠান গুৱাহাটী (IIM Guwahati) চৌহদৰ ৰূপৰেখা চূড়ান্ত কৰাৰ সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰা হয় ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ লক্ষ্য হৈছে অসমক পূব ভাৰতৰ এক প্ৰধান শিক্ষা আৰু গৱেষণাৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা । গুৱাহাটীত আই.আই.এম. স্থাপন হ’লে ৰাজ্যখনৰ উচ্চ শিক্ষা আৰু ব্যৱস্থাপনা (Management) শিক্ষাৰ আন্তঃগাঁথনি অভূতপূৰ্বভাৱে শক্তিশালী হৈ পৰিব ।

ৰাজ্যখনত বিনিয়োগ আকৰ্ষণ কৰা, সংস্থাপন বৃদ্ধি কৰা আৰু শিক্ষাব্যৱস্থাক বিশ্বমানৰ কৰি তোলাৰ বাবে অসম চৰকাৰে বৰ্তমান সৰ্বাত্মক প্ৰচেষ্টা চলাই থকাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ এই দিল্লী ভ্ৰমণ অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু পিয়ুষ গোৱেলক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘এয়া ৰাষ্ট্ৰপতিক নহয়, সংবিধানক অপমান…’; প্ৰট’কল উলংঘাক লৈ মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ টিএমচি চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে।তেওঁ কয় যে এই কাণ্ড কেৱল ৰাষ্ট্ৰপতিৰ অপমান নহয়, এয়া সংবিধানৰ অপমান।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষ্যে দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।এই উপলক্ষে এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী গৰাকীয়ে পশ্চিম বংগৰ টিএমচি চৰকাৰক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰট’কল উলংঘা কৰাৰ বাবে তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে টিএমচিয়ে ৰাষ্ট্ৰপতিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে।

ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়,’আজি দেশত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হৈছে,আৰু কালি পশ্চিম বংগৰ টিএমচি চৰকাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক গুৰুতৰ অপমান কৰিলে।দ্ৰৌপদী মুৰ্মু সন্থাল সম্প্ৰদায়ৰ এটা ডাঙৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ বংগলৈ গৈছিল,কিন্তু ৰাষ্ট্ৰপতিক সন্মান কৰাৰ পৰিৱৰ্তে টিএমচিয়ে এই পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানটো বৰ্জন কৰিলে।’

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে,দ্ৰৌপদী মুৰ্মু নিজেই জনজাতীয় সমাজৰ পৰা আহিছে আৰু তেওঁলোকৰ বিকাশৰ প্ৰতি সদায় চিন্তিত।টিএমচি চৰকাৰে সেই অনুষ্ঠানটো অপব্যৱস্থাপনাৰ বাবে পৰিত্যাগ কৰিলে।এইটো কেৱল ৰাষ্ট্ৰপতিৰ অপমান নহয়, বৰঞ্চ ভাৰতৰ সংবিধানৰো অপমানো। এয়া সংবিধানৰ আত্মাক অপমান।এয়া গণতন্ত্ৰৰ মহান পৰম্পৰাকো অপমান…’। প্ৰধানমন্ত্ৰীয়ে এই আচৰণ সংবিধানৰ মনোভাৱৰ বিৰুদ্ধে বুলি জোৰ দিয়ে।

তেওঁ কয় যে,’আমাৰ দেশত কোৱা হয় যে এজন ব্যক্তি যিমানেই শক্তিশালী নহওক কিয়,শেষত অহংকাৰেই তেওঁক ধ্বংস কৰে।আজি দেশৰ ৰাজধানীৰ পৰা মই আপোনালোকক আহ্বান জনাও যে টিএমচিৰ লেতেৰা ৰাজনীতি আৰু ক্ষমতাৰ অহংকাৰ, যিয়ে এগৰাকী জনজাতীয় ৰাষ্ট্ৰপতিৰ মৰ্যাদাক অপমান কৰিছে, তেওঁলোক সোনকালেই ধ্বংস হ’ব।

তেওঁ কয় যে,এগৰাকী মহিলা, এজন জনজাতীয়, আৰু দেশৰ ৰাষ্ট্ৰপতিক অপমান কৰা বাবে পশ্চিম বংগৰ জ্ঞান-দীপ্ত জনসাধাৰণে টিএমচিক কেতিয়াও ক্ষমা নকৰে।দেশে টিএমচিক কেতিয়াও ক্ষমা নকৰিব। দেশৰ জনজাতীয় সমাজে তেওঁক কেতিয়াও ক্ষমা নকৰে।দেশৰ মহিলাসকলে তেওঁক কেতিয়াও ক্ষমা নকৰে।

লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ প্ৰট’কল উলংঘাক লৈ কঠোৰ কেন্দ্ৰ চৰকাৰ; গৃহ মন্ত্ৰালয়ে বংগ চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন

ৰাষ্ট্ৰপতিৰ প্ৰট’কল উলংঘাক লৈ কঠোৰ কেন্দ্ৰ চৰকাৰ; গৃহ মন্ত্ৰালয়ে বংগ চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন

পশ্চিম বংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰ্যসূচীত প্ৰট’কল উলংঘা আৰু স্থান সলনিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ মুখ্য সচিবৰ পৰা উত্তৰ বিচাৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে এই ঘটনাক সাংবিধানিক মৰ্যাদাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পশ্চিম বংগ ভ্ৰমণৰ সময়ত প্ৰট’কল উলংঘা আৰু হঠাতে সভাস্থলীৰ পৰিৱৰ্তনে বিতৰ্কৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে,কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সমগ্ৰ বিষয়টোৰ ওপৰত ব্যাপক গুৰুত্ব দিছে।কেন্দ্ৰীয় গৃহ সচিবে পশ্চিম বংগৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি সন্ধিয়া ৫ বজাৰ ভিতৰত বিতং প্ৰতিবেদন বিচাৰিছে।য’ত প্ৰট’কল নিদিয়া,সঠিক পথৰ তথ্য প্ৰদান নকৰা আৰু অন্যান্য ব্যৱস্থাত হোৱা ভুলৰ বাবে স্পষ্টিকৰণ বিচৰা হৈছে।

দৰাচলতে,ৰাষ্ট্ৰপতি মুৰ্মুৰ উত্তৰ বংগ ভ্ৰমণৰ সময়ত এই বিতৰ্কৰ সৃষ্টি হয়, য’ত তেওঁ দাৰ্জিলিং জিলাত অনুষ্ঠিত হোৱা নৱম আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।

প্ৰথমে বিধাননগৰ (ফানচিদেৱা ব্লক)ত এই অনুষ্ঠানৰ প্ৰস্তাৱ দিয়া হৈছিল,য’ত সন্থাল জনজাতীয় সম্প্ৰদায়ৰ পৰা বৃহৎ সংখ্যক লোক উপস্থিত হ’ব লগা আছিল,কিন্তু ৰাজ্য প্ৰশাসনে নিৰাপত্তা, যানজঁট আৰু অন্যান্য কাৰণৰ কথা উল্লেখ কৰি ইয়াক বাগডোগ্ৰা বিমানবন্দৰৰ সমীপৰ গোসাঁইপুৰ (বা গোসাঁইপুৰ)লৈ স্থানান্তৰিত কৰে।

এই পৰিৱৰ্তনক লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেও অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু কয় যে নতুন স্থানটো সৰু আছিল, যাৰ বাবে বহুতে যাব নোৱাৰিলে।

ৰাষ্ট্ৰপতি গৰাকীয়ে মমতা বেনাৰ্জীক কনিষ্ঠ ভগ্নী বুলি উল্লেখ কৰি প্ৰশ্ন কৰে যে, তেওঁৰ ওপৰত খং উঠি আছে নেকি? কাৰণ মুখ্যমন্ত্ৰী বা মমতা চৰকাৰৰ কোনো মন্ত্ৰীয়েই তেওঁক আদৰণি জনাবলৈ নাহিল।যিহেতু, পদৰ মৰ্যাদাৰ বাবে প্ৰট’কল মানি চলাটো অতি প্ৰয়োজনীয়।

জানিব পৰা মতে,ৰাষ্ট্ৰপতিৰ প্ৰট’কলৰ জৰিয়তে কেইবাটাও অভিযোগত নিৰাপত্তা সম্পৰ্কীয় ব্লু বুক নিয়ম উলংঘা কৰা হৈছে।য’ত – ৰাষ্ট্ৰপতিক আদৰণি জনোৱা আৰু বিদায় দিবলৈ মুখ্যমন্ত্ৰী, চি এছ আৰু ডিজিপি কিয় উপস্থিত নাছিল? তেওঁক আদৰণি জনাবলৈ কেৱল শিলিগুৰিৰ মেয়ৰ আছিল।

ৰাষ্ট্ৰপতিৰ বাবে নিৰ্মিত ৱাশ্বৰুমতো পানী নাছিল। প্ৰশাসনে যিটো পথেৰে গৈছিল সেই পথটো আৱৰ্জনাৰে ভৰি আছিল।এই আচৰণ সমগ্ৰ দেশৰ বাবে অপমানজনক।

লগতে পঢ়ক: শিক্ষিত আৰু সৱল মহিলাই হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত স্তম্ভঃ অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

ৰাষ্ট্ৰপতিক অপমান কৰি টিএমচিয়ে সকলো সীমা অতিক্ৰম কৰিলেঃ মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰপতিৰ প্ৰতি যি ব্যৱহাৰ কৰা হৈছে সেয়া অত্যন্ত লজ্জাজনক

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এক অনুষ্ঠানৰ প্ৰট’কল বিতৰ্কক লৈ পশ্চিম বংগত ৰাজনীতি তীব্ৰতৰ হৈ পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত তৃণমূল কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰপতিৰ প্ৰতি যি ব্যৱহাৰ কৰা হৈছে সেয়া অত্যন্ত লজ্জাজনক । প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে যিয়েই গণতন্ত্ৰ আৰু জনজাতীয় সমাজৰ সবলীকৰণত বিশ্বাস কৰে তেওঁ এই ঘটনাত দুখী ।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ টুইটত লিখিছে, “এয়া এক অতি লজ্জাজনক ঘটনা । গণতন্ত্ৰ আৰু জনজাতীয় সম্প্ৰদায়ৰ সবলীকৰণত বিশ্বাসীসকল ইয়াৰ দ্বাৰা আঘাতপ্ৰাপ্ত আৰু হতাশ হৈছে । নিজেই জনজাতীয় সম্প্ৰদায়ৰ পৰা অহা ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰা যন্ত্ৰণা আৰু দুখে দেশৰ জনসাধাৰণক গভীৰভাৱে দুখী কৰি তুলিছে ।”

প্ৰধানমন্ত্ৰীয়ে কয়, “এই বিষয়ত পশ্চিম বংগৰ টিএমচি চৰকাৰে সকলো সীমা অতিক্ৰম কৰিছে । ৰাষ্ট্ৰপতিৰ এই অপমানৰ বাবে ৰাজ্য প্ৰশাসন দায়ী । পশ্চিম বংগ চৰকাৰে সন্থাল সংস্কৃতিৰ দৰে ইমান গুৰুত্বপূৰ্ণ বিষয় এটা ইমান আকস্মিকভাৱে চম্ভালি লোৱাটোও দুৰ্ভাগ্যজনক ।” তেওঁ লগতে কয়, “ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ৰাজনীতিৰ ওপৰত আৰু এই পদৰ মৰ্যাদাক সদায় সন্মান কৰিব লাগিব । আশা কৰা হৈছে যে পশ্চিম বংগ চৰকাৰ আৰু টিএমচিয়ে এই বিষয়ত বুদ্ধিমানৰ কাম কৰিব ।”

উল্লেখ্য যে, নৱম আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পশ্চিম বংগৰ শিলিগুৰি মহাকুমা পৰিষদৰ ফানচিদেৱা অঞ্চলত উপস্থিত হৈছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি তেওঁক আদৰণি জনাবলৈ মুখ্যমন্ত্ৰী বা কোনো ৰাজ্যিক মন্ত্ৰী উপস্থিত নথকাত ৰাষ্ট্ৰপতিগৰাকীয়ে অসন্তুষ্টি আৰু দুখ প্ৰকাশ কৰে । অৱশ্যে তেওঁ ব্যক্তিগতভাৱে এই কথাত কোনো আপত্তি নাই বুলি উল্লেখ কৰে ।

অনুষ্ঠানৰ অন্তত তেওঁ সন্মিলনৰ বাবে নিৰ্বাচিত স্থানক লৈয়ো অসন্তুষ্টি প্ৰকাশ কৰে । ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে সভাস্থলী অতি সৰু হোৱাৰ বাবে বৃহৎ সংখ্যক সন্থাল সম্প্ৰদায়ৰ লোক উপস্থিত থাকিব নোৱাৰিলে । তেওঁ কয় যে সভাস্থলীত আনকি পাঁচ হাজাৰ লোকৰ বাবেও পৰ্যাপ্ত ঠাইৰ অভাৱ ।

লগতে পঢ়ক : “বংগ দুৰ্বল হ’লে আমি দিল্লী চৰকাৰক উফৰাই দিম”; বিজেপিক তীক্ষ্ণ সমালোচনা মমতা বেনাৰ্জীৰ

ভাৰত-পাকিস্তান সীমান্তত ‘প্ৰচণ্ড’ হেলিকপ্টাৰত সহ-পাইলটৰ ৰূপত ৰাষ্ট্ৰপতি মুৰ্মু

ভাৰত-পাকিস্তান সীমান্তৰ সমীপত লাইট কম্বেট হেলিকপ্টাৰ ‘প্ৰচণ্ড’ত সহ-পাইলট হিচাপে উৰা মাৰি ইতিহাস সৃষ্টি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

শুকুৰবাৰে ৰাজস্থানৰ জয়ছালমেৰত স্বদেশী লাইট কম্বেট হেলিকপ্টাৰ প্ৰচণ্ডত উৰা মাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ভাৰত-পাকিস্তান সীমান্তৰ সমীপত লাইট কম্বেট হেলিকপ্টাৰ ‘প্ৰচণ্ড’ত সহ-পাইলট হিচাপে উৰা মাৰি ইতিহাস সৃষ্টি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে । স্বদেশী যুদ্ধ হেলিকপ্টাৰত সহ-পাইলট হিচাপে উৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু ।

ভাৰতীয় বায়ুসেনাৰ জয়ছালমেৰস্থিত ষ্টেচনৰ পৰা উৰা মাৰে আই চি এইচ প্ৰচণ্ড । যাত্ৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীক কেপ্তেইনে অৱগত কৰে । অলিভ গ্ৰীণ ৰঙৰ ইউনিফৰ্ম আৰু হেলমেট পিন্ধি তেওঁ যোৱাৰ পূৰ্বে ককপিটৰ পৰা হাত জোকাৰি সম্ভাষণ গ্ৰহণ কৰে ।

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক ৰাষ্ট্ৰপতিগৰাকীয়ে যাত্ৰাৰ সময়ত ককপিটৰ পৰা দেশবাসীলৈ বাৰ্তা প্ৰদান কৰে । তেওঁ কয়, “প্ৰচণ্ড হেলিকপ্টাৰ আত্মনিৰ্ভৰশীলতাৰ এক শক্তিশালী প্ৰতীক । বৰ্তমান মই জয়ছালমেৰ জিলাৰ ওপৰেৰে উৰা মাৰিছো । আমাৰ বীৰ জোৱানসকলৰ প্ৰতি আন্তৰিক শুভেচ্ছা আৰু গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো । আপোনালোকলৈ মোৰ শ্ৰদ্ধাঞ্জলি । জয় হিন্দ, জয় ভাৰত ।”

প্ৰায় ২৫ মিনিট সময় চলে এই হেলিকপ্টাৰ । হেলিকপ্টাৰখন পোখৰাণ ফায়াৰিং ৰেঞ্জৰ ওপৰেৰে পাৰ হৈ যায়, য’ত ভাৰতীয় বায়ুসেনাই সন্ধিয়া “বায়ু শক্তি” নামৰ অগ্নিশক্তি প্ৰদৰ্শন কৰিব । ইয়াৰ পূৰ্বে জয়ছালমেৰ এয়াৰ ফৰ্চ ষ্টেচনত এয়াৰ ষ্টাফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় ।

লগতে পঢ়ক : আজি ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ

গণতন্ত্ৰ দিৱসে অতীত, বৰ্তমান আৰু ভৱিষ্যতক সংযোগ কৰে… দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে । তেওঁ কয় যে, আমাৰ সংবিধান বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্যৰ মূল গ্ৰন্থ ।

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত দেওবাৰে বিয়লি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে । গণতন্ত্ৰ দিৱসৰ পবিত্ৰ উদযাপনে আমাক আমাৰ দেশৰ অতীত, বৰ্তমান, ভৱিষ্যতৰ অৱস্থা আৰু দিশৰ ওপৰত চিন্তা কৰাৰ সুযোগ প্ৰদান কৰে বুলি কয় ৰাষ্ট্ৰপতি মুৰ্মুৱে । তেওঁ কয় যে, ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা সংগ্ৰামৰ বলত আমাৰ দেশৰ ভাগ্য সলনি হৈছিল । ভাৰত স্বাধীন হ’ল আৰু আমি হৈ পৰিলোঁ আমাৰ ৰাষ্ট্ৰীয় নিয়তিৰ স্থপতি ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, “১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা আমি আমাৰ গণৰাজ্যখনক সাংবিধানিক আদৰ্শৰ দিশত আগুৱাই নিবলৈ আৰম্ভ কৰো । আজিৰ দিনটোতে আমাৰ সংবিধান সম্পূৰ্ণ কাৰ্যকৰী হয় । গণতন্ত্ৰৰ মাতৃভূমি ভাৰত ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হ’ল আৰু আমাৰ গণতান্ত্ৰিক গণৰাজ্যৰ সৃষ্টি হ’ল ।”

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়-“আমাৰ সংবিধান বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্যৰ মূল গ্ৰন্থ । সংবিধানত সন্নিৱিষ্ট ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ আদৰ্শই আমাৰ গণতন্ত্ৰৰ সংজ্ঞা দিয়ে । এই আদৰ্শসমূহেই হৈছে সংবিধানৰ প্ৰতিষ্ঠাপকসকলৰ আত্মা আৰু ৰাষ্ট্ৰৰ ঐক্যৰ শক্তিশালী ভেটি ।”

তেওঁ পুনৰ কয়- ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে ৰাষ্ট্ৰই । আজিও তেখেতৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ সৈতে জড়িত স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ আছে । এনে উদযাপনে দেশবাসীৰ মাজত ৰাষ্ট্ৰীয় ঐক্যৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়- উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ আমাৰ প্ৰাচীন সাংস্কৃতিক ঐক্যৰ বস্ত্ৰখন আমাৰ পূৰ্বপুৰুষসকলে বৈছিল । এই সাংস্কৃতিক ঐক্যই আমাৰ গণতন্ত্ৰক সজীৱ কৰি তুলিছে আৰু প্ৰতিজন ভাৰতীয়ক একত্ৰিত কৰি ৰাখিছে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে উল্লেখ কৰে যে যোৱা বছৰৰ ৭ নৱেম্বৰৰ পৰা আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ৰচনাৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে উদযাপন চলি আছে । ভাৰত মাতৃৰ মূৰ্ত ৰূপৰ গীতটিয়ে প্ৰতিজন ব্যক্তিৰ মনত দেশপ্ৰেমৰ জগাই তুলিছে ।

শেষত তেওঁ কয় যে, ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশবাসীয়ে স্মৰণ কৰিছিল । ২০২১ চনৰ পৰা নেতাজীৰ জন্ম বাৰ্ষিকী ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰি আহিছে যাতে দেশবাসীয়ে বিশেষকৈ যুৱক-যুৱতীসকলে তেওঁৰ অদম্য দেশপ্ৰেমৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰে । নেতাজী সুভাষ চন্দ্ৰ বসুৰ “জয় হিন্দ” শ্লোগান আমাৰ ৰাষ্ট্ৰীয় গৌৰৱৰ ঘোষণা ।

লগতে পঢ়ক : ভোটদান এক ডাঙৰ দায়িত্বঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

ভাৰতীয় নৌসেনাৰ আই এন এছ বাঘশ্বিৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু…

ভাৰতীয় নৌসেনাৰ চাবমেৰিনত উঠি সামুদ্ৰিক যাত্ৰা কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । চাবমেৰিনেৰে সমুদ্ৰ ভ্ৰমণ কৰা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তেওঁ ।

দেওবাৰে কৰ্ণাটকৰ কাৰৱাৰ নৌসেনা ঘাটিত ভাৰতীয় নৌসেনাৰ ফ্ৰণ্টলাইন চাবমেৰিন আই এন এছ বাঘশ্বিৰত উঠি সাগৰীয় যাত্ৰা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । এই সময়ছোৱাত নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীয়ে ৰাষ্ট্ৰপতিগৰাকীক সংগ দিয়ে । ভাৰতীয় নৌসেনাৰ ইউনিফৰ্ম পৰিধান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ছাবমেৰিনত উঠাৰ পূৰ্বে উপস্থিত কৰ্মীসকলক হাত জোকাৰি অভিবাদন জনায় ।

চাবমেৰিনেৰে সমুদ্ৰ ভ্ৰমণ কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি-

ভাৰতীয় নৌসেনাৰ চাবমেৰিনেৰে সমুদ্ৰ যাত্ৰা কৰা দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে দ্ৰৌপদী মুৰ্মু । তেওঁৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত চাবমেৰিন যাত্ৰাৰ অভিজ্ঞতা লাভ কৰিছিল । উল্লেখ্য যে ৰাষ্ট্ৰপতিগৰাকী সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ অধিনায়ক । চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতীয় নৌসেনাত কমিচন কৰা প্ৰজেক্ট ৭৫ স্ক’ৰপিয়নৰ ষষ্ঠ আৰু চূড়ান্ত চাবমেৰিন হৈছে আই এন এছ ভাগশ্বিৰ । ই এখন থলুৱা কালভেৰী শ্ৰেণীৰ চাবমেৰিন ।

এই চাবমেৰিনৰ বিশেষ বৈশিষ্ট্য কি ?

নৌসেনাৰ বিষয়াসকলৰ মতে, ই বিশ্বৰ অন্যতম নিস্তব্ধ আৰু শক্তিশালী ডিজেল-বৈদ্যুতিক চাবমেৰিন । ভূ বিৰোধী যুদ্ধ আৰু চাবমেৰিন বিৰোধী যুদ্ধ, গোপন তথ্য সংগ্ৰহ, এলেকা চোৱাচিতা আৰু বিশেষ অভিযানৰ বাবে ডিজাইন কৰা হৈছে ।

চাবমেৰিনখনত ওয়াৰা গাইডেড টৰ্পিডো, জাহাজ বিৰোধী মিছাইল, উন্নত ছ’নাৰ ব্যৱস্থা আছে । চাবমেৰিনখনে মডিউলাৰ নিৰ্মাণ কৌশল ব্যৱহাৰ কৰে, যাৰ ফলত ভৱিষ্যতে এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালচন (এ আই পি) প্ৰযুক্তিৰ সহজ স্থাপনত সুবিধা হয় ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৰিব সমুদ্ৰ ভ্ৰমণ… ২৮ ডিচেম্বৰত কৰ্ণাটকৰ পৰা ছাবমেৰিনেৰে যাত্ৰা