দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু পিয়ুষ গোৱেলক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু পিয়ুষ গোৱেলক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু কেন্দ্ৰীয় বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলক পৃথকে পৃথকে সাক্ষাৎ কৰে সোমবাৰে নতুন দিল্লীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু কেন্দ্ৰীয় বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলক পৃথকে পৃথকে সাক্ষাৎ কৰে

সোমবাৰে নতুন দিল্লীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু কেন্দ্ৰীয় বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলক পৃথকে পৃথকে সাক্ষাৎ কৰি অসমৰ সৰ্বাংগীণ উন্নয়নৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত বিস্তৃত আলোচনা কৰে ।

স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তন আৰু চিকিৎসা পৰ্যটনৰ লক্ষ্য-

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাৰ সৈতে হোৱা বৈঠকৰ অন্তত সামাজিক মাধ্যম ‘এক্স’ (X)-ত এটা পোষ্টযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমে বৰ্তমান চিকিৎসা খণ্ডত এক ব্যাপক সম্প্ৰসাৰণ কাৰ্যসূচী চলাই আছে । ৰাজ্যখনত নতুন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, বিশেষ চিকিৎসা সেৱাৰ আধুনিকীকৰণ আৰু চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত পেচাদাৰীসকলৰ নামভৰ্তিৰ ক্ষমতা বৃদ্ধি কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “আজি দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি বৃদ্ধিৰ পৰা আৰম্ভ কৰি অত্যন্ত অত্যাধুনিক ‘প্ৰ’টন বিম থেৰাপী’ (Proton Beam Therapy) সেৱা আৰম্ভ কৰা আৰু চিকিৎসকৰ আসন বৃদ্ধি কৰালৈকে আমি হাতত লোৱা এলানি অভিলাষী আঁচনি সুচাৰুৰূপে ৰূপায়ণ কৰিবৰ বাবে তেওঁৰ মাৰ্গদৰ্শন আৰু সহায় বিচাৰিছোঁ ।”

একে সময়তে, জে পি নাড্ডাই দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত অসমত বিজেপিক সাংগঠনিকভাৱে শক্তিশালী কৰা আৰু ৰাজ্যৰ বিভিন্ন নিৰ্বাচনী সফলতাত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেও মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁলৈ বিশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

মুক্ত বাণিজ্য চুক্তি : অসমৰ কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল উপকৃত হ’ব

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলকো সাক্ষাৎ কৰে । ভাৰত চৰকাৰে শেহতীয়াকৈ বিভিন্ন দেশৰ সৈতে স্বাক্ষৰ কৰা একাধিক গুৰুত্বপূৰ্ণ মুক্ত বাণিজ্য চুক্তিয়ে দেশৰ লগতে অসমৰ উদ্যোগীসকলৰ বাবেও কেনেকৈ নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব, সেই সন্দৰ্ভত দুয়োগৰাকী নেতাৰ মাজত ফলপ্ৰসূ আলোচনা হয় ।

মুখ্যমন্ত্ৰীয়ে এই জটিল আৰু গুৰুত্বপূৰ্ণ আলোচনাসমূহ সফলভাৱে পৰিচালনা কৰাৰ বাবে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ক প্ৰশংসা কৰে । তেওঁ উল্লেখ কৰে যে এই ঐতিহাসিক চুক্তিসমূহৰ জৰিয়তে অসমৰ থলুৱা কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে যাতে সৰ্বাধিক লাভ অৰ্জন কৰিব পাৰে, তাৰ বাবে এক বিশেষ পৰিকল্পনা যুগুত কৰা হ’ব । ইয়াৰ উপৰিও, অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ স্থায়ী সমাধানৰ সন্দৰ্ভতো মন্ত্ৰী পিয়ুষ গোৱেলৰ সৈতে আলোচনা কৰা বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সদৰী কৰে ।

লগতে পঢ়ক : অসমক শক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী কৰিবলৈ কেন্দ্ৰৰ সম্পূৰ্ণ আশ্বাস : দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী খট্টৰক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

শেহতীয়া প্ৰৱন্ধসমূহ