ভাৰত-পাকিস্তান সীমান্তত ‘প্ৰচণ্ড’ হেলিকপ্টাৰত সহ-পাইলটৰ ৰূপত ৰাষ্ট্ৰপতি মুৰ্মু

ভাৰত-পাকিস্তান সীমান্তত ‘প্ৰচণ্ড’ হেলিকপ্টাৰত সহ-পাইলটৰ ৰূপত ৰাষ্ট্ৰপতি মুৰ্মু

ভাৰত-পাকিস্তান সীমান্তৰ সমীপত লাইট কম্বেট হেলিকপ্টাৰ ‘প্ৰচণ্ড’ত সহ-পাইলট হিচাপে উৰা মাৰি ইতিহাস সৃষ্টি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে । শুকুৰবাৰে ৰাজস্থানৰ জয়ছালমেৰত স্বদেশী লাইট কম্বেট হেলিকপ্টাৰ প্ৰচণ্ডত উৰা মাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ভাৰত-পাকিস্তান সীমান্তৰ সমীপত লাইট কম্বেট হেলিকপ্টাৰ ‘প্ৰচণ্ড’ত সহ-পাইলট হিচাপে উৰা মাৰি ইতিহাস সৃষ্টি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে

ভাৰত-পাকিস্তান সীমান্তৰ সমীপত লাইট কম্বেট হেলিকপ্টাৰ ‘প্ৰচণ্ড’ত সহ-পাইলট হিচাপে উৰা মাৰি ইতিহাস সৃষ্টি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

শুকুৰবাৰে ৰাজস্থানৰ জয়ছালমেৰত স্বদেশী লাইট কম্বেট হেলিকপ্টাৰ প্ৰচণ্ডত উৰা মাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ভাৰত-পাকিস্তান সীমান্তৰ সমীপত লাইট কম্বেট হেলিকপ্টাৰ ‘প্ৰচণ্ড’ত সহ-পাইলট হিচাপে উৰা মাৰি ইতিহাস সৃষ্টি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে । স্বদেশী যুদ্ধ হেলিকপ্টাৰত সহ-পাইলট হিচাপে উৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু ।

ভাৰতীয় বায়ুসেনাৰ জয়ছালমেৰস্থিত ষ্টেচনৰ পৰা উৰা মাৰে আই চি এইচ প্ৰচণ্ড । যাত্ৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীক কেপ্তেইনে অৱগত কৰে । অলিভ গ্ৰীণ ৰঙৰ ইউনিফৰ্ম আৰু হেলমেট পিন্ধি তেওঁ যোৱাৰ পূৰ্বে ককপিটৰ পৰা হাত জোকাৰি সম্ভাষণ গ্ৰহণ কৰে ।

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক ৰাষ্ট্ৰপতিগৰাকীয়ে যাত্ৰাৰ সময়ত ককপিটৰ পৰা দেশবাসীলৈ বাৰ্তা প্ৰদান কৰে । তেওঁ কয়, “প্ৰচণ্ড হেলিকপ্টাৰ আত্মনিৰ্ভৰশীলতাৰ এক শক্তিশালী প্ৰতীক । বৰ্তমান মই জয়ছালমেৰ জিলাৰ ওপৰেৰে উৰা মাৰিছো । আমাৰ বীৰ জোৱানসকলৰ প্ৰতি আন্তৰিক শুভেচ্ছা আৰু গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো । আপোনালোকলৈ মোৰ শ্ৰদ্ধাঞ্জলি । জয় হিন্দ, জয় ভাৰত ।”

প্ৰায় ২৫ মিনিট সময় চলে এই হেলিকপ্টাৰ । হেলিকপ্টাৰখন পোখৰাণ ফায়াৰিং ৰেঞ্জৰ ওপৰেৰে পাৰ হৈ যায়, য’ত ভাৰতীয় বায়ুসেনাই সন্ধিয়া “বায়ু শক্তি” নামৰ অগ্নিশক্তি প্ৰদৰ্শন কৰিব । ইয়াৰ পূৰ্বে জয়ছালমেৰ এয়াৰ ফৰ্চ ষ্টেচনত এয়াৰ ষ্টাফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় ।

লগতে পঢ়ক : আজি ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ