ভোটদান এক ডাঙৰ দায়িত্বঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

ভোটদান এক ডাঙৰ দায়িত্বঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ ভোটাধিকাৰ লাভ কৰা যুৱ বন্ধুসকলক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে । ভোটাৰ হোৱাটো এক বৃহৎ দায়িত্ব বুলি উল্লেখ কৰে তেওঁ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত অভিনন্দন জ্ঞাপন কৰে । ভোটাৰ হোৱাটো উদযাপনৰ এক গৌৰৱময় সুযোগ বুলিও

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ ভোটাধিকাৰ লাভ কৰা যুৱ বন্ধুসকলক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে । ভোটাৰ হোৱাটো এক বৃহৎ দায়িত্ব বুলি উল্লেখ কৰে তেওঁ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত অভিনন্দন জ্ঞাপন কৰে । ভোটাৰ হোৱাটো উদযাপনৰ এক গৌৰৱময় সুযোগ বুলিও তেওঁ কয় । তেওঁ “মাই ইণ্ডিয়া”ৰ স্বেচ্ছাসেৱকসকললৈ এখন পত্ৰ লিখি প্ৰথমবাৰৰ বাবে ভোটাৰ হোৱা সকলক আনন্দ উদযাপন কৰিবলৈ আহ্বান জনায় ।

এই সন্দৰ্ভত তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এখন চিঠি শ্বেয়াৰ কৰে । তেওঁ লিখিছে, “প্ৰিয় দেশবাসী, ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত আপোনালোক, আপোনালোকৰ পৰিয়াল, বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক শুভেচ্ছা । এই দেশৰ নাগৰিক হিচাপে আপোনালোকৰ লগত যোগদান কৰি মই আনন্দিত হৈছো । আপোনালোক সকলোৰে দৰে ভাৰতীয় গণতন্ত্ৰক লৈ মই অসীম গৌৰৱ অনুভৱ কৰিছো ।”

ভাৰত গণতন্ত্ৰৰ মাতৃঃ প্ৰধানমন্ত্ৰী

ভাৰতক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কোৱা হয় আৰু সেয়া সঠিক । আমিও গৌৰৱান্বিত যে ভাৰত গণতন্ত্ৰৰ মাতৃ, যাৰ গণতান্ত্ৰিক মূল্যবোধৰ শতিকা পুৰণি ইতিহাস আছে । গণতন্ত্ৰ, বিতৰ্ক, আলোচনা আমাৰ সংস্কৃতিত গভীৰভাৱে শিপাই আছে । ১৯৫১ চনৰ পৰা দেশত সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছিল, অৰ্থাৎ আমি এই বছৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছো । ১৯৫২ চনত অনুষ্ঠিত এই নিৰ্বাচনে ভাৰতীয়ৰ স্বভাৱত যে গণতান্ত্ৰিক মনোভাৱ শিপাই আছে সেই কথা বিশ্ববাসীৰ আগত প্ৰমাণ কৰিলে ।

ভোটাৰ হোৱাটো এক বৃহৎ দায়িত্ব-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, গণতন্ত্ৰত ভোটাৰ হোৱাটো এক বৃহৎ দায়িত্ব । ভোটদান এক সাংবিধানিক অধিকাৰ যি ভাৰতৰ ভৱিষ্যতৰ প্ৰতি নাগৰিকৰ অংশগ্ৰহণৰ প্ৰতীক । ভোটাৰ ৰাষ্ট্ৰৰ ভাগ্য নিৰ্মাতা । ভোটদানৰ সময়ত আঙুলিত প্ৰয়োগ কৰা অমিত চিয়াঁহীয়ে প্ৰমাণ কৰে যে আমাৰ গণতন্ত্ৰ সজীৱ আৰু এক গভীৰ উদ্দেশ্য সাধন কৰে ।

তেওঁ আৰু কয়, “আপোনাৰ বন্ধু বা আত্মীয়ৰ মাজত হয়তো বহু যুৱক-যুৱতী প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰিছে । এয়া তেওঁলোকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত । প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰাসকলক গণতন্ত্ৰলৈ আদৰণি জনোৱা উচিত, কিয়নো তেওঁলোকৰ দেশৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনা আছে ।”

ৰাইজলৈ আবেদন-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়- আজি আপোনালোক সকলোকে এক বিশেষ আহ্বান জনাব বিচাৰিছো । যেতিয়া আপুনি বা আপোনাৰ ওচৰ-চুবুৰীয়া কোনো প্ৰথমবাৰৰ বাবে ভোটাৰ হয় তেতিয়া অনুগ্ৰহ কৰি উদযাপন কৰক । ঘৰতে বা চুবুৰী বা এপাৰ্টমেণ্টত মিঠাই বিতৰণ কৰি উদযাপন কৰিব পাৰে । গণতান্ত্ৰিক মূল্যবোধক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহে নাৰ্চাৰী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মই তেওঁলোকক আহ্বান জনাইছো যে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰাটো উদযাপন কৰক । ইয়াৰ বাবে নতুন ভোটাৰক সন্মান জনোৱা অনুষ্ঠানৰ আয়োজন কৰিব পাৰি । ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ নতুন দায়িত্বৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিব ।

তেওঁ কয় যে, আমাৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চৌহদসমূহো প্ৰচাৰৰ কেন্দ্ৰ হ’ব পাৰে যাতে প্ৰতিজন যোগ্য যুৱক-যুৱতীক ভোটাৰ হিচাপে পঞ্জীয়ন কৰা হয় । প্ৰতিবছৰৰ ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস এই কাৰ্যসূচীৰ বাবে এক সুযোগ্য অনুষ্ঠান ।

লগতে পঢ়ক : গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব ভাৰতৰ শক্তি ! ফ্লাইপাষ্টত গৰজিব ৰাফেল আৰু চুখই-৩০