ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৰিব সমুদ্ৰ ভ্ৰমণ… ২৮ ডিচেম্বৰত কৰ্ণাটকৰ পৰা ছাবমেৰিনেৰে যাত্ৰা

কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি মুৰ্মু হ’ব ছাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ।

২৮ ডিচেম্বৰত কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা ছাবমেৰিনত সাগৰীয় যাত্ৰা কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । শনিবাৰৰ পৰা চাৰিদিনীয়া গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে । এই ভ্ৰমণৰ সময়তে হ’ব এই যাত্ৰা । শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰপতি ভৱনে কয় যে ৰাষ্ট্ৰপতি মুৰ্মু ২৭ ডিচেম্বৰৰ সন্ধিয়া গোৱালৈ ৰাওনা হ’ব । তাৰ পিছত ২৮ ডিচেম্বৰত কৰ্ণাটকৰ কাৰৱাৰ বন্দৰৰ পৰা এখন ছাবমেৰিনত ৰাষ্ট্ৰপতিগৰাকীয়ে সাগৰীয় যাত্ৰা কৰিব ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি মুৰ্মু হ’ব ছাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি । ইয়াৰ পূৰ্বে ২০০৬ চনৰ ১৩ ফেব্ৰুৱাৰীত বিশাখাপট্টনমৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ছাবমেৰিন যাত্ৰা কৰিছিল । এতিয়া শনিবাৰৰ পৰা আৰম্ভ হ’ব লগা চাৰিদিনীয়া গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে ছাবমেৰিনেৰে সাগৰীয় যাত্ৰাৰ কৰিব ।

ভাৰতীয় বায়ুসেনাৰ দুখনকৈ যুদ্ধ বিমান উৰুওৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি মুৰ্মু । চলিত বৰ্ষৰ ২৯ অক্টোবৰত ৰাফেলত আৰু ২০২৩ চনত চুখয় ৩০ এম কে আইত উৰা মাৰিছিল তেওঁ ।

সোমবাৰে ঝাৰখণ্ডৰ জামছেদপুৰত অল চিকিৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । একেদিনাই এন আই টি জামছেদপুৰৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানতো ভাষণ দিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । অহা ৩০ ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাত অনুষ্ঠিত আন্তঃৰাজ্যিক জনসাধাৰণৰ সাংস্কৃতিক সমাৱেশ কাৰ্তিক যাত্ৰাত ভাষণ দিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

লগতে পঢ়ক : ৩৭০ অনুচ্ছেদৰ দেৱাল ভাঙি গৌৰাৱান্বিত বিজেপিঃ প্ৰধানমন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে আজি মণিপুৰলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ইম্ফলত প্ৰস্তুতি পূৰ্ণগতিত

প্ৰধানমন্ত্ৰী পিছতে এইবাৰ মণিপুৰ ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । আজি দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী ।

১১ আৰু ১২ ডিচেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ১১ ডিচেম্বৰত ইম্ফলত উপস্থিত হোৱাৰ লগে লগে ৰাষ্ট্ৰপতিগৰাকীক গাৰ্ড অব্ অনাৰ প্ৰদান কৰা হ’ব । ইয়াৰ পিছত তেওঁ ঐতিহাসিক মাপাল কাংজেইবুং ভ্ৰমণ কৰিব, য’ত তেওঁ প’লো প্ৰদৰ্শনী মেচ চাব ।

সন্ধিয়া ইম্ফলৰ চিটি কনভেনচন চেণ্টাৰত ৰাষ্ট্ৰপতিৰ সন্মানত ৰাজ্য চৰকাৰে নাগৰিক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিব । এই উপলক্ষে আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

অহা ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে ইম্ফলৰ নুপি লাল স্মাৰক কমপ্লেক্স পৰিদৰ্শন কৰি মণিপুৰৰ বীৰাংগনাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । ইয়াৰ পিছতে সেনাপতি জিলাত এখন ৰাজহুৱা সভাত ভাষণ দিব, য’ত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব ।

ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুদিনীয়া মণিপুৰ ভ্ৰমণৰ বাবে প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে । ইম্ফল বিমানবন্দৰৰ পৰা নুপি লাল মেম’ৰিয়েল কমপ্লেক্সলৈকে প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পুনৰ ৰং কৰি ৰঙীন পতাকাৰে সজাই তোলা হৈছে ।

লগতে পঢ়ক : শ্বহীদ দিৱসত অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

মুম্বাই আক্ৰমণৰ ১৭ বছৰ… শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি মুৰ্মুৰ

মুম্বাই আক্ৰমণৰ ১৭ বছৰ

২০০৮ চনৰ নৱেম্বৰ মাহত সংঘটিত হোৱা মুম্বাই আক্ৰমণৰ আজি ১৭ বছৰ সম্পূৰ্ণ হ’ল । মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াত মুম্বাইৰ আক্ৰমণত মৃত্যু হোৱা শ্বহীদসকলৰ স্মৃতিত এক কাৰ্যসূচী অনুষ্ঠিত হয় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জনসাধাৰণক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিবলৈ আহ্বান জনায় । ৰাজ্যসভাৰ সাংসদ উজ্জ্বল নিকামে মুম্বাই আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় সমাজক আৰ্থিক সাহায্য বন্ধ কৰিবলৈ আহ্বান জনায় ।

শ্বহীদক স্মৰণ ৰাষ্ট্ৰপতি মুৰ্মুৰ-

বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশবাসীক সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিবলৈ আহ্বান জনায় । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা এটা পোষ্টত মুৰ্মুৱে কয় “২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ বৰ্ষপূৰ্তিত আমাৰ দেশৰ জনসাধাৰণক ৰক্ষা কৰিবলৈ প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকললৈ মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । ৰাষ্ট্ৰই তেওঁলোকৰ পৰম ত্যাগক কৃতজ্ঞতাৰে স্মৰণ কৰে । আহক আমি সন্ত্ৰাসবাদৰ সকলো ৰূপৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰোঁ । আহক আমি সকলোৱে একেলগে প্ৰগতিৰ পথত আগবাঢ়ি যাওঁ আৰু শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ সংকল্প লওঁ ।”

ইফালে ৰাজ্যসভাৰ সাংসদ উজ্জ্বল নিকামে মুম্বাই আক্ৰমণৰ বৰ্ষপূৰ্তি উপলক্ষে কয় যে, “আক্ৰমণৰ ১৭ বছৰ হ’ল । প্ৰতিজন ভাৰতীয়ই এই দিনটো মনত ৰাখে । মোৰ মনত আছে যেতিয়া আমি পাকিস্তানলৈ গৈছিলো তেতিয়া আমাৰ চৰকাৰে মুম্বাই আক্ৰমণৰ বিষয়টো উত্থাপন কৰিছিল । আমি সেই দায়ী আৰু ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ বিষয়ে সুধিছিলো । তেওঁলোকে কিছু লোকক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু তেওঁলোকৰ বিৰুদ্ধে গোচৰৰ কোনো প্ৰদান নকৰিলে ।“

উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দহটা সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে মুম্বাইত প্ৰৱেশ কৰিছিল আৰু ৬০ ঘণ্টীয়া ঘেৰাওৰ সময়ত ১৮ জন নিৰাপত্তাৰক্ষীকে ধৰি ১৬৬ জন লোকক হত্যা কৰিছিল ।

লগতে পঢ়ক : গণতন্ত্ৰ আমাৰ ডি এন এত আছে… ৰাম মন্দিৰৰ ধ্বজাৰোহণ কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

বটছৱানাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু; কিয় বিশেষ এই ভ্ৰমণ ?

বটছৱানাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

আফ্ৰিকাৰ দুখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত মঙলবাৰে বটছৱানাৰ ৰাজধানী গাব’ৰ’নত উপস্থিত হয় ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । এই দেশলৈ ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ । গাব’ৰ’নৰ ছাৰ চেৰেন্টচে খামা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰপতি মুৰ্মুক গাৰ্ড অৱ অনাৰেৰে এক বৃহৎ আদৰণি জনোৱা হয় । বটছৱানাৰ ৰাষ্ট্ৰপতি ডুমা গিডিয়ান বকোৱে ব্যক্তিগতভাৱে তেওঁক আদৰণি জনায় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এই ভ্ৰমণ আফ্ৰিকাৰ দুখন দেশ এংগোলা আৰু বটছৱানা ভ্ৰমণৰ অংশ । প্ৰথমে এংগোলা ভ্ৰমণ কৰি দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ভাৰত-বটছৱানাৰ সম্পর্ক সুদৃঢ় কৰাৰ লগতে কালাহাৰী মৰুভূমিৰ পৰা আঠটা চিতা ভাৰতলৈ অনাৰ চুক্তি চূড়ান্ত কৰাৰ লক্ষ্যৰে মুৰ্মুৰ এই ভ্ৰমণ । গাব’ৰ’নৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ মক’লোডি প্ৰকৃতি সংৰক্ষিত বনাঞ্চললৈ অনা হয় চিতা কেইটাক, য’ত ৰাষ্ট্ৰপতি মুৰ্মু আৰু বকোৱে কোৱাৰেণ্টাইন এলেকাত মুকলি কৰি দিয়াৰ প্ৰতীকী অনুষ্ঠানৰ সাক্ষী হ’ব । এই পদক্ষেপ ‘প্ৰকল্প চিতা’ আৰু বন্যপ্ৰাণী সংৰক্ষণ সহযোগিতাৰ অংশ ।

তিনিদিনীয়া এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি বকোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব । দুয়োগৰাকী নেতাই কেইবাখনো বুজাবুজি স্মাৰকতো স্বাক্ষৰ কৰাৰ কথা । ইয়াৰ পিছতে বুধবাৰে বটছৱানা সংসদত ভাষণ দিব আৰু তাত থকা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰপতি মুৰ্মু ।

উল্লেখ্য যে, হীৰা, ঔষধ, প্ৰযুক্তি, কৃষি, শক্তি আৰু প্ৰতিৰক্ষা আদি ক্ষেত্ৰত ভাৰত আৰু বটছৱানাৰ মাজত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । হীৰা ব্যৱসায় দুয়োখন দেশৰ মাজত এক প্ৰধান বাণিজ্য, বটছৱানাই ভাৰতলৈ ৰুক্ষ হীৰা ৰপ্তানি কৰাৰ বিপৰীতে ভাৰতে ঔষধ, যন্ত্ৰপাতি, লোহা, তীখা আৰু বৈদ্যুতিক সঁজুলি ৰপ্তানি কৰে । ২০২৪-২৫ বিত্তীয় বৰ্ষত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ৫০৬ মিলিয়ন মাৰ্কিন ডলাৰ । ভাৰত আৰু বটছৱানাৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হৈছিল ১৯৬৬ চনত আৰু ২০২৬ চনত ৬০ বছৰ সম্পূৰ্ণ হ’ব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু ভূটানৰ ৰজাই শুভাৰম্ভ কৰিলে এই বৃহৎ প্ৰকল্পৰ

দিল্লী বিস্ফোৰণ: বিদেশৰ পৰাই গৃহমন্ত্ৰীৰ পৰা পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰপতি মুৰ্মূৱে

দিল্লী বিস্ফোৰণৰ পৰিস্থিতি বুজ ল’লে ৰাষ্ট্ৰপতিয়ে

১০ নৱেম্বৰ সোমবাৰে ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত সমগ্ৰ দেশৰ কেইবাখনো ডাঙৰ চহৰ হাই এলাৰ্টত আছে । এই ঘটনাত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হৈছে । জানিব পৰা মতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই ঘটনা সন্দৰ্ভত এংগোলাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে কথা পাতিছে । দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ সম্পূৰ্ণ তথ্য লয় ৰাষ্ট্ৰপতিগৰাকীয়ে ।

দেওবাৰে এংগোলাৰ ৰাজধানী লুয়াণ্ডাত উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মু । দক্ষিণ আফ্ৰিকাৰ এই দেশখনলৈ ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকীৰ এয়াই আছিল প্ৰথম ৰাজকীয় ভ্ৰমণ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্স হেণ্ডেলত এই কথা ঘোষণা কৰে । ইয়াত উল্লেখ কৰা হৈছে যে এই ভ্ৰমণ ভাৰত আৰু এংগোলাৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কৰা হৈছে ।

ইফালে দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ত এক বৃহৎ বৈঠক আৰম্ভ হৈছে । তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহ সচিব, এন আই এৰ সঞ্চালক প্ৰধান, লগতে তদন্তকাৰী সংস্থাৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে এই বৈঠকত । ইফালে এই বিস্ফোৰণৰ তদন্ত এন আই এৰ হাতত অৰ্পণ কৰা হৈছে ।

উল্লেখ্য যে, দিল্লী বিস্ফোৰণৰ পিছৰে পৰা ৰাজধানী চহৰ হাই এলাৰ্টত আছে । বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই আছে । সন্দেহযুক্ত লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে সংস্থাসমূহে । লগতে কেইবাটাও স্থানত অভিযান চলোৱা হৈছে ।

লগতে পঢ়ক : বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব… ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ

এংগোলাত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু; এই বিষয়সমূহত হ’ব চৰ্চা

এংগোলাত উপস্থিত দ্ৰৌপদী মুৰ্মু

এংগোলা ভ্ৰমণৰ অংশ হিচাপে শনিবাৰে নিশা লুয়াণ্ডাত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । উপস্থিত হোৱাৰ পিছতে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত বিপুল আদৰণি জনোৱা হয় । এই আফ্ৰিকান দেশখনলৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ । ৰাষ্ট্ৰপতি ভৱনৰ মতে, এই ঐতিহাসিক ভ্ৰমণে আফ্ৰিকা আৰু বিশ্ব দক্ষিণৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে । ৰাষ্ট্ৰপতি মুৰ্মু এংগোলাৰ সমকক্ষ জোয়াও ল’ৰেঞ্চোৰ আমন্ত্ৰণত ১১ নৱেম্বৰলৈকে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত দেশখনত থাকিব ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণ সন্দৰ্ভত এক বিশেষ সংবাদমেলত বৈদেশিক পৰিক্রমা মন্ত্র্যালয়ৰ অর্থনৈতিক সম্পর্ক সচিব সুধাকৰ ডালেলাই কয় যে এই ভ্রমণে গ্ল’বেল চাউথৰ দেশ বিশেষকৈ আফ্রিকাৰ সৈতে ৰাজনৈতিক, অর্থনৈতিক, উন্নয়নমূলক আৰু সাংস্কৃতিক মাত্ৰাত অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত ভাৰতৰ ক্রমাৎ গুৰুত্ব প্রতিফলিত কৰিছে ৷

তেওঁ আৰু কয় যে এই ভ্ৰমণত প্ৰজেক্ট চিতাৰ অংশ হিচাপে বটছৱানাৰ পৰা চিতা স্থানান্তৰিত কৰাৰ বিষয়েও আলোচনা কৰা হৈছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এংগোলাত থকা সময়ছোৱাত ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ এংগোলাৰ সমকক্ষৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে ১১ নৱেম্বৰত এংগোলাৰ স্বাধীনতাৰ ৫০ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব । লগতে তেওঁ এংগোলাৰ সংসদত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ কথা আছে ।

ইফালে, ১১ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ ৰাষ্ট্ৰপতি ডুমা গিডিয়ান বকোৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বটছৱানা ভ্ৰমণ কৰিব ।

লগতে পঢ়ক : অহায়ো’ৰ গৱৰ্ণৰৰ বাবে বিবেক ৰামাস্বামীক সমৰ্থন ট্ৰাম্পৰ

‘আপোনালোক নতুন প্ৰজন্মৰ আদৰ্শ’; ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ

ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা মত বিনিময়ৰ এদিন পিছত অৰ্থাৎ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত বিশ্বকাপ বিজয়ী দলটোক সাক্ষাৎ কৰে আৰু এই ঐতিহাসিক কৃতিত্বৰ বাবে তেওঁলোকক অভিনন্দন জনায়।

ৰাষ্ট্ৰপতি ভৱনৰ অফিচিয়েল ‘এক্স’ ত লিখিছে যে, ‘আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

ৰাষ্ট্ৰপতিয়ে দলটোক অভিনন্দন জনাই কয় যে তেওঁলোকে ইতিহাস সৃষ্টি কৰিছে আৰু নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে।

তেওঁ কয় যে এই দলটো ভাৰতৰ প্ৰতিফলন।তেওঁলোক বিভিন্ন অঞ্চল, সামাজিক পটভূমি আৰু পৰিস্থিতিৰ পৰা আহিছে, কিন্তু এইটো এটা দল – টিম ইণ্ডিয়া।’

বৈঠকৰ সময়ত অধিনায়ক হৰমনপ্ৰীত কৌৰে ৰাষ্ট্ৰপতিগৰাকীক ভাৰতীয় দলৰ জাৰ্চি উপহাৰ দিয়ে,ইয়াত সকলো খেলুৱৈৰ স্বাক্ষৰ আছিল।

ভাৰতৰ উইমেন ইন ব্লু দলে দেওবাৰে নিশা নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি প্ৰথমটো আই চি চি খিতাপ দখল কৰে।

লগতে পঢ়ক: চতুৰ্থ T20ত ভাৰতৰ জয়; ৪৮ ৰানত পৰাস্ত অষ্ট্ৰেলিয়া

পাইলটৰ আসনত ৰাষ্ট্ৰপতি; ৰাফেল যুদ্ধ বিমান উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ৰাফেল যুদ্ধ বিমান উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

বুধবাৰে হাৰিয়ানাৰ আম্বালা বায়ুসেনা ষ্টেচনত ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক যুদ্ধ বিমান ৰাফেল যুদ্ধ বিমান উৰুৱাই ইতিহাস ৰচনা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত । ভাৰতৰ ৰাষ্ট্ৰপতি তিনিওটা সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষও । উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইয়াৰ পূৰ্বে ছুখয়-৩ এম কে আই যুদ্ধ বিমান উৰুৱাইছিল । ২০২৩ চনৰ ৮ এপ্ৰিলত অসমৰ তেজপুৰ বায়ুসেনা ষ্টেচনৰ পৰা এই বিমান উৰুৱাইছিল ৰাষ্ট্ৰপতি মুৰ্মুৱে ।

বুধবাৰে পুৱা আম্বালা বায়ুসেনা ঘাটিত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী, য’ত বায়ুসেনাৰ মুখ্য বায়ু প্ৰধান মাৰ্শ্বাল এ.পি.সিং আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । ৰাফেলত তেওঁৰ ছ’ৰ্টী ভাৰতীয় বায়ুসেনাৰ প্ৰযুক্তিগত দক্ষতা আৰু আধুনিকতাৰ প্ৰতীক ।

উল্লেক্য যে, ফ্ৰান্সৰ কোম্পানী ডাছল্ট এভিয়েশনে নিৰ্মাণ কৰা ৰাফেল যুদ্ধ বিমান ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভূক্ত কৰা হৈছিল । আম্বালা এয়াৰবেছত আছে ৰাফেল স্কোৱাড্ৰন “গোল্ডেন এৰোছ” । শেহতীয়াকৈ এই ৰাফেলে “অপাৰেচন সিন্দুৰ”ৰ সময়ত সন্ত্ৰাসবাদী লক্ষ্যত নিখুঁত আক্ৰমণ চলাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ।

নৌসেনাৰ বাবে ২৬খন ৰাফেল মেৰিন বিমানৰ বাবে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ চুক্তিত অনুমোদন জনোৱাৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীয়ে এই বিমান উৰুৱাইছে । ইয়াৰ ভিতৰত থাকিব ২২খন একক আসনৰ আৰু চাৰিখন টুইন আসনৰ ট্ৰেইনাৰ জেট । এই চুক্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অনুমোদন জনাইছিল ।

লগতে পঢ়ক : প্ৰতিটো মুহূৰ্ততে যুদ্ধৰ বাবে সাজু থাকিব লাগিব দেশঃ ৰাজনাথ সিঙৰ মন্তব্য

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । এই তথ্য ৰাষ্ট্ৰপতি ভৱনে প্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতি ভৱনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । তেওঁলোকৰ বৈঠকৰ এখন ফটোও শ্বেয়াৰ কৰা হৈছে । উল্লেখ্য যে জাপান আৰু চীন ভ্ৰমণৰ পৰা উভতি অহাৰ কিছুদিন পিছতে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

এই ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই ভাৰত আৰু জাপানৰ মাজত বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপান কেৱল দুখন বৃহৎ অৰ্থনীতি নহয় বৰঞ্চ সজীৱ গণতন্ত্ৰও আৰু সেইবাবেই তেওঁলোকৰ অংশীদাৰিত্ব দ্বিপাক্ষিক স্বাৰ্থত সীমাবদ্ধ নহয় বৰঞ্চ বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ বাবেও ই গুৰুত্বপূৰ্ণ । ভাৰতে আগন্তুক দহ বছৰত জাপানৰ পৰা ১০ ট্ৰিলিয়ন য়েন বিনিয়োগ আকৰ্ষণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই পদক্ষেপে দুয়োখন দেশৰ দায়বদ্ধতা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটায় ।

জাপানৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে চীন ভ্ৰমণ কৰে, য’ত তেওঁ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰে । এছ চি অ’ শীৰ্ষ সন্মিলন উপলক্ষে টিয়ানজিনত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ গুৰুত্বৰ ওপৰত দুয়োপক্ষই একমত । এই বৈঠকৰ সৈতে জড়িত ছবিখন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে পঢ়ক : ‘স্মাৰ্ট শ্ৰেণীকোঠাতকৈ স্মাৰ্ট শিক্ষকৰ গুৰুত্ব বেছি’; ৰাষ্ট্ৰপতি মুৰ্মুৰ বাৰ্তা…