ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ
দুদিনীয়া ভ্ৰমণসূচীৰে বৰ্তমান ভূটানত থকা প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লী বিস্ফোৰণক লৈ শোক প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰ দোষীক ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিছে । দিল্লী বোমা বিস্ফোৰণক ষড়যন্ত্ৰ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীৰ । লগতে নিশা তদন্তকাৰী সংস্থাৰ সৈতে যোগাযোগত থকাৰ লগতে বিস্ফোৰণৰ সৈতে জড়িত তথ্য লৈ থাকে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হয় এই বোমা বিস্ফোৰণ আৰু নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱা ভূটানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । ভূটানৰ পৰাই তেওঁ দিল্লী বোমা বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত বিবৃতি দিছিল ।
“দোষীক ৰেহাই দিয়া নহ’ব”
থিম্ফুত এক অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই আজি গধুৰ হৃদয়েৰে ইয়ালৈ আহিছো । সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক কাণ্ডই সকলোকে গভীৰভাৱে দুখ দিছে । ভুক্তভোগী পৰিয়ালসমূহৰ দুখ মই বুজি পাওঁ । আজি সমগ্ৰ ৰাষ্ট্ৰ তেওঁলোকৰ সৈতে থিয় দিছে । এই ঘটনাৰ তদন্ত কৰা সকলো সংস্থাৰ সৈতে আৰু ইয়াৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে মই সমগ্ৰ ৰাতি যোগাযোগত আছিলো । আমাৰ সংস্থাসমূহে এই ষড়যন্ত্ৰ ফাদিল কৰিব । এই ষড়যন্ত্ৰৰ আঁৰৰ অপৰাধীক ৰেহাই দিয়া নহ’ব ।”
মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি-
দিল্লীৰ লালকিল্লাৰ সমীপত সোমবাৰে সন্ধিয়া বোমা বিস্ফোৰণত ১২ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় । তদন্তকাৰী সংস্থাই এই বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে । প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে এই বিস্ফোৰণত এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হৈছিল । ইয়াৰ পূৰ্বে ফৰিদাবাদত চোৰাংচোৱা সংস্থাসমূহে এটা সন্ত্ৰাসবাদী মডিউল ধ্বংস কৰি প্ৰায় তিনি কুইণ্টল এমোনিয়াম নাইট্ৰেট উদ্ধাৰ কৰিছিল । তদন্তকাৰী সংস্থাসমূহে সন্দেহ কৰিছে যে দিল্লী বিস্ফোৰণৰ সৈতেও ফৰিদাবাদ সন্ত্ৰাসবাদী মডিউলৰ সম্পৰ্ক আছে ।
লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অমিত শ্বাহৰ; NIAক তদন্তৰ দায়িত্ব









