দিল্লী বিস্ফোৰণ: ওমৰ-মুজাম্মিলক বোমা নিৰ্মাণত সহায় ISIS ৰ কমাণ্ডাৰৰ

মুজাম্মিলক বোমা নিৰ্মাণত সহায় ISIS ৰ কমাণ্ডাৰৰ

ফৰিদাবাদৰ সন্ত্ৰাসবাদী নেটৱৰ্ক আৰু লালকিল্লা বিস্ফোৰণৰ তদন্তত এটা ডাঙৰ তথ্য পোহৰলৈ আহিছে।সন্ত্ৰাসবাদী সকলৰ ফোনৰ ডাটা উদ্ধাৰ কৰা হৈছে,য’ত কেৱল মুজাম্মিলৰ মোবাইল ফোনত প্ৰায় ২০০ টা ভিডিঅ’ পোৱা গৈছিল।

ইয়াৰ ভিতৰত জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ, আছঘৰ, অন্যান্য জৈছ সেনাপতি আৰু আইছিছৰ সৈতে জড়িত বহু সন্ত্ৰাসবাদীৰ বিষাক্ত ভাষণৰ অডিঅ’-ভিডিঅ’ও আছে।

তদন্তত এই কথাও পোহৰলৈ আহিছে যে মুজামিল আৰু লালকিল্লা বিস্ফোৰণৰ অভিযোগত আত্মঘাতী বোমাৰু ড০ উমৰেও তুৰস্কত ছিৰিয়াৰ ISIS সন্ত্ৰাসবাদীৰ কমাণ্ডাৰক লগ পাইছিল।

আৰক্ষীয়ে ধৃত সন্ত্ৰাসবাদীৰ ফোনৰ পৰাই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে।ইয়াৰ ভিতৰত ডাক্তৰ মুজাম্মিল, আদিল, শ্বাহীন আৰু ইৰফানৰ ফোনৰ ডিলিটেড ডাটা পোহৰলৈ আহিছে।

ইয়াৰে প্ৰায় ৮০টা ভিডিঅ’ সন্ত্ৰাসবাদী প্ৰশিক্ষণ, বোমা নিৰ্মাণ আৰু ৰাসায়নিক বিক্ৰিয়াৰ সৈতে জড়িত গৱেষণাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।

মুজাম্মিলৰ ফোনৰ পৰা দিল্লী-ইউ পি-মুম্বাই আৰু বহু ৰাজ্যৰ ধৰ্মীয় স্থান আৰু ভিৰ কৰা বজাৰৰ ভিডিঅ’ও পোৱা গৈছে।

তদন্তত মুজাম্মিল আৰু ডাঃ উমৰ উন নবী ৩ বছৰ পূৰ্বে তুৰ্কিলৈ যোৱা বুলিও জানিব পৰা গৈছে।তাত তেওঁ ছিৰিয়াৰ আইছিছ সন্ত্ৰাসবাদীৰ কমাণ্ডাৰক লগ পায়।এই সভাখন জইছ কমাণ্ডাৰৰ নিৰ্দেশত অনুষ্ঠিত হৈছিল।

তাত দুয়োজনে বোমা বনোৱাৰ কথা পাতিছিল। তাৰ পিছত এই ছিৰিয়ান সেনাপতিজনে তেওঁলোকক সেইবোৰ নিৰ্মাণত সহায় কৰিছিল।

লগতে পঢ়ক: দিল্লী বিস্ফোৰণৰ তদন্তৰ আওতাত আল-ফালাহৰ ২০০ চিকিৎসক আৰু কৰ্মচাৰী…

দিল্লী বিস্ফোৰণৰ তদন্তৰ আওতাত আল-ফালাহৰ ২০০ চিকিৎসক আৰু কৰ্মচাৰী…

তদন্তৰ আওতাত আল-ফালাহৰ ২০০ চিকিৎসক আৰু কৰ্মচাৰী

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বাহন বোমা বিস্ফোৰণৰ তদন্তই এতিয়া আল-ফালাহ বিশ্ববিদ্যালয় (ফৰিদাবাদ) সম্পূৰ্ণৰূপে সামৰি লৈছে।

জানিব পৰা মতে বিশ্ববিদ্যালয়খনৰ ২০০ৰো অধিক চিকিৎসক, প্ৰবক্তা আৰু কৰ্মচাৰী এতিয়া তদন্তকাৰী সংস্থাৰ ৰাডাৰত আছে।

ইফালে হোৱাইট কালাৰৰ সন্ত্ৰাসবাদী মডিউল প্ৰকাশ পোৱাৰ পিছতে সংস্থাটোৱে জিএমচিৰ চিকিৎসক আৰু কৰ্মচাৰীৰ লকাৰৰ তদন্ত আৰম্ভ কৰিছে।

তদন্তকাৰী সংস্থাৰ ৰাডাৰত বিশ্ববিদ্যালয়খনৰ ২০০ৰো অধিক চিকিৎসক, প্ৰবক্তা আৰু কৰ্মচাৰী আছে।হোষ্টেল আৰু বাহিৰত বাস কৰা ছাত্ৰ-ছাত্ৰীৰ কোঠাত তালাচী চলাইছে। এই পৰ্যন্ত ১০০০ৰো অধিক লোকক সোধা-পোছা কৰা হৈছে।

তদন্তকাৰী সংস্থাসমূহে বিস্ফোৰণৰ পিছত বিশ্ববিদ্যালয়ৰ পৰা বহুলোকে ওলাই আহি তেওঁলোকৰ পৰিচয় নিৰ্ণয় কৰিছে। বহু লোকে নিজৰ মোবাইল ফোন ডাটা ডিলিট কৰিছে, যাৰ ওপৰতো পুংখানুপুংখ তদন্ত কৰা হ’ব।

বহুতে ছুটী লৈ ঘৰলৈ উভতি গৈছে।ইফালে বুধবাৰে কেইবাজনো কৰ্মচাৰীয়ে নিজৰ সামগ্ৰী বাহনত ভৰাই বিশ্ববিদ্যালয়ৰ পৰা ওলাই যোৱা দেখিবলৈ পোৱা গৈছে।  

লগতে পঢ়ক: আল-ফালাহ বিশ্ববিদ্যালয়লৈ মোক্ষম আঘাত; AIU এ বাতিল কৰিলে সদস্যপদ

দোষীক পাতালৰ পৰা হ’লেও বিচাৰি উলিওৱা হ’ব… দিল্লী বিস্ফোৰণক লৈ অমিত শ্বাহৰ ডাঙৰ মন্তব্য

দিল্লী বিস্ফোৰণক লৈ গৃহমন্ত্ৰীৰ মন্তব্য

দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে এক ডাঙৰ মন্তব্য কৰিছে । ফৰিদাবাদত অনুষ্ঠিত নৰ্থান জ’নেল কাউন্সিলৰ বৈঠকৰ সময়ত তেওঁ উল্লেখ কৰে যে দিল্লী বিস্ফোৰণৰ দোষীক পাতালৰ পৰা হ’লেও বিচাৰি উলিওয়া হ’ব । সভাৰ আৰম্ভণিতে শেহতীয়াকৈ দিল্লীত সংঘটিত বোমা বিস্ফোৰণ আৰু জম্মু-কাশ্মীৰৰ নৌগাম থানাত হোৱা বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু দুই মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সন্ত্ৰাসবাদ নিৰ্মূল কৰাটো আমাৰ উল্লেখযোগ্য প্ৰতিশ্ৰুতি । মোদী চৰকাৰৰ এতিয়ালৈকে থকা ৰেকৰ্ড মতেই দিল্লী বিস্ফোৰণৰ দোষীয়ে সম্ভৱপৰ কঠোৰতম শাস্তি লাভ কৰিব ।

উল্লেখ্য যে দিল্লী আৰক্ষীৰ লগতে সমগ্ৰ দেশৰ আন কেইবাটাও বৃহৎ তদন্তকাৰী সংস্থাই দিল্লী বোমা বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে । বিগত কিছুদিনত বিভিন্ন কেইবাখনো ৰাজ্যৰ পৰা কেইবাটাও সন্ত্ৰাসবাদী আৰু সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ধৃত এই সন্দেহযুক্ত লোকৰ জেৰা অব্যাহত আছে ।

ইফালে আজি শ্ৰীনগৰৰ পৰা NIA-এ গ্ৰেপ্তাৰ কৰে আন এটা সন্ত্ৰাসবাদীক । জানিব পৰা মতে ধৃত সন্ত্ৰাসবাদীটো দিল্লী বোমা বিস্ফোৰণৰ সৈতে জড়িত সন্ত্ৰাসবাদী উমৰৰ সহযোগী আছিল । উল্লেখ্য যে, দিল্লী বোমা বিস্ফোৰণত পোন্ধৰজন লোক নিহত হয় আৰু কেইবাজনো লোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে ।

অমিত শ্বাহে ১৩ নৱেম্বৰত বিস্ফোৰণত জড়িত সন্ত্ৰাসবাদী সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে । সেই সময়ত তেওঁ কয় যে এই ঘটনাৰ লগত জড়িতসকলক ইমানেই কঠোৰ শাস্তি দিয়া হ’ব যে ভৱিষ্যতে এনে আক্ৰমণৰ চেষ্টা কৰাৰ আগতে দুবাৰ ভাবিব লাগিব । তেওঁ লগতে উল্লেখ কৰে যে দোষীক দিয়া শাস্তিয়ে বিশ্ববাসীৰ বাবেও বাৰ্তা হিচাপে কাম কৰিব । উল্লেখ্য যে শেহতীয়াকৈ দিল্লীত সংঘটিত বিস্ফোৰণৰ পিছৰে পৰা দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ গোচৰত আন এক সফলতা; শ্ৰীনগৰত গ্ৰেপ্তাৰ ওমৰৰ সহযোগী

দিল্লী বিস্ফোৰণৰ গোচৰত আন এক সফলতা; শ্ৰীনগৰত গ্ৰেপ্তাৰ ওমৰৰ সহযোগী

দিল্লী বিস্ফোৰণৰ ঘটনাত আন এক গ্ৰেপ্তাৰ

দিল্লী বিস্ফোৰণৰ ঘটনাৰ আন এটা অভিযুক্ত জাছিৰ বিলাল ৱানী ওৰফে ডেনিছক গ্ৰেপ্তাৰ কৰিছে এন আই এয়ে । জানিব পৰা মতে বিস্ফোৰণ সংঘটিত কৰা সন্ত্ৰাসবাদী উমৰ-উন-নবীৰ মূল সহযোগী আছিল জাছিৰ । দুয়ো মিলি দিল্লীত বৃহৎ বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল । তদন্তত এই সন্ত্ৰাসবাদীয়ে হামাছৰ দৰে ড্ৰোন আৰু ৰকেট ব্যৱহাৰ কৰি দিল্লী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি জানিব পৰা গৈছে ।

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে আগবঢ়াইছিল কাৰিকৰী সহায়-

অভিযুক্ত জম্মু-কাশ্মীৰৰ অনন্তনাগৰ কাজিগুণ্ড অঞ্চলৰ আৱাসী আৰু তদন্তকাৰী সংস্থাই অভিযুক্তটোক শ্ৰীনগৰত গ্ৰেপ্তাৰ কৰিছে । প্ৰকাশিত বাতৰি অনুসৰি তদন্তত জাছিৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে কাৰিকৰী সহায় আগবঢ়োৱা বুলি জানিব পৰা গৈছে । অভিযুক্তটোৱে ড্ৰোন মডিফাইড কৰিছিল আৰু সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহাৰ কৰিব পৰা ৰকেট নিৰ্মাণৰ চেষ্টাও কৰিছিল ।

লালকিল্লাৰ গাড়ী বোমা বিস্ফোৰণৰ পূৰ্বে অভিযুক্তই একেধৰণৰ কাৰিকৰী সহায় আগবঢ়াইছিল । এন আই এৰ তথ্য অনুসৰি দিল্লী বিস্ফোৰণ সংঘটিত কৰাত জাছিৰে বিভিন্ন পৰ্যায়ত সহায় কৰিছিল । এন আই এৰ মতে অভিযুক্তটো এই সন্ত্ৰাসবাদী মডিউলৰ সক্ৰিয় সদস্য আৰু সমগ্ৰ ষড়যন্ত্ৰৰ এক মূল উপাদান আছিল ।

হামাছৰ দৰে পৰিকল্পিত আক্ৰমণ-

তদন্তত প্ৰকাশ পাইছে যে সন্ত্ৰাসবাদীয়ে অহৰহ ড্ৰোন নিৰ্মাণ কৰি আছিল যিবোৰ মডিফাইড কৰি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় । অভিযুক্তই ড্ৰোনবোৰত কেমেৰা আৰু বেটাৰীৰ লগতে সৰু সৰু বোমাও সজ্জিত কৰিবলৈ সাজু হৈছিল । পৰিকল্পনা আছিল ভিৰ হোৱা অঞ্চল বা নিৰাপত্তাৰক্ষীৰ স্থানক ড্ৰোনেৰে লক্ষ্য কৰি বিস্ফোৰণ সংঘটিত কৰা । ছিৰিয়া, গাজা, আফগানিস্তানৰ দৰে অঞ্চলত হামাছ আৰু অন্যান্য সংগঠনে একেধৰণৰ ড্ৰোন আক্ৰমণ চলাই আহিছে ।

উল্লেখ্য যে, এই গোচৰত সংস্থাটোৱে অহৰহ নতুন নতুন তথ্য সংগ্ৰহ কৰি আছে । বিস্ফোৰণত যিকোনো ধৰণৰ ভূমিকা লোৱা লোকক আটক কৰিবলৈ বিভিন্ন বেলেগ বেলেগ ৰাজ্যত এন আই এৰ কেইবাটাও দলে অভিযান চলাইছে ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণ: তদন্তকাৰী সংস্থাই লাভ কৰিছে ডাঙৰ সফলতা

দিল্লী বিস্ফোৰণ: তদন্তকাৰী সংস্থাই লাভ কৰিছে ডাঙৰ সফলতা

দিল্লী বিস্ফোৰণৰ তদন্ত অব্যাহত

দিল্লীৰ বিস্ফোৰণৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা তথা এন আই এ ডাঙৰ সফলতা লাভ কৰিছে । সংস্থাই আত্মঘাতী বোমাৰুটোৰ সৈতে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ কৰা কাশ্মীৰী বাসিন্দাজনক গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে, এই আক্ৰমণত ১৩ জন নিৰীহ লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় ৩২ জন লোক আহত হয় । এই গ্ৰেপ্তাৰৰ ফলত গোচৰৰ দিশ সলনি হ’ব পাৰে আৰু সন্ত্ৰাসবাদীৰ নেটৱৰ্ক উন্মোচন হোৱাত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে ।

জানিব পৰা মতে ধৃত অভিযুক্ত আমিৰ ৰছিদ আলী হৈছে বিস্ফোৰণত আত্মঘাতী বোমাৰোৱে ব্যৱহাৰ কৰা গাড়ীখনৰ পঞ্জীয়নভুক্ত মালিক । প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই আক্ৰমণকাৰীৰ সৈতে সমগ্ৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল । দিল্লী আৰক্ষীৰ পৰা গোচৰটো লোৱাৰ পিছতে তদন্তকাৰী সংস্থাই অভিযুক্তক বিচাৰি উলিয়াবলৈ ব্যাপক অভিযান আৰম্ভ কৰিছিল । অৱশেষত কেইবাখনো ৰাজ্যত চলোৱা অভিযানৰ অন্তত দিল্লীৰ পৰা গ্ৰেপ্তাৰ হ’ল আমিৰ ৰছিদ আলী ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ নাওগাম থানাত ভয়ংকৰ বিস্ফোৰণ; ৯ জনৰ মৃত্যু

দিল্লী বিস্ফোৰণক লৈ আপত্তিজনক পোষ্ট দি আৰক্ষীৰ জালত ১৫জন

দিল্লী বিস্ফোৰণঃ অসমত গ্ৰেপ্তাৰ ১৫জন

দিল্লী বিস্ফোৰণৰ পিছতে ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট দিয়াৰ অপৰাধত অসমত এতিয়ালৈকে মুঠ ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে প্ৰকাশ কৰে । বুধবাৰে ৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে বৃহস্পতিবাৰে আৰু ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হয় ।

বুধবাৰে নিশাৰ পিছত নতুনকৈ গ্ৰেপ্তাৰ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-‘দিল্লী বিস্ফোৰণৰ পিছত আপত্তিজনক ছ’চিয়েল মিডিয়া পোষ্টৰ সৈতে জড়িত হৈ এতিয়ালৈকে সমগ্ৰ অসমতে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ‘বুধবাৰে গ্ৰেপ্তাৰ কৰা ৬জনৰ উপৰিও ৰফিজুল আলী (বঙাইগাঁও), ফৰিদুদ্দিন লস্কৰ (হাইলাকান্দি), ইনামুল ইছলাম (লখিমপুৰ), ফিৰোজ আহমেদ ওৰফে পাপন (লখিমপুৰ), শ্বাহিল শোমান ছিকদাৰ ওৰফে শ্বাহিদুল ইছলাম (বৰপেটা), ৰকিবুল চুলতান (বৰপেটা), নছিম আকবৰ (হোছাই), তাছলীম আহমেদ (কামৰূপ) আৰু আব্দুৰ ৰহিম মোল্লা ওৰফে বাপ্পী হুছেইন (দক্ষিণ ছালমাৰা)ক নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হয় ।’

হিংসাক উচতনি দিয়াসকলৰ প্ৰতি অসম আৰক্ষীয়ে কোনো ধৰণৰ নৰম পন্থা গ্ৰহণ নকৰে বুলি মুখ্যমন্ত্ৰীগৰায়ে কয় । ইয়াৰ পূৰ্বে বুধবাৰে তেওঁ কয় যে ছ’চিয়েল মিডিয়াত বিস্ফোৰণক সমৰ্থন জনোৱাসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা ৩৫ জন লোকক চিনাক্ত কৰা হৈছে ৷ তেওঁ কয় যে আমি তেওঁলোকৰ সংযোগৰ তদন্ত কৰিম আৰু যদি কাৰোবাৰ বাংলাদেশ বা আন কোনো দেশৰ সৈতে সম্পৰ্ক থকা প্ৰমাণ হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বহু লোকে এতিয়া নিজৰ পোষ্ট ডিলিট কৰি আছে, কিন্তু আমি তেওঁলোকৰ স্ক্ৰীণশ্বট ৰাখিছো আৰু এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ।’ পূৰ্বে জুবিন ক্ষেত্ৰত চৰকাৰ বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দিয়া একেখিনি লোকেই এতিয়া ছ’চিয়েল মিডিয়াত দিল্লী বোমা বিস্ফোৰণক প্ৰশংসা কৰিছে বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰায়ে ।

লগতে পঢ়ক : যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কূটাঘাতকাৰীয়েঃ মুখ্যমন্ত্ৰীৰ আশংকা

৬ ডিচেম্বৰৰ বাবে কৰিছিল সকলো প্ৰস্তুতি; ফাদিল হৈছে ডাঃ উমৰ নবীৰ ভয়ংকৰ ষড়যন্ত্ৰ!

ফাদিল হৈছে ডাঃ উমৰ নবীৰ ভয়ংকৰ ষড়যন্ত্ৰ!

ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বোমা বিস্ফোৰণৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে, নতুন নতুন ৰহস্য ফাদিল হৈছে।

শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি গাড়ী চালক সন্দেহযুক্ত সন্ত্ৰাসবাদী ডাঃ উমৰ নবীয়ে ৬ ডিচেম্বৰ অর্থাৎ বাবৰি মছজিদ ভাঙি পেলোৱাৰ বৰ্ষপূৰ্তিত বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছিল। তেওঁৰ উদ্দেশ্য আছিল দিল্লীক জোকাৰি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা।

তথ্য অনুসৰি, ফৰিদাবাদত গ্ৰেপ্তাৰ হোৱা ৮ জন সন্দেহযুক্ত লোকৰ জেৰাৰ সময়ত এই কথা পোহৰলৈ আহিছে। এই লোকসকল সন্ত্ৰাসবাদী মডিউলৰ অংশ আছিল,যাৰ সংযোগ কাশ্মীৰ, হাৰিয়ানা আৰু ইউ পি লৈ বিস্তৃত হৈছিল।

ইয়াৰ সম্পৰ্ক পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সৈতে জড়িত বুলি কৈছে।ধৃত অভিযুক্তক সোধা-পোছা কৰাৰ পিছত এই ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে।

কাশ্মীৰৰ পুলৱামা জিলাৰ বাসিন্দা ডাঃ উমৰ নবীয়ে যোৱা ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত বিস্ফোৰক ভৰ্তি i20 বাহনখন চলাই আছিল।বিস্ফোৰণত তেওঁৰো মৃত্যু হয়।

ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা ড০ মুজাম্মিল আহমেদ গনাই ওৰফে মুছাইবক গ্ৰেপ্তাৰ কৰাৰ লগে লগে উমৰ নবিৰ চক্ৰান্ত উদঙাই দিয়া হয়।

সোমবাৰে ডাঃ গনাইৰ কোঠাৰ পৰা ৩৬০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট উদ্ধাৰ হৈছিল।ফৰিদাবাদত জব্দ কৰাৰ তথ্য পোৱাৰ লগে লগে তেওঁলোক আতংকিত হৈ পৰিছিল।যাৰ বাবে সময়তকৈ পূৰ্বেই এই বিস্ফোৰণটো সংঘটিত কৰিছিল।  

লগতে পঢ়ক: দিল্লী বিস্ফোৰণ; সন্ত্ৰাসবাদীৰ লগত আছিল আন এখন বাহন !EcoSport ৰ সন্ধানত আৰক্ষী

দিল্লী বিস্ফোৰণ; সন্ত্ৰাসবাদীৰ লগত আছিল আন এখন বাহন !EcoSport ৰ সন্ধানত আৰক্ষী

সন্ত্ৰাসবাদীৰ লগত আছিল আন এখন বাহন!EcoSport ৰ সন্ধানত আৰক্ষী

দিল্লী বিস্ফোৰণ গোচৰৰ তদন্তৰ সময়ত আৰক্ষীয়ে এটা ডাঙৰ সূত্ৰ বিচাৰি পাইছে। তদন্তত প্ৰকাশ পাইছে যে সন্দেহযুক্ত লোকসকলৰ হাতত হুণ্ডাই i20 গাড়ীৰ বাহিৰে আন এখন গাড়ী আছিল।

ইয়াৰ পিছত দিল্লীৰ সকলো থানা, আৰক্ষী চকী আৰু সীমান্ত চেকপইণ্টক সতৰ্ক কৰি দিয়া হৈছে।DL10CK0458 নম্বৰৰ EcoSport বাহনখন উমৰ উন নবিৰ নামত পঞ্জীয়ন কৰা আছে।

দিল্লী আৰক্ষীয়ে সকলো আৰক্ষীকে ৰঙা ৰঙৰ ফৰ্ড EcoSport গাড়ীখন বিচাৰিবলৈ নিৰ্দেশ দিছে। এই গাড়ীখন সন্দৰ্ভত আৰক্ষীয় পাঁচটা দলে এতিয়া বিভিন্ন অঞ্চলত অবিৰতভাৱে অনুসন্ধান অভিযান চলাই আছে।

লগতে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা আৰক্ষীকো সতৰ্ক কৰি দিয়া হৈছে।ওচৰৰ সকলো টোল গেটৰ পৰাও গাড়ীখনৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে।

তথ্য অনুসৰি আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে, DL10CK0458 নম্বৰৰ ৰঙা ৰঙৰ ফৰ্ড ইকোস্প’ৰ্ট বাহন খনক শীঘ্ৰেই ধৰিব লাগে।

বাহিৰত টহলদাৰী বা পিকেটত নিয়োজিত সকলো আৰক্ষীকে সম্পূৰ্ণ অস্ত্ৰ লৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

তাৰ মাজতে ফৰিদাবাদৰ পৰা ২৯ অক্টোবৰৰ এটা নতুন ভিডিঅ’ পোহৰলৈ আহিছে। এই ফুটেজটো পেট্ৰ’ল পাম্পৰ ওচৰৰ, যিটো প্ৰদূষণ পৰীক্ষা কৰাৰ আগৰ বুলি কোৱা হয়। ভিডিঅ’টোত গাড়ীখনত তিনিজন লোকক দেখা গৈছে।

তদন্তকাৰী সংস্থাৰ মতে, উমৰ আৰু তাৰিক নিজে বাহনখনৰ প্ৰদূষণ পৰীক্ষা কৰিবলৈ গৈছিল।ভিডিঅ’টোত দুজন লোক দেখিবলৈ পোৱা গৈছে, যাক যাক উমৰ আৰু তাৰিক বুলি চিনাক্ত কৰা হৈছে।সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে এতিয়া তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: দিল্লী বিস্ফোৰণক লৈ কি ক’লে আমেৰিকা-ৰাছিয়াই ? ইৰাণ-ইজৰাইলৰ শোক প্ৰকাশ

যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কূটাঘাতকাৰীয়েঃ মুখ্যমন্ত্ৰীৰ আশংকা

অসমক টাৰ্গেট কৰিব পাৰে কূটাঘাতকাৰীয়েঃ মুখ্যমন্ত্ৰীৰ আশংকা

দিল্লী বিস্ফোৰক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লী কাণ্ডৰ দৰে ঘটনা অসমতো হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই আশংকা ব্যক্ত কৰি যিকোনো মূহুৰ্ততে অসমক কুটাঘাতকাৰীয়ে টাৰ্গেট কৰি লব পাৰে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আশংকা প্ৰকাশ কৰে ।

বুধবাৰে খানাপাৰত অনুষ্ঠিত হোৱা এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সাতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশংকা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় য়ে-“অসমত আমি বহুত কঠিন পৰিস্থিতিত আছোঁ । আমাৰ মাজত সোমাই কূটাঘাতকাৰীয়ে যিকোনো কাম কৰিব পাৰে । কূটাঘাটকাৰীৰ পাৰ্ছেন্টেজ বহুত বেছি । গতিকে অসম বহুদিনলৈ সাৱধান হৈ থাকিব লাগিব আৰু অসমত যোতিয়া কূটাঘাত হ’ব তেতিয়া বহুত ডাঙৰকৈ হ’ব ।“

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে দেশৰ কেইবাখনো চহৰ হাই এলাৰ্টত আছে । এই চহৰসমূহৰ বাহিৰেও অসমতো এনেধৰণৰ কূটাঘাতৰ আশংকা কৰি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।

লগতে পঢ়ক : অসমত দিল্লী বিস্ফোৰণৰ পাঁচ সমৰ্থনকাৰী গ্ৰেপ্তাৰ