তদন্তৰ আওতাত আল-ফালাহৰ ২০০ চিকিৎসক আৰু কৰ্মচাৰী
দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বাহন বোমা বিস্ফোৰণৰ তদন্তই এতিয়া আল-ফালাহ বিশ্ববিদ্যালয় (ফৰিদাবাদ) সম্পূৰ্ণৰূপে সামৰি লৈছে।
জানিব পৰা মতে বিশ্ববিদ্যালয়খনৰ ২০০ৰো অধিক চিকিৎসক, প্ৰবক্তা আৰু কৰ্মচাৰী এতিয়া তদন্তকাৰী সংস্থাৰ ৰাডাৰত আছে।
ইফালে হোৱাইট কালাৰৰ সন্ত্ৰাসবাদী মডিউল প্ৰকাশ পোৱাৰ পিছতে সংস্থাটোৱে জিএমচিৰ চিকিৎসক আৰু কৰ্মচাৰীৰ লকাৰৰ তদন্ত আৰম্ভ কৰিছে।
তদন্তকাৰী সংস্থাৰ ৰাডাৰত বিশ্ববিদ্যালয়খনৰ ২০০ৰো অধিক চিকিৎসক, প্ৰবক্তা আৰু কৰ্মচাৰী আছে।হোষ্টেল আৰু বাহিৰত বাস কৰা ছাত্ৰ-ছাত্ৰীৰ কোঠাত তালাচী চলাইছে। এই পৰ্যন্ত ১০০০ৰো অধিক লোকক সোধা-পোছা কৰা হৈছে।
তদন্তকাৰী সংস্থাসমূহে বিস্ফোৰণৰ পিছত বিশ্ববিদ্যালয়ৰ পৰা বহুলোকে ওলাই আহি তেওঁলোকৰ পৰিচয় নিৰ্ণয় কৰিছে। বহু লোকে নিজৰ মোবাইল ফোন ডাটা ডিলিট কৰিছে, যাৰ ওপৰতো পুংখানুপুংখ তদন্ত কৰা হ’ব।
বহুতে ছুটী লৈ ঘৰলৈ উভতি গৈছে।ইফালে বুধবাৰে কেইবাজনো কৰ্মচাৰীয়ে নিজৰ সামগ্ৰী বাহনত ভৰাই বিশ্ববিদ্যালয়ৰ পৰা ওলাই যোৱা দেখিবলৈ পোৱা গৈছে।
লগতে পঢ়ক: আল-ফালাহ বিশ্ববিদ্যালয়লৈ মোক্ষম আঘাত; AIU এ বাতিল কৰিলে সদস্যপদ









