ফাদিল হৈছে ডাঃ উমৰ নবীৰ ভয়ংকৰ ষড়যন্ত্ৰ!
ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বোমা বিস্ফোৰণৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে, নতুন নতুন ৰহস্য ফাদিল হৈছে।
শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি গাড়ী চালক সন্দেহযুক্ত সন্ত্ৰাসবাদী ডাঃ উমৰ নবীয়ে ৬ ডিচেম্বৰ অর্থাৎ বাবৰি মছজিদ ভাঙি পেলোৱাৰ বৰ্ষপূৰ্তিত বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছিল। তেওঁৰ উদ্দেশ্য আছিল দিল্লীক জোকাৰি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা।
তথ্য অনুসৰি, ফৰিদাবাদত গ্ৰেপ্তাৰ হোৱা ৮ জন সন্দেহযুক্ত লোকৰ জেৰাৰ সময়ত এই কথা পোহৰলৈ আহিছে। এই লোকসকল সন্ত্ৰাসবাদী মডিউলৰ অংশ আছিল,যাৰ সংযোগ কাশ্মীৰ, হাৰিয়ানা আৰু ইউ পি লৈ বিস্তৃত হৈছিল।
ইয়াৰ সম্পৰ্ক পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সৈতে জড়িত বুলি কৈছে।ধৃত অভিযুক্তক সোধা-পোছা কৰাৰ পিছত এই ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে।
কাশ্মীৰৰ পুলৱামা জিলাৰ বাসিন্দা ডাঃ উমৰ নবীয়ে যোৱা ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত বিস্ফোৰক ভৰ্তি i20 বাহনখন চলাই আছিল।বিস্ফোৰণত তেওঁৰো মৃত্যু হয়।
ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা ড০ মুজাম্মিল আহমেদ গনাই ওৰফে মুছাইবক গ্ৰেপ্তাৰ কৰাৰ লগে লগে উমৰ নবিৰ চক্ৰান্ত উদঙাই দিয়া হয়।
সোমবাৰে ডাঃ গনাইৰ কোঠাৰ পৰা ৩৬০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট উদ্ধাৰ হৈছিল।ফৰিদাবাদত জব্দ কৰাৰ তথ্য পোৱাৰ লগে লগে তেওঁলোক আতংকিত হৈ পৰিছিল।যাৰ বাবে সময়তকৈ পূৰ্বেই এই বিস্ফোৰণটো সংঘটিত কৰিছিল।
লগতে পঢ়ক: দিল্লী বিস্ফোৰণ; সন্ত্ৰাসবাদীৰ লগত আছিল আন এখন বাহন !EcoSport ৰ সন্ধানত আৰক্ষী









